• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

ASSAM/ Assamese Section

by Editor
February 2, 2026
in History, Inspiration, Special Report
Reading Time: 2 mins read
0
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী
Share on FacebookShare on TwitterShare on LinkedIn

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

শঙ্কৰ শইকীয়া

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

(১৪.০৮.২০২২ তাৰিখৰ পানীখাইতি নলঘুলিৰ ক্ষেত্ৰ অধ্যয়নৰ অনুভৱ )

অসমত দীৰ্ঘকালীন অন্তঃকন্দল, ডা-ডাঙৰীয়াসকলৰ মাজত ক্ষমতাৰ অৰিয়া-অৰি, ধৰ্মীয় উগ্ৰতা , গৃহযুদ্ধৰ পৰিণাম স্বৰূপে অসমৰ স্বাধীনতাৰ ৰবি অস্ত গ’ল ।

সম্ৰাট অশোক , সম্ৰাট হৰ্ষবৰ্দ্ধনৰ বিশাল ক্ষমতাৰো অধীন নোহোৱা তথা বিশাল মোগল সাম্ৰাজ্যবাদী দিল্লীশ্বৰেও পৰাভূত কৰিব নোৱাৰা অসমৰ স্বাধীনতা ৰবি অসমৰ স্বাক্ষৰ নোহোৱাকৈয়ে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে চিৰদিনৰ বাবে অস্ত গ’ল । 

      কিন্তু , অসমৰ স্বাধীনতা পিয়াসী বীৰসকল ৰৈ নাথাকিল ! ১৮২৮ চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰিলে , বৃটিছ সাম্ৰাজ্যবাদী শক্তিয়ে গোমধৰ কোঁৱৰক কলীয়াপানীলৈ নিৰ্বাসিত কৰিলে । ১৮৩০ চনৰ ২৫ মাৰ্চ তাৰিখে চাকোলা পিয়লি ফুকনৰ নেতৃত্বত বীৰ অসমীয়া সেনাই শিৱসাগৰৰ ৰংপুৰত থকা বৃটিছৰ চিপাহী ছাউনীৰ খাৰঘৰত জুই দি খাৰঘৰ ভস্মীভূত কৰিলে ।
দেশৰ স্বাধীনতাৰ বাবে যুঁজ কৰা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰৰ পুখুৰীৰ পাৰত বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ কৰাৰ অপৰাধত অসমৰেই ক্ষমতালোভী ডাঙৰীয়াৰ পৰামৰ্শত ফটা মেখেলাৰে ফাঁচী দিলে । 

      আৰম্ভ হ’ল স্বাধীনতাৰ ৰণ ।

এই স্বাধীনতাৰ ৰণৰ অইন এক অৱহেলিত অধ্যায় হ’ল ১৯৪২ চনৰ ২৪নৱেম্বৰ তাৰিখে কামৰূপ জিলাৰ পানীখাইতীৰ ডিগাৰু নৈ-ৰ পাৰৰ নলঘূলিত ইতিহাসতেই বিৰল বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ সৈন্য কঢ়িওৱা এখন ৰেলগাড়ী অসমৰ স্বাধীনতা সেনানী মহদানন্দ দেৱ গোস্বামী ওৰফে মহদা গোঁসাইৰ নেতৃত্বত প্ৰায় ছমহীয়া পৰিকল্পনাৰ অন্তত ভিভিৰাম বৰা,মাণিক বৰা , লক্ষ্মীপ্ৰসাদ গোস্বামী , দধিৰাম বৰদলৈ , ধনজু লস্কৰ , ভোগৰাম ডেকা , ৰূপৰাম সূত , কামেশ্বৰ বৰদলৈ, বেণুধৰ ডেকা, লয়ৰাম মেধি আদি মৃত্যু বাহিনীৰ সদস্যৰ সহযোগত ৰেলৰ চিৰি তুলি দুৰ্ঘটনাগ্ৰস্ত কৰি নলঘূলিত বগৰাই দিছিল । যাৰ পৰিণাম স্বৰূপে প্ৰায় ৯০০ বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ সৈনিকৰ মৃত্যু হৈছিল ।

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

সেই সৈনিক সকলৰ মৃতদেহ নলঘূলিৰ কাষতে থকা পাহাৰৰ নামনিত গাঁত খান্দি পুতি থৈছিল । আজিও সেই গাঁতৰ অৱশেষ দেখা যায় বুলি স্থানীয় ৰাইজে জনাইছে। এইখিনি কথা অসমৰ তৰুণ প্ৰজন্মৰ অৱগত নহয় যেন ধাৰণা হয়। তাৰ কাৰণে আমি তৰুণ প্ৰজন্মক জগৰীয়া কৰিব নোৱাৰোঁ । এই বিষয়ত অৱধাৰিতভাবে প্ৰশ্ন উত্থাপন হ’ব যে তৰুণ প্ৰজন্মক জনোৱাৰ বাবে পুৰণি প্ৰজন্মই কি কাম কৰিছে ?

চৰকাৰৰ ভূমিকা কি ?

এই দুয়োটাৰে উত্তৰ শূন্য । কেৱল ব্যক্তিগত উদ্যোগত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই অসমৰ ৰাইজলৈ “মৃত্যুঞ্জয়” শীৰ্ষক উপন্যাসৰ জৰিয়তে এই বিষয়টো অৱগত কৰিছিল। যিখন গ্ৰন্থই অসমলৈ আনি দিছিল সৰ্বপ্ৰথম “জ্ঞানপীঠ” বঁটা । তাৰ বাহিৰে চুৰ্চুৰীয়াকৈ দুই এজনে দেশপ্ৰেমৰ আগ্ৰহত ক’ৰবাত কিবা কৰিছিল যদিওবা অসমৰ মৃত্যু-বাহিনীৰ মহান স্বাধীনতা সেনানীৰ গৰিমা আৰু কাৰ্যাৱলীৰ বিৱৰণ নাই ! আজিৰ প্ৰজন্মই পূৰ্বপুৰুষৰ মহান ত্যাগ কেনেদৰে জানিব ?  

     এইক্ষেত্ৰত “নাগৰিক অধিকাৰ সমাজ, অসম (নাছা)”-ৰ সদস্যসকলে পাহৰণিৰ গৰ্ভত হেৰাই যাব ওলোৱা অসমৰ গৌৰৱ-গাঁথা বিচাৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । উদ্দেশ্য এটাই — যাতে অসমৰ সকলোৱে স্মৃতিচাৰণ কৰি গৰ্বিত হ’ব পাৰে — আৰু আমিও আমাৰ পূৰ্বপুৰুষৰ দেশৰ প্ৰতি থকা অমলিন আৰু অদম্য দেশপ্ৰেমৰ লগতে তেখেতসকলৰ মহান ত্যাগক সুঁৱৰি গৰ্ব অনুভৱ কৰিব পাৰোঁ । এইক্ষেত্ৰত , ১৪ আগষ্ট, ২০২২ তাৰিখে পানীখাইতিৰ নলঘুলিলৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে যাবলৈ দিন , বাৰ , সময় ঠিক কৰা হয় ! 

     ইতিমধ্যে , লয়লাস ছন্দময় ঝংকাৰেৰে উজ্জীৱিত বিশিষ্ট কবি , গভীৰ দেশাত্মবোধেৰে সংপৃক্ত, অসমীয়া ভাষা-সাহিত্যৰ এজন অক্লান্ত কৰ্মী ড০ নন্দ সিং বৰকলাৰ ( ১২ আগষ্ট,২০২২ তাৰিখৰ “নিয়মীয়া বাৰ্তা”ত ) “নলঘুলিৰ ৰে’ল দুৰ্ঘটনা আৰু অসমৰ স্বাধীনতা আন্দোলন” শীৰ্ষক লেখা প্ৰকাশ পালে । শ্ৰীযুত ৰূপেন চৌধুৰীয়ে ড০ নন্দ সিং বৰকলাৰ সৈতে তেখেতৰ লেখা আৰু ” নাছা”ৰ প্ৰস্তাৱিত পানীখাইতি যাত্ৰাৰ কথা আলোচনা কৰোঁতে তেখেতেও যোৱাৰ প্ৰতি সানন্দেৰে আগ্ৰহ প্ৰকাশ কৰিলে। 

     আৰু অৱশেষত ১৪ আগষ্ট,২০২২ তাৰিখে আগবেলা ১১-০০ বজাত গুৱাহাটীৰ নাৰেঙ্গীৰ পৰা সৰ্বশ্ৰী ৰূপেন চৌধুৰী , অনুপ বৰুৱা , সুভাষ দাস আৰু আমি নিজে শ্ৰীযুত নৰেন দত্ত ডাঙৰীয়াৰ গাড়ীৰে — ডঃ নন্দ সিং বৰকলাই নিজৰ গাড়ীৰে যাত্ৰা আৰম্ভ কৰি চন্দ্ৰপুৰ হৈ পানীখাইতিৰ নলঘুলি চুবুৰী প্ৰায় এঘন্টা পিছত পালোঁগৈ । ইতিমধ্যে শ্ৰীযুত চুথিন্দ্ৰ চাংমা আৰু শ্ৰীযুত জিলিন চাংমাৰ লগতে তেখেতসকলৰ বন্ধুবৰ্গৰে সৈতে পূৰ্বৰ বন্ধুত্ব সূত্ৰে শ্ৰীযুত ৰূপেন চৌধুৰীয়ে কৰা যোগাযোগ মৰ্মে লগালগি হওঁ । তেখেতসকলে অতি আগ্ৰহেৰে আমাক আদৰিলে। আমি বহুদিনৰ মূৰত যেন হেৰাই পোৱা এজন আপোন মানুহহে লগ পালোঁ — এনে অনুভৱ হ’ল । 

      তাৰ পিছত নলঘুলিৰ ৰে’ল বগৰোৱা ঠাইলৈ গৈ দেখিলোঁ — অটব্য অৰণ্যৰ মাজত মৰা সাপৰ দৰে পূবা-পশ্চিমাকৈ ৰে’ল আলিটো পৰি আছে । লগতে আমি মন কৰিলোঁ প্ৰায় পাঁচ – দহ মিনিটৰ মূৰে মূৰে ৰে’লৰ অবিৰাম আহযাহ চলি আছে ! ৰে’ল আলিৰ উত্তৰ -পূব হৈ সেই ঠাইত ডিগাৰু নৈ বৈ গৈছে , আৰু ৰে’ল আদিৰ প্ৰায় পাঁচ-আঠ মিটাৰ আঁতৰৰ দাঁতিতে আছে নলঘুলী নামৰ বিশাল আকাৰৰ এটা ঘুলি আৰু ৰে’ল আলিৰ দহ-পোন্ধৰ মিটাৰ দক্ষিণ -পশ্চিমে পাহাৰ এটা । 

      এইখিনিতে এষাৰ কথা উল্লেখ কৰা উচিত ৰে’ল বগৰোৱা ঘটনাৰ পিছত বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ সৈনিকে ইয়াৰ নাগৰিকক সীমাহীন শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছিল । সেই হিচাপে এই নলঘুলিৰ ৰাইজো বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধৰ সহযোগী আছিল । কাৰণ, প্ৰায় ছমাহ ধৰি পৰিকল্পনা কৰা ৰে’ল বগৰোৱা কাৰ্যসূচীৰ এই সকল ৰাইজো প্ৰত্যক্ষ আৰু পৰোক্ষভাবে সহযোগী আছিল ।

ভাৰত ৰাষ্ট্ৰই বিশাল আয়োজন আৰু পৰ্বতসম প্ৰচাৰেৰে ৭৫ বছৰীয়া “স্বাধীনতাৰ অমৃত মহোৎসৱ ” উদ্ যাপন কৰি আছে । অথচ ,নলঘুলিৰ প্ৰায় সৰহখিনি ৰাইজৰ ঘৰ-মাটিৰ চৰকাৰে আজিও স্থায়ী পট্টা দিয়া নাই । তেওঁলোক বিদেশী নহয় — খিলঞ্জীয়া । প্ৰশ্ন কৰিলে ভুল হ’ব নেকি —ভূমিহীন এই দুৰ্ভগীয়া স্বাধীনতা সেনানীসকল কিহৰ স্বাধীন ? 

      আগ্ৰহী পাঠকে “মৃত্যুঞ্জয়”ত এই ঠাইৰ আৰু সেই অদম্য দেশপ্ৰেমৰ বিৱৰণ পাব ।

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

আমি বেদনা মিশ্ৰিত গৰ্বেৰে ড০ নন্দ সিং বৰকলাৰ লগতে শ্ৰীযুত চুথিন্দ্ৰ চাংমাই যুটীয়াভাবে পতাকা উত্তোলন কৰোঁ আৰু নলঘুলিৰ একাংশ ৰাইজৰ সৈতে স্মৰণ কৰিলোঁ নলঘুলি তিনিআলিত অসমৰ বুৰঞ্জীত অৱহেলিত , অসমৰ বিদ্বৎ সমাজৰ দ্বাৰা অৱহেলিত , পানীখাইতিৰ নলঘুলিৰ সাম্ৰাজ্যবাদী বৃটিছৰ বিৰুদ্ধে যি অসীম সাহসী সংগ্ৰাম — যি সংগ্ৰামে বৃটিছ সাম্ৰাজ্যবাদী শাসকৰ ৰাজহাড় কঁপাই দিছিল , ভাৰতৰ স্বাধীনতা সংগ্ৰামতো যি বিৰল ঘটনা সেই ঘটনা আজিও অৱহেলিত — এই অৱহেলা যেন ৰক্তৰঞ্জিত সেই সাহসী মৃত্যু বাহিনীৰ ত্যাগক কৰা অৱহেলা , বেদনামিশ্ৰিত সেই অসীম সাহসী যোদ্ধাক কৰা অৱহেলা , পৰোক্ষভাবে মাতৃভূমিক কৰা অৱহেলা— প্ৰশ্ন কৰিবলৈ মন যায় — আমি অসমীয়া এটা অকৃতজ্ঞ জাতি নেকি ?

স্থানীয় ৰাইজে জনাইছে, যোৱা চাৰিকুৰি বছৰে কোনেও সেই মহান স্বাধীনতা সেনানীক ৰাজহুৱাভাবে স্মৰণ কৰা নাই।

      আহক, আজিৰ পৰা চাৰিকুৰি(৮০)বছৰ আগৰ ২৪ নৱেম্বৰ, ১৯৪২ চনৰ আমাৰ পূৰ্বপুৰুষৰ সেই অদমনীয় সাম্ৰাজ্যবাদবিৰোধী স্বাধীনতা সংগ্ৰামৰ ঐতিহাসিক গৌৰৱগাঁথাক স্মৰণ কৰোঁ । 

16-08-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d