• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমত বহু বিতর্কিত খিলঞ্জীয়াৰ সংজ্ঞা আৰু অসমৰ খিলঞ্জীয়াসকল

ASSAMESE SECTION / Indigenous

by Editor
August 19, 2025
in ASSAMESE SECTION, ASSAM, Indigenous Peoples
Reading Time: 3 mins read
0
অসমত বহু বিতর্কিত খিলঞ্জীয়াৰ সংজ্ঞা আৰু অসমৰ খিলঞ্জীয়াসকল
Share on FacebookShare on TwitterShare on LinkedIn

অসমত বহু বিতর্কিত খিলঞ্জীয়াৰ সংজ্ঞা আৰু অসমৰ খিলঞ্জীয়াসকল

ডিম্বেশ্বৰ গগৈ

Indigenous 1

বর্তমান অসম ৰাজ্যৰ খিলঞ্জীয়াৰ সংজ্ঞা বিচাৰি অসম চৰকাৰ, অসম সাহিত্য সভাকে মুখ্য কৰি ৰাজনৈতিক দল-সংগঠনসমূহৰ লগতে বুদ্ধিজীৱীসকলেও হাবাথুৰি খোৱা দেখা গৈছে।

অৱশ্যে এইটো ঠিক যে খিলঞ্জীয়াত সংজ্ঞা নির্ধাৰণ কৰাটো তেনেই উজু কথা নহয়। আনহাতেদি কোনোবা জাতি, সম্প্রদায় বা দল-সংগঠনক সন্তুষ্ট কৰিবলৈ কোনো নাগৰিকপঞ্জী, ভোটাৰ তালিকা বা কোনো এটা বর্ষক ভিত্তি হিচাপে লৈ ‍খিলঞ্জীয়াৰ সংজ্ঞা নির্ধাৰণ কৰিবলৈ লোৱা কার্যও সমীচীন তথা শুদ্ধ নহ’ব।

কিয়নো এনে কৰিলে ‍‘খিলঞ্জীয়া’ শব্দৰ প্রকৃত অর্থ বিকৃত তথা প্রকৃত খিলঞ্জীয়া লোকসকলক উলাই কৰি তেওঁলোকৰ অধিকাৰ খর্ব কৰা হ’ব।

সেয়ে এই নিবন্ধত ‍‘খিলঞ্জীয়া’ তথা অসমত খিলঞ্জীয়াসকলৰ সন্দৰ্ভত এটা ধাৰণা দিয়াৰ প্রয়াস কৰা হৈছে।

খিলঞ্জীয়াৰ সংজ্ঞা– Oxford English dictionary-ত ‘Indigenous’ শব্দৰ অৰ্থ এনেদৰে উল্লেখ কৰিছে – “Originating or occurring naturally in a place.’’ ইয়াৰ অর্থ হল— ‍‘কোনো এখন ঠাইত স্বাভাৱিকভাৱে আৱিৰ্ভাৱ হোৱা বা সংঘটিত হোৱা’ (প্রাণী বা মানুহ আদি)।

হেমকোষ অভিধানত পোৱা যায়— ‘খিলঞ্জী’ মানে ‍‘বহু পুৰুষলৈকে একে ঠাইতে থকা, বহুকাল নিৱাস নলৰোৱা, (মানুহত খাটে) প্রাচীন, পুৰণি যুগৰ পৰা বসবাস কৰি থকা।’

এতেকে সৰল অৰ্থত খিলঞ্জীয়াৰ সংজ্ঞা এনে হ’ব— “যিজন লোক কোনো এখন ঠাইত স্বাভাৱিকভাৱে আৱিৰ্ভাৱ হৈ বসবাস কৰেহি আৰু তেওঁৰ পাছত তেওঁৰ সতি-সন্ততিসকলে বহু পুৰুষ ধৰি প্রাচীন যুগত বা পুৰণিকালৰপৰা বসবাস কৰি আছে বা থাকে সেই লোকজন আৰু তেওঁৰ সতি-সন্ততিসকল সেই ঠাইৰ বা ৰাজ্যৰ খিলঞ্জীয়াৰূপে পৰিগণিত হ’ব।’’

বর্তমান অসমৰ খিলঞ্জীয়াসকল—প্রাচীন কামৰূপ ৰাজ্যৰ পতন ঘটাৰ পাছত এই ৰাজ্যৰ উত্তৰ-পূব খণ্ডত যুগ যুগ ধৰি পুৰুষানুক্রমে বসবাস কৰি থকা প্ৰজাসকলে একো-একোজন নেতা বা ৰজাৰ অধীনত একো-একোখন ক্ষুদ্র ক্ষুদ্র ৰাজ্য প্রতিষ্ঠা কৰি বসবাস কৰিবলৈ লয়।

তেনে সময়তে ১২২৮ খ্রীষ্টাব্দৰ ডিচেম্বৰ মাহত টাই কোঁৱৰ চাওলুং ছুকাফাই পুৰণি ব্রহ্মদেশৰ অন্তর্গত মাওলুং ৰাজ্যৰপৰা বহু প্রজা আৰু এটা বিৰাট সৈন্যবাহিনী লৈ নিজাকৈ এখন ৰাজ্য প্রতিষ্ঠা কৰিবৰ বাবে ভূমিৰ সন্ধানত অভিযান চলাই কামৰূপ ৰাজ্যৰ দক্ষিণ-পূব চুকেদি প্রৱেশ কৰি প্রথমে এই মুলুকত থকা মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুয়োকে বন্ধুত্ব তথা বৈবাহিক সম্বন্ধৰে আৰু নিজৰ ব্যক্তিত্বৰে জয় কৰে।

এই ক্ষুদ্র ৰাজ্য দুখনৰ চাৰিওফালে থকা হাবি-জংঘলেৰে আবৃত ভূমিভাগ দখল কৰি আহোম ৰাজ্য প্রতিষ্ঠা কৰে। পৰৱৰ্তী কালত আহোম ৰাজ্যৰ সমীপত থকা চুতীয়া ৰাজ্য, কোচ ৰাজ্য, ভূঞা ৰাজ্য আদিও ক্রমান্বয়ে জয় কৰি প্রবল প্রতাপেৰে প্রায় ছশ বছৰ ৰাজত্ব কৰি খিলঞ্জীয়া হৈ পৰে।

শেষত মানৰ আক্ৰমণৰ বাবে আহোম ৰাজ্যৰ পতন ঘটাত ইয়াণ্ডাবু সন্ধিৰ পাছত আহোম ৰাজ্য ‘অসম’ বা ‘আসাম’ নামেৰে ব্রিটিছৰ হাতলৈ যায়। আহোম ৰাজ্যৰ ৰজা-প্রজা সকলোকে ব্রিটিছ চৰকাৰে অসম ৰাজ্যৰ খিলঞ্জীয়া বুলি অভিহিত কৰে।

সেয়ে ব্রিটিছৰ দখললৈ যোৱাৰ পাছত অসম নামৰ ৰাজ্যখনলৈ ভাৰতৰ অন্য ৰাজ্যৰপৰা যিসকল লোক প্রব্রজিত তথা আমদানিকৃত হৈ আহি ব্রিটিছ প্রশাসনৰ দখলত থকা ভূমিত বসবাস কৰিবলৈ ল’লে, সেইসকলে পৰৱৰ্তী কালত অসমৰ প্ৰজা হৈ নাগৰিকত্ব লাভ কৰিলে যদিও তেওঁলোক অসমৰ অখিলঞ্জীয়াৰূপে পৰিগণিত হ’ল।

এইসকলে অসমত নিজকে খিলঞ্জীয়া বুলি দাবী কৰাৰ কোনো যুক্তি তথা অৰ্হতা নাই। যিহেতু তেওঁলোকৰ উপৰিপুৰুষসকলে প্রাচীন কামৰূপ ৰাজ্য বা আহোম ৰাজ্যত বহু পুৰুষ তথা শ শ বছৰ ধৰি বসবাস কৰা নাছিল। যি ৰাজ্যত তেওঁলোক আছিল সেইবোৰ ৰাজ্যৰহে তেওঁলোক খিলঞ্জীয়া; আহোম তথা অসম ৰাজ্যৰ নহয়।

অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা : ইয়াণ্ডাবু সন্ধিৰ পাছত ‘অসম’ নামেৰে আহোম ৰাজ্যক ব্রিটিছ ভাৰতৰ লগত চামিল কৰাৰ আগলৈকে অর্থাৎ ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিৰ দিনালৈকে যিসকল লোক তথা প্রজা আহোম ৰাজ্যত বসবাস কৰি আছিল আৰু ব্রিটিছ অসমত এই অসম ৰাজ্যৰ প্রজা হৈ পৰিল সেই সকলোৱেইহে জাতি-বর্ণ-ধর্ম-সম্প্রদায় নির্বিশেষে খিলঞ্জীয়াৰূপে পৰিগণিত হ’ল। তেওঁলোক বিভিন্ন জাতি-জনজাতিৰ।

সেইসকল হ’ল—বড়ো, কছাৰী,ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, লালুং, হাজং, চুতীয়া, দেউৰী, কোচ, মৰাণ, মটক, ভূঞা, সোণোৱাল, ঠেঙাল, আহোম, টাই ফাকে, টাই আইতন, টাই খাময়াং, টাই তুং, টাই খামটি, শ্যাম গোষ্ঠীৰ বৌদ্ধধৰ্মীসকল, কৈৱৰ্ত, কেওট, সূত, কলিতা, কায়স্থ, ব্রাহ্মণ, গণক, গোস্বামী, মহন্ত, আহোম যুগত পশ্চিমৰপৰা আমদানিকৃত গৰিয়া আৰু মৰিয়া বুলি খ্যাত তথা অসম আক্ৰমণ কৰিবলৈ আহি আহোম ৰাজ্যত বন্দী হৈ থাকি যোৱাৰ পাছত আহোম ৰাজ্যৰ বিষয়বাব পোৱা মুছলিমধর্মী লোকসকল, সৈনিকৰূপে আহি অসমত থাকি যোৱা শিখসকল, আহোম যুগত নেপাল দেশৰপৰা অহা নেপালীসকল, মণিপুৰী (মগলু)সকল, আহোম ৰাজ্যৰ চাৰিওফালে থকা পাহাৰী ৰাজ্যসমূহৰপৰা আহি বসবাস কৰি থকা পাহাৰী জনজাতিৰ লোকসকল। তদুপৰি এই জাতি-গোষ্ঠীসকলৰপৰা ফাটি অন্য নাম গ্রহণ কৰা বহু জনগোষ্ঠীও আছে।

উল্লেখনীয় যে ব্রিটিছৰ শাসন কালত কুৰি

শতিকাৰ আগভাগত সৃষ্টি হোৱা ৰাজনৈতিক দলৰ উত্থান-পতনৰ পৰিপ্ৰেক্ষিতত ১৯৪১ চনৰ ২৮ জুলাইত সেই সময়ত অসমৰ মঃ ছাদুল্লা মন্ত্রীসভাই গ্রহণ কৰা ভূমি উন্নয়ন আঁচনি অনুসৰি অসমৰ মাটিহীন খিলঞ্জীয়া লোক আৰু প্ৰব্ৰজনকাৰী তথা পমুৱা মুছলিমধর্মী লোকৰ সংস্থাপনৰ বাবে নির্দিষ্ট এলেকা নির্ধাৰণৰ ব্যৱস্থা কৰিছিল।

এই কথা ‘Political History of Assam, volume three’-ত এনেদৰে উল্লেখ কৰিছ—‘Taking the advantage the Saadullah ministry announced the land development scheme on 28th July, 1941. It envisaged a scheme of opening particular areas for settlement only to the indigenous landless people and to the immigrants who came before 1938.’ এই বাক্যশাৰীত খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰী পমুৱা লোকৰ মাজৰ পার্থক্য সুন্দৰ তথা অতি পৰিষ্কাৰকৈ উল্লেখ কৰিছে।

অতীজৰপৰা আহোম ৰাজ্যত বসবাস কৰি থকাসকলহে খিলঞ্জীয়া আৰু প্ৰব্ৰজন কৰাসকল পমুৱা। এই পমুৱাসকলে পৰৱৰ্তী কালত অসমৰ নাগৰিকত্ব লাভ কৰি অসমৰ অখিলঞ্জীয়া নাগৰিক হৈ পৰিল। অর্থাৎ অসমৰ অখিলঞ্জীয়া অসমীয়া। খিলঞ্জীয়া অসমীয়াসকলৰ দৰে এই অখিলঞ্জীয়াসকলৰো সকলো ক্ষেত্রতে সমান অধিকাৰ আছে।

গতিকে ব্রিটিছ যুগত আৰু স্বৰাজোত্তৰ কালত প্রব্রজন কৰি অসমত প্ৰৱেশ কৰা আৰু অসমৰ নাগৰিকত্ব লাভ কৰা আৰু ব্রিটিছ যুগত ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা অহা চাহ মজদুৰসকল, অসম ৰাজ্যৰ নাগৰিকত্ব লাভ কৰি বসবাস কৰি থকা ভাষা-ধর্ম নির্বিশেষে সকলো লোকেই বিভিন্ন ভাষা-ভাষী তথা বিভিন্ন সম্প্রদায়ৰ বা গোষ্ঠীৰ অসমীয়া।

যেনে— বাঙালী অসমীয়া, বিহাৰী অসমীয়া, পাঞ্জাবী বা শিখ অসমীয়া, মৈমনশিঙীয়া অসমীয়া, মজদুৰ অসমীয়া বা চাহ বাগানীয়া অসমীয়া, নেপালী অসমীয়া, মুছলিম অসমীয়া, খ্রীষ্টান অসমীয়া, জৈনধর্মী অসমীয়া ইত্যাদি। এই সকলো অসমৰ অসমীয়া।

এইখন অসমৰ অসমীয়াভাষী লোক এজন বিহাৰ ৰাজ্যত গৈ তাত নাগৰিকত্ব লৈ নিগাজিকৈ বসবাস কৰিলে তেওঁ বিহাৰী বা বিহাৰৰ খিলঞ্জীয়া হৈ নাযায়। সেইদৰে আমেৰিকাত থকা ভাৰতীয় অসমীয়াসকলক আমেৰিকান নোবোলে বা হ’ব নোৱাৰে। তেওঁলোকক ভাৰতীয় মূলৰ আমৰিকাবাসী বোলা হয়। সেয়ে খিলঞ্জীয়া অসমীয়াত সংজ্ঞা বিচাৰি হাবাথুৰি খোৱা অমূলক।

প্রণিধানযোগ্য যে ১৯৫১ চনত লোকপিয়লৰ প্রতিৱেদনত উল্লেখ কৰা খিলঞ্জীয়াৰ সংজ্ঞা দোষমুক্ত নহয়। তাত উল্লেখ কৰা হৈছে—‘Indigenous persons of Assam means a person belonging to the state of Assam and speaking the Assamese language or any tribal dialect of Assam or in case of Cachar the language of the region.’ অর্থাৎ অসমত থকা আৰু অসমীয়া ভাষা বা যিকোনো এটা জনজাতীয় উপভাষা ক’ব পৰাজনেই খিলঞ্জীয়া।

Modahi Tribe

এই সংজ্ঞাত ত্ৰুটি এইখিনিতে যে ওপৰত উনুকিওৱা Early History of Assam, Volume three পুথিত উল্লিখিত আৰু মঃ ছাদুল্লা মন্ত্রীসভাই উল্লেখ কৰা প্রকৃত খিলঞ্জীয়াৰ সংজ্ঞাক আওকাণ কৰাই নহয়, এনে ব্যাখ্যাই প্রকৃত খিলঞ্জীয়াসকলৰ বিলুপ্তি ঘটাইছে।

যদি ১৯৫১ চনৰ লোকপিয়লৰ আগতে ভাৰতৰ যিকোনো এখন ৰাজ্যৰপৰা অসমলৈ আহি এজন লোকে অসমীয়া বা জনজাতীয় ভাষা এটা শিকি ক’ব পৰা হয় আৰু ১৯৫১ চনৰ নাগৰিকপঞ্জীত নাম অন্তর্ভুক্ত কৰি অসমৰ নাগৰিক হৈ পৰে, তেতিয়া তেওঁ খিলঞ্জীয়া হৈ পৰিব নেকি?

গতিকে খিলঞ্জীয়া সংজ্ঞাৰ ক্ষেত্ৰত NRC বা ভোটাৰ তালিকাৰ গইনা নলৈ প্রকৃত থলুৱা গোষ্ঠী তথা বংশোদ্ভৱক মূল হিচাপে লোৱা উচিত। অসমলৈ আহি থলুৱা অসমীয়াৰ লগত মিলি ভাষা এটা ক’ব পৰা হ’লেই অথলুৱা প্ৰব্ৰজনকাৰী এজন অসমত নাগৰিকত্ব পালেই খিলঞ্জীয়া হৈ নাযায়। তেওঁ হ’ব অখিলঞ্জীয়া অসমীয়া। এয়ে পার্থক্য।

এইখিনিতে এটা প্রশ্ন হয়— ব্রিটিছ ইয়াণ্ডাবু সন্ধিৰ পাছতে ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিৰ পাছত আহোম ৰাজ্যক অসম (Assam) নামেৰে ঔপনিৱেশিক ব্রিটিছ ভাৰতৰ লগত চামিল কৰাৰ সময়ত গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰৰ একাংশ, দৰং (অবিভক্ত) অঞ্চল আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, লুচাই পাহাৰ, কাছাৰ, কোচবিহাৰ আদি অঞ্চল তথা জিলাসমূহ আহোম ৰাজ্যৰ অন্তৰ্গত নাছিল।

গতিকে এইবোৰত থকা নাগৰিকসকল খিলঞ্জীয়া হ’ব নে অখিলঞ্জীয়া নে বিদেশী হ’ব? ইয়াৰ উত্তৰত ক’ব লাগিব বা সমাধান এয়াই যে আহোম ৰাজ্যক ব্রিটিছে হস্তগত কৰাৰ পাছত ক্রমান্বয়ে এই জিলা বা অঞ্চলবোৰো দখল কৰি অসমৰ লগত সাঙুৰি ব্রিটিছে এখন বৰঅসম গঠন কৰিছিল।

যিদিনাখন এইবোৰ ব্রিটিছৰ ঔপনিৱেশিক ৰাষ্ট্রৰ অন্তর্ভুক্ত হল, সেইদিনালৈকে সেইবোৰত বসবাস কৰি থকা লোকসকল খিলঞ্জীয়া আৰু পাছত প্ৰব্ৰজন কৰাসকল হ’ব অখিলঞ্জীয়া নাগৰিক।

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম তথা ভাৰত চৰকাৰৰ প্রতিনিধিসকলে ১৯৫১ চনৰ নাগৰিকপঞ্জী আৰু ১৯৫২ চনৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা সকলো নাগৰিকক আৰু সেইসকলৰ বংশধৰসকলক খিলঞ্জীয়া আখ্যা দিয়াৰ সিদ্ধান্ত কৰিছে। ই কদাপি গ্রহণযোগ্য নহয়।

উপৰিউক্ত ত্রিপাক্ষিক প্রতিনিধিৰে গঠিত সমিতিয়ে সমস্যাটো সমাধানৰ উদ্দেশ্যে উদাৰ মনোভাব গ্রহণ কৰিছে। ইও গ্রহণযোগ্য নহয়। এনে কৰিলে প্রকৃত খিলঞ্জীয়াসকল হেৰাই যাব তথা খিলঞ্জীয়াৰ প্রকৃত সংজ্ঞা খর্ব হ’ব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ খিলঞ্জীয়াসকলখিলঞ্জীয়াৰ সংজ্ঞা
Editor

Editor

Related Posts

সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন
Literature

ভূপেন হাজৰিকা আৰু লুইত

by Rezaul Karim
September 6, 2026
0

ভূপেন হাজৰিকা ৰেজাউল কৰিম নদী হৈছে সংস্কৃতিৰ বোৱঁতী সুঁতি। নদীৰ পাৰতে পৃথিৱীৰ পুৰণি সভ্যতা গঢ়ি উঠিছে। বাস্তৱিকতে নদী হৈছে সংস্কৃতিৰ...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 2, 2026
চুনদকু

চুনদকু

September 1, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d