• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, February 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

অস্ত্ৰোপচাৰ আৰু স্ত্ৰীৰোগ (Surgeries in Gynecological Disorders)

-ডাঃ উম্মে বিলকিছ আহমেদ

by Anjan Sarma
July 6, 2021
in Health, Lifestyle, Special Report
Reading Time: 2 mins read
0
medical stethoscope with red paper heart on white surface

Photo by Karolina Grabowska on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ উম্মে বিলকিছ আহমেদ |

ডাক্তৰে যেতিয়া আমাক কোনো ৰোগৰ কাৰণে অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে, আমাৰ মনলৈ নিশ্চয় প্ৰশ্ন এটা আহে, এইটো ৰোগত এই সময়ত সচাঁকৈয়ে operation ৰ প্ৰয়োজন আছিলেনে?

RelatedPosts

Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026

আহকচোন আজি আমি এনেকুৱা কেইটামান  স্ত্ৰীৰোগৰ বিষয়ে আলোচনা কৰোঁ –

১) জৰায়ু বাহিৰলৈ ওলাই অহা ( Uterine prolapse)

Uterine prolapse ৰ কেইবাটাও গ্ৰেড আৰু স্টেজ্ আছে। আপোনাৰ ৰোগটো কোনটো পৰ্য্যায়ত আছে সেইটো পৰীক্ষণ (Clinical diagnosis) কৰি, treatment plan টো নিৰ্বাচন কৰাটো অতিকৈ প্ৰয়োজনীয়। অস্ত্ৰোপচাৰ লাগিব নে নেলাগে সেইটো নিৰ্ভৰ কৰিব আপোনাৰ বয়স, সন্তানৰ প্ৰয়োজনীয়তা, ৰোগৰ পৰ্য্যায় আৰু আনুসংগিক অসুবিধা সমূহৰ জটিলতাৰ ওপৰত। ধৰি লওঁক, কাৰোবাৰ family complete হোৱা নাই বা ৰোগটো প্ৰথম স্টেজ্ত আছে বা আনুসংগিক অসুবিধা সমূহ বৰকৈ গম্ভীৰ নহয় বা কাৰোবাৰ বয়স বা শাৰিৰীক অৱস্থা অস্ত্ৰোপচাৰৰ বাবে উপযোগী নহয়, তেনে ক্ষেত্ৰত বেলেগ উপায় অৱলম্বন কৰিবলৈ দিয়া হয়, যেনে pessary প্ৰয়োগ, exercise আৰু ঔষধ।

প্ৰথম স্টেজ্ত আমাৰ আয়ুৰ্বেদিক দৰবৰ লগতে pelvic exercise য়ে সুফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

২) Uterine fibroid or Myoma (জৰায়ুৰ মাংসপেশীৰ এক বিশেষ টিউমাৰ)

এইটো ৰোগ মহিলাসকলৰ প্ৰজনন কালত (reproductive age) হোৱা দেখা যায়। ই এক non-cancerous জৰায়ুৰ মাংসপেশীৰ টিউমাৰ বা বৃদ্ধি। ইয়াৰ একো লক্ষণ নাথাকিব পাৰে (non symptomatic) বা কেতিয়াবা গুৰুতৰ লক্ষণো দেখা যায় আৰু দৈনন্দিন জীৱনত বৰকৈ প্ৰভাৱ পেলায়। লক্ষণ সমূহ এনেধৰণৰ – জৰায়ুৰ আকৃতি বাঢ়ি অহাৰ ফলত ওচৰৰ অংগ সমূহত চাপৰ সৃষ্টি কৰিব পাৰে ( local mass effect), ঋতুস্ৰাৱ অত্যাধিক হোৱা, গৰ্ভধাৰণৰ সমস্যা, সন্তানহীনতা বা গৰ্ভপাত লৈকে হ’ব পাৰে। Modern medicine ত অস্ত্ৰোপচাৰৰ বাহিৰে এই ৰোগৰ নিৰ্দিষ্ট চিকিৎসা নাই। গতিকে এইটো এক চিন্তাৰ বিষয় কিয়নো কোনটো পৰ্য্যায়ত আপুনি অস্ত্ৰোপচাৰ কৰিব। কিছুমান Conservative Surgeries ৰ সহায় ল’ব পাৰি, যেনে Myomectomy (য’ত focal myoma/সৰু আকাৰৰ ইউটেৰাইন ফাইব্ৰইড কাটি পেলোৱা হয়, এই পদ্ধতিটো open surgery বা laparoscopic surgery দুয়োটা পদ্ধতিৰ দ্বাৰাই কৰিব পাৰি)। এই পদ্ধতি অৱলম্বন কৰা হয় বিশেষকৈ যিসকল মহিলাই সন্তান বিচাৰি আছে আৰু fibroid ৰ কাৰণে pregnant হ’বলৈ সক্ষম হোৱা নাই বা বাৰম্বাৰ গৰ্ভপাত হৈ আছে। এতিয়া প্ৰশ্নটো হ’ল Myomectomy কিমান দূৰলৈকে সফল? Myomectomy কৰাৰ পাছত বহুতৰে Pregnancy successful হ’ব পাৰে সচাঁ, কিন্তু নোহোৱাৰ উদাহৰণ নথকা নহয়, লগতে Pregnancy successful হোৱাৰ পাছত scar rupture ( গৰ্ভৱতী অৱস্থাত বিশেষকৈ প্ৰসৱকালত গৰ্ভাশয় ফাটি যোৱা / rare complication), abnormal placentation (গৰ্ভৰ ফুলৰ অস্বাভাৱিক স্থান) বা morbid adherent placenta (গৰ্ভৰ ফুলৰ বেলেগ ৰোগ) বা বেলেগ ধৰণৰ জটিলতাও হ’ব পাৰে। কেতিয়াবা Myomectomy বা বেলেগ Conservative surgery procedures অৱলম্বন কৰিলে পুনৰ বাৰ fibroid হোৱা দেখা যায়। গতিকে অস্ত্ৰোপচাৰৰ সাধাৰণ ভয়, অস্ত্ৰোপচাৰৰ সময়ত হোৱা জটিলতা (General Complications of surgery and anaesthesia), ধন ব্যয় কৰিও যদি সুফল পোৱা দেখা নাযায়, এইটো অতি দুখৰ কথা। গতিকে এনেক্ষেত্ৰত আপোনালোক আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে। ইয়াতেও কথা আছে, কোনটো স্টেজত, কিমান sizeৰ fibroid, ক’ত অৱস্থিত আৰু আনুসংগিক সমস্যা কেনে গুৰুতৰ সেইবোৰ সকলো চাইচিতিহে চিকিৎসা দিয়াটো প্ৰয়োজন। কাৰোবাৰ fibroid ৰ কাৰণে যদি বেছিকৈ ৰক্তক্ষয় হৈ ৰোগীজনীৰ ৰক্ত অল্পতা (severe anaemia) হৈ আছে বা জৰায়ুৰ আকৃতি ডাঙৰ হৈ পেটৰ ওপৰলৈকে উঠি আহিছে (palpable mass), তেনেক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰিব লাগিবই।

আকৌ menopause ৰ পাছত জৰায়ু আৰু লগতে জৰায়ুৰ fibroid নিজে নিজে সংকোচিত হৈ যায়, তেনেক্ষেত্ৰত সৰু আকৃতিৰ, বেছি জটিলতা সৃষ্টি নকৰা fibroid ত অস্ত্ৰোপচাৰৰ ইমান প্ৰয়োজনীয়তা নাই। আমি ঔষধ খাবলৈ দি menopause হোৱা লৈকে অপেক্ষা কৰিব পাৰো।

গতিকে fibroid ৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ আগত আয়ুৰ্বেদিক প্ৰসুতি তন্ত্ৰ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।

ৰজনিৰ্বৃত্তিৰ বয়স বা menopausal ageত ( মাহেকীয়া বন্ধ হোৱাৰ সময়ত) প্ৰায় 20% fibroid ৰ আকাৰ ক্ৰমান্বয়ে হ্ৰাস পায়, গতিকে এনেকুৱা সময়ত অপেক্ষা কৰিব পাৰি যদি লক্ষণ গম্ভীৰ নহয়।

৩) ডিম্বাশয়ৰ বিভিন্ন প্ৰকাৰৰ cyst ( Benign Ovarian Disease)

ডিম্বাশয়ৰ নন্ কেন্সাৰাচ্ টিউমাৰ বা চিস্ট (non cancerous growth) যেনে functional cyst, corpus luteum cyst, endometrioma বা chocolate cyst ইত্যাদিৰ আকৃতি যেতিয়া 5 cm তকৈ তলত থাকে আমি নিসন্দেহে আয়ুৰ্বেদিক দৰব দি cystৰ আকাৰ সৰু কৰিব পাৰো। 5 cm আকৃতিৰ ডাঙৰ cyst বোৰৰ সদায় cancer screening কৰি লোৱা উচিত। সাধাৰণতে Ovarian cancer সমূহৰ ৰোগনিৰ্ণয় (diagnosis) দেৰিকৈ হোৱাৰ ফলত prognosis বেছি ভাল নহয়। Non cancerous growth বিশেষকৈ cyst আদিৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া যেনেকৈ Aspiration, drilling, cystectomy ইত্যাদি কৰিলে কেতিয়াবা ডিম্বাশয়ৰ পৰা ovum সৃষ্টি কৰা কোষবোৰৰ (follicles) ধ্বংস হয়, আনহাতে cyst বোৰ পুনৰ হোৱাও দেখা যায়।

এনেকুৱা বহুত উদাহৰণ আছে, য’ত আমি অস্ত্ৰোপচাৰ কৰাৰ আগত ঔষধ প্ৰয়োগ কৰি চাব পাৰো। সঠিক ৰোগনিৰ্ণয় ( correct diagnosis) আৰু চিকিৎসা সূত্ৰই বহুত ৰোগীক সকাহ দিয়ে। অস্ত্ৰোপচাৰৰ ভয়, মানসিক চাপ, অস্ত্ৰোপচাৰৰ জটিলতা আদিৰ পৰা বাচিব পাৰি। ইয়াত মই অস্ত্ৰোপচাৰক নিন্দা কৰা নাই, অস্ত্ৰোপচাৰ বহুত সময়ত life saving procedure বুলি জনা যায়, কিছুমান পৰিস্থিতিত অস্ত্ৰোপচাৰেই একমাত্ৰ চিকিৎসা। কিন্তু জনসাধাৰণৰ জনাৰ অধিকাৰ আছে ক’ত অস্ত্ৰোপচাৰ লাগিব বা ক’ত অস্ত্ৰোপচাৰ কৰাৰ আগত আমি ঔষধ ব্যৱহাৰ কৰি অপেক্ষা কৰিব পাৰো (Expectant management) । আহকচোন আমি সকলোৱে সচেতন হওঁ আৰু এখোজ আগবাঢ়ি যাওঁ আমাৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে।

*ডাঃ উম্মে বিলকিছ আহমেদ ,MS(Ay) প্ৰসুতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অস্ত্ৰোপচাৰ আৰু স্ত্ৰীৰোগ
Anjan Sarma

Anjan Sarma

Related Posts

Are We Ready For Autonomous Vehicles?
Tech

Are We Ready For Autonomous Vehicles?

by Rituraj Phukan
February 10, 2026
0

Are We Ready For Autonomous Vehicles? RITURAJ PHUKAN We are entering the relatively new age of Autonomous vehicles (AVs). AVs...

Read moreDetails
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026
How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

February 10, 2026
Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026
Phoolan Devi: How India created its Bandit Queen?

Phoolan Devi: How India created its Bandit Queen?

February 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

February 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    26879 shares
    Share 10751 Tweet 6720
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    10335 shares
    Share 4134 Tweet 2584
  • Latest COVID data confirm infections have risen globally

    1938 shares
    Share 775 Tweet 485
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3207 shares
    Share 1283 Tweet 802
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6351 shares
    Share 2540 Tweet 1588
  • Winter without Sleep: Kashmir’s Black Bears in a Warming World

    112 shares
    Share 45 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3455 shares
    Share 1382 Tweet 864
  • Perks of Leaving Your Hometown Behind

    96 shares
    Share 38 Tweet 24
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    732 shares
    Share 293 Tweet 183
  • Massive Epstein Files Release Sparks Debate in India Over Mentions of PM Modi and Minister Puri

    83 shares
    Share 33 Tweet 21
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d