-বিৰাজ জ্যোতি কলিতা |
|| সেউজীয়া অৰণ্যৰ পৃথিৱী আৰু আমাজন-বাঘজানৰ জুই :
গছ থাকিলেহে মানুহ থাকিব ||
“You have stolen my dreams, my childhood with your empty words and yet
I am one of the lucky ones. People are suffering, people are dying and the entire
ecosystems are collapsing. We are at the beginning of mass extinction and all you
can talk about is money and fairytales of eternal economic growth.
How dare you !”
এইদৰেই চুইদেনৰ ১৬ বছৰীয়া পৰিৱেশবাদী কৰ্মী গ্ৰেটা থুনবাৰ্গে (Greta Thunberg) ২০১৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰনেতাসকলক পৰিৱেশৰ ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে জগৰীয়া কৰি সাহসেৰে বলিষ্ঠ বক্তব্য ৰাখিছিল। প্ৰকৃততে গ্ৰেটা থুনবাৰ্গে বৰ্তমান সময়ত বিশ্বৰ উন্নত ৰাষ্ট্ৰ সমূহৰ পৃষ্ঠপোষকতাত চলি থকা প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰিছিল। কাৰণ গ্ৰেটা থুনবাৰ্গে এটা নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে, যিয়ে সম্ভৱত ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ ভয়ঙ্কৰ দিনবিলাক প্ৰত্যক্ষ কৰিব। নিঃসন্দেহে আধুনিক বিজ্ঞান প্ৰযুক্তিৰ ন ন আবিষ্কাৰ আৰু পাৰ্থিৱ সুখ সম্পদৰ আহিলাই মানৱ জাতিক চহকী কৰিছে। কিন্তু একে সময়তে নানা ধৰণৰ সমস্যাই আমাৰ পৃথিৱীখনক অসুস্থ কৰি তুলিছে। দৰাচলতে সাম্প্ৰতিক সময়ত মানৱ জাতিৰ সন্মূখত দেখা দিয়াৰ প্ৰত্যাহ্বানবোৰ হ’ল – উত্তৰ ঔপনিবেশবাদ, ধৰ্মীয় মৌলবাদ, সন্ত্ৰাসবাদ আৰু গোলকীয় পৰিৱেশ সমস্যা । মন কৰিবলগীয়া কথাটো হ’ল, পৰিৱেশ সমস্যা বৰ্তমান সমগ্ৰ বিশ্বৰে এক উমৈহতীয়া সমস্যা হিচাপে দেখা দিছে কাৰণ ই সমগ্ৰ জীৱকূলৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিছে। পাৰিৱেশিক ভাৰসাম্যতা নোহোৱাৰ বাবে পৃথিৱীত প্ৰতি বছৰে লাখ লাখ মানুহে বায়ু প্ৰদূষণৰ ফলত মৃত্যুবৰণ কৰে। বিশেষকৈ মানৱসৃষ্ট বিভিন্ন কাৰকসমূহ যেনে – বনাঞ্চলৰ ধ্বংসকাৰ্য, দ্ৰুত নগৰীকৰণ, নানা প্ৰকাৰৰ উদ্যোগ নিৰ্মাণ, কৃষিকাৰ্যত মাটিৰ অপ-ব্যৱস্থাপনা, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ প্ৰয়োগ আদিৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ হ্ৰাস পাই মানৱ সমাজৰ বাবে ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে।
লক্ষণীয় কথাটো হ’ল ,মানুহে জুইৰ আৱিষ্কাৰ কৰা পিছৰে পৰা প্ৰকৃতিৰ ওপৰত নিৰৱবিচিন্ন ভাৱে নিয়ন্ত্ৰণ আৰু শোষণ কৰি আহিছে । তদুপৰি এনে শোষণৰ ফলত সৃষ্টি হোৱা জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ বাবে পৃথিৱীৰ বুকুৰ পৰা কেইবাটাও মানৱ সভ্যতা নিঃশেষ হৈ গৈছিল । এই প্ৰসংগত লিবিউ জিওচান নামৰ গৱেষকজনে উল্লেখ কৰিছে যে মূলত: তাপমাত্ৰা বৃদ্ধি আৰু বতৰৰ পৰিৱৰ্তনৰ ফলত নগৰীয়া সভ্যতা হিচাপে জনাজাত সিন্ধু উপত্যকা সভ্যতাৰ পতন ঘটিছিল । জলবায়ু পৰিৱৰ্তনৰ ফলত গ্ৰীষ্মকালত বৃষ্টিপাতৰ পৰিমাণ হ্ৰাস পাইছিল আৰু ইয়াৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ভিক্ষৰ বাবে সিন্ধু সভ্যতাৰ পতন ঘটিছিল । একেধৰণে বিশাল জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে এসময়ত মেক্সিকোত গঢ়ি উঠা বিখ্যাত মায়া সভ্যতাৰ পতন হৈছিল । কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, ইতিহাসৰ পৰা মানুহে আজিলৈকে কোনো শিক্ষা নল’লে । সেইবাবে আজিও মানুহে অবাধে প্ৰকৃতিৰ ওপৰত ধ্বংসযজ্ঞ চলাই আহিছে । মানুহৰ এনে কাৰ্যৰ পৰিণতি কিমান ভয়ংকৰ হ’ব সেইকথা উপলব্ধি কৰি প্ৰখ্যাত নৃতত্ত্ববিদ অধ্যাপক জাৰেড এম ডায়মন্ড(Jared M. Diamond)য়ে মন্তব্য কৰিছে এনেদৰে, “Recent overwhelming evidence from archaeology and other disciplines is now demonstrating that some of those romantically mysterious collapses actually were self-inflicted ecological disasters, similar to the ecological suicide that we risk committing today.”
আধুনিক বিশ্বত মানুহৰ দ্বাৰা প্ৰকৃতিবিৰোধী কাৰ্যকলাপৰ উৎকৃষ্ট উদাহৰণ হ’ল সমগ্ৰ বিশ্বজুৰি দ্রুত হাৰত বনাঞ্চল তথা বৰ্ষাৰণ্যসমূহৰ ধ্বংসযজ্ঞ। মানুহৰ ক্ৰমবিকাশৰ ইতিহাসৰ পৰা জনা যায় যে আদিম কালৰে পৰা মানুহ আৰু বনাঞ্চল বা বৰ্ষাৰণ্যসমূহৰ মাজত নিবিড় সম্পৰ্ক আছে। উল্লেখযোগ্য যে পৃথিৱীৰ প্ৰায় দুইলাখ পঁচিশ হাজাৰবিধ উদ্ভিদ আৰু বাৰ লাখ প্ৰজাতি প্রাণিকূলৰ বেছিভাগৰে বাসস্থান হ’ল বৰ্ষাৰণ্য। মানৱজাতিক প্ৰদূষণমুক্ত জলবায়ু যোগান ধৰাত মূলতঃ মূখ্য ভূমিকা গ্রহণ কৰিছে বৰ্ষাৰণ্যসমূহে। বৰ্তমান বিশ্বৰ মুঠ ৮৫ খন দেশত বৰ্ষাৰণ্যৰ উপস্থিতি দেখা গৈছে। কিন্তু বৰ্তমান সময়ত ব্যৱসায়িক স্বাৰ্থ লাভৰ বাবে অবাধে গছৰ কুন্দা কটাৰ ফলত পৃথিৱীৰ প্ৰায় ২০ শতাংশ বৰ্ষাৰণ্য ধ্বংসমুখী হৈ পৰিছে। ইয়াৰ ফলত বহু মূল্যবান গছ গছনিৰ লগতে বহু প্ৰজাতিৰ জীৱ-জন্তু, কীট-পতংগৰ অস্তিত্বৰ বিপদাপন্ন হৈ পৰিছে । বৰ্ষাৰণ্যসমুহৰ ধ্বংসৰ ফলত গোলকীয় তাপমাত্ৰা বৃদ্ধি হৈছে। দুৰ্ভাগ্যজনক কথা হ’ল, প্ৰতি চেকেণ্ডত পৃথিৱীৰ পৰা এক একৰকৈ বৰ্ষাৰণ্য হেৰাই গৈছে। শেহতীয়াকৈ জীৱশ্ৰেষ্ঠ মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংসৰ উৎকৃষ্ট উদাহৰণ হ’ল আমাজন বৰ্ষাৰণ্যৰ ধ্বংসযজ্ঞ। আমি জানো যে পৃথিৱীৰ প্ৰায় ২০ শতাংশতকৈয়ো অধিক অক্সিজেন যোগান ধৰে আমাজন বৰ্ষাৰণ্যই।সেইবাবে এই বৰ্ষাৰণ্যক ‘পৃথিৱীৰ হৃদপিণ্ড’ বুলি গণ্য কৰা হয়। আমাজন বৰ্ষাৰণ্য বিশ্বৰ প্ৰায় নখন দেশ জুৰি বিস্তৃত হৈ আছে। কেৱল ব্ৰাজিলৰে প্ৰায় ৬০ শতাংশ আগুৰি আছে এই বৰ্ষাৰণ্যখনে। লক্ষণীয় যে সাম্প্ৰতিক সময়ত জীৱশ্ৰেষ্ঠ মানুহৰ বাবে আমাজন বৰ্ষাৰণ্যই অস্তিত্বৰ সংকটত পৰিছে। ২০১৯ চনৰ ভয়াবহ বনজুইৰ ফলত বৰ্ষাৰণ্যখনৰ প্ৰায় ৯৫৩০ বৰ্গকিলোমিটাৰ বনভূমি ধ্বংস হৈছে। ইয়াৰ ফলত বৰ্ষাৰণ্যখনৰ বহু মূল্যবান গছ গছনি, ভালেমান দুষ্প্ৰাপ্য জীৱ জন্তু, কীট পতংগ বন জুইত জাহ গ’ল। বিভিন্ন আন্তৰ্জাতিক সংবাদপত্ৰত প্ৰকাশিত বাতৰি অনুসৰি আমাজন বৰ্ষাৰণ্যত সৃষ্ট বনজুই প্ৰকৃততে মানৱসৃষ্ট। ইয়াৰ আঁৰত ব্ৰাজিলৰ অৰ্থনীতিৰ মুনাফা লাভৰ অংক জড়িত হৈ আছে। দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকা অঞ্চলত অৱস্থিত আমাজন বৰ্ষাৰণ্যৰ বুকুত বিভিন্ন খনিজ সম্পদ, যেনে- তাম, টিন, নিকেল, সোণ, বক্সাইট, মেংগানিজ, কয়লা, লোহা আদিৰ আকৰিক মজুত থকাৰ বাবে ব্ৰাজিলৰ চৰকাৰে আমাজনৰ ধ্বংস কাৰ্য দেখিও চকু মুদি আছিল। কিন্তু মনত ৰখা উচিত যে অৰ্থনৈতিক মুনাফা লাভৰ বাবে এই বৰ্ষাৰণ্যক ধ্বংস কৰাটো জীৱশ্ৰেষ্ঠ মানুহৰ মূৰ্খামীৰ বাহিৰে একো নহয়। আমাজন বৰ্ষাৰণ্যৰ ধ্বংসই মানৱ সভ্যতালৈ অশনি সংকট কঢ়িয়াই অনাৰ সম্ভাৱনা বেছি। কাৰণ এই বৰ্ষাৰণ্যই বায়ুমণ্ডলত কাৰ্বনৰ ভাৰসাম্য ৰক্ষা কৰা লগতে ২০ শতাংশ অক্সিজেন যোগান ধৰি আহিছে। এই বৰ্ষাৰণ্যৰ ধ্বংসৰ ফলত গোলকীয় উষ্ণতাৰ বৃদ্ধি ঘটি মানুহৰ জীৱন যাত্ৰা অচল কৰি পেলাব। আমাজন বৰ্ষাৰণ্যৰ ধ্বংসযজ্ঞ মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংসৰ এক সৰু উদাহৰণ মাত্ৰ। তদুপৰি বিভিন্ন তথ্যৰ পৰা জানিব পাৰিছো যে বিগত দুটা দশকত পৃথিবীৰ বুকুৰ পৰা দ্ৰুতগতিত বৰ্ষাৰণ্য সমূহ হেৰাই যাবলৈ ধৰিছে। মানুহে বনাঞ্চল ধ্বংস কৰি হ’লেও অট্টালিকা, নদীবান্ধ, খনি-উদ্যোগ আদি নিৰ্মাণ কৰি অৰ্থনৈতিক প্ৰগতিৰ পথ সুচল কৰাতহে মনোনিবেশ কৰা দেখা গৈছে।
সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক আৰু সামাজিক মহলত দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি আৰু বাঘজানৰ জুই- এই ঘটনা দুটাই বিশেষভাৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হয় । ইতিমধ্যে ‘পূব আমাজন’ (The Amazon of the East) নামেৰে জনাজাত দিহিং পাটকাই অভয়াৰণ্যৰ প্ৰায় ৯৮.৫১ হেকটৰ বনাঞ্চলত কয়লা খননৰ বাবে ‘নেচনেল বৰ্ড ফৰ ৱাইল্ড লাইফ’ (National Board for Wildlife) নামৰ সংস্থাটোৱে অনুমতি প্ৰদান কৰিছে যিটো সম্পূৰ্ণৰূপে প্ৰকৃতিবিৰোধী হঠকাৰী সিদ্ধান্ত বুলি ক’ব পাৰি। কাৰণ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন কাৰ্য বাস্তৱত ৰূপায়িত হ’লে বৰ্ষাৰণ্যখনৰ জৈৱবৈচিত্ৰ ধ্বংস হোৱাৰ লগতে দিহিং পাটকাই অঞ্চলৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হোৱাটো নিশ্চিত বুলি ক’ব পাৰি। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫১হেক্টৰ মাটিৰ কয়লা খনন হ’লে হস্তিকূলৰ প্ৰতি বিপদ নামি আহিব। সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন প্ৰান্তত হস্তিকূলে শস্য পথাৰ তহিলং কৰাৰ লগতে হাতীৰ আক্ৰমণত বহু মানুহৰ মৃত্যুও হৈছে। গতিকে এনে পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক মুনাফা অর্জনৰ বাবে দিহিং পাটকাইৰ দৰে বৰ্ষাৰণ্য ধ্বংস কৰিলে হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই অধিক। সেইদৰে কয়লা খননৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হ’লে দিহিং পাটকাই অভয়াৰণ্যৰ জৈৱবৈচিত্ৰ সংকটৰ সন্মূখীন হোৱাৰ লগতে ইয়াৰ আশে পাশে অঞ্চলত শব্দ প্ৰদূষণৰ সৃষ্টি কৰিব।গতিকে ই এক চিন্তনীয় বিষয়। আশা কৰিছোঁ জৈৱবৈচিত্ৰ সংৰক্ষণৰ স্বাৰ্থত চৰকাৰে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতি প্ৰদান নকৰে। ইতিমধ্যে অসমৰ সেউজীয়া পাহাৰীয়া বনাঞ্চলসমূহ মুনাফা লোভী পুঁজিপতি শ্ৰেণীয়ে ধ্বংস কৰি পেলাইছে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, চলা সংৰক্ষিত বনাঞ্চল, কাকৈ বনাঞ্চলকে ধৰি অসমৰ প্ৰায়বিলাক বনাঞ্চলত বনজ সম্পদৰ ধ্বংস কাৰ্য চলি আছে।তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাৰ দৰে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমোদনৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি প্ৰতিবাদ চলি থাকোতে সংঘটিত হ’ল বাঘজানৰ ‘মানৱসৃষ্ট জুই’ যাৰ ফলত মাগুৰি মতাপুং বিলখনৰ জৈৱবৈচিত্ৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে সমগ্ৰ বাঘজান অঞ্চলৰ গছ-গছনি, চাহ বাগান, পোহনীয়া পশু পক্ষী পুৰি চাৰখাৰ হ’ল। ভয়ংকৰ কথাটো হ’ল বাঘজানৰ অগ্নিকাণ্ডৰ পৰা নিৰ্গত ধোঁৱাই সমগ্ৰ অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ দূষিত কৰি তুলিছে। অধিক মুনাফা লাভৰ স্বাৰ্থ সিদ্ধিৰ বাবে পুঁজিবাদী কৰ্পৰেট গোষ্ঠীবিলাকে আমাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰৰাজি ধ্বংস কৰাৰ অধিকাৰ কৰপৰা পালে? তেল-গেছৰ খনি থকাৰ পিছতো আজিও এইখন অসমত লাখ লাখ মানুহে কিয় দৰিদ্ৰতাৰ মাজত থাকিব লগা হৈছে? ইয়াৰ উত্তৰ হয়তো অইল ইণ্ডিয়া লিমিটেডৰ দৰে পুঁজিবাদী কৰ্পৰেট গোষ্ঠীবিলাকৰ ওচৰত নাই। জৈৱ বৈচিত্ৰৰ ধ্বংস কৰি প্ৰাকৃতিক সম্পদ আহৰণৰ প্ৰতিযোগিতাত ব্যস্ত পুঁজিবাদী কৰ্পৰেট গোষ্ঠীবিলাকে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে দিছে এখন প্ৰদূষণে ভৰা পৃথিৱী য’ত সিহঁতৰ সপোন আৰু শৈশৱ গঢ়ি উঠিব এক অস্বাস্থ্যকৰ পৰিৱেশত।চৰকাৰে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত প্ৰকৃতি বিৰোধী কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰকৃততে আমি অন্যান্য জীৱকূলৰ প্ৰতি সহনশীল হোৱা উচিত । এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰো Alan Weisman নামৰ আন্তজাৰ্তিক খ্যাতিসম্পন্ন লেখকজনে তেওঁৰ বিখ্যাত গ্ৰন্থ “The World Without Us” ত উল্লেখ কৰা বিখ্যাত বাক্যশাৰীকেইটা,”All of us humans have myriad other species to thank. Without them, we couldn’t exist. It’s that simple, and we can’t afford to ignore them, anymore than I can afford to neglect my precious wife–nor the sweet mother Earth that births and holds us all. ” (page-287)
দ্বিতীয়তে,পৰিৱেশ সুৰক্ষাৰ প্ৰশ্নৰ লগত সংগতি ৰাখি ক’ব বিচাৰো যে বছৰ বছৰ ধৰি অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰ কৰি অহা ভাৰত চৰকাৰে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কিয়নো প্ৰতি বছৰে সৃষ্টি হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত অসমৰ বনাঞ্চলৰ জীৱকূল সংকটৰ সন্মুখীন হৈ আহিছে। বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল বিপদৰ সন্মুখীন হয় আৰু চোৰাং চিকাৰীৰ দপদপনি আৰম্ভ হয়। অকল কাজিৰঙাই নে ? বানপানীৰ ফলত প্ৰতি বছৰে অসমৰ বিভিন্ন বনাঞ্চলৰ জীৱকূলে নানা সমস্যাত পৰিব লগা হয় । কিন্তু আজিলৈকে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰা নহল । তথাপিও মোৰ মতে সময় থাকোতেই অসমৰ বিনন্দীয়া পৰিবেশ ৰক্ষাৰ স্বাৰ্থত অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা উচিত।
উল্লেখযোগ্য যে জনসাধাৰণৰ মাজত পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা আৰু পৰিৱেশ সংৰক্ষণ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ (World Environment Day) হিচাপে পালন কৰি অহা হৈছে। তথাপিও মানুহ সজাগ হোৱা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ আৰ্থিক সম্পত্তিৰ লোভত ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা নকৰি জীৱশ্ৰেষ্ঠ মানুহে জধেমধে গছ-বন কাটি প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই গৈছে। বিজ্ঞানীসকলৰ মতে মানুহে এইদৰে বনাঞ্চল ধ্বংস কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই থাকিলে পৰৱৰ্তী ৩৫ বছৰত গোলকীয় উষ্ণতা তীব্রগতিত বৃদ্ধি পাব। ইয়াৰ ফলত পৃথিৱীত হয়তো মানুহৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিব। কিন্তু পৰিতাপৰ কথা যে, প্ৰাকৃতিক সম্পদৰ লুণ্ঠন কৰি স্মাৰ্ট চিটিৰ সপোন দেখা পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ সেউজীয়া অৰণ্যৰ দুখৰ বিননি শুনিবলৈ সময় নাই। অৱশ্যে তাৰ মাজতে ভালেকেইজন প্ৰকৃতিপ্ৰেমী বৰণ্য ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাৰে অসমত সেউজীয়া অৰণ্য গঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে।সেইসকলৰ ভিতৰত সমগ্ৰ বিশ্বত ‘অৰণ্য মানৱ’ ৰূপে বিখ্যাত পদ্মশ্ৰী যাদৱ পায়েং অন্যতম। তেওঁ ব্ৰহ্মপুত্ৰৰ ঐনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপন কৰি এক অৰণ্যলৈ ৰূপান্তৰ কৰিছে। ‘মুলাই কাঠনি’ নামে জনাজাত এই অৰণ্য প্ৰায় ৫৫০ হেক্টৰ অঞ্চলজুৰি বিস্তৃত হৈ আছে।
‘গছ থাকিলেহে মানুহ থাকিব’- এই শ্ল’গানক বাস্তৱ ৰূপ দিবৰ বাবে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হৰেন্দ্ৰনাথ মৰাঙে আৰম্ভ কৰিছে ‘উদ্ৰোপন’ নামেৰে এক সেউজ কাৰ্যসূচী। ২০১০ চনত আৰম্ভ কৰা ‘উদ্ৰোপন’ নামৰ সেউজ কাৰ্যসূচীৰ জৰিয়তে তেওঁ ইতিহাস প্ৰসিদ্ধ সাংস্কৃতিক নগৰী তেজপুৰত ভালেমান গছপুলি ৰোপন কৰিছে। যি সময়ত দ্ৰুত নগৰীকৰণৰ ফলত হাজাৰ হাজাৰ গছ গছনি ধ্বংস হৈ আহিছে, সেই সময়ত তেজপুৰক ‘নগৰীয়া বনানিকৰন (জনাঞ্চলত বনাঞ্চল)’ৰ এক আৰ্হি (model) ৰূপে গঢ়ি তোলা অভিযান নিশ্চয় প্ৰশংসনীয় কাৰ্য।
এই প্ৰসংগত ক’ব বিচাৰো যে শ্ল’গান লিখি, হাতত প্লে কাৰ্ড লৈ ৰাজপথত আন্দোলন কৰিলে পৰিবেশ সম্পৰ্কীয় সমস্যসমূহ সমাধান হৈ যাব বুলি ভবাটো ভূল ধাৰণা। মোৰ ব্যক্তিগত ধাৰণা যে আন্দোলনে মাত্ৰ সমস্যা এটাৰ সমাধান পথ দেখুৱাব পাৰে কিন্তু ইয়াৰ স্থায়ী সমাধান কেতিয়াও দিব নোৱাৰে । উদাহৰণস্বৰূপে, নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বহুত আন্দোলন হ’ল কিন্তু ইয়াৰ স্থায়ী সমাধান সূত্ৰ দিব নোৱাৰিলে । এইটো কথা সকলোৱে জ্ঞাত যে এনেকুৱা নদী বান্ধে পৰিৱেশৰ ভাৰসাম্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব কিন্তু বিজ্ঞান তথা প্ৰযুক্তিৰ অগ্ৰগতিৰ প্ৰতিযোগিতাত মোহাচ্ছন্ন পুঁজিবাদী শ্ৰেণীৰ ইয়াৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই । মোৰ দৃষ্টিত কোনো চৰকাৰী আইন বা আন্দোলনে পৰিৱেশ ৰক্ষাৰ কৰাত ১০০ শতাংশ সমাধান দিব নোৱাৰে ,পৰিৱেশ ৰক্ষাৰ কাৰণে আমাৰ সমাজৰ প্ৰতিজন নাগৰিক একোজন পৰিৱেশ কৰ্মী হৈ উঠিব লাগিব।
উল্লেখযোগ্য যে অকল বৰ্ষাৰণ্যই নহয়, আমি সকলোৱে আমাৰ চাৰিওফালে থকা বনাঞ্চলসমূহ সংৰক্ষণ কৰিব লাগিব। এটা কথা ঠিক যে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সেউজ, সুন্দৰ আৰু প্ৰদূষণমুক্ত পৃথিৱী এৰি যাবলৈ হ’লে আমাৰ প্রজন্মই সেউজ বনানীকৰণৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি গছপুলি ৰোপন কৰাৰ বাদে একো গত্যন্তৰ নাই। অকল গছপুলি ৰোপন কৰিলে নহ’ব, সেই ৰোৱা প্ৰতিটো গছপুলিক নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিলেহে সেউজ বনানিকৰনৰ উদ্দেশ্য সাৰ্থক হ’ব। কিয়নো গছ থাকিলেহে সভ্যতা জীয়াই থাকিব – ” A civilization flourishes when old men plant trees underneath whose shade they shall never fit.”
[বিভিন্ন তথ্যৰ সহায় লৈ লেখাটো যুগুত কৰা হ‘ল। লেখক দেবীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয় (যোৰহাট)ৰ সহকাৰী অধ্যাপক, ইতিহাস বিভাগ ]