• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, May 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসম সাহিত্য সভা, গ্ৰন্থমেলা, বিজ্ঞানমেলা আৰু নাট্য-শিক্ষা নগৰী পাঠশালা

ASSAMESE SECTION / Special Report/ Pathsala

by Kalyan Kalita
January 29, 2025
in ASSAMESE SECTION, Special Report
Reading Time: 4 mins read
0
জগততেই অইন এখন নতুন জগত
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026

অসম সাহিত্য সভা, গ্ৰন্থমেলা, বিজ্ঞানমেলা আৰু নাট্য-শিক্ষা নগৰী পাঠশালা

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

পাঠশালা। বজালীৰ নাভিকেন্দ্ৰ পাঠশালা। হাজাৰজনৰ সপোনক বাস্তবায়িত কৰা ৰামধেনুৰ বাঁটচৰা পাঠশালা। অসমৰ ভ্রাম্যমাণ নাট্য নগৰী পাঠশালা। অসমৰ শিক্ষানগৰী পাঠশালা। বজালী জিলা সদৰ পাঠশালা। কদাপি স্তিমিত নোহোৱা এক আলোকৰ নাম পাঠশালা।

 অসমৰ ৩৪ সংখ্যক জিলা হৈছে বজালী জিলা৷ বজালীবাসীৰ সুদীর্ঘ দাবীৰ প্রতি সহাৰি জনাই ২০২০ চনৰ আগষ্ট মাহৰ ১০ তাৰিখে অসম কেবিনেটত বজালী মহকুমাক জিলালৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্রহণ কৰা হয়।

ইয়াৰ পিছতে ২০২১ চনৰ ১২ জানুৱাৰীত অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে বজালী মহকুমাক জিলালৈ উন্নীত কৰাৰ কথা চৰকাৰীভাৱে ঘোষণা কৰে।
images

এই বজালী জিলাৰে সদৰ ঠাই পাঠশালা। নামনি অসমৰ শিক্ষাৰ ক্ষেত্ৰখনৰ অন্যতম প্রাণকেন্দ্র পাঠশালা। অসমৰ সর্বোকৃষ্ট গণমাধ্যম হিচাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটাৰৰ বাটকটীয়া পাঠশালা। ভৌগোলিকভাৱে ২৬.৫১৭৬৩২৯ ডিগ্রী অক্ষাংশ আৰু ৯১.১৭৪৮৩৯৭ ডিগ্রী দ্রাঘিমাংশত অৱস্থিত ২.৭৪ বর্গ কিলোমিটাৰ আয়তনৰ এখন সৰু নগৰ পাঠশালা।

প্রয়াত অধ্যাপক জীৱন কৃষ্ণ পাত্ৰৰ ভাষাত ‘কালদিয়া আৰু পহুমাৰা নদীৰ আন্তঃউপত্যকাৰ মধ্যস্থলত সমদূৰত্বৰ কুকা পথাৰ, ঔদঙা পথাৰ, ঘোঁৰাশাল পথাৰ, দলৈ পথাৰ, কাঁহীতলীয়া পথাৰ, হুলাপাকৰী পথাৰ, বাঙোইলা পথাৰ, জামৰতল পথাৰ, পলাশৰতল পথাৰ, লতাপাকীৰ পথাৰ, শৰীয়াৰ পথাৰ, ডেবৰা পথাৰ আদি বহুখন পথাৰৰ মৰিশালিত এখন কংত্ৰিটৰ নগৰ পাঠশালা।’

২০১১ চনৰ লোকপিয়ল অনুসৰি ৫১.৮ শতাংশ পুৰুষ আৰু ৪৮.১৯ শতাংশ মহিলাৰে পাঠশালা নগৰৰ মুঠ জনসংখ্যা প্রায় ১১২৪২ গৰাকী যদিও আজিৰ তাৰিখত নগৰখনৰ স্থায়ী বাসিন্দাৰ সংখ্যা ২৫ হাজাৰৰ কম নহব। চাৰিটা ৱাৰ্ডেৰে ১৯৬৮ চনত গঠন হোৱা পাঠশালা নগৰ সমিতি সম্প্ৰতি দহটা ৱার্ডলৈ সম্প্ৰসাৰিত হৈ পাঠশালা পৌৰ সভালৈ উন্নীত হৈছে। অসমৰ শিক্ষিত লোকৰ অন্যতম বাসস্থান পাঠশালাৰ মুঠ শিক্ষিতৰ হাৰ ৯৩ শতাংশ।

ইয়াৰে ৯৫ শতাংশ পুৰুষ আৰু ৯০ শতাংশ মহিলা। যাতায়াতৰ ক্ষেত্ৰত পূর্বোত্তৰ সীমান্ত ৰেলপথৰ লগতে স্থলপথৰ ক্ষেত্ৰত দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ ক্রমে ‘২৭ নং’ আৰু ‘১২৭ (এ) নং’ ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোজিত পাঠশালাৰ অস্তিত্ব ‘পাঠশালা’ হিচাপে ১৯০৯ চনৰ পৰা বুলিহে বহুতে কব বিচাৰে। ইয়াৰ পূৰ্বে ঠাইখনৰ অস্তিত্ব কেৱল ভৌগোলিক স্থিতিৰ বাবেহে আছিল।

কাৰণ ১৯০৯ চনত পাঠশালা ৰেল ষ্টেচন আৰু পাঠশালা মজলীয়া বিদ্যালয় স্থাপন কৰি ‘পাঠশালা’ নামটোক আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছতে ১৯১২ চনত বৰ্তমানৰ পাঠশালাৰ ঐতিহ্যমণ্ডিত হৰিমন্দিৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে শ্রীকৃষ্ণৰ দৌল উৎসৱ পালন, ১৯১৪ চনত ‘পাঠশালা হাট’ আৰম্ভ, ১৯১৮ চনত ‘পাঠশালা বজাৰ কমিটি’ গঠন আদি যুগান্তকাৰী পদক্ষেপে পাঠশালাৰ স্থিতি দিনক দিনে মজবুত কৰি আহিছে।

পাঠশালা নামৰ উৎপত্তি সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন ধৰণে আলোচনা হৈ আহিছে যদিও এই নামটোৰ উৎপত্তি প্রকৃততে ক’ৰ পৰা বা কিয় হ’ল তাক কোনেও ন দি কব নোৱাৰে। কোনো কোনোৱে কয় যে পাঠশালাৰ পূৰ্বৰ নাম আছিল ‘চৌখাৰ হাটখোলা’, যি শব্দৰ পৰাই হয়তো বৰ্তমানৰ পাঠশালাৰ সমীপৱৰ্তী ‘চৌখুটী’ নামৰ সৃষ্টি হৈছে। আনহাতে কোনো কোনে সুত্ৰৰ মতে পাঠশালাৰ প্রাচীন নাম আছিল ‘চৌখাবাতাবাৰী’।

এই নামটো আকৌ ‘চৌবাৰী’ শব্দৰ পৰা অহা বুলি বিবেচনা কৰিব পাৰি। ‘চৌবাৰী’ মানে হৈছে শিক্ষানুষ্ঠান (Academy)। এই ‘চৌবাৰী’ৰ পৰা অপভ্রংশ হৈ ক্রমে ‘চৌপাঠবাৰী’, ‘চীখাপাঠবাৰী’ আৰু ‘চৌখাবাতাবাৰী’ৰ ৰূপ পায়। বর্তমান পাঠশালা নগৰৰ ষ্টেচন ৰোডত থকা ‘পাঠশালা হাইস্কুল’ৰ ঠাইখিনিতে এসময়ত পাঠদানৰ ব্যৱস্থা আছিল বাবেই বাবেই পাঠশালাক এই নামেৰে জনা গৈছিল আৰু কালক্ৰমত ইয়াৰ পৰাই ‘পাঠশালা’ নামৰ উৎপত্তি হোৱা বুলিও কোৱা হয়।

Screenshot 20250124 163034 Facebook

আন এক সুত্র অনুসৰি পাঠশালাৰ দৈনিক বজাৰৰ উত্তৰফালে এসময়ত ‘পানীশালা’ নামৰ এটি পুখুৰী বা পিটনি আছিল আৰু পিছলৈ এই ‘পানীশালা’ই ‘পাঠশালা’ৰ ৰূপ পায়। ইপিনে আন এক সুত্র অনুসৰি বৰ্তমানৰ বজালী জিলা আয়ুক্তৰ কাৰ্যালয় থকা ঠাইখিনিত পাঠশালা নামৰ এখন ৰাজহ গাওঁ আছিল আৰু তাৰ পৰাই পাঠশালা শব্দটো ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয় যদিও, তাহানিৰ সেই গাওঁখনৰ নাম পাঠশালা কিয় হবলৈ পালে তাৰ কোনা উল্লেখ পোৱা নাযায়৷

পাঠশালা শব্দৰ উৎপত্তি যি বিষয়ৰ পৰাই নহওঁক, কিন্তু বিগত কেই দশকমানৰ পৰা নগৰখনৰ শিক্ষাকেন্দ্রীক বাতাবৰণ আৰু আনুষ্ঠানিক পৰীক্ষাসমূহৰ মানসম্পন্ন ফলাফলে যেন ‘পাঠশালা’ শব্দৰ আভিধানিক অর্থক প্রতিনিধিত্ব কৰি আহিছে। অৱশ্যে এয়াও অনস্বীকার্য যে পাঠশালাকে আদি কৰি বজালীক প্রাচীন কালৰে পৰা একাংশ শিক্ষিত গুণী-জ্ঞানী লোকে গৰিমামণ্ডিত কৰি আহিছে।

Screenshot 20250125 130559 Chrome

আৰু সেইসকল বিদগ্ধ লোকৰ জ্ঞানভাণ্ডাৰৰ সুবাসেই পাঠশালাত বর্তমানৰ শিক্ষাকেন্দ্রীক বাতাবৰণ সৃষ্টি কৰাত অন্যতম অৰিহণা যোগাইছে। ১৮২৬ চনৰ পৰা ১৮৭২ চনলৈ যেতিয়া অসমত মূলত বঙালী ভাষাৰ প্রচলন আছিল তেতিয়াও কিন্তু পাঠশালাকে ধৰি বজালী অঞ্চলত থলুৱা বজেইলা ভাষাৰহে চর্চা হৈছিল। ইয়াৰ পৰাই অঞ্চলটোৰ লোকসকলৰ স্বাভিমানৰ উমান পাব পাৰি।

শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সুদুৰপ্ৰসাৰী চিন্তা কৰা পাঠশালা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ গুণী জ্ঞানীলোকসকলে ইংৰাজী শিক্ষাৰ প্রয়োজনীয়তা উপলব্ধি কৰি ১৯২৬ চনত পাঠশালাত ‘বজালী হাইস্কুল’ (সম্প্ৰতি বজালী উচ্চতৰ মাধ্যমিৰ বিদ্যালয়) স্থাপন কৰে। আনহাতে বজালী ভিত্তিক বিশ্লেষণ কৰিবলৈ হ’লে শিক্ষাৰ ক্ষেত্ৰত নিশ্চতভাৱে উল্লেখনীয় কথা যে ইয়াৰ বহু বছৰ পূৰ্বে ১৮৫৭ চনতেই বজালীৰ চৌখুটী গাঁৱত প্ৰথমখন শিক্ষানুষ্ঠান ‘চৌখুটী এম ই স্কুল’ স্থাপন হৈছিল।

images 5

ইপিনে অৰ্থৰ অভাৱত পাঠশালা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ছাত্র-ছাত্রীসকল কলেজীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ দান-বৰঙণিৰে ১৯৫৫ চনত পাঠশালাত স্থাপন কৰা হয় ‘বজালী মহাবিদ্যালয়’, যি এতিয়া এধাপ আগুৱাই গৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ল। অগ্রগামিনী চন্দ্রপ্রভা শইকীয়ানীৰ দৰে মহিয়সীৰ আদৰ্শৰ ছাঁ পৰা পাঠশালাই স্ত্রী শিক্ষাৰ ক্ষেত্ৰতো পূৰ্বৰ পৰাই গুৰুত্ব আৰোপ কৰি আহিছে।

যাৰ ফলস্বৰূপে ১৯৪৪ চনত পাঠশালা ছোৱালী মধ্য ইৰাজী বিদ্যালয় প্রতিষ্ঠা কৰা হয় আৰু শিক্ষানুষ্ঠানখনক ১৯৫৭ চনত পাঠশালা ছোৱালী হাইস্কুললৈ (সম্প্রতি পাঠশালা হাইস্কুল) উন্নীত কৰা হয়।

images 6

উল্লেখ কৰিব পাৰি যে ‘পাঠশালা ছোৱালী হাইস্কুল’ হৈছে তদানীন্তত বৰপেটা মহকুমাৰ (পিছলৈ জিলা) নাৰী শিক্ষাৰ দ্বিতীয়খন পুৰণি শিক্ষানুষ্ঠান। শিক্ষাৰ ক্ষেত্ৰত দোপত দোপে আগবাঢ়ি গৈ থকাৰ সময়তে ২০০২ চনত ‘বজালী একাডেমী অব এক্সিলেন্স’ৰ জৰিয়তে পাঠশালাৰ বুকুত ৰোপন হয় ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষানুষ্ঠাৰ বীজ। যি বীজ আজি কেবাজোপাও বৃহৎ বৃহৎ বৃক্ষলৈ ৰূপান্তৰিত হৈ পাঠশালাৰ অৰ্থনীতি টনকিয়াল কৰি তোলাৰ লগতে পাঠশালাক শিক্ষানগৰী হিচাপে প্রতিষ্ঠিত কৰিছে।

এসময়ত ৰাজ্যৰ অইন প্ৰান্তৰ দৰে পাঠশালাৰো অৰ্থব্যৱস্থাৰ মূলভেটি আছিল কৃষি, য’ত কৃষকৰ একমাত্র মূলধন আছিল সাৰুৱা মাটিডৰা। কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে এক সৰ্বসমন্বিত জটিল বহুস্তৰীয় ভাৱধাৰা, যাক সহজ অৰ্থত কোৱা হয় আধুনিকীকৰণ, সেই আধুনিকীকৰণৰ ভাৱধাৰাই পাঠশালাক দ্রুত গতিত চুই গ’ল।

যাৰ ফলতেই আজি পাঠশালাৰ সেই কৃষিভূমিত ঠিয় হৈছে এটাৰ পিছত এটাকৈ অট্টালিকা, সমাহাৰ ঘটিছে বিভিন্ন জাতি-ধর্ম- ভাষা-সংস্কৃতি নির্বিশেষে এক বর্ণময় ৰামধেনুৰ। আজি পাঠশালা প্রায় সকলোধৰণৰ সুবিধাৰে পৰিবেষ্টিত এখন জাকত জিলিকা নগৰ, শান্তিপ্রিয় নাগৰিকৰ বাসস্থান।

images 8

পাঠশালাৰ এই শান্তিপূর্ণ ঐতিহ্য বাহাল ৰাখি অহা ৩১ জানুৱাৰী, ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসমৰ জাতীয় জীৱন আৰু ভাষা-সাহিত্যৰ সৰ্ববৃহৎ অনুষ্ঠানত পৰিগণিত হোৱা শতবৰ্ষীয় অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন অনুষ্ঠিত হব৷

অসমীয়া গদ্য সাহিত্যৰ জনকৰূপে পৰিচিত বজালীৰ বিচানকুছিত জন্মগ্ৰহণ কৰা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য যিগৰাকী পুৰোধা ভট্টদেৱ নামেৰে পৰিচিত, তেওঁৰ নামতেই দ্বিতীয়বাৰৰ বাবে উচৰ্গা কৰা হৈছে অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশনস্থলী৷ ১৯৮৭ চনত পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫২ সংখ্যক অধিৱেশথলী ‘ভট্টদেৱ ক্ষেত্ৰ’ত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল৷

বহু বুৰঞ্জী ৰচনা কৰা পাঠশালাৰ বুকুতে অসম সাহিত্য সভাৰ ৫২ সংখ্যক অধিৱেশথলী ‘ভট্টদেৱ ক্ষেত্ৰ’ত এক ইতিহাসৰ সুচনা কৰি প্ৰথম বাৰৰ বাবে সংযোজিত হৈছিল গ্ৰন্থমেলাৰ, যি গ্ৰন্থ মেলা সম্প্ৰতি অসম সাহিত্য সভাৰ অধিৱেশসমূহৰ এক অবিচ্ছেদ্য অংগত পৰিণত হৈছে ৷

সেই একেখন ভট্টদেৱ ক্ষেত্ৰতে ৩৭ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিতব্য অসমৰ ভাষা-সাহিত্যৰ সৰ্ববৃহৎ অনুষ্ঠানটোত সুচনা হব আন এক নতুন ইতিহাসৰ৷ বিজ্ঞান আৰু সাহিত্য মাজত যোগসূত্ৰ স্থাপনৰ উদ্দেশ্যে এইবেলি অনুষ্ঠিত ৭৭ সংখ্যক অধিৱেশনত অনুষ্ঠিত হব বিজ্ঞান মেলাৰ ৷

সময়ৰ সতে আগবাঢ়ি অনাগত সময়ত গ্ৰন্থমেলাখনৰ দৰেই হয়তো অসম সাহিত্য সভাৰ অধিৱেশনৰ অবিচ্ছেদ্য অংগ হৈ পৰিব বিজ্ঞান মেলা৷ অসম সাহিত্য আৰু বিজ্ঞানৰ এই যোগসুত্ৰ অব্যাহত থাকক৷ চিৰ চেনেহী মোৰ ভাষা জননী৷ জয় আই অসম৷ জয় অসমীয়া ভাষা-সাহিত্য৷

Japi

কল্যাণ কলিতা, ফোন-৯৯৫৭৩৪৮৬২৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Kalyan Kalita

Kalyan Kalita

Related Posts

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?
Economy

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

by Kakali Das
May 19, 2026
0

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026? KAKALI DAS One morning...

Read moreDetails
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
Adapting Agriculture for a Changing Climate

Adapting Agriculture for a Changing Climate

May 18, 2026
Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

May 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32553 shares
    Share 13021 Tweet 8138
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14194 shares
    Share 5678 Tweet 3549
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    281 shares
    Share 112 Tweet 70
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3730 shares
    Share 1492 Tweet 933
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    943 shares
    Share 377 Tweet 236
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6533 shares
    Share 2613 Tweet 1633
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    81 shares
    Share 32 Tweet 20
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4331 shares
    Share 1732 Tweet 1083
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    224 shares
    Share 90 Tweet 56
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d