• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 17, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

এতিয়ালৈ ৩ টা অষ্ট্ৰেলিয়ান কেংগেৰু উদ্ধাৰ অসম সীমান্তত, এটা মৃত !

কেংগেৰু

by Anjan Sarma
April 2, 2022
in News, Special Report, Uncategorized
Reading Time: 1 min read
0
এতিয়ালৈ ৩ টা অষ্ট্ৰেলিয়ান কেংগেৰু উদ্ধাৰ অসম সীমান্তত, এটা মৃত !
Share on FacebookShare on TwitterShare on LinkedIn

অসম সীমান্তত অষ্ট্ৰেলিয়ান কেংগেৰু

• অৰবিন্দ ৰাভা

RelatedPosts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025

কেংগেৰু!

গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়, গঁড়ৰ খড়্গ উদ্ধাৰ, কেঁকো সাপ উদ্ধাৰ, বাৰ্মিজ চুপাৰি উদ্ধাৰ, সোণৰ বিস্কুট উদ্ধাৰ, হেৰোইন – মাৰিজুৱানা – আফিম উদ্ধাৰ, অসমীয়া কিশোৰী – গাভৰুক নাৰী সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ, ইত্যাদি সংবাদ বহুবছৰ ধৰি শুনি আহিছিলো; কিন্তু কাহানিও কল্পনা কৰা নাছিলো যে অসমৰ সীমান্তত কোনোবাদিনা উদ্ধাৰ হ’ব পাৰে কেংগেৰু!! অসমৰ মাজেৰে কি কি সৰবৰাহ হৈ থাকে বুলি যদি পৰীক্ষাত প্ৰশ্ন আহে, আৰু উত্তৰত যদি ‘কেংগেৰু’ বুলি লেখা হয় – সেই উত্তৰদাতাই শূণ্য নম্বৰ বা ‘মাইনাচ’ নম্বৰ পোৱাটো খাটাং।


কিন্তু এতিয়া ঘোৰ কলিকাল! আমৰ গছত বেল লগাৰ দৰে, সৰ্বানন্দ সিংহৰ বেংমৰাত বিহাৰী ‘খিলঞ্জীয়া’ হোৱাৰ দৰে এক নাভূত- নাশ্ৰুত কান্ড সংঘটিত হৈছে এই মুলুকৰ সীমান্ত অঞ্চলত। হয়, কেংগেৰু উদ্ধাৰ হৈছে!


যোৱা শুক্ৰবাৰে, ১ এপ্ৰিল, ২০২২ তাৰিখে, নিশাৰ ভাগত প্ৰথমে অসমৰ সীমা পাৰ হৈ কিছুদূৰ পাৰ হোৱাৰ পিছত অৱস্থিত জলপাইগুড়িৰ গজলডোবাৰ সমীপৰ ক্যানেল ৰোডৰ পৰা দুটাকৈ কেংগেৰু উদ্ধাৰ কৰা হয়। দুয়োটা কেংগেৰু ‘পোৱালি কেংগেৰু’ আছিল। স্থানীয় বাসিন্দাই কেংগেৰু দুটা দেখা পাই বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগে কেংগেৰু দুটা উদ্ধাৰ কৰে। পোৱালি দুটা কিবা প্ৰকাৰে মাতৃ কেংগেৰুৰ পৰা বিচ্ছিন্ন হৈ পৰে বুলি বন বিভাগৰ কৰ্মীৰ ধাৰণা। 

Kangaroo
Pic: Collected

এই বিৰলতম ঘটনাৰ উত্তেজনাৰ উপশম নৌ- হওঁতেই পুনৰ শুক্ৰবাৰে নিশাই শিলিগুড়িৰ ফাড়াবাড়িৰ নেপালী বস্তিৰ পৰা এটা পূৰ্ণ- বয়স্ক কেংগেৰু উদ্ধাৰ কৰা হয়। নিশাটোৰ ভিতৰতেই ডাবগ্ৰাম ৰেঞ্জৰ বনকৰ্মীসকলে ঘটনাস্থলীলৈ গৈ পূৰ্ণ-বয়স্ক কেংগেৰুটোক উদ্ধাৰ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থাকোতেই সংঘটিত হয় পুনৰ অইন এক ঘটনা!


আজি শনিবাৰে ৰাতিপুৱাই ফাড়াবাড়িত উদ্ধাৰ কৰা হয় এটা মৃত কেংগেৰু। স্থানীয় সূত্ৰই জনোৱা অনুসৰি শনিবাৰে ৰাতিপুৱা শিলিগুড়িৰ বৈকুন্ঠপুৰ বন বিভাগৰ অধীনৰ চাৰুগাৰা ৰেঞ্জৰ আওতাত থকা ফাড়াবাড়িত এটা কেংগেৰু মৃত অৱস্থাত পোৱা হয়। কিদৰে কেংগেৰুটোৰ মৃত্যু হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। হয়তো কোনো পশুৰ আক্ৰমণতো কেংগেৰুটোৰ মৃত্যু হ’ব পাৰে বুলি বন বিভাগৰ ধাৰণা।


অইন এক সূত্ৰৰ মতে ইতিমধ্যে কেংগেৰু তিনিটাক চিকিৎসা কৰাবলৈ বেঙ্গল চাফাৰী পাৰ্কলৈ পঠিওৱা হৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছেঃ ক’ৰপৰা কিদৰে আহিল একাধিক কেংগেৰু? যি কেংগেৰু জলপাইগুড়ি বা অসমত পোৱা নাযায়, হঠাৎ ক’ৰপৰা আহিল এই কেংগেৰু!

kangaroos on green grass in nature
Photo by David Selbert on Pexels.com

এই সম্পৰ্কে এগৰাকী জ্যেষ্ঠতম শুল্ক বিষয়াই ব্যক্তিগত ভাবে টিপ্পনী দি কৈছে যে এই কেংগেৰুবোৰ নিশ্চিতভাৱে ইন্দো- ম্যানমাৰ সীমান্তৰে চোৰাংকৈ সৰবৰাহ কৰা হৈছে আৰু অসম সীমান্ত পাৰ হোৱাৰ পিছত বঙ্গত প্ৰৱেশ কৰি জটিল পৰিস্থিতিৰ সন্মুখীন হৈ পৰিত্যক্ত কৰিবলগীয়া হোৱাত জংগলৰ আশে-পাশে নমাই দিয়া হৈছে। এই প্ৰসঙ্গত তেওঁ কয় যে কেইমাহমানৰ আগতে দুষ্প্ৰাপ্যতম চৰাই, জন্তু, সৰীসৃপৰ দ্বাৰা বোজাই এখন ট্ৰাক অসম পুলিচে জব্দ কৰিবলৈ সক্ষম হৈছিল। সেই সকলোবোৰ দুষ্প্ৰাপ্য জীৱ অনা হৈছিল সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা চোৰাংকৈ ইন্দোনেছিয়া, ম্যানমাৰ, মিজোৰাম হৈ, আৰু সেইবোৰৰ লক্ষ্যস্থান আছিল মহাৰাষ্ট্ৰৰ এজন ধনকুবেৰৰ ব্যক্তিগত চিৰিয়াখানা! সম্ভৱতঃ কেংগেৰুবোৰৰো লক্ষ্যস্থান তেনে ধৰণৰ ব্যক্তিগত চিৰিয়াখানা আছিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, যদি অষ্ট্ৰেলিয়াৰ কেংগেৰুও অসমৰ মাজেৰে এনেদৰে সৰবৰাহ হ’ব পাৰে, বাৰ্মিজ চুপাৰি বা ড্ৰাগ বা সোণৰ বিস্কুট সৰবৰাহ কৰা কিমান উজু তথা কিমান ক্ষমতাশালীৰ দীঘল হাত এইবোৰৰ সৈতে জড়িত! এতিয়া চোৰাংকৈ অনা বিৰলতম কেংগেৰুৰ তদন্তও কি হয় দেখা যাওক!

02-04-2022

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood
Climate Change

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

by Kakali Das
July 16, 2025
0

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood Kakali Das Kakali Das Close your eyes for a...

Read moreDetails
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025
close up of disassembled electronic circuit boards

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

July 15, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 15, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12805 shares
    Share 5122 Tweet 3201
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    597 shares
    Share 239 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1625 shares
    Share 650 Tweet 406
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1283 shares
    Share 513 Tweet 321
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3232 shares
    Share 1293 Tweet 808
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5676 shares
    Share 2270 Tweet 1419
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2264 shares
    Share 906 Tweet 566
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    995 shares
    Share 398 Tweet 249
  • মিচিং সমাজ আৰু সংস্কৃতি

    2999 shares
    Share 1200 Tweet 750
  • ছাৰ ধীৰেন্দ্ৰ তালুকদাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ’ৰ পৃষ্ঠাসমূহত

    104 shares
    Share 42 Tweet 26
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d