• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
August 13, 2023
in Inspiration, Spirituality, Spirituality
Reading Time: 6 mins read
0
অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত

SONY DSC

Share on FacebookShare on TwitterShare on LinkedIn

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

হিন্দু ধর্মৰ বিচিত্রতাৰ এটা প্রমাণ পোৱা যায় দেৱ-দেৱতা সকলৰ কাহিনীবোৰৰ ভিন্নতাত। ভাৰতবর্ষৰ বিভিন্ন প্রান্তত প্রচলিত এই কাহিনীবোৰে কেতিয়াবা বিভিন্ন পৰম্পৰাবোৰৰ মাজৰ পার্থক্য দর্শায়, বা একোটা পৰম্পৰাৰ স্বকীয়তা প্রতিস্থা কৰে।

পার্থক্য থাকিলেও কিন্তু সকলো পৰম্পৰা যে সনাতন হিন্দু ধর্মৰ অন্তর্গত, তাত কোনো সন্দেহ নাই। অৱশ্যে কেতিয়াবা গোড়ামীৰ বাবে একোটা গোটে নিজৰ শ্রেষ্ঠতা প্রতিপন্ন কৰিবলৈ গৈ আন পৰম্পৰাক তুচ্ছ-তাচ্ছিল্ল্য কৰাৰ দৰে ঘটনাও ঘটে। ঠেক মনোবৃত্তিৰ মানুহ থাকে, আৰু তেওঁলোকে ধর্ম, আধ্যাত্মিকতাৰ সার্বজনীনতাক হৃদয়ঙ্গম কৰিব নোৱাৰে।

কিন্তু সেইসকল লোকে হিন্দু ধর্মক প্রতিনিধিত্ব নকৰে। ধর্মটোৰ গভীৰতাৰ, উদাৰতাৰ, সার্বজনীনতাৰ উমান পাবলৈ হ’লে তেওঁলোকৰ গোড়ামিক আওকাণ কৰাৰ বাদে উপায় নাই।

হিন্দু ধর্মত এগৰাকী নির্দিষ্ট দেৱতা বা দেৱীক সর্বশ্রেষ্ঠ বা পৰম ব্রহ্ম বুলি বুজাবলৈ বিভিন্ন কাহিনী আছে। বৈষ্ণৱ, শাক্ত, শৈৱ, সকলোৱে নিজ নিজ ইষ্ট দেৱতাক সর্বশ্রেষ্ঠ বুলি প্রতিপন্ন কৰিবলৈ বিভিন্ন কাহিনী কয়। ওপৰে ওপৰে চালে এইবোৰ পৰস্পৰ বিৰোধী কাহিনী যেন লাগিব পাৰে, কিন্তু মূলতে একেশ্বৰবাদ প্রতিষ্ঠা কৰাৰ বাবেই এই কাহিনীবোৰৰ প্রচলন হৈছে।

সমস্ত জগতৰ সৃষ্টি-স্থিতি-লয়ৰ এটা মাত্র মূল কাৰণৰ সন্ধানতেই এই কাহিনীবোৰৰ সৃষ্টি। ধর্ম, আধ্যাত্মিকতাৰ প্রকৃত ৰহস্য উদঘাটন কৰিবলৈ হ’লে বা প্রকৃত ভক্ত বা জ্ঞানী হ’বলৈ যত্ন কৰিলে এই কাহিনীবোৰৰ অর্থ বিচাৰিব লাগে, কিন্তু সেইবোৰক লৈ কাজিয়া কৰিব নালাগে। দুর্ভাগ্যবশত: সমস্ত পৃথিৱীতে ধর্মৰ নামত কাজিয়াৰ অন্ত নাই।

শৈৱ কাহিনীয়ে যিদৰে শিৱৰ শ্রেষ্ঠত্ব প্রমাণ কৰে সেইদৰে বৈষ্ণৱ কাহিনীয়ে বিষ্ণুৰ বা শাক্ত কাহিনীয়ে শক্তিৰ শ্রেষ্ঠত্ব প্রমাণ কৰে। আচলতে বস্তু একেটাই। ৰামকৃষ্ণ পৰমহংসই কোৱাৰ দৰে “একেটা পুখুৰীৰ পানী হিন্দুৱে খায়, মুছলমানে খায়, খ্রীষ্টানে খায়, কিন্তু হিন্দুৱে কয় জল, মুছলমানে কয় পানী, খ্রীষ্টানে কয় ৱাটাৰ”। বস্তু কিন্তু একেটাই।

একেটা “বস্তু”ৰ বিষয়ে শৈৱ-শাক্ত-বৈষ্ণৱ কাহিনী আছে। একেটা বস্তুকে কোনোৱে শিৱ, কোনোৱে শক্তি, কোনোৱে বিষ্ণু বা কৃষ্ণ বুলিছে। কোনো পার্থক্য নাই। পার্থক্য ক’ৰ পৰা থাকিব? বস্তুৱেই দেখোন এটা। দুটা বস্তুৱেই নাই।

        এজন পৰমেশ্বৰ বা এটা পৰম সত্তাৰ কথা কোৱা এটা তামিল শৈৱ কাহিনী হৈছে তামিল নাডুৰ তিৰুআন্নামলইত থকা অৰুণাচলা পাহাৰৰ কাহিনী। শব্দটো বিভিন্ন ধৰণে লিখা বা কোৱা হয় : অৰুণাচলা, অৰুণাচলম, অৰুণাচল। আমাৰ কাষৰ অৰুণাচল প্রদেশে সৌ সিদিনা “অৰুণাচল” নাম পাইছে, কিন্তু তিৰুৱান্নামলইৰ অৰুণাচলা পাহাৰ আৰু অৰুণাচলা শিৱৰ কাহিনী হেজাৰ বছৰতকৈও আগৰ।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
তামিল নাডুৰ তিৰুআন্নামলইত থকা অৰুণাচলা পাহাৰ

এই পাহাৰক শিৱ বুলি কোৱা যায় : শিৱৰ নিবাস-স্থান (যেনে কৈলাশ বা কাশী) নহয়, শিৱ নিজে। পাহাৰটোৱেই শিৱ-স্বৰূপ। শৈৱ পৰম্পৰাত প্রচলিত কাহিনীটো এনেকুৱা : এবাৰ ব্রহ্মা আৰু বিষ্ণুৱে ইজনে সিজনতকৈ শ্রেষ্ঠ বুলি দাবী কৰি কাজিয়াত লিপ্ত হয়। তেওঁলোকৰ এনে কার্যৰ বাবে জগতত হাহাকাৰ লাগিল আৰু দেৱতাসকলে গৈ এই কাজিয়াৰ অন্ত পেলাই জগতলৈ শান্তি ঘূৰাই আনিবলৈ শিৱক প্রার্থনা কৰিলে।

তেতিয়া শিৱই আদি-অন্তহীন এক জ্যোতির্স্তম্ভ হৈ দেখা দিলে। ব্রহ্মা আৰু বিষ্ণুক শিৱই ক’লে যে তেওঁলোক দুজনৰ ভিতৰত যিয়েই সেই জ্যোতির্স্তম্ভৰ আদি বা অন্ত বিচাৰি পাব, তেওঁৱেই শ্রেষ্ঠ বিবেচিত হ’ব। তেতিয়া ব্রহ্মাই এটা হংসৰ ৰূপলৈ জ্যাতির্স্তম্ভটোৰ ওপৰলৈ আৰু বিষ্ণুৱে এটা গাহৰিৰ ৰূপ ধাৰণ কৰি জ্যোতির্স্তম্ভৰ তললৈ গতি কৰিলে।

বিষ্ণুৱে জ্যোতির্স্তম্ভটোৰ শেষ বিচাৰি নাপালে, কিন্তু ধ্যানত মগ্ন হৈ তেওঁৰ হৃদয় আৰু সমস্ত জগত উদ্ভাসিত কৰি ৰখা এক আদি-অন্তহীন জ্যোতিৰ অনুমান পালে । ব্রহ্মাই সেই স্তম্ভৰ ওপৰলৈ গৈ শেষ কৰিব নোৱাৰিলে, কিন্তু আকাশত এপাহ কেতেকী ফুল পাই তাকে আনি মিছাকৈ ক’লেহি যে তেওঁ জ্যোতির্স্তম্ভৰ ওপৰৰ পৰা সেই ফুল পাহ আনিছে।

বিষ্ণুৱে জ্যোতির্স্তম্ভৰ আদি-অন্ত বিচাৰি নোপোৱা বুলি স্বীকাৰ কৰিলে, আৰু শিৱক প্রার্থনা কৰি ক’লে যে “তুমি আত্ম-জ্ঞান, তুমি ঔঁম, তুমি আদি, মধ্য আৰু অন্ত। তুমিয়েই সমস্ত চৰাচৰ জগত আৰু তোমাৰ দ্বাৰাই সমস্ত জগত ভাসিত”। ব্রহ্মা তেওঁৰ আচৰণৰ বাবে তিৰস্কৃত হ’ল, কেতেকী ফুল শিৱ পূজাত বর্জিত হ’ল, আৰু বিষ্ণু তেওঁতকৈ শ্রেষ্ঠ বুলি প্রমাণিত হ’ল।

        পিছত সেই জ্যোতির্স্তম্ভই (অর্থাৎ শিৱই) অৰুণাচলা পাহাৰৰ ৰূপ লৈ ক’লে যে “চন্দ্রই যিদৰে সূর্যৰ পোহৰেৰে জিলিকে, সেইদৰে অন্য সকলো তীর্থস্থানে অৰুণাচলাৰ পৰাই পবিত্রতা আৰু শক্তি পাব। যিসকলে মোক পূজিব বিচাৰে আৰু জ্ঞান পাব বিচাৰে সেই সকলৰ বাবে মই এই ৰূপ ধাৰণ কৰিলোঁ। অৰুণাচলাই ঔঁম”।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত

কার্টিক্কই (নবেম্বৰৰ মাজ মানৰ পৰা ডিচেম্বৰৰ মাজ মানলৈ) নামৰ তামিল মাহৰ এটা নির্দিষ্ট দিনত অৰুণাচলা পাহাৰৰ শিখৰত এক বৃহৎ বন্তি প্রজ্বলন কৰা হয়। কেবা কিলোমিটাৰ দূৰৰ পৰা দেখা পোৱা, দহ দিনলৈকে দিনে-নিশাই জ্বলাই ৰখা এই বৃহৎ বন্তিক “দীপম” বুলি কোৱা হয়।

এই দীপম উৎসৱে শিৱই জ্যোর্তিস্তম্ভৰ ৰূপত দেখা দিয়া সেই কাহিনীকে প্রতি বছৰে এক নাটকীয় ৰূপ দিয়ে বুলি ক’ব পাৰি। দক্ষিণৰ প্রতিটো শিৱ মন্দিৰতে “লিংগোদ্ভৱ শিৱ”ৰ মূর্ত্তি থাকে। এই লিংগোদ্ভৱ শিৱই ভক্ত সকলক জ্যোতির্স্তম্ভৰুপী পৰমেশ্বৰ শিৱৰ কাহিনীকেই মনত পলাই দিয়ে।

        কিন্তু তামিল শৈৱ পৰম্পৰাৰ এই কাহিনীয়ে কেৱল শিৱৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰে বুলি ভাবিলে ভুল হ’ব। মূলতে অৰুণাচলাৰ পৰম্পৰা অদ্বৈত বেদান্তৰ শৈৱ পৰম্পৰা। কাহিনীটোৰ ব্রহ্মাক অহংকাৰ, বিষ্ণুক বুদ্ধি আৰু শিৱক আত্মা বুলি ব্যাখ্যা কৰা যায়। নিজৰ ক্ষুদ্র অহংকাৰ (ego) জয় কৰি মন-বুদ্ধিক নিৰন্তৰ আত্মাৰ চিন্তনত লগাব পাৰিলে আত্ম-সাক্ষাৎকাৰ বা আত্ম-জ্ঞান হয়। অন্য ধৰণে ক’বলৈ গ’লে “অনাত্মা”ৰ সৈতে সম্বন্ধ-ছেদন আৰু আত্ম-জ্ঞান প্রাপ্তি একেটা বস্তু।

অৰুণাচলাক জ্ঞান-ক্ষেত্র বুলি কোৱা হয় কাৰণ বিশ্বাস কৰা যায় যে অৰুণাচলা শিৱৰ পৰা  অদৈত্ব জ্ঞান সহজে পোৱা যায়। সাংসাৰিক লাভৰ বাবে হেনো অৰুণাচলা শিৱক প্রার্থনা কৰি লাভেই নাই : তেওঁ মাত্র সর্বশ্রেষ্ঠ “লাভ”হে দিয়ে, আৰু সেয়া হ’ল আত্ম-জ্ঞান।

        শিৱই কেনেকৈ আত্ম-জ্ঞানৰ উপদেশ দিয়ে সেই কথা বুজুৱা অন্য এটা কাহিনী আছে তামিল শৈৱ পৰম্পৰাত : দক্ষিণামূর্ত্তি শিৱৰ কাহিনী। ব্রহ্মাৰ চাৰি মানস কুমাৰ সনক, সনন্দন, সনাতন আৰু সনতকুমাৰক ব্রহ্মাই সৃষ্টি কর্মত নিয়োগ কৰিব বিচাৰিছিল, কিন্তু এই চাৰি কুমাৰ আছিল সংসাৰৰ প্রতি সম্পূর্ণ উদাসীন। সেই বাবে তেওঁলোকে পিতৃৰ দৰে সৃষ্টি কর্মত মনোনিবেশ কৰাৰ সলনি আত্ম-জ্ঞানৰ সাধনাহে কৰিব বিচাৰিলে।

আত্ম-জ্ঞান পাবলৈ হ’লে গুৰুৰ প্রয়োজন, গতিকে তেওঁলোকে প্রথমে এজন শ্রেষ্ঠ গুৰুৰ সন্ধান কৰিলে। তেওঁলোকে নিজৰ পিতৃৰ ওচৰলৈ গৈ দেখিলে যে তেওঁ সৰস্বতী দেৱীৰ বীণা-বাদন শুনি মগন হৈ আছে। গুৰু হিচাপে তেওঁলোকক লাগে এজন বৈৰাগী জ্ঞানী, কিন্তু তেওঁলোকৰ পিতৃ ব্রহ্মাৰ আচৰণ সাধাৰণ সাংসাৰিক মানুহৰ দৰে। গতিকে ব্রহ্মাক যোগ্য গুৰু নহয় বুলি তেওঁলোক বিষ্ণুৰ ওচৰলৈ গ’ল।

এইবাৰ তেওঁলোকে দেখিলে যে বিষ্ণুৱে শয্যাত আৰাম কৰি আছে আৰু তেওঁৰ পত্নী লক্ষ্মী দেৱীয়ে তেওঁৰ ভৰি পথানত বহি তেওঁৰ ভৰি পিটিকি আছে। বিষ্ণুৰ আৰাম প্রিয় সাংসাৰিক ৰূপ দেখি তেওঁলোক পুণৰ অসন্তুষ্ট হ’ল আৰু এইবাৰ গ’ল কৈলাশলৈ। তেওঁলোকে আশা কৰিছিল যে শিৱক ধ্যানস্থ বৈৰাগী ৰূপত দেখিব, কিন্তু তেওঁলোক গৈ পাওঁতে শিৱই নিজৰ অর্ধনাৰীশ্বৰ ৰূপ ধাৰণ কৰি বহি আছিল।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
শিৱই নিজৰ অর্ধনাৰীশ্বৰ ৰূপ ধাৰণ কৰি বহি আছিল

চাৰি কুমাৰে আচৰিত হৈ প্রত্যক্ষ কৰে যে মহাদেৱে পার্ৱতীক নিজৰ দেহৰ ভিতৰতে স্থান দিছে। পৰম অসন্তুষ্টিৰে তেওঁলোক তাৰ পৰাও আঁতৰি গ’ল, কিন্তু কৰুণাময়ী পার্ৱতী দেৱীয়ে তেওঁৰ স্বামীক ক’লে যে এই চাৰি কুমাৰে আত্ম-জ্ঞানৰ সাধনা কৰিবলৈ এজন যোগ্য গুৰু বিচাৰি আহিছে; তেওঁলোকক বিমুখ কৰিব নালাগে।

তেওঁ শিৱক অনুৰোধ কৰিলে যাতে তেওঁ চাৰি কুমাৰে বিচৰা ধৰণৰ এজন গুৰুৰ ৰূপ ধাৰণ কৰি তেওঁলোকক ব্রহ্ম জ্ঞান বা আত্ম-জ্ঞানৰ উপদেশ দিয়ে। (অদ্বৈত সাধনাত সাধাৰণতে   পূজাৰ স্থান নাই বুলি ভবা যায়, কিন্তু বহুতো অদ্বৈতবাদীয়ে দেৱীক—বিশেষকৈ ললিতা পৰমেশ্বৰীক—পুজা কৰে যাতে তেওঁৰ বিশেষ কৃপাৰ সহায়ত ব্রহ্ম জ্ঞান পাব পাৰি। অনেক অদ্বৈতীৰ এটা অতি প্রিয় প্রার্থনা হ’ল শ্রীললিতাপৰমেশ্বৰী সহস্রনাম)

তেতিয়া দেৱীৰ অনুৰোধ ৰক্ষা কৰি শিৱই এজন কম বয়সীয়া ডেকা সন্ন্যাসীৰ ৰূপত এজোপা বৃহৎ বৰ গছৰ তলত ধ্যানত বহিল। এয়াই দক্ষিণামূর্ত্তি শিৱ। চাৰি সিদ্ধই সেই জ্ঞানৰ প্রকাশেৰে উদ্ভাসিত ডেকা সন্ন্যাসী গুৰুক দেখি আনন্দ মনেৰে তেওঁৰ ওচৰলৈ গৈ আত্ম-জ্ঞানৰ উপদেশ ভিক্ষা কৰিলে।

প্রশান্ত মনেৰে গভীৰ ধ্যানত বহি এটা ভৰিৰে কটিয়া অপস্মাৰ দৈত্যক গছকি ধৰি থকা আৰু এটা হাতেৰে চিন-মুদ্রা প্রদর্শন কৰি থকা দক্ষিণামূর্ত্তিৰ ওচৰত উপদেশ শুনিবলৈ চাৰি কুমাৰ বহি থাকিল, কিন্তু দক্ষিণামূর্ত্তিয়ে এটা শব্দও উচ্চাৰণ নকৰিলে। কিন্তু লাহে লাহে সেই গভীৰ নীৰৱতাত চাৰি কুমাৰে নিজৰ হৃদয়ত আত্ম-জ্ঞানৰ উপলব্ধি কৰিলে। দক্ষিণামূর্ত্তিয়ে দক্ষিণ ফালে মুখ কৰি বহে, আৰু দক্ষিণ হ’ল মৃত্যুৰ দিশ।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
দক্ষিণামূর্ত্তি

সংসাৰৰ মোহ, আসক্তিৰ প্রতি মৃত হ’লেহে আত্ম-স্বৰূপৰ উপলব্ধি হয়। অপস্মাৰ হ’ল অজ্ঞানৰ প্রতীক। দক্ষিণামূর্ত্তিয়ে অপস্মাৰক ভৰিৰে গছকি ৰখা মুদ্রা হ’ল অজ্ঞান নাশ কৰাৰ প্রতীক। সংসাৰক সত্য বুলি মনাটোৱেই অজ্ঞান। জ্ঞান হ’লে বুজা যায় যে জগত মিথ্যা আৰু একমাত্র সত্য হ’ল ব্রহ্ম। “জগত মিথ্যা”ক লৈ বিভিন্ন শংকা থাকে। চকুৰ আগৰ জগত খন কেনেকৈ মিছা হ’ল বুলি বহুতেই প্রশ্ন কৰে। জগত হিচাপে জগত মিথ্যা, ব্রহ্ম হিচাপে জগত মিথ্যা নহয়।

আৰু ৰমণ মহর্ষিৰ দৰে “কঠোৰ” অদ্বৈতীয়েও আন মানুহৰ দৰেই জগতত থাকে, সকলো কাম কৰে, কিন্তু সেয়া একপ্রকাৰে নাটকত ভাও দিয়াৰ দৰে। ৰজাৰ ভাও দিয়া ভাৱৰীয়াই নাপাহৰে যে তেওঁ অমুকৰ পুতেক তমুকহে, কোনো ৰজা নহয়। সেইদৰে জ্ঞানীয়ে জানে যে তেওঁৰ শৰীৰ-মন সমষ্টিকে ধৰি সমস্ত জগত  আইনাত প্রতিফলিত নগৰৰ প্রতিবিম্ব সদৃশ : “ৱিশ্বম্ দপর্ণদ্দৃশ্যমাননগৰীতুল্যম্” (শঙ্কৰাচার্যৰ “শ্রীদক্ষিণামূর্ত্তি স্তোত্রম”)।

অৰুণাচলা পাহাৰৰ গুহাত আৰু তাৰ কাষৰ আশ্রমত জীৱন কটোৱা, কুৰি শতিকাৰ অন্যতম অদ্বৈত জ্ঞানী ৰমণ মহর্ষিয়ে(১৮৭৯-১৯৫০) চাৰি কুমাৰৰ সাধুটো অলপ বেলেগকৈ কৈছে। তেওঁ কয় যে চাৰি কুমাৰে যেতিয়া দক্ষিণামূর্ত্তিক ব্রহ্মজ্ঞানৰ উপদেশ বিচাৰিলে, তেতিয়া দক্ষিণামূর্ত্তিয়ে তেওঁলোকক সেই উপদেশ দিলে। কিন্তু পিছদিনাখন পুণৰ চাৰি কুমাৰে দক্ষিণামূর্ত্তিৰ ওচৰলৈ আহি তেওঁক কিছুমান নতুন প্রশ্ন কৰিলে।

সেই প্রশ্নবোৰৰো উত্তৰো দক্ষিণামুর্ত্তি শিৱই দিলে, কিন্তু তাৰ পিছদিনা পুণৰ চাৰি কুমাৰে নতুন প্রশ্ন লৈ আহিল। এইদৰে সম্পূর্ণ এটা বছৰ দক্ষিণামূর্ত্তি শিৱই চাৰি কুমাৰক শিক্ষা দিলে।

কিন্তু তেওঁলোকৰ শংকা, প্রশ্নৰ শেষ নহ’ল। এবছৰৰ অন্তত শিৱই গভীৰ মৌন ধাৰণ কৰিলে, আৰু শিষ্য সকলেও প্রথমে উত্তৰৰ আশাত আৰু পিছত সমাধি অৱস্থাত নীৰৱ হৈ থাকিল। সেই নীৰৱতাতে তেওঁলোকে তেওঁলোকৰ সকলো প্রশ্নৰ উত্তৰ পালে। চাৰি কুমাৰে প্রশ্ন কৰিবলৈ নেৰালৈকে জ্ঞান লাভ হোৱা নাছিল। মনত উদ্ভৱ হোৱা চিন্তা আৰু বাসনাৰ অন্ত নহ’লে জ্ঞান লাভ নহয়। মনক সম্পূর্ণ শান্ত কৰাটোৱেই আত্ম-জ্ঞান লাভৰ উপায়।

দক্ষিণামূর্ত্তিক সর্বশ্রেষ্ঠ শিক্ষক (বা গুৰু) বোলা হয় কাৰণ তেওঁ সর্বোৎকৃষ্ট জ্ঞান দিয়ে—আত্ম-জ্ঞান। তেওঁৰ নীৰৱতাই আত্ম-জ্ঞান বিচৰা সাধকৰ মনৰ অৱস্থাক বুজায়। সাধাৰণতে মনৰ স্বভাৱ হ’ল অনবৰতে কথা কৈ থকা অর্থাৎ অনবৰতে চিন্তা, বাসনা আদিৰে অস্থিৰ হৈ থকা। আত্ম-জ্ঞান প্রাপ্তিৰ বাবে এই অস্থিৰ মনক স্থিৰ কৰিব লাগে। দক্ষিণামূর্ত্তি শিৱৰ হাতৰ চিনমূদ্রাই নিজৰ চেতনাত ধ্যান কেন্দ্রীভূত কৰিবলৈ কৈছে।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
ৰমণ মহর্ষি

চেতনাত ধ্যান কেন্দ্রীভূত কৰাৰ বিভিন্ন “বিদ্যা” উপনিষদ সমূহত আৰু জ্ঞানী, পৰাভক্ত, মহর্ষি সকলৰ শিক্ষাত পোৱা যায়। চেতনাত ধ্যান কেন্দ্রীভূত কৰা মানে মনৰ সকলো চিন্তা, বিষয়-বাসনা আদি সমূলি নাশ কৰি মনটোক সম্পূর্ণ শান্ত, নিশ্চল কৰি তোলা। ঋষি পতঞ্জলীৰ ভাষাত “য়োগ: চিত্ত ৱৃত্তি নিৰোধ:”।

বিভিন্ন চিন্তা, বাসনা আদিৰে অনবৰতে অস্থিৰ হৈ থকা মনৰ অৱস্থাক (অর্থাৎ আমাৰ সকলোৰে মনৰ “স্বাভাৱিক” অৱস্থাক) চিত্ত বৃত্তি বুলি কোৱা হয়, আৰু পতঞ্জলীয়ে কৈছে যে “বৃত্তি” সমূহ নিয়ন্ত্রণ কৰাই যোগ, মনক চিন্তা-শূন্য, বাসনা-শূন্য কৰাই যোগ।

এনে চিন্তা-শূন্য, বাসনা শূন্য মনক “শুদ্ধ মানস” বুলি কোৱা হয়। শুদ্ধ মানসে নিজতে (অর্থাৎ সাধকে নিজৰ সম্পূর্ণ, শুদ্ধ, শান্ত চেতনাত) ব্রহ্ম-জ্ঞানৰ উপলব্ধি কৰে। ব্রহ্ম বা পৰম সত্তা বা ভগৱান বা আত্মা আৰু সাধকৰ ক্ষুদ্র চেতনাৰ মাজৰ মিছা বিভেদ আঁতৰা মানেই ব্রহ্ম জ্ঞান হোৱা।

ৰমণ মহর্ষিয়ে সেই বাবে কয় যে “তুমি নিজৰ বিষয়ে যিবোৰ ভুল ধাৰণা লৈ আছা (যেনে : ‘মই এই শৰীৰ-মনৰ সমষ্টি মাত্র’) সেইবোৰ আঁতৰাব পাৰিলেই ব্রহ্ম জ্ঞান আপোনা আপুনি প্রকাশিত হ’ব”। দক্ষিণামূর্ত্তিয়ে নীৰৱতাৰে শিষ্য সকলক নিজৰ চেতনাত ধ্যান কেন্দ্রীভূত কৰিবলৈ উৎসাহ দিয়ে, আৰু সেইদৰে তেওঁলোকৰ শুদ্ধ চৈতন্য স্বৰূপৰ সৈতে তেওঁলোকক চিনাকি কৰি দিয়ে।

দক্ষিণামূর্ত্তি আৰু শিৱৰ মাজত যিদৰে পার্থক্য নাই, অৰণাচলা পাহাৰ আৰু শিৱৰ মাজতো পার্থক্য নাই বুলি তামিল শৈৱ পৰম্পৰাই মানে। ৰমণ মহর্ষি সেই পৰম্পাৰাৰে সৃষ্টি। অতি নিখুঁট যুক্তিৰে সকলো প্রশ্নৰ উত্তৰ দিয়া মহর্ষিয়ে কিন্তু অৰুণাচলা পাহাৰৰ দৈৱী স্বৰূপৰ বিষয়ে—যে এই পাহাৰ শিৱ—কোনো যুক্তি তর্ক আগ নবঢ়ায়। (অৰণাচলা পাহাৰ আৰু ৰমণ মহর্ষিৰ সম্বন্ধ অতি ৰহস্যময়।)

দক্ষিণামূর্ত্তিৰ নীৰৱতাই লগতে কয় যে শেষ সত্যটো (অর্থাৎ আত্মাৰ বিষয়ে সমস্ত জ্ঞান) অনিবর্চনীয়, ভাষাৰে বুজাব নোৱৰা সত্য। সেই সত্যৰ ফালে মাত্র ইঙ্গিত কৰিব পাৰি—তাকো গভীৰ নীৰৱতাৰে, ভাষাৰে ব্যাখ্যা কৰিব নোৱাৰি। সাধকে সমাধিৰ অৱস্থাত যি সত্য প্রত্যক্ষ কৰে সেই সত্যক বুজাবলৈ ভাষা নাথাকে।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
ৰামকৃষ্ণ পৰমহংস

ৰামকৃষ্ণ পৰমহংসই কৈছে যে পুখুৰী এটাৰ পানীৰ ওপৰত ডাঠকৈ আবৰি থকা পুনিবোৰ দুহাতেৰে আঁতৰাই এজন মানুহে পানীত নিজৰ মুখখন দেখা পাব পাৰে, কিন্তু হাত উঠাই দিয়াৰ লগে লগে পুনৰ সেই পুনিবোৰে পানীখিনি ধাকি ধৰিব আৰু মানুহজনে নিজৰ মুখখন নেদেখা হৈ যাব।

ঠিক সেইদৰে, নির্বিকল্প সমাধিত চৰম সত্যক প্রত্যক্ষ কৰা যায় মুহূর্তৰ বাবেহে। তেওঁ আৰু কৈছে যে নিমখৰ পুতলা এটাই সাগৰৰ গভীৰতা জুখিবলৈ গ’ল, কিন্তু সাগৰ কিমান দ সেই কথা ক’বলৈ উভতি আহিব নোৱাৰিলে; অর্থাৎ সমাধিৰ বা তুৰীয় অৱস্থাৰ অনুভূতিক ভাষাৰে বুজাব নোৱাৰি। লগতে এইটো কথাও আছে যে নিমখৰ পুতলা সাগৰত গলি যোৱাৰ দৰে সমাধিত সাধকৰ স্বকীয় অস্তিত্ব পৰম ব্রহ্মৰ বৃহৎ অস্তিত্বত লীন হৈ যায়।

এজন ব্যক্তিয়েহে কথা কয় বা ভাষা ব্যৱহাৰ কৰে, কিন্তু সমাধিত সেই “ব্যক্তি” নাথাকে; এটোপাল পানী সাগৰত পৰিলে  পানী টোপালৰ নিজৰ স্বকীয় “অস্তিত্ব” যিদৰে হেৰাই যায়, সেইদৰে সাধকৰ “ব্যক্তিত্ব” বা “স্বকীয়তা” বা “অস্তিত্ব” ব্রহ্মত লীন হৈ যায়”।

নির্বিকল্প সমাধিৰ অৱস্থা খন্তেকীয়া, কিন্তু তাতকৈও “ওপৰৰ” অৱস্থা হ’ল “সহজ সমাধি” বা “সহজ”। এই সহজৰ অন্ত নাই। সহজ সমাধিত থকা জনে অনবৰতে সকলো কাম বন কৰিও—কোনো নিৰিবিলি পাহাৰৰ গুহাত বহি নহয়—আত্ম-জ্ঞানৰ পূর্ণতা অনুভৱ কৰে। এই দেৱ-দূর্লভ সহজ সমাধিত অনবৰতে দৃঢ়তাৰে প্রতিষ্ঠিত দুটা শতিকাৰ দুই পৰম বিস্ময় হ’ল ৰামকৃষ্ণ পৰমহংস আৰু ৰমণ মহর্ষি।

ৰামকৃষ্ণই সাধাৰণতে বিশ্বাস আৰু ভক্তিৰে ঈশ্বৰৰ শৰণাগত হ’বলৈ শিকায়, আৰু ৰমণে অৰুণাচলা জ্ঞান-ক্ষেত্রৰ বিখ্যাত “আত্ম-বিচাৰ” পদ্ধতিৰ ব্যৱহাৰত গুৰুত্ব দিয়ে। কিন্তু শেষত দুয়োটা পদ্ধতিৰে একেই ফল পোৱা যায় : নিজৰ ক্ষুদ্র স্বকীয়তাৰ নাশ, আৰু পৰম ব্রহ্মৰ সৈতে একাত্মতা লাভ।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
ৰমণ মহর্ষি

ৰমণ মহর্ষিয়ে “আত্ম-বিচাৰৰ” কোনো ‘প্রশিক্ষণ’ দিয়া নাছিল, কিন্তু দক্ষিণামূর্ত্তিৰ কাষত বহি চাৰি কুমাৰে যি দৰে আত্ম-বিচাৰ কৰি আত্ম-জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল, সেইদৰে মহর্ষিৰ ওচৰললৈ যোৱা বহুতো যোগ্য সাধকে মহর্ষিৰ নীৰৱতাৰ “দীক্ষা” পাইছিল। তেওঁৰ ওচৰলৈ যোৱা অতি উচ্চ শ্রেণীৰ এজন সাধক দৈৱৰতই  কৈছে যে “মহর্ষিৰ দর্শন হোৱা মাত্রকে নিজৰ মনৰ সকলো শংকা শেষ হৈ যায়, আৰু জ্ঞান আহৰণৰ ইচ্ছাও পুর্ণ হৈ যায়।

এয়া তেওঁৰ আধ্যাত্মিক মহিমাৰ চিন। তেওঁৰ চকু দুটি সদায় পবিত্রতা আৰু প্রেমৰ পোহৰেৰে উদ্ভাসিত। বহিলৈ মাত্র তেওঁৰ স্থিৰ, শান্ত মুখখন চোৱাই এক পূজা। তেওঁৰ এই দিব্য দর্শন পোৱা মানুহে সংসাৰক পাহৰি যায়। তেওঁলোকে ভোক পিয়াহো অনুভৱ নকৰে। ক্রোধ আৰু হিংসাৰ দৰে নাকাৰাত্মক অনুভূতিবোৰ সম্পূর্ণ শেষ হৈ যায়। আৰু মানুহে তেওঁৰ দর্শন পাই ইমানেই অভিভূত হৈ পৰে যে তেওঁৰ ওচৰৰ পৰা আঁতৰিব নিবিচাৰে”।

মহর্ষিক ভক্ত সকলে “ভগৱান” বুলি সম্বোধন কৰিছিল (ৰামকৃষ্ণক যিদৰে “ঠাকুৰ” বুলি কোৱা হয়)। দৈৱৰতে মহর্ষিৰ বিষয়ে আৰু কৈছে : “ভগৱানে চাৰি বর্ণ আৰু আশ্রম অতিক্রমন কৰিছে, আৰু সেই বাবে তেওঁক অতিবর্ণাশ্রমী বুলি কোৱা হয়। তেওঁ এক দৈৱী স্থিতিত আছে, য’ত আনন্দদায়ক বা দুখদায়ক কোনো ধৰণৰ চিন্তা ভাবনাৰ ক্রিয়া নাই। মহান পণ্ডিত, যোগী, যতি, ফকীৰ, মহাত্মা, ৰজা, মহাৰজা সকলোকে তেওঁৰ দৈৱী জ্ঞানে অভিভূত কৰে।”

চিন্তা-বাসনাহীন হৈ নিজৰ শুদ্ধ চেতনাত ধ্যান কেন্দ্রীভূত কৰিলেই জ্ঞান পোৱা যায় বুলি দক্ষিণামূর্ত্তিয়ে চাৰি কুমাৰক ইঙ্গিতেৰে বুজাইছে, আৰু একেটা কথা ৰমণ মহর্ষিয়েও ভক্ত সকলক কৈছে। কেৱল প্রশ্ন কৰি নিজৰ বুদ্ধি দেখুৱাব খোজা মানুহক মহর্ষিয়ে এই বিষয়ে একো উত্তৰ নিদিয়াৰ যিদৰে অনেক উদাহৰণ আছে, প্রকৃত জিজ্ঞাসুক সাধনা সম্বন্ধীয় এই প্রশ্নৰ উত্তৰ মহর্ষিয়ে দিছে।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
ৰমণ মহর্ষি

দৈৱৰতৰ প্রশ্ন আৰু মহর্ষিৰ উত্তৰে এই কথা প্রমাণ কৰে :

দৈৱৰত : “ভগৱান, আত্ম-জ্ঞান লাভ কৰাৰ উপায় কি? আপুনি ইতিমধ্যে কৈছে যে অন্তর্মূখী বিচাৰেৰে (প্রত্যগদৃষ্টি) আত্ম-জ্ঞান লাভ হয়, কিন্তু আমি সেই ধৰণৰ অৱস্থা পাবলৈ কেনেকৈ যত্ন কৰিব লাগিব?

মহর্ষি : আত্ম-জ্ঞান প্রাপ্তিৰ বাবে এই কেইটা সোপান পাৰ হ’ব লাগে : প্রথমে মনটোক তাৰ বিষয়ৰ পৰা আঁতৰাই আনিব লাগিব, আৰু বস্তুনিষ্ঠ সংসাৰ দৃশ্যমান হ’ব নালাগিব (অর্থাৎ সংসাৰ আৰু ইন্দ্রিয়ৰ বিষয় সমূহৰ সৈতে মনৰ সম্পূর্ণ সম্বন্ধ-ছেদন হ’ব লাগিব)।

দ্বিতীয়তে মনৰ ভিতৰৰ যিবোৰ ক্রিয়া (যেনে অনবৰতে চিন্তা/কথা পাগুলি থকা) সম্পূর্ণ বন্ধ কৰিব লাগিব।

তৃতীয়তে মনটোক কোনোধৰণৰ নিজস্ব গুণ, স্বভাৱ, বৈশিষ্ট্য আদি নথকা এটা অৱস্থালৈ (নিৰুপাধিক) নিব লাগিব। আৰু শেষত, তিলমানো বিক্ষেপ নোহোৱাকৈ নিজৰ চেতনাত মনোযোগ কেন্দ্রীভূত কৰিব লাগে। এইয়াই প্রত্যগদৃষ্টি বা অন্তর্মূখম – নিজৰ চেতনাৰ অনুসন্ধান, (অদ্বৈতৰ সাধনা) “আত্ম-বিচাৰ”।

মহর্ষিয়ে তামিল ভাষাত কোৱা কথাৰ ইংৰাজী অনুবাদৰ ইয়াত কৰা অসমীয়া অনুবাদ বৰ সঠিক নাই হোৱা, কিন্তু আমি যদি সাধাৰণ ভাষাত মহর্ষিয়ে দৈৱৰতক কোৱা কথা কেইটাৰ আলোচনা কৰোঁ, তেন্তে কিছুমান শংকা দূৰ হ’ব পাৰে। প্রত্যগদৃষ্টিৰ বাবে মনক সাজু কৰিবলৈ প্রথম সোপান হিচাপে মহর্ষিয়ে যে মনক তাৰ বিষয়ৰ পৰা আঁতৰোৱা আৰু বস্তনিষ্ঠ জগতক নেদেখা হোৱাৰ কথা কৈছে, প্রথমে সেইটো কথাকে লোৱা যাওক।

সাধাৰণতে সংসাৰৰ সৈতে আমাৰ সম্বন্ধ ইন্দ্রিয় সমূহেৰে। প্রতিটো ইন্দ্রিয়ৰ নিজৰ বিষয় আছে : যেনে চকুৰ বিষয় দৃশ্য, কাণৰ শব্দ আদি। বিষয়ৰ সৈতে ইন্দ্রিয়ৰ সংযোগত সহায় কৰে মনে। মনেই আচলতে ইন্দ্রিয়ক ব্যৱহাৰ কৰে । যেনে, জুতি লগা সোৱাদ ল’ব বিচাৰে মনে, আৰু তাৰ বাবে ব্যৱহাৰ কৰে জিভাক। গতিকে “বিষয়” বোৰ আচলতে মনৰে বিষয়।

মহর্ষিয়ে সকলো বিষয়ৰ সৈতে মনৰ সম্বন্ধ ছেদনৰ কথা কৈছে। সাধাৰণ ভাবে বুজিবলৈ হ’লে সকলো ধৰণৰ ভোগৰ ইচ্ছা ত্যাগ কৰিব লাগিব। কিন্তু তাৰ পিছত যে বস্তুনিষ্ঠ সংসাৰ দৃশ্যমান হ’ব নালাগিব বুলি কৈছে? ৰচীডালক সাপ বুলি ভুল কৰোঁতে ৰচীডাল দেখা নাযায়, সাপেই দেখা যায়; আৰু ভ্রম ভাগিলে ৰচীডালহে দেখা যায়, সাপ দেখা নাযায়।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
ৰমণ মহর্ষি

অদ্বৈত বেদান্তই “জগত মিথ্যা” আৰু “ব্রহ্ম সত্য” বুলি যে কয় তাৰ অর্থ এইটোহে যে জগত নিজে জগত হিচাপে মিথ্যা, কিন্তু ব্রহ্ম হিচাপে জগত সত্য। ব্রহ্মৰ বাদে অন্য কোনো সত্য নাই, আৰু যি আছে সেয়া মাত্র ব্রহ্ম। সংসাৰক দেখা নোপোৱা মানে সংসাৰ হিচাপে সংসাৰক দেখা নোপোৱা। (ৰমণ মহর্ষিৰ দৰে অদ্বৈত জ্ঞানীৰ বিষয়ে এইবুলিও কোৱা যায় যে সাধাৰণ ব্যৱহাৰত তেওঁলোকৰ বাবে সমস্ত জগত এটা ধূলিকণাৰ দৰে, আৰু ধূলিকণা এটাও সমস্ত জগত যেন।)

দ্বিতীয় সোপান হ’ল মনৰ ভিতৰৰ ক্রিয়া বন্ধ কৰা : পতঞ্জলিৰ ভাষাত “চিত্তৱৃত্তি নিৰোধ” কৰা। মন মানেই অনবৰতে চলি থকা চিন্তা, বাসনা আদি। মনৰ অনর্গল কথনত মনৰ শক্তিসমূহৰ নিৰন্তৰ অপচয় হয়। মনৰ ভিতৰৰ ক্রিয়া বন্ধ কৰা মানে মনক বিক্ষেপহীন কৰি তাৰ শক্তিৰ অপচয় ৰোধ কৰা।

তৃতীয় সোপান মনক নিৰুপাধিক কৰা, আৰু চতুর্থ সোপান হ’ল নিজৰ চেতনাত সম্পূর্ণ মনোযোগ কেন্দ্রীভূত কৰা। এজন ভাল সাধকৰ প্রশ্নৰ উত্তৰ হিচাপে মহর্ষিয়ে বর্ণনা কৰা এই চাৰিওতা সোপান চাৰিটা বেলেগ বেলেগ ক্রিয়া নহয়, শেষ সোপান হিচাপে কোৱা চেতনাত মনোযোগ কেন্দ্রীভূত কৰাটোৱেই একমাত্র প্রয়োজনীয় কাম। বুজিবলৈ সুবিধা হ’বৰ বাবে একেটা ক্রিয়াৰে চাৰিটা সোপানৰ কথা কোৱা হৈছে।

দক্ষিণামূর্ত্তিয়ে যি কথা নীৰৱে বুজাই, ৰমণ মহর্ষিয়ে সেইকথাকে শব্দেৰে কৈছে। কিন্তু ৰমণেও সাধাৰণতে এই শিক্ষা নীৰৱে দিয়ে।

এজন কথাকাৰৰ পৰা শুনিছিলো (এই “ঘটনা”টোৰ বিষয়ে পঢ়িবলৈ পোৱা নাই) যে এবাৰ শিৱৰাত্রিৰ সন্ধিয়া কেইজন মান ভক্তই মহর্ষিক দক্ষিণামূর্ত্তি শিৱই তেওঁৰ শিষ্যসকলক কেনে উপদেশ দিছিল সেই বিষয়ে সুধিছিল। মহর্ষিৰ শান্ত, স্থিৰ মূর্ত্তিৰ ওচৰত বহি থাকোতে সেই ভক্ত কিজনে পুৱা পোহৰ হোৱাত আৰু আশ্রমলৈ মানুহৰ আহ-যাহ হোৱাতহে জানিব পাৰিলে যে নিশাটো শেষ হৈ গ’ল : দক্ষিণামূর্ত্তিৰ সম্পূর্ণ “ব্যৱহাৰিক” উপদেশ!

মহর্ষিয়ে “মহর্ষি” নাম পোৱাৰ আগতেই, তেওঁৰ বোধকৰো ১৯ বছৰ মান বয়স হওঁতে, অর্থাৎ ঘৰ এৰি তিৰুৱান্নমলইত সাধু হিচাপে থাকিবলৈ লোৱাৰ দুবছৰ মান পিছত, আগতে তেওঁৰ সৈতে স্কুলত একেলগে পঢ়া এজন বন্ধু মণি আয়াৰ তিৰুআন্নামলইলৈ আহিছিল। তেওঁৰ মাকে তিৰুআন্নাআমলই, তিৰুপতি আদি তীর্থলৈ যাব খোজা বাবে মণিয়ে মাকক সেইবোৰ ঠাইলৈ লৈ গৈছিল।

তিৰুআন্নাআমলই পাওঁতে মাকে তেওঁৰ ল’ৰাহঁতৰ লগত আগতে মাদুৰাইত স্কুলত পঢ়া আৰু এতিয়া তিৰুআন্নামলইত সাধু হৈ থকা ভেঙ্কটৰমণক (মহর্ষিৰ আগৰ নাম) চাই যাব খুজিছিল। মণি ওখ-পাখ, বলী, আৰু অলপ গুণ্ডা স্বভাৱৰ আছিল। তেওঁ ভেঙ্কটৰমণে এনেই সাধু হোৱাৰ ভাও ধৰি আছে বুলি ভাবিছিল।

গতিকে তেওঁ মাকক ক’লে যে “তুমি অকলেই গৈ তাক চাই আহাগৈ। মোৰ মন নাই এনেকুৱা সাধু-তাধুৰ দর্শন কৰিবলৈ। আৰু মই যদি যাওঁ, তেন্তে তাক কাণত ধৰি নি মাদুৰইলৈ লৈ যাম”। মাকে অকলে যোৱাৰ কিছু সময়ৰ পিছত কিন্তু মণিয়ে ভাবিলে যে চাইয়েই আহঁচোন এবাৰ ভেঙ্কটৰমণক।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
অৰুণাচলা

তেতিয়া মহর্ষি অৰণাচলা পাহাৰৰ বীৰুপাক্ষ গুহাত আছিল। তালৈ গৈ তেওঁ মহর্ষিক দেখা মাত্রকে মাটিত দীঘল দি পৰি নমস্কাৰ জনালে। তেওঁ কোৱামতে তেওঁৰ এনে লাগিছিল যে তেওঁৰ সমুখত সেয়া তেওঁৰ আৰু তেওঁৰ ভায়েক ৰঙ্গ আয়াৰৰ বাল্য-বন্ধু ভেঙ্কটৰমণ নহয়, যেন অৰুণাচল শিৱ নিজে  তেওঁৰ সমুখত বহি আছে। তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্য মহর্ষিৰ পৰম ভক্ত হৈ পৰিল।

বিখ্যাত ইংৰাজ সাংবাদিক, লেখক পল ব্রান্টনে মহর্ষিক প্রথম দেখা কৰোঁতে সুধিবলৈ এগাল মান প্রশ্ন কাগজত লিখি নিছিল, কিন্তু মহর্ষিৰ সান্নিধ্যৰ গভীৰ প্রশান্তিত তেওঁ এটাও প্রশ্ন কৰিব নোৱাৰিলে।

ব্রান্টনে মহর্ষিক প্রথম লগ পোৱাৰ বিষয়ে কৈছে, “এই মনুহজনৰ কিবা এটা কথা আছে…..লোহাৰ টুকুৰাক যিদৰে চুম্বকে আকর্ষণ কৰে, তনেকৈ তেওঁ মোৰ মনোযোগ আকর্ষণ কৰিছিল, মই তেওঁৰ পৰা দৃষ্টি আঁতৰাই নিবই পৰা নাছিলোঁ।…….মই অনুভৱ কৰিছিলোঁ যে মোৰ মনৰ ভিতৰত মনে মনে এক অপ্রতিৰোধ্য পৰিবর্ত্তন হ’বলৈ ধৰিছে। ৰেলগাড়ীত বহি মই যে খুব মন দি নিখুঁট প্রশ্ন কিছুমান তৈয়াৰ কৰি আনিছিলো, সেইবোৰ এটা এটাকৈ নিজে নিজে অপ্রয়োজনীয় হৈ যাবলৈ ধৰিলে। যিবোৰ সমস্যাই মোক ইমানদিনে আমনি কৰি আছিল, এতিয়া সেইবোৰৰ সমাধান বিচৰা যেন অপ্রয়োজনীয় হৈ পৰিল। মই মাত্র অনুভৱ কৰিলো যে এখন প্রশান্তিৰ নদী মোৰ কাষেৰে বৈ গৈছে; যে মোৰ ভিতৰত এক গভীৰ শান্তি নামি আহিছে, আৰু মোৰ চিন্তাৰে ভাৰাক্রান্ত মগজটোৱে যেন অৱশেষত শান্তি বিচাৰি পাইছে।”

পল ব্রন্টনে লিখা মতে অনেক বছৰৰ পিছতহে তেওঁৰ প্রকৃত আৰু পূর্ণ সমাধি হয়, কিন্তু মহর্ষিক প্রথম দেখা কৰাৰ তেওঁৰ যি অভিজ্ঞতা তাতে যেন বুজা যায় মহর্ষিৰ কি “যাদু” আছে।

মন কৰিবলগীয়া কথা হ’ল যে মহর্ষিয়ে ব্রান্টনৰ সৈতে কথা পতাৰ আগৰ বর্ণনাহে তেওঁ দিছে। অনেক মানুহেই—যি প্রকৃততে অদ্বৈত বুজাৰ ইচ্ছাৰে মহর্ষিৰ ওচৰলৈ যায় বা নিজৰ সাধনাৰ উন্নতিৰ বাবে মহর্ষিৰ সহায় বিচাৰি যায়—তেওঁলোকৰ এইধৰণৰ অভিজ্ঞতা হয়।

দক্ষিণামূর্ত্তিৰ দৰে, শঙ্কৰাচার্যৰ দৰে, মহর্ষিয়ে নিজে সম্পূর্ণ অদ্বৈত স্থিতিত থাকি অনবৰতে অদ্বৈতৰে উপদেশ দিয়ে (নীৰবে বা শব্দেৰে) যদিও, তেওঁ অন্য সাধনাৰ বিৰোধী নাছিল; বৰঞ্চ প্রত্যেককে নিজৰ মতে সাধনা কৰি যোৱাৰ বাবে তেওঁ আশীর্বাদ কৰিছিল।

স্বামী ৰামদাসৰ সাধনা আছিল কেৱল ৰাম নাম জপ কৰা। তেওঁ মহর্ষিক দেখা কৰিবলৈ যোৱাৰ বর্ণনা দি কৈছে যে মহর্ষিয়ে তেওঁক মাত্র একেঠৰে কিছু সময় চাই, মৃদু হাঁহিৰে মূৰ দুপিয়াইছিল, কিন্তু লগে লগে ৰামদাসৰ সম্পূর্ণ শৰীৰ আনন্দত ৰোমাঞ্চিত হৈছিল, আৰু মহর্ষিক সেৱা কৰি তেওঁ অৰুণাচলা পাহাৰৰ এটা গুহাত ৰামৰ জপ-ধ্যানত কিছুদিন কটোৱাৰ অন্তত তেওঁৰ এক অতি সুন্দৰ আধ্যাত্মিক অভিজ্ঞতা হৈছিল।

অজস্র এনে উদাহৰণৰ পৰা এইটোৱেই বুজা যায় যে ৰমণ মহর্ষি, দক্ষিণামূর্ত্তি আৰু অৰুণাচলাৰ সান্নিধ্যৰ ফল একেই : অদ্বৈত জ্ঞান, বা অন্তত: অদ্বৈত জ্ঞানৰ আভাস, বা নিজৰ পচন্দৰ সাধনাৰ বাটত (অদ্বৈত সাধনা নহ’লেও)  ক্ষিপ্র অগ্রগতি।

অৰুণাচলা পাহাৰ, বিচিত্র কাহিনী, ৰমণ মহর্ষি, আৰু অদ্বৈত বেদান্ত
অৰুণাচলা

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)


 

 [SN1]

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?
Spirituality

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

by Pradakshina Sarmah
August 13, 2026
0

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach PRADAKSHINA SARMAH Spirituality is a strong aspect of human...

Read moreDetails
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d