• দিলীপ দৈমাৰী
অতি দুৰাৰোগ্য স্নায়ুৰোগ ‘এলঝাইমাৰ্চ ডিজিজ’ ইমানদিনে আয়ত্বৰ বাহিৰত আছিল যদিও এতিয়া পোহৰৰ সংকেত দেখা গৈছে। অৰ্থাৎ, এলঝাইমাৰ্চ ডিজিজ আয়ত্বলৈ অহাৰ পথত। এলঝাইমাৰ্চ ডিজিজ-অৰ টিকা বজাৰলৈ আহিবলৈ বেছি পৰ অপেক্ষা কৰিব নালাগিব। বিগত দশকবোৰত যি সম্ভৱ হোৱা নাছিল, ছয়মাহমানৰ আগতে সেয়া সম্ভৱ হৈ উঠিছে। এলঝাইমাৰ্চ ডিজিজ-অৰ প্ৰথম কোনো ঔষধে আমেৰিকাৰ ‘ফুড এন্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন'(এফ-ডি-এ)ৰ অনুমোদন লাভ কৰিছে। এতিয়া এলঝাইমাৰ্চ ডিজিজ-অৰ টিকাও বজাৰলৈ অহাৰ সম্ভাৱনা দেখা গৈছে। এই টিকা নাকত দিয়া হ’ব। স্প্ৰে কৰা হ’ব নাকৰ ফুটাত। অতি সোনকালেই আমেৰিকাত আৰম্ভ হ’ব এলঝাইমাৰ্চ ডিজিজ-অৰ টিকাৰ মানুহৰ ওপৰত পৰীক্ষা বা হিউমেন ট্ৰায়েল। এই পৰীক্ষা চলিব আমেৰিকাৰ বস্টনৰ ‘ব্ৰিগহাম এন্ড উইমেন্স হস্পিটেল’ত। এক বিবৃতিৰ জৰিয়তে চিকিৎসালয়খনৰ পৰা জনোৱা হৈছে যে প্ৰাথমিকভাৱে ১৬ জনৰ ওপৰত চলোৱা হ’ব টিকাৰ পৰীক্ষা। যিসকলক সেই টিকা দিয়া হ’ব তেওঁলোকৰ বয়স ৬০ বছৰৰ পৰা ৮৫ বছৰৰ ভিতৰত। তেওঁলোকৰ ক্ষেত্ৰত এলঝাইমাৰ্চ ডিজিজ-অৰ কেইটামান লক্ষণে দেখা দিছে। টিকা দিয়া হ’ব দুটা পৰ্বত, এক সপ্তাহৰ অন্তৰত। গৱেষক, চিকিৎসক সকল দুৰন্ত আশাবাদী যে এই টিকাই এলঝাইমাৰ্চ ডিজিজ-অক সম্পূৰ্ণৰূপে ৰোধ কৰিব পাৰিব। আৰু, যদি একেবাৰে ৰোধ কৰিব পৰা নাযায়, তেনেস্থলত দ্ৰুতভাবে প্ৰসাৰিত হোৱাক ৰোধ কৰিব পাৰিব।
এলঝাইমাৰ্চ ডিজিজ-অৰ ভুক্তভোগীয়ে একো কথা মনত ৰাখিব নোৱাৰে। কথাবোৰ পাগুলি পেলায়। যি ইচ্ছা তাকেই কয়, আবোল- তাবোল কথা কয়। তেওঁলোকে অনিদ্ৰাতো ভোগে। গৱেষক সকলে দেখিছে যে এই ৰোগীসকলৰ মস্তিষ্কৰ একাংশত বিটা-আ্যমাইলয়েডৰ এক আৱৰণ পৰে। স্নায়ুকোষ বিলাকৰ মাজত বিটা-আ্যমাইলয়েডৰ প্ৰোটিন অধিক জমা হ’লেই সেই আৱৰণ সৃষ্টি হয়। ঔষধ বা টিকাৰে দেহৰ স্বাভাৱিক প্ৰতিৰোধ ব্যৱস্থাক সক্ৰিয় কৰি তুলি সেই আৱৰণ সম্পূৰ্ণৰূপে আতৰাই পেলোৱা বা হ্ৰাস কৰা সম্ভৱ হ’ব বুলি গৱেষকসকলে কৈছে। ব্ৰিগহ্যাম এন্ড উইমেন্স হস্পিটেলৰ তৰফৰ পৰা কোৱা হৈছে যে প্ৰথমে ‘হিউমেন ট্ৰায়েল’ত ‘প্ৰোটোলিন’ নামৰ এবিধ ঔষধ স্প্ৰে কৰা হ’ব নাকৰ ভিতৰত। সেই ঔষধেই দেহৰ স্বাভাৱিক প্ৰতিৰোধ ব্যৱস্থাক সক্ৰিয় কৰি তুলি এলঝাইমাৰ্চ ৰোগীৰ মস্তিষ্কৰ সংশ্লিষ্ট অংশৰ বিটা-অ্যামাইলয়ডৰ আৱৰণ আতৰাব পাৰিব। বিগত দুই দশকৰ ভিতৰত এয়াই প্ৰথমবাৰৰ বাবে কোনো ঔষধ – ‘অ্যাডুহেল্ম’- এ এলঝাইমাৰ্চ ৰোগীৰ চিকিৎসাৰ বাবে এফ-ডি-এ-ৰ অনুমোদন লাভ কৰিছে এই বছৰৰ জুন মাহত।