• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

অসমৰ সাম্প্ৰতিক পৰিস্থিতিত খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰাসংগিকতা

ASSAMESE SECTION / Indigenous Peoples

by Editor
June 14, 2021
in ASSAMESE SECTION, ASSAM, Indigenous Peoples, Opinion, Politics
Reading Time: 3 mins read
0
CAA turmoil and what lies ahead!
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ সাম্প্ৰতিক পৰিস্থিতিত খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰাসংগিকতা

লাচিত বৰদলৈ

Lachit Bordoloi
লাচিত বৰদলৈ

স্বাধীনোত্তৰ ভাৰতৰ অধিকাংশ সময় ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ কংগ্ৰেছ দলটোৱে চলাই আহিছে। শেহতীয়াকৈ অসমত ২০০১ চনৰপৰা ২০১৬ চনলৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে দলটো শাসনভাৰ দখল কৰি আছিল।

কিন্তু এই সময়চোৱাত, বিশেষকৈ একেৰাহে ১৫ বছৰ চৰকাৰ পৰিচালনা কৰি থকাৰ পিছতো কংগ্ৰেছ দলটোৱে অসমৰ ভূমিপুত্ৰ-খিলঞ্জীয়া লোকসকলৰ সমস্যা দূৰীকৰণ বা সুৰক্ষাৰ বাবে কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ নকৰিলে।

কেৱল ৰাজনৈতিক লাভালাভৰ অংকত ৰাজ্যখনত থলুৱা কিছু জনগোষ্ঠীৰ লগতে হিন্দীভাষী লোকৰো উন্নয়ন পৰিষদ কিছু গঠন কৰি দিলে, যাৰ স্ব-জনগোষ্ঠীৰ উন্নয়ন-বিকাশ আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো ক্ষমতা নাই।

তদুপৰি শেষৰটো কাৰ্যকালত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ লগতে বিসম্বাদ জৰ্জৰিত কংগ্ৰেছ চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছিল। এহাতে ব্যাপক দেশী-বিদেশী প্ৰব্ৰজনৰ ফলত আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংঘাত আৰু আনহাতে কংগ্ৰেছী চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অকৰ্মন্যতাত অতিষ্ঠ ৰাইজৰ পৰিৱৰ্তনকামী আকাংক্ষাৰ সুযোগ লৈ ‍‘জাতি, মাটি আৰু ভেটি’ৰ সুৰক্ষাৰ থা উন্নয়নৰ শ্লোগান দি বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰে অসমৰ শাসনভাৰ দখল কৰিলে।

সকলোৱে আশা কৰিছিল যে বিপিএফ-অগপৰ দৰে আঞ্চলিক ৰাজনৈতিক দলৰে মিত্ৰতা, সৰ্বানন্দ সোণোৱালকে ধৰি অধিকাংশ জাতীয়তাবাদী নেতা থকা চৰকাৰখনে এইবাৰ নিশ্চয় ৰাজ্যখনক প্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ লগতে থলুৱা-ভূমিপুত্ৰ জাতি-জনগোষ্ঠীসমূহৰ দীৰ্ঘদিনীয়া সমস্যাৰাজী সমাধানৰ উদ্যোগ গ্ৰহণ কৰিব।

তেওঁলোকৰ সুৰক্ষা আৰু বিকাশৰ প্ৰশ্নই অগ্ৰাধিকাৰ পাব। চৰকাৰখন গঠন হোৱাৰ মাত্ৰ ১৫ মাহ হৈছে বাবে চৰকাৰখনৰ সফলতা-বিফলতা বিশ্লেষণ কৰাৰ বাবে সময় আছে যদিও এইখিনি সময়ত চৰকাৰখনৰ কাৰ্যকলাপ আৰু দৃষ্টিভংগীয়ে থলুৱা খিলঞ্জীয়া লোকসকলক হতাশ কৰি তুলিছে। নিৰ্বাচনৰ পূৰ্বে কোৱা জাতি, মাটি ভেটি মানে সকলোৱে অসমীয়া জাতি (জাতি-জনগোষ্ঠী), অসমৰ মাটি আৰু খিলঞ্জীয়াৰ ভেটিৰ কথাই বুজিছিল।

শৰাইঘাটৰ শেষ ৰণ মানে অসমৰ বিৰুদ্ধে চলা আগ্ৰাসন প্ৰতিৰোধ কৰাৰ কথাই বুজিছিল। কিন্তু দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে এই কথা ঘোষণা কৰি দিলে যে তেওঁলোকে আচলতে ভাৰতীয় জাতি ৰক্ষাৰ কথাহে কৈছিল। যাৰ বাবে বাংলাদেশৰপৰা অবৈধভাৱে অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দি হিন্দু জাতিক ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে।

সচেতন নাগৰিক-জাতীয় সংগঠনৰ ব্যাপক প্ৰতিবাদকো আওকান কৰি চৰকাৰে ৩০ আগষ্টত দুখন মহাবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত মুকলি কৰি আগলৈকো কৰি যোৱাৰ কথা ঘোষণা কৰিছে। তুলনামূলকভাৱে বিদেশী বহিৰাগতৰ প্ৰব্ৰজন কম থকা উজনি অসমৰ ব্যাপক ক্ষতি হ’ব পৰা বৃহৎ নদীবান্ধৰ পৃষ্ঠপোষকতা কৰিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিও এতিয়া হোহকা পিছলা কৰি আছে।

তাতোকৈ ডাঙৰ কথা হৈছে যে এইখন চৰকাৰৰ দিনত চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা একাংশ অনা অসমীয়া লোকে থলুৱা-খিলঞ্জীয়া লোকৰ ওপৰত মুকলিকৈ আক্ৰমণ কৰিবলৈও সাহস কৰিছে। চিলাপথাৰত ‍‘আছু’ৰ কার্যালয় আক্ৰমণ, নগাঁও কাণ্ড, বিজনী-মায়ং আদি অঞ্চলত সমদল কৰি অসমীয়া মূৰ্দাবাদ ধ্বনি দিয়া ঘটনাই স্বাভাৱিকতে গভীৰ অৰ্থ বহন কৰিছে।

এনে পৰিস্থিতত এই প্ৰশ্ন স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হৈ উঠিছে যে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখনে সঁচাকৈয়ে খিলঞ্জীয়াসকলক বহু চৰ্চিত সুৰক্ষা প্ৰদান কৰিবলৈ আগ্ৰহী যে এইটো কেৱল নিৰ্বাচন জিকাৰ বাবে কৰা এটা ৰাজনৈতিক কৌশলহে আছিল? সময়ে নিশ্চয় ইয়াৰ সঠিক উত্তৰ দিব।

(২)

চিলাপথাৰ আৰু নগাঁও কাণ্ডৰ পিছৰ পৰাই খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰশ্নটো পুনৰ সজোৰে উত্থাপিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাই সদায় খিলঞ্জীয়াৰ প্ৰভুত্ব থকাৰ কথা কৈ আহিছে। সময়ে সময়ে বংগমূলীয় মুছলমান লোক আৰু বংগভাষী হিন্দু সংগঠন কিছুমানে খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসংগ উঠিলেই নিজকে খিলঞ্জীয়া বুলি দাবী কৰা পৰিলক্ষিত হয়।

সেয়ে খিলঞ্জীয়া নো কোন, এই কথা এবাৰ পৰ্যালোচনা কৰা উচিত। মোৰ ‍‘মানৱ অধিকাৰৰ দস্তাবেজ’ নামৰ সদ্য প্ৰকাশিত পুথিত বিশ্বজুৰি চলা খিলঞ্জীয়া লোকৰ সংগ্ৰাম আৰু ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলী-ঘোষণাৱলী ইত্যাদি সম্পৰ্কত বিষদভাৱে উল্লেখ কৰা হৈছে। অষ্ট্ৰেলিয়া, আমেৰিকা, নেডাৰলেণ্ডৰ দৰে বহু দেশত বাহ্যিক প্ৰব্ৰজনৰ ফলত অস্তিত্বৰ সংকটত ভোগা সৰু সৰু খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে প্ৰথম বিশ্ব যুদ্ধৰ পিছত গঠিত জাতিসংঘ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন হোৱা ৰাষ্ট্ৰসংঘত আৰম্ভণিৰপৰাই প্ৰকৃতিৰ লগত নিবিড় হৈ থকা এই জনগোষ্ঠী সমূহৰ সুৰক্ষা আৰু অধিকাৰৰ বিষয়টো উত্থাপন কৰাৰ চেষ্টা কৰি আহিছিল।

কিন্তু আৰম্ভণিতে জাতিসংঘ বা ৰাষ্ট্ৰসংঘই বিষয়টো গুৰুত্ব দিয়া নাছিল। কাৰণ মনত ৰাখিব লাগিব যে জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘ মূলতঃ বিশ্বৰ দেশসমূহৰ চৰকাৰ সমূহৰ এখন উমৈহতীয়া মঞ্চ। সেয়ে প্ৰভাৱশালী দেশৰ অংশীদাৰী চৰকাৰসমূহে নিজৰ অসুবিধা হ’ব পৰা বিষয় সতকাই উত্থাপন হ’বলৈ নিদিয়ে।

তথাপিও খিলঞ্জীয়া সংগঠন সমূহৰ লগতে একাংশ মানৱ অধিকাৰ সংগঠনৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত ১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ আর্থ-সামাজিক পৰিষদৰ অধীনস্থ মানৱ অধিকাৰৰ সুৰক্ষাৰ আৰু উৎকৰ্ষ উপ-আয়োগে বিষয়টো পর্যালোচনা কৰাৰ বাবে কৰ্মগোট গঠন কৰি দিয়ে। এই কৰ্মগোটৰ প্ৰথম বৈঠক ৰাষ্ট্ৰসংঘৰ জেনেভা কাৰ্যালয়ত ১৯৮২ চনৰ ৯ আগষ্ট তাৰিখে অনুষ্ঠিত হয়। এয়াই আছিল আৰম্ভণি।

এই কৰ্মগোটৰ পৰামৰ্শৰ ভিত্তিতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৪ চনৰ ২৩ ডিচেম্বৰত এক সিদ্ধান্ত যোগে কৰ্মগোটৰ প্ৰথম বৈঠকৰ চনৰপৰা ২০০৪ চনলৈ আৰু পুনৰ ২০০৫ চনৰপৰা ২০১৪ চনলৈ দুটা দশক খিলঞ্জীয়াৰ অধিকাৰৰ দশকৰূপে পালন কৰে। এই দুটা দশকত বিভিন্ন কৰ্মসূচী আলোচনা পিছত খিলঞ্জীয়া মানৱ অধিকাৰ সৰ্ম্পকত ২০০৭ চনৰ ১৩ ছেপ্টেম্বৰত ‍‘‍‘খিলঞ্জীয়া লোকৰ অধিকাৰ ঘোষণা পত্ৰ’’ জাৰি কৰে।

উল্লেখযোগ্য যে এই ঘোষণাপত্ৰ গ্ৰহণ কৰোতে আমেৰিকা, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডে বিৰুদ্ধে ভোট প্ৰদান কৰাৰ বিপৰীতে ১৪৪ টা ভোটত ঘোষণাপত্ৰখন গৃহীত হয়। ইতিপূৰ্বে ২০০০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে ‍‘খিলঞ্জীয়া বিষয়ক ৰাষ্ট্ৰসংঘৰ স্থায়ী মঞ্চ’ এখন গঠন কৰে। এই স্থায়ী মঞ্চই স্বাক্ষৰকাৰী দেশসমূহে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু বিকাশৰ বাবে বিশ্বৰ দেশসমূহে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰে।

মন কৰিবলগা যে খিলঞ্জীয়াৰ অধিকাৰৰ ঘোষণাপত্ৰৰ সম্পৰ্কত ভাৰত চৰকাৰে দাখিল কৰা প্ৰতিবেদনত খিলঞ্জীয়া শব্দটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে কয় যে এই ঘোষণাপত্ৰ যথাযথভাৱে কাৰ্যকৰী কৰিলে দেশৰ অখণ্ডতা বিনষ্ট হোৱাৰ সম্ভাৱনা আছে। সেয়ে খিলঞ্জীয়া ৰূপে স্বীকৃত হ’ব লগা জনগোষ্ঠীসমূহক ভাৰত চৰকাৰে জনজাতিৰূপে স্বীকৃতি দি তেওঁলোকৰ সুৰক্ষা আৰু বিকাশৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি অৱগত কৰে।

আমি জানো যে চৰকাৰে চাকৰি নামভৰ্তি আদি বিষয়ত জনজাতিসকলৰ বাবে নিৰ্দিষ্ট কিছু আসন সংৰক্ষণৰ লগতে পঞ্চায়ত-বিধান সভাতো কিছু আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। কিন্তু খিলঞ্জীয়া লোকসকলৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাগত জীৱনৰ সংৰক্ষণ কৰাৰ যি প্ৰাথমিক দ্বায়িত্ব, সেই দ্বায়িত্ব পালন কৰা নাই।

বৰং ভাৰতবৰ্ষই ‍‘এক জাতি এক দেশ’ আৰু ‍‘মেৰা ভাৰত মহান’ৰ দৰে আঁচনিৰ জৰিয়তে সৰু সৰু জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতি আৰু স্বতন্ত্ৰ পৰিচয় বিলোপ কৰি কেৱল হিন্দী আৰু ইংৰাজী কোৱা এটা জাতিৰ সৃষ্টি কৰিব বিচাৰিছে। এইটো ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰ অনুযায়ী খিলঞ্জীয়া লোকসকলৰ প্ৰতি অন্যায় আৰু অপৰাধ।

প্ৰধানতঃ মধ্য ভাৰতৰ একাংশ আৰু উত্তৰ পূৰ্বাঞ্চলতে এনে খিলঞ্জীয়া লোকসকলৰ প্ৰায় ৬৩৫ টা গোষ্ঠীয়ে বসবাস কৰে। ই ভাৰতৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.২ শতাংশ। ইয়াৰে ৪৬১ টা গোষ্ঠী ভাৰত চৰকাৰে জনজাতিৰূপে স্বীকৃতি দি মধ্য ভাৰতৰ গোষ্ঠীসমূহৰ বাবে সংবিধানৰ পঞ্চম অনুচ্ছেদত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকলৰ বাবে ষষ্ঠ অনুসূচীত বিভিন্ন সংৰক্ষণ আৰু সুবিধাৰ কথা উল্লেখ কৰিছে।

ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰ অনুযায়ী এনে জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, বিশেষকৈ প্ৰকৃতিৰ লগত পৰম্পৰাগত সম্পৰ্ক আৰু জীৱন ধাৰা অব্যাহত ৰখাৰ বাবে ভূমি সম্পদৰ ওপৰত অধিকাৰ লাভ কৰিব লাগে। কিন্তু ভাৰত চৰকাৰে আনকি জনজাতি ৰূপে স্বীকৃতি দিয়াসকলকো ভূমি সম্পদৰ ওপৰত অধিকাৰৰ স্বীকৃতি নিদিয়াৰ লগতে আত্মনিয়ন্ত্ৰণৰ পৰিৱৰ্তে স্ব-শাসনৰ নামত কোনো ক্ষমতা নথকা ব্যৱস্থা কিছুমানৰ সৃষ্টি কৰিছে।

উদাহৰণস্বৰূপে জনজাতিৰূপে স্বীকৃত খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে কিছুমান বেল্ট-ব্লকৰ সৃষ্টি কৰা হৈছিল যদিও স্বয়ং চৰকাৰৰ পৃষ্ঠপোষকতাতে সেইবোৰৰ বিলুপ্তি ঘটিল। তদ্ৰুপ অসমৰ চাহ জনগোষ্ঠীৰ উপৰিও আন পাঁচটা থলুৱা জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবি উত্থাপন কৰি আহিছে যদিও বাৰে বাৰে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিও ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠী কেইটাক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা নাই।

খিলঞ্জীয়াসকল নো কোন? ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াসকল কোন, সেই কথা চিনাক্ত কৰাৰ বাবে এক সূত্ৰ আগবঢ়াইছে। ভাৰতে যিহেতু এতিয়ালৈকে খিলঞ্জীয়া শব্দটোকে গ্ৰহণ কৰা নাই, সেয়ে ভাৰতৰ প্ৰেক্ষাপটত এই সূত্ৰ অপ্ৰাসংগিক। আমি পাঠকসকলৰ জ্ঞাতাৰ্থে উল্লেখ কৰিব বিচাৰিছো যে ৰাষ্ট্ৰসংঘৰ মতে উপনিৱেশিক যুগৰ আক্ৰমণকাৰী আগমনৰ পিছৰপৰা একোটা অঞ্চলত নিজস্ব স্বতন্ত্ৰ ভাষা-সংস্কৃতি আৰু প্ৰকৃতি নিৰ্ভৰ জীৱন শৈলীৰে বসবাস কৰি থকা একোটা জনগোষ্ঠী, যি সম্প্ৰতি ৰাজনৈতিকভাৱে নিৰ্ণায়ক শক্তি নহয় আৰু সংখ্যালঘুত পৰিণত হৈ নিজৰ স্বকীয় পৰিচয় হেৰুৱাব নুখুজি নিজস্ব জীৱন শৈলীৰে জীয়াই থাকিব খোজাসকলেই হৈছে খিলঞ্জীয়া।

বড়ো, ৰাভা, মিচিং, তিৱাৰ দৰে ইতিমধ্যে জনজাতিৰূপে স্বীকৃতি পোৱাসকলৰ দৰেই মৰাণ, মটক চুটীয়াসকলো ৰাজনৈতিকভাৱে নিৰ্ণায়ক গোষ্ঠী নহয় আৰু উপনিৱেশিক শাসনৰ পূৰ্বৰে পৰাই নিজৰ ভূখণ্ডত নিজস্ব জীৱন শৈলীৰে বসবাস কৰি আহিছে। এইসকল লোক আজি তুলনামূলকভাৱে পিছপৰা।

এনে জনগোষ্ঠীসমূহে ভাৰতীয় ভাষাত জনজাতিৰ স্বীকৃতি পোৱাই নহয়, আন্তৰ্জাতিক ঘোষণাপত্ৰ অনুযায়ী আত্মনিয়ন্ত্ৰণৰ অধিকাৰ পোৱাৰ যোগ্য। আৰু আত্মনিয়ন্ত্ৰণ পোৱা মানে স্বাধীন হোৱা বা বিচ্ছিন্ন হোৱা নুবুজায়। বৰং প্ৰচলিত ব্যৱস্থাৰ মাজতে নিজৰ জনগোষ্ঠীৰ ভৱিষ্যত নিৰ্ণয়ৰ ক্ষমতা থকা স্ব-শাসনৰ ব্যৱস্থা নিশ্চয় কৰিব পাৰি। প্ৰয়োজন মাথো ভাৰত ৰাষ্ট্ৰৰ আন্তৰিক সদিচ্ছাৰ।

August, 2018

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ সাম্প্ৰতিক পৰিস্থিতিত খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰাসংগিকতাখিলঞ্জীয়া
Editor

Editor

Related Posts

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region
Climate Change

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

by Karishma Ahmed
August 12, 2026
0

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region Karishma Ahmed World Environment Day is...

Read moreDetails
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 12, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

August 11, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d