• দিলীপ দৈমাৰী
অৱশেষত তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। আজি শুক্ৰবাৰে ( ১৯ নৱেম্বৰ,২০২১) গুৰু নানকৰ জন্মদিনৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবাসীৰ উদ্দেশ্যে দিয়া এক ভাষণত সেইবিষয়ে ঘোষণা কৰে। বিগত প্ৰায় একবছৰ ধৰি প্ৰচন্ড শীত, প্ৰচন্ড গৰম, কৰ’নাৰ ভয়াবহ দিন, লক-ডাউন, বিভিন্ন প্ৰতিৰোধ, ষড়যন্ত্ৰকাৰীৰ বিভিন্ন পৰিকল্পনা, সংবাদ মাধ্যমৰ ভেঙুচালি, ইত্যাদি সকলোকে নেওচি হাজাৰ হাজাৰ খেতিয়কে দিল্লীৰ উপকন্ঠত অৱস্থান কৰি আছিল বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাবলৈ। আজি মোডীয়ে তেওঁৰ ঘোষণাৰ দ্বাৰা সেই হাজাৰ হাজাৰ খেতিয়কৰ বছৰজোৰা সংগ্ৰামক স্বীকৃতি প্ৰদান কৰি নিজে পিছুৱাবলৈ বাধ্য হ’ল। যি কৃষি আইন কোনোমতেই প্ৰত্যাহাৰ কৰা নহব বুলি অলৰ অচৰ গোৱাৰ-গোবিন্দ হৈ আছিল কেন্দ্ৰীয় চৰকাৰ, সেই অৱস্থানৰ পৰা আতৰিবলৈ বাধ্য হ’ল নৰেন্দ্ৰ মোডীৰ চৰকাৰ। আইন প্ৰত্যাহাৰ কৰি মোডীয়ে এনেদৰে কয় যে -” আমাৰ সৎ উদ্দেশ্য আছিল, কিন্তু এই আইনৰ সুফলৰ বিষয়ে কিছু কৃষকক আমি বুজাব নোৱাৰিলো।” আন্দোলনৰ পথ পৰিত্যাগ কৰি খেতিয়ক সকলক পুনৰ খেতিপথাৰলৈ উভতিবলৈ আবেদন জনায় মোডীয়ে, তেওঁ কয় যে- “আহক, সকলো পুনৰ নতুনকৈ আৰম্ভ কৰা যাওক, এতিয়া কাকো কোনেও দোষাৰোপ কৰাৰ সময় নহয়।”
গুৰু নানকৰ জন্মদিনৰ দিনা মোডীৰ এই ঘোষণা “তাৎপৰ্যপূৰ্ণ” বুলি ৰাজনীতিৰ কাৰবাৰীসকলৰ একাংশই ধাৰণা কৰিছে। কাৰণ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পিছত মাহ ধৰি দিল্লীৰ উপকন্ঠত অৱস্থান কৰা খেতিয়ক সকলৰ বৃহৎ অংশ হ’ল পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা তথা এওঁলোকৰ সৰহভাগেই জাৎ সম্প্ৰদায়ৰ; আৰু অহাবছৰৰ আগভাগতেই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন! যোৱা বছৰ ছেপ্টেম্বৰ মাহত তিনিখন বিতৰ্কিত কৃষি আইন মোডী চৰকাৰে জাপি দিয়াৰ পিছত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আদিত তুমুল প্ৰতিবাদ, বিক্ষোভ আৰম্ভ হয়। বিশেষকৈ পঞ্জাৱত সেই বিক্ষোভ তীব্ৰতৰ হৈ পৰে আৰু পথ অৱৰোধ, ৰেল অৱৰোধ, দিল্লী যাত্ৰা আৰম্ভ হয়। তাৰপিছত এবছৰৰ অধিক কাল ধৰি এই প্ৰতিবাদে দিল্লীৰ উপকন্ঠত এক ঐতিহাসিক ৰূপ ধাৰণ কৰে আৰু সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। আজি গুৰু নানকৰ জন্মদিনৰ দিনা সেই বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰি তথা সংসদৰ আসন্ন অধিৱেশনত আইন তিনিখন প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰি আগন্তুক বিধানসভা নিৰ্বাচনত উত্তৰপ্ৰদেশ, পঞ্জাৱ আদিত বিজেপিৰ বাবে খেতিয়কৰ সমৰ্থন পাবলৈ যত্ন কৰা হৈছে – কাৰণ পৰিস্থিতি বিজেপিৰ বাবে অনুকুল হৈ থকা নাই! এবছৰৰ অধিক কাল ধৰি খেতিয়ক সকলৰ এই নজীৰবিহীন প্ৰতিবাদ ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰতো যিদৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, সেয়া মোডী চৰকাৰৰ বাবে অস্বস্তিকৰ হৈ পৰিছিল। দীৰ্ঘদিন ধৰি আলাপ- আলোচনাৰ মাজেৰে এই বিক্ষোভ প্ৰত্যাহাৰৰ বাবে বিভিন্ন পন্হা চলোৱা হৈছিল যদিও খেতিয়ক সকলে পৃষ্ঠভংগ দিয়া নাছিল। উত্তৰ প্ৰদেশৰ আৰু পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ আগতে সেইবিষয়ে কিবা চয়-নিচয় নহলে ভোটৰ বাকচত তাৰ প্ৰভাব কেনে হব – সেয়া বুজি পায়েই মোডী বাহিনী পৃষ্ঠভংগ দিবলৈ বাধ্য হ’ল। এতিয়া বিৰোধী দলবোৰৰ বাবেও ই হৈ পৰিল অতি গুৰুত্বপূৰ্ণ অম্লজান! কাৰণ, এয়া গণতন্ত্ৰৰ জয় বুলি ইতিমধ্যে আকাশ-বতাহ নিনাদিত হ’বলৈ ধৰিছে। খেতিয়কৰ প্ৰতি নৃশংস আচৰণ দেখুৱাইও গণতান্ত্ৰিক আন্দোলনক মোডীয়ে স্তব্ধ কৰিব নোৱাৰিলে হেতুকে আজি পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ ভাৰততে এক আনন্দৰ লহৰ ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে। কোনোবাই কৈছে – অহংকাৰৰ পৰাজয় হ’ল! অতিমাত্ৰা গৰ্ব ভূপতিত হ’ল! যি কি নহওঁক, খেতিয়ক সকলৰ মাহৰ পিছত মাহ ধৰি কৰা প্ৰতিবাদ সফল হ’ল। গণতান্ত্ৰিক ধাৰাৰ জয় হ’ল।