অৰুণোদয় আঁচনি
প্ৰদিস্মৃতা চেতিয়া

২০২০ চনৰ ২ অক্টোবৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা – মহিলাসকলৰ বাবে বিনামূলীয়া মাহেকীয়া যি সাহায্য আঁচনি “অৰুণোদয়” বৰ্তমান ২৭.৭৭ লাখ মহিলাই লাভ কৰি আছে । এই আঁচনি ২০২০ বৰ্ষৰ ৮৩০ পৰা বৃদ্ধি হৈ বৰ্তমান ১২৫০ টকা লাভ কৰি আছে।
আচলতে, দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক ঔষধ, পণ্য সামগ্ৰী, গেছ-চিলেণ্ডাৰ বাবে সাহায্য দিয়া হৈছে। যদিওবা এই টকা মাহেকীয়া যাৱতীয় সামগ্ৰিৰ বাবে ই পযাৰ্প্ত নহয়।
১ম কথা- যিকোনো চৰকাৰী এটা নতুন আঁচনী প্ৰস্তুুত কৰোঁতে গভীৰভাৱে ( in Deeply) বিশ্লেষণ ও পৰ্যবেক্ষণৰ প্ৰয়োজন। আৰু পৰিকল্পনা কৰোঁতেও Implementation কেনেকৈ কৰা হ‘ব আৰু পৰিকল্পনাটোৰ পৰা কেনে ধৰণৰ Outcomes(ফলাফল) উলাব পাৰে – এই ধৰণৰ points বোৰ খুঁতি -নাতি উলিয়াই অধিক পুংখানুপুংখভাৱে Analysis কৰিব লাগে। যাতে ধনাত্মক – ঋণাত্মক দুয়োটা দিশৰ দিশবোৰ Analysis কৰি পৰিকল্পনাবোৰ প্ৰস্তুত কৰে।
২য় তে– অৰুণোদয় আঁচনি যিহেতু দৰিদ্ৰ পৰিয়ালৰ বিবাহিত/ অবিবাহিত মহিলাৰ বাবে প্ৰযোজ্য । দৰিদ্ৰতা বা আৰ্থকভাৱে দুৰ্ৱল পৰিয়াল সমূহ চহৰমুখী অঞ্চলত দেখা পোৱা নাযায়। অৰ্থাৎ গ্ৰামোঞ্চল, চৰ অঞ্চল বা ভিতৰুৱা ঠাই সমূহত হে দৰিদ্ৰলোক সকলক বাস কৰে। গতিকে এনে অঞ্চল বা লোকলৈ প্ৰস্তুত কৰা আঁচনিবোৰো Grass Root Levelৰ Ground Analysis & Planning হ‘ব লাগে।
যাতে যিকোনো এটা আঁচনি ৰূপায়ণ কৰোঁতে কিদৰে সুবিধা কৰিব আৰু সমান্তৰালভাৱে কিম্বা অপকাৰ / প্ৰভাৱ হ‘ব নেকি ? সেয়াও বিস্তৃতভাৱে পৰ্যবেক্ষণ কৰিব লাগে ।
আচলতে, আমাৰ অসমীয়া মহিলাসকল যথেষ্ট কাজী। অসমীয়া মহিলাসকলে যথেষ্ট শাৰীৰিকভাৱে কষ্ট কৰিব পাৰে । পুৰুষসকলতকৈ কোনো গুণেই কম বা পিছপৰা নহয়। বৰঞ্চ পুৰুষৰ সমানেই মহিলাসকলে কঠোৰ পৰিশ্ৰম কৰে। তাতোতকৈ বেছি শাৰীৰিক পৰিশ্ৰম কৰিব পাৰে জনগোষ্ঠীয় বা Tribal Women সকলে ।

গতিকে, গ্ৰাম্যঞ্চলৰ লোকসকলৰ যথেষ্ট অভাৱ-অনাটনে আৱৰি থকাৰ উপৰিও অৰ্থনৈতিক ক্ষেত্ৰত অধিক দুৰ্ৱল বা পিছপৰা, যদিও এওলোক প্ৰচুৰ পৰিশ্ৰমকাৰী। এওঁলোকৰ বাবে বিনামূলীয়া আঁচনিৰ নামত “অৰুণোদয়” আঁচনিয়ে এওঁলোকৰ সমস্যা -অভাৱবোৰ পূৰণ কৰিব নোৱাৰে । “অৰুণোদয় ” আঁচনি এইক্ষেত্ৰত ” এপাচি শাকত এটা জালুক”ৰ দৰে ।
চৰকাৰী পক্ষই যদি এওঁলোকৰ জীৱন প্ৰণালী উন্নতিকৰণ, সমস্যাবোৰ দূৰ কৰিব বিছাৰিছে – তেন্তে প্ৰথমে জীৱিকা, বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য এই সম্পৰ্কত অধিক গুৰুত্ব দিব লাগে। এতিয়াও এনে বহু অঞ্চল আছে য‘ত শিক্ষা আৰু স্বাস্থ্যৰ অৱস্থা তেনেই তথৈবচ। শিশুসকল শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী হোৱাৰ পৰিৱৰ্তে শিশু শ্ৰমৰ প্ৰতিহে বেছি আগ্ৰহী/ ধাউতি।
য‘ত দেখা যায়, তেনে অঞ্চলৰ অভিভাৱক সকলেও শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে মুঠেও অৱগত নহয় আৰু সন্তানক শিক্ষাৰ পৰা আঁতৰাই ৰাখে । সেয়ে তেওঁলোকে শ্ৰম জীৱিকাক হে প্ৰাধান্য দিয়ে। যদি অভিভাৱকে সন্তানৰ শৈক্ষিক দিশত আগ্ৰহী বা সজাগ নহয়, তেন্তে কোনোপধ্যেই শিশুৱে শিক্ষাৰ প্ৰতি আৰ্কষিত নহয়। যাৰ ফলত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ শিক্ষাৰ হাৰ হ্ৰাস হৈ থাকিব।
আৰু যেতিয়ালৈকে শিক্ষা নাথাকিব তেতিয়ালৈকে সেই সমাজখন বা অঞ্চলটো অশিক্ষিত আৰু পিছপৰি থাকিব। শিক্ষাৰ অবিহনে কেতিয়াও এটা জাতি বা অঞ্চল সভ্যতা আৰু অৰ্থনৈতিক দিশত সৱল হ‘ব নোৱাৰে। আৰু অৰ্থনৈতিকভাৱে যেতিয়ালৈকে সৱল নহয় তেতিয়ালৈকে শিক্ষা ব্যৱস্থাও পিছপৰি থাকিব। কিয়নো শিক্ষা আৰু অৰ্থনৈতিক – দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি- সিপিঠিৰ দৰে, দুয়ো পৰস্পৰে পৰস্পৰৰ নিৰ্ভৰশীল । এইটো অপ্ৰিয় সত্য ।

ঘৰৰ আৰ্থিক অৱস্থা যেতিয়া পিছপৰি থাকে, তেতিয়া সমান্তৰালভালে সন্তানৰ শৈক্ষিক দিশত বিৰূপ প্ৰভাৱ পৰে। আৰ্থিক দুৰৱস্থাৰ বাবে আজিও কতজনে আধাতে পঢ়া সামৰিব লগিয়া হৈছে । বহুতে যোগ্যতা থকাৰ পিছতো উচ্চশিক্ষা গ্ৰহণ কৰিব নোৱাৰে । আৰু এনে কাৰণৰ বাবেই গ্ৰাম্যঞ্চল/চৰ অঞ্চলত শিক্ষা মানদণ্ড অতি সূচনীয় অৱস্থা । কাৰণ এটাই- গ্ৰাম্যঞ্চলৰ চৰকাৰৰ Foundationটো একেবাৰেই অপৰিপক্ক ।
সেয়েহে, চৰকাৰলৈ অনুৰোধ- এইধৰণৰ বিনামূলীয়া আঁচনিৰ হিতাধিকাৰী সৃষ্টি নকৰি, এই আঁচনিৰ বাজেটে কৰ্ম উদ্যোগৰ ক্ষেত্ৰত Utilisation কৰি জীৱিকাৰ স্বত্বাধিকাৰী সৃষ্টি কৰিলে স্বাৱলম্বী হৈ এটা অঞ্চল, এখন ঠাই, এখন জিলা, এখন ৰাজ্য উন্নতিশীল হ‘ব। পকী ৰাস্তা বা দলং পকীকৰণ কৰিলেই ঠাইখন উন্নতি নুবুজাই। অন্যথা এনে বিনামূলীয়া আঁচনীয়ে কৰ্ম-সংস্কৃতিৰ পৰা আঁতৰাই এটা এলেহুৱা জাতিৰ জন্ম হ‘ব।
শেহতীয়াকৈ ৰাজ্যত “অৰুণোদয়” আঁচনিৰ প্ৰচলন হোৱাৰ পিছৰে পৰা গ্ৰাম্যঞ্চলৰ মহিলাসকল পূৰ্বৰ তুলনাত যথেষ্ট এলেহুৱা , কামৰ / কৰ্মসংস্কৃতিৰ প্ৰতি অনিশ্চা হোৱা দেখা গৈছে। যিটো অনাগত দিনত খিলঞ্জীয়া অসমীয়াৰ জীৱিকা উপাৰ্জন বা কৰ্মক্ষেত্ৰত এক ভয়াবহ সমস্যা সৃষ্টি হ‘ব। স্বাভিমানী খিলঞ্জীয়াৰ পথাৰ আমাৰ, বজাৰ আমাৰ বুলি দখলতা নাথাকিব। যেতিয়া এটা জাতিৰ কৰ্মসংস্কৃতি পিছপৰিব বা নাথাকিব, তেতিয়া সেই জাতিটোৰ অমেৰুদণ্ডহীন হৈ পৰিব।
জাতিটো দুৰ্বল হ‘ব আৰু এনেকৈয়ে এটা জাতি শেষ হৈ যাব । অসমীয়া জাতিটো ইমান দুৰ্বল নহয়! যি জাতিয়ে কেচাঁ তেজক পানী কৰি মাটীত পেলাই, যি জাতিয়ে কেচাঁ মাটীৰ গোন্ধ ভাল পায় কৰ্মসংস্কৃতি অটুত ৰাখে, তেনে এটা জাতিৰ মহিলাসকলক হিতাধিকাৰী বনাই টোপ দি থুপৰি কৰোৱা হৈছে।
অৰুণোদয় আঁচনিৰ নামত অসম চৰকাৰে বছৰেকীয়া বাজেটত প্ৰায় ৪,০০০ কৌটি টকা ব্যয় কৰে। এই চাৰি হাজাৰ কোটি টকা ব্যয়ৰ পিছত কোনোধৰণৰ লাভৱান হোৱা নাই। গতিকে, চৰকাৰলৈ আকৌ অনুৰোধ – এই চাৰি হাজাৰ কোটি টকা অৰুণোদয় নামত খৰচ বহন নকৰি , যদি এই টকাৰে মহিলাসকলৰ সৱলিকৰণ বাবে সৃষ্টিশীল ধৰণৰ প্ৰকল্পৰ ব্যৱস্থা গ্ৰহণ কৰক।
উদ্যোগ প্ৰতিষ্ঠা কৰা ব্যৱস্থা কৰক নতুবা মহিলাসকলক স্বাৱলম্বীৰ বাবে শস্য উৎপাদন, বস্ত্ৰ উৎপাদন, খাদ্যবস্তু ইত্যাদি উৎপাদনৰ ব্যৱস্থা আৰু বাণিজ্যিকৰণৰ ব্যৱস্থাৰ প্ৰকল্পৰ জৰিয়তে মহিলাসকলক শক্তিশালী/স্বাৱলম্বী কৰি তোলাৰ লগতে নিবনুৱা সমস্যাও ৰোধ কৰিবলৈ সহায় কৰিব । আৰু এই প্ৰচেষ্টাই কৰ্মসংস্কৃতিৰ জৰিয়তে খিলঞ্জিয়া অসমীয়াৰ কৰ্মজীৱিকা অধিক টনকিয়াল যে হ‘ব সেয়া দৃঢ়তাৰে নিশ্চিত ।
প্ৰদিস্মৃতা চেতিয়া, ধেমাজি (মাছখোৱা)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)