অৰুনাভ ছাৰ
গ্ৰন্থ সমালোচনা
ঋতুপৰ্ণা দেৱী
গ্ৰন্থ সমালোচনা…..
গ্ৰন্থ :- অৰুণাভ ছাৰ (উপন্যাস )
লেখক : অজন্তা
প্রথম প্রকাশ: নৱেম্বৰ, ২০১০। মূল্য: ১১০.০০ টকা । প্রকাশক: অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ; গুৱাহাটী।
অৰুনাভ ছাৰ অজন্তা বাইদেউৰ তৃতীয় খন উপন্যাস । “অৰুণাভ ছাৰ” মূলত: এক প্রেম কাহিনী যদিও উপন্যাসখনক এখন আত্মজীবনীমূলক সামাজিক উপন্যাস যেন অনুমান হয়।
এজন ভদ্র প্রশাসনিক বিষয়া ‘অৰুণাভ’ আৰু তেওঁৰ পাৰ্চনেল এচিছটেন্ট ‘মায়াবী’ উপন্যাস খনৰ মূল চৰিত্ৰ। মায়াবী দুই সন্তানৰ এগৰাকী বিধৱা মাতৃ। মূল চৰিত্র মায়াবীৰ জীৱনৰ সকলো ঘাত – প্ৰতিঘাত, লগতে আনন্দ , উল্লাস , আশা , সপোন , দূখ বেদনা সকলো যেন স্পষ্টভাৱে প্ৰকাশ পাইছে । ইয়াৰ লগতে উপন্যাসখনত প্ৰকাশ পাইছে এক প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা ।
অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু এই প্ৰদেশৰ মনোৰম প্ৰাকৃতিক শোভাৰে ভৰপূৰ টাৱাং , জিৰ’ আদি নগৰৰ বৰ্ণনা সাৱলীনভাৱে প্ৰকাশ পাইছে ! প্রেম, ভালপোৱা, মৰম আদি বিভিন্ন নামেৰে নামাকৰণ কৰা সম্পৰ্কবোৰৰ মাজত এটা ইমান মধুৰ দিশো যে থাকিব পাৰে সেইয়া এই উপন্যাসখনত খুব সুন্দৰকৈ ফুটি উঠিছে। কিন্তু ২০১০ চনৰ এই উপন্যাসখনৰ মানুহৰ মাজত প্রচলন বা জনপ্রিয়তা কিয় কম হৈ আছে সেয়া চিন্তনীয় বিষয়।
উপন্যাসখন পঢ়ি পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ যে ভালপোৱা সেই কথা অনুভৱ কৰিব পৰা যায়। ভালপোৱাক লৈ মানুহৰ থকা কিছুমান ভুল ধাৰণা উপন্যাসখনৰ কাহিনীয়ে স্পষ্ট কৰে। কাহিনীটোৱে প্রকাশ কৰে যে এজনে আনজনক পোৱাৰ প্রাপ্তি মানেই সমাপ্তি নহয়। প্রেম মনেই বিবাহ নহয়। কিন্তু উপন্যাস খনত কৈশোৰ বা যৌৱনৰ প্ৰেমৰ বৰ্ণনা নাই ।
তাৰ পৰিবৰ্তে জীৱনৰ শত ধুমুহাই অভিজ্ঞ কৰি তোলা পৰিপক্ব প্ৰেমৰ আত্মীয়তাৰে টানকৈ বান্ধি ৰাখিছে অৰুণাভ ছাৰৰ প্ৰেম কাহিনী ।উপন্যাসখনে বহুবাৰ দুচকুত বাৰিষা নমাইছিল যদিও আপোনজনৰ বাবে অপেক্ষা কৰাৰ তৃপ্তিও অনুভৱ কৰাইছিল। অৱশেষত উপন্যাসখন পঢ়ি এনেকুৱা লাগিছে যেন এইখন লেখিকাৰ আত্মজীৱনীমূলক উপন্যাস।
ঋতুপৰ্ণা দেৱী, গুৱাহাটী বিশ্ববিদ্যালয়
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.