মানুহৰ তেজত প্লাষ্টিক কণা
• অৰবিন্দ ৰাভা
বহুবছৰ ধৰি প্লাষ্টিক দূষণক লৈ বিশ্বৰ পৰিৱেশকৰ্মীসকল সৰৱ হৈ আহিছে। ইতিমধ্যে দেখা গৈছে যে মৃত তিমিৰ পেটৰ পৰা উদ্ধাৰ হৈছে কিলো কিলো প্লাষ্টিক। প্লাষ্টিক ভক্ষণ কৰি গৰুৰ মৃত্যু হোৱা বাতৰিও চতুৰ্দিশে বিয়পি পৰিছে। কিন্তু এনূবোৰ খবৰে মানুহৰ বিশেষ কোনো পৰিৱৰ্তন সাধন কৰিব পৰা নাই। ব্যাপকভাৱে ব্যৱহাৰ হৈ থকা প্লাষ্টিকৰ ক্ষেত্ৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই বা মানুহৰ অভ্যাস সলনি হোৱাৰ উমান পোৱা নাই। কিন্তু এইবাৰ বিপদ আহিছে মানুহৰ নিজৰ শৰীৰলৈ! ‘এনভায়’ৰনমেন্ট ইন্টাৰনেছনেল’ জাৰ্ণালত প্ৰকাশিত গৱেষণাৰ প্ৰতিবেদনত কোৱা হৈছে, মানুহৰ তেজতো প্ৰৱেশ কৰিছে মাইক্ৰোপ্লাষ্টিক !
মানুহৰ শৰীৰত মাইক্ৰোপ্লাষ্টিক – এই বিষয়টো কিমান প্ৰাণঘাতী, সেয়া এতিয়াও নিৰ্দ্ধাৰণ কৰা হোৱা নাই যদিও মাইক্ৰোপ্লাষ্টিকে যে শৰীৰৰ ক্ষতি কৰে – সেয়া গৱেষণাই প্ৰমাণ কৰিছে। তদুপৰি মাইক্ৰোপ্লাষ্টিকক যিদৰে মানুহৰ হাওঁফাওঁৰ পৰা হৃদপিণ্ড, যকৃৎ, মগজু আদিত অবাধে ভ্ৰমণ কৰা দেখা গৈছে, তাৰফলত জটিলতম শাৰীৰিক সমস্যা বা বহুলক্ষ অকাল মৃত্যু অস্বাভাৱিক নহয় বুলিও ঠাৱৰ কৰিছে গৱেষকসকলে।

ভালেমান কৰ্মশালা বা সচেতনতা বিয়পোৱা কাৰ্যসূচীৰ জৰিয়তে প্লাষ্টিকৰ পৰা হোৱা বিপদ সম্পৰ্কে আলোচনা হ’লেও মানুহৰ ‘চুপাৰফাষ্ট’ জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি গৈছে। মাউন্ট এভাৰেষ্টৰ শৃঙ্গতেই হওঁক বা মহাসাগৰৰ অতল গৰ্ভ – সকলোতে জমা হৈছে বৰ্জ্য প্লাষ্টিক। খাদ্যৰ পেকেট বা পানীৰ বটলৰ প্লাষ্টিক যে মানুহৰ শৰীৰত প্ৰৱেশ কৰিছে, সেই সম্পৰ্কে প্ৰমাণ আগতেই পোৱা গৈছিল কেঁচুৱা আৰু প্ৰাপ্তবয়স্কৰ মল-মূত্ৰৰ পৰীক্ষাৰ জৰিয়তে। কিন্তু এইবাৰ, প্লাষ্টিক প্ৰৱেশ কৰিছে মানুহৰ তেজত, ৰক্তত!
এই বিষয়টো সম্পৰ্কে নিশ্চিনত হ’বলৈ ২২ জন ৰক্তদাতাৰ ৰক্তৰ নমুনা পৰীক্ষা কৰিছিল বিজ্ঞানীসকলে। সেই পৰীক্ষাত ২২ জন ৰক্তদাতাৰ ১৭ জনৰ ৰক্ততেই পোৱা গৈছে প্লাষ্টিক! অৰ্দ্ধেকৰ ৰক্তত পোৱা গৈছে ‘পেট প্লাষ্টিক‘, অৰ্থাৎ তৰল পানীয়ৰ বটলত ব্যৱহৃত হোৱা প্লাষ্টিক। পৰীক্ষাৰ দ্বাৰা প্ৰায় ৮০% মানুহৰ তেজত এনে ক্ষুদ্ৰ কণাৰ সন্ধান পাইছে বিজ্ঞানীসকলে। বৃটিছ সংবাদ মাধ্যম ‘দ্যা গাৰ্জিয়েন’ৰ প্ৰতিবেদনতো এই বিষয়ে উল্লেখ কৰা হৈছে।
মাইক্ৰোপ্লাষ্টিকৰ কণা মানুহৰ শৰীৰত চলাচল কৰিব পাৰে আৰু বিভিন্ন অঙ্গ-প্ৰত্যঙ্গত বেদখল কৰিব পাৰে বুলি গৱেষণাত দাবী কৰিছে বিজ্ঞানীসকলে। বায়ুদূষণৰ কণাবোৰো মানুহৰ শৰীৰত প্ৰৱেশ কৰিছে আৰু সেইবাবে বিগত কিছু বছৰত বহুত লক্ষ মানুহৰ মৃত্যু হৈছে হাওঁফাওঁৰ জটিল ব্যাধি তথা শ্বাসজনিত সমস্যাত।
প্ৰতিবেদনত ‘দ্যা গাৰ্জিয়েন’-এও উল্লেখ কৰিছে যে প্ৰতিদিনে বিপুল পৰিমাণে প্লাষ্টিক বৰ্জ্য পৰিৱেশত মিহলোৱা হৈছে। খাদ্য আৰু পানীয়ৰ লগতে উশাহ-নিশাহৰ দ্বাৰাও প্লাষ্টিক কণাবোৰ গ্ৰহণ কৰিছে মানুহৰ শৰীৰে।
বিজ্ঞানীসকলে যি ২২ জনৰ তেজৰ নমুনা পৰীক্ষা কৰিছিল, সেইসকলৰ এক-তৃতীয়াংশৰ তেজৰ নমুনাত ‘পলিস্টাইৰিন‘ পোৱা গৈছে। এই ধৰণৰ জটিল যৌগ, যি অপাচ্য বস্তু হিচাপে পৰিচিত – তাৰ উৎস হ’ল খাদ্য তথা অইন পেকেজড্ পণ্য!

তাৰোপৰি এক-চতুৰ্থাংশৰ তেজৰ নমুনাত পলিথিন থকাটোও নিশ্চিত হৈছে। নেদাৰলেন্ডৰ আমষ্টাৰডামৰ ভ্ৰিজ ইউনিভাৰ্ছিটিৰ ইকোটক্সিকোলজিস্ট অধ্যাপক ডিক ভিথাক-এ কৈছে যে ‘আমাৰ তেজত পলিমাৰ কণা আছে – ইয়াৰ ইঙ্গিত হ’ল আমাৰ এই গৱেষণা। এয়া এক যুগান্তকাৰী ফলাফল।’ এই পলিথিনৰ উৎস হ’ল ‘পলিথিন কেৰিবেগ‘!
ভিথাক-এ এতিয়া গৱেষণাৰ ‘চেম্পল চাইজ’ বৃদ্ধি কৰি অধিক গৱেষণা চলাই যাবলৈ ইঙ্গিত দিছে। কাৰণ তেতিয়াহে গম পোৱা যাব যে বিপদ কিমান গভীৰ হৈ পৰিছে। আগৰ গৱেষণাত গম পোৱা গৈছিল যে শিশুৰ মল-মূত্ৰত মাইক্ৰোপ্লাষ্টিকৰ উপস্থিতি প্ৰাপ্তবয়স্কৰ তুলনাত ১০ গুণ অধিক। প্লাষ্টিকৰ ফিডিং বটলৰ দ্বাৰা শিশুক খাদ্য গ্ৰহণ কৰোৱাৰ প্ৰৱণতাই ইয়াৰ বাবে দায়ী বুলি বিজ্ঞানীসকলে কৈছে। ভিথাকৰ মতে শিশু আৰু প্ৰাপ্তবয়স্ক সকলেই প্লাষ্টিক আৰু ৰাসায়নিক দূষণৰ দ্বাৰা সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হয়, আৰু ই গভীৰ চিন্তাৰ বিষয়।
সম্প্ৰতি অইন এক গৱেষণাত ধৰা পৰিছে যে মাইক্ৰোপ্লাষ্টিক লোহিত ৰক্তকণিকাৰ বাহিৰৰ পৰ্দাত লাগি থাকিব পাৰে – যিয়ে ৰক্তৰ স্বাভাৱিক অক্সিজেন সংবহন ক্ষমতা কমাই পেলায় আৰু যাৰ প্ৰভাৱ প্ৰাণঘাতী! অধিক আশংকাৰ বিষয় হ’ল গৰ্ভৱতী মহিলা আৰু এন্দুৰৰ গৰ্ভস্থ ভ্ৰূণতো মাইক্ৰোপ্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। এতিয়া বিজ্ঞানীসকলে এই মাইক্ৰোপ্লাষ্টিকৰ পৰা কেন্সাৰৰ সম্ভাৱনা আছে নে নাই, তাৰোপৰি অইন কি কি ৰোগ হ’ব পাৰে – সেইবোৰ জানিবলৈ গৱেষণাৰ পৰিধি অধিক বিস্তৃত কৰিছে।