• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

অৱশেষত মানুহৰ তেজতো প্লাষ্টিক কণা, উদ্বিগ্ন বিজ্ঞানীমহল

ASSAMESE SECTION / Environment / Health

by Anjan Sarma
April 1, 2022
in Environment, Climate Change, food, Health, Science, Uncategorized, World
Reading Time: 2 mins read
0
অৱশেষত মানুহৰ তেজতো প্লাষ্টিক কণা, উদ্বিগ্ন বিজ্ঞানীমহল
Share on FacebookShare on TwitterShare on LinkedIn

মানুহৰ তেজত প্লাষ্টিক কণা

অঞ্জন শৰ্মা

Anjan Pic 1

বহুবছৰ ধৰি প্লাষ্টিক দূষণক লৈ বিশ্বৰ পৰিৱেশকৰ্মীসকল সৰৱ হৈ আহিছে। ইতিমধ্যে দেখা গৈছে যে মৃত তিমিৰ পেটৰ পৰা উদ্ধাৰ হৈছে কিলো কিলো প্লাষ্টিক। প্লাষ্টিক ভক্ষণ কৰি গৰুৰ মৃত্যু হোৱা বাতৰিও চতুৰ্দিশে বিয়পি পৰিছে। কিন্তু এনূবোৰ খবৰে মানুহৰ বিশেষ কোনো পৰিৱৰ্তন সাধন কৰিব পৰা নাই। ব্যাপকভাৱে ব্যৱহাৰ হৈ থকা প্লাষ্টিকৰ ক্ষেত্ৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই বা মানুহৰ অভ্যাস সলনি হোৱাৰ উমান পোৱা নাই। কিন্তু এইবাৰ বিপদ আহিছে মানুহৰ নিজৰ শৰীৰলৈ! ‘এনভায়’ৰনমেন্ট ইন্টাৰনেছনেল’ জাৰ্ণালত প্ৰকাশিত গৱেষণাৰ প্ৰতিবেদনত কোৱা হৈছে, মানুহৰ তেজতো প্ৰৱেশ কৰিছে মাইক্ৰোপ্লাষ্টিক !

মানুহৰ শৰীৰত মাইক্ৰোপ্লাষ্টিক – এই বিষয়টো কিমান প্ৰাণঘাতী, সেয়া এতিয়াও নিৰ্দ্ধাৰণ কৰা হোৱা নাই যদিও মাইক্ৰোপ্লাষ্টিকে যে শৰীৰৰ ক্ষতি কৰে – সেয়া গৱেষণাই প্ৰমাণ কৰিছে। তদুপৰি মাইক্ৰোপ্লাষ্টিকক যিদৰে মানুহৰ হাওঁফাওঁৰ পৰা হৃদপিণ্ড, যকৃৎ, মগজু আদিত অবাধে ভ্ৰমণ কৰা দেখা গৈছে, তাৰফলত জটিলতম শাৰীৰিক সমস্যা বা বহুলক্ষ অকাল মৃত্যু অস্বাভাৱিক নহয় বুলিও ঠাৱৰ কৰিছে গৱেষকসকলে।

ভালেমান কৰ্মশালা বা সচেতনতা বিয়পোৱা কাৰ্যসূচীৰ জৰিয়তে প্লাষ্টিকৰ পৰা হোৱা বিপদ সম্পৰ্কে আলোচনা হ’লেও মানুহৰ ‘চুপাৰফাষ্ট’ জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি গৈছে। মাউন্ট এভাৰেষ্টৰ শৃঙ্গতেই হওঁক বা মহাসাগৰৰ অতল গৰ্ভ – সকলোতে জমা হৈছে বৰ্জ্য প্লাষ্টিক। খাদ্যৰ পেকেট বা পানীৰ বটলৰ প্লাষ্টিক যে মানুহৰ শৰীৰত প্ৰৱেশ কৰিছে, সেই সম্পৰ্কে প্ৰমাণ আগতেই পোৱা গৈছিল কেঁচুৱা আৰু প্ৰাপ্তবয়স্কৰ মল-মূত্ৰৰ পৰীক্ষাৰ জৰিয়তে। কিন্তু এইবাৰ, প্লাষ্টিক প্ৰৱেশ কৰিছে মানুহৰ তেজত, ৰক্তত! 

এই বিষয়টো সম্পৰ্কে নিশ্চিন‌ত হ’বলৈ ২২ জন ৰক্তদাতাৰ ৰক্তৰ নমুনা পৰীক্ষা কৰিছিল বিজ্ঞানীসকলে। সেই পৰীক্ষাত ২২ জন ৰক্তদাতাৰ ১৭ জনৰ ৰক্ততেই পোৱা গৈছে প্লাষ্টিক! অৰ্দ্ধেকৰ ৰক্তত পোৱা গৈছে ‘পেট প্লাষ্টিক‘, অৰ্থাৎ তৰল পানীয়ৰ বটলত ব্যৱহৃত হোৱা প্লাষ্টিক। পৰীক্ষাৰ দ্বাৰা প্ৰায় ৮০% মানুহৰ তেজত এনে ক্ষুদ্ৰ কণাৰ সন্ধান পাইছে বিজ্ঞানীসকলে। বৃটিছ সংবাদ মাধ্যম ‘দ্যা গাৰ্জিয়েন’ৰ প্ৰতিবেদনতো এই বিষয়ে উল্লেখ কৰা হৈছে।

মাইক্ৰোপ্লাষ্টিকৰ কণা মানুহৰ শৰীৰত চলাচল কৰিব পাৰে আৰু বিভিন্ন অঙ্গ-প্ৰত্যঙ্গত বেদখল কৰিব পাৰে বুলি গৱেষণাত দাবী কৰিছে বিজ্ঞানীসকলে। বায়ুদূষণৰ কণাবোৰো মানুহৰ শৰীৰত প্ৰৱেশ কৰিছে আৰু সেইবাবে বিগত কিছু বছৰত বহুত লক্ষ মানুহৰ মৃত্যু হৈছে হাওঁফাওঁৰ জটিল ব্যাধি তথা শ্বাসজনিত সমস্যাত। 

Screenshot 20220401 093015 Chrome
source: VRIJE UNIVERSITEIT AMSTERDAM

প্ৰতিবেদনত ‘দ্যা গাৰ্জিয়েন’-এও উল্লেখ কৰিছে যে প্ৰতিদিনে বিপুল পৰিমাণে প্লাষ্টিক বৰ্জ্য পৰিৱেশত মিহলোৱা হৈছে। খাদ্য আৰু পানীয়ৰ লগতে উশাহ-নিশাহৰ দ্বাৰাও প্লাষ্টিক কণাবোৰ গ্ৰহণ কৰিছে মানুহৰ শৰীৰে। 

বিজ্ঞানীসকলে যি ২২ জনৰ তেজৰ নমুনা পৰীক্ষা কৰিছিল, সেইসকলৰ এক-তৃতীয়াংশৰ তেজৰ নমুনাত ‘পলিস্টাইৰিন‘ পোৱা গৈছে। এই ধৰণৰ জটিল যৌগ, যি অপাচ্য বস্তু হিচাপে পৰিচিত – তাৰ উৎস হ’ল খাদ্য তথা অইন পেকেজড্ পণ্য!

Screenshot 20220401 092931 Chrome
source: The Guardian

তাৰোপৰি এক-চতুৰ্থাংশৰ তেজৰ নমুনাত পলিথিন থকাটোও নিশ্চিত হৈছে। নেদাৰলেন্ডৰ আমষ্টাৰডামৰ ভ্ৰিজ ইউনিভাৰ্ছিটিৰ ইকোটক্সিকোলজিস্ট অধ্যাপক ডিক ভিথাক-এ কৈছে যে ‘আমাৰ তেজত পলিমাৰ কণা আছে – ইয়াৰ ইঙ্গিত হ’ল আমাৰ এই গৱেষণা। এয়া এক যুগান্তকাৰী ফলাফল।’ এই পলিথিনৰ উৎস হ’ল ‘পলিথিন কেৰিবেগ‘!

ভিথাক-এ এতিয়া গৱেষণাৰ ‘চেম্পল চাইজ’ বৃদ্ধি কৰি অধিক গৱেষণা চলাই যাবলৈ ইঙ্গিত দিছে। কাৰণ তেতিয়াহে গম পোৱা যাব যে বিপদ কিমান গভীৰ হৈ পৰিছে। আগৰ গৱেষণাত গম পোৱা গৈছিল যে শিশুৰ মল-মূত্ৰত মাইক্ৰোপ্লাষ্টিকৰ উপস্থিতি প্ৰাপ্তবয়স্কৰ তুলনাত ১০ গুণ অধিক। প্লাষ্টিকৰ ফিডিং বটলৰ দ্বাৰা শিশুক খাদ্য গ্ৰহণ কৰোৱাৰ প্ৰৱণতাই ইয়াৰ বাবে দায়ী বুলি বিজ্ঞানীসকলে কৈছে। ভিথাকৰ মতে শিশু আৰু প্ৰাপ্তবয়স্ক সকলেই প্লাষ্টিক আৰু ৰাসায়নিক দূষণৰ দ্বাৰা সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হয়, আৰু ই গভীৰ চিন্তাৰ বিষয়।

সম্প্ৰতি অইন এক গৱেষণাত ধৰা পৰিছে যে মাইক্ৰোপ্লাষ্টিক লোহিত ৰক্তকণিকাৰ বাহিৰৰ পৰ্দাত লাগি থাকিব পাৰে – যিয়ে ৰক্তৰ স্বাভাৱিক অক্সিজেন সংবহন ক্ষমতা কমাই পেলায় আৰু যাৰ প্ৰভাৱ প্ৰাণঘাতী! অধিক আশংকাৰ বিষয় হ’ল গৰ্ভৱতী মহিলা আৰু এন্দুৰৰ গৰ্ভস্থ ভ্ৰূণতো মাইক্ৰোপ্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। এতিয়া বিজ্ঞানীসকলে এই মাইক্ৰোপ্লাষ্টিকৰ পৰা কেন্সাৰৰ সম্ভাৱনা আছে নে নাই, তাৰোপৰি অইন কি কি ৰোগ হ’ব পাৰে – সেইবোৰ জানিবলৈ গৱেষণাৰ পৰিধি অধিক বিস্তৃত কৰিছে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?
Climate Change

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

by PAHARI BARUAH
August 9, 2026
0

When Ancient Wisdom Meets a Changing Climate: How Assam's Indigenous Tribes Are Fighting the Battle ? How the Traditional Ecological...

Read moreDetails
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

India Climate Cooling Summit Calls for National Strategy to Manage Escalating Climate Risks

August 8, 2026
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 7, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

August 7, 2026
India Climate Cooling Summit to Advance National Strategies

India Climate Cooling Summit to Advance National Strategies

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d