অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী
শঙ্কৰ শইকীয়া
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী
(১৪.০৮.২০২২ তাৰিখৰ পানীখাইতি নলঘুলিৰ ক্ষেত্ৰ অধ্যয়নৰ অনুভৱ )
অসমত দীৰ্ঘকালীন অন্তঃকন্দল, ডা-ডাঙৰীয়াসকলৰ মাজত ক্ষমতাৰ অৰিয়া-অৰি, ধৰ্মীয় উগ্ৰতা , গৃহযুদ্ধৰ পৰিণাম স্বৰূপে অসমৰ স্বাধীনতাৰ ৰবি অস্ত গ’ল ।
সম্ৰাট অশোক , সম্ৰাট হৰ্ষবৰ্দ্ধনৰ বিশাল ক্ষমতাৰো অধীন নোহোৱা তথা বিশাল মোগল সাম্ৰাজ্যবাদী দিল্লীশ্বৰেও পৰাভূত কৰিব নোৱাৰা অসমৰ স্বাধীনতা ৰবি অসমৰ স্বাক্ষৰ নোহোৱাকৈয়ে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে চিৰদিনৰ বাবে অস্ত গ’ল ।
কিন্তু , অসমৰ স্বাধীনতা পিয়াসী বীৰসকল ৰৈ নাথাকিল ! ১৮২৮ চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰিলে , বৃটিছ সাম্ৰাজ্যবাদী শক্তিয়ে গোমধৰ কোঁৱৰক কলীয়াপানীলৈ নিৰ্বাসিত কৰিলে । ১৮৩০ চনৰ ২৫ মাৰ্চ তাৰিখে চাকোলা পিয়লি ফুকনৰ নেতৃত্বত বীৰ অসমীয়া সেনাই শিৱসাগৰৰ ৰংপুৰত থকা বৃটিছৰ চিপাহী ছাউনীৰ খাৰঘৰত জুই দি খাৰঘৰ ভস্মীভূত কৰিলে । দেশৰ স্বাধীনতাৰ বাবে যুঁজ কৰা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰৰ পুখুৰীৰ পাৰত বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰে ৰাষ্ট্ৰদ্ৰোহ কৰাৰ অপৰাধত অসমৰেই ক্ষমতালোভী ডাঙৰীয়াৰ পৰামৰ্শত ফটা মেখেলাৰে ফাঁচী দিলে ।
আৰম্ভ হ’ল স্বাধীনতাৰ ৰণ ।
এই স্বাধীনতাৰ ৰণৰ অইন এক অৱহেলিত অধ্যায় হ’ল ১৯৪২ চনৰ ২৪নৱেম্বৰ তাৰিখে কামৰূপ জিলাৰ পানীখাইতীৰ ডিগাৰু নৈ-ৰ পাৰৰ নলঘূলিত ইতিহাসতেই বিৰল বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ সৈন্য কঢ়িওৱা এখন ৰেলগাড়ী অসমৰ স্বাধীনতা সেনানী মহদানন্দ দেৱ গোস্বামী ওৰফে মহদা গোঁসাইৰ নেতৃত্বত প্ৰায় ছমহীয়া পৰিকল্পনাৰ অন্তত ভিভিৰাম বৰা,মাণিক বৰা , লক্ষ্মীপ্ৰসাদ গোস্বামী , দধিৰাম বৰদলৈ , ধনজু লস্কৰ , ভোগৰাম ডেকা , ৰূপৰাম সূত , কামেশ্বৰ বৰদলৈ, বেণুধৰ ডেকা, লয়ৰাম মেধি আদি মৃত্যু বাহিনীৰ সদস্যৰ সহযোগত ৰেলৰ চিৰি তুলি দুৰ্ঘটনাগ্ৰস্ত কৰি নলঘূলিত বগৰাই দিছিল । যাৰ পৰিণাম স্বৰূপে প্ৰায় ৯০০ বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ সৈনিকৰ মৃত্যু হৈছিল ।
সেই সৈনিক সকলৰ মৃতদেহ নলঘূলিৰ কাষতে থকা পাহাৰৰ নামনিত গাঁত খান্দি পুতি থৈছিল । আজিও সেই গাঁতৰ অৱশেষ দেখা যায় বুলি স্থানীয় ৰাইজে জনাইছে। এইখিনি কথা অসমৰ তৰুণ প্ৰজন্মৰ অৱগত নহয় যেন ধাৰণা হয়। তাৰ কাৰণে আমি তৰুণ প্ৰজন্মক জগৰীয়া কৰিব নোৱাৰোঁ । এই বিষয়ত অৱধাৰিতভাবে প্ৰশ্ন উত্থাপন হ’ব যে তৰুণ প্ৰজন্মক জনোৱাৰ বাবে পুৰণি প্ৰজন্মই কি কাম কৰিছে ?
চৰকাৰৰ ভূমিকা কি ?
এই দুয়োটাৰে উত্তৰ শূন্য । কেৱল ব্যক্তিগত উদ্যোগত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই অসমৰ ৰাইজলৈ “মৃত্যুঞ্জয়” শীৰ্ষক উপন্যাসৰ জৰিয়তে এই বিষয়টো অৱগত কৰিছিল। যিখন গ্ৰন্থই অসমলৈ আনি দিছিল সৰ্বপ্ৰথম “জ্ঞানপীঠ” বঁটা । তাৰ বাহিৰে চুৰ্চুৰীয়াকৈ দুই এজনে দেশপ্ৰেমৰ আগ্ৰহত ক’ৰবাত কিবা কৰিছিল যদিওবা অসমৰ মৃত্যু-বাহিনীৰ মহান স্বাধীনতা সেনানীৰ গৰিমা আৰু কাৰ্যাৱলীৰ বিৱৰণ নাই ! আজিৰ প্ৰজন্মই পূৰ্বপুৰুষৰ মহান ত্যাগ কেনেদৰে জানিব ?
এইক্ষেত্ৰত “নাগৰিক অধিকাৰ সমাজ, অসম (নাছা)”-ৰ সদস্যসকলে পাহৰণিৰ গৰ্ভত হেৰাই যাব ওলোৱা অসমৰ গৌৰৱ-গাঁথা বিচাৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । উদ্দেশ্য এটাই — যাতে অসমৰ সকলোৱে স্মৃতিচাৰণ কৰি গৰ্বিত হ’ব পাৰে — আৰু আমিও আমাৰ পূৰ্বপুৰুষৰ দেশৰ প্ৰতি থকা অমলিন আৰু অদম্য দেশপ্ৰেমৰ লগতে তেখেতসকলৰ মহান ত্যাগক সুঁৱৰি গৰ্ব অনুভৱ কৰিব পাৰোঁ । এইক্ষেত্ৰত , ১৪ আগষ্ট, ২০২২ তাৰিখে পানীখাইতিৰ নলঘুলিলৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে যাবলৈ দিন , বাৰ , সময় ঠিক কৰা হয় !
ইতিমধ্যে , লয়লাস ছন্দময় ঝংকাৰেৰে উজ্জীৱিত বিশিষ্ট কবি , গভীৰ দেশাত্মবোধেৰে সংপৃক্ত, অসমীয়া ভাষা-সাহিত্যৰ এজন অক্লান্ত কৰ্মী ড০ নন্দ সিং বৰকলাৰ ( ১২ আগষ্ট,২০২২ তাৰিখৰ “নিয়মীয়া বাৰ্তা”ত ) “নলঘুলিৰ ৰে’ল দুৰ্ঘটনা আৰু অসমৰ স্বাধীনতা আন্দোলন” শীৰ্ষক লেখা প্ৰকাশ পালে । শ্ৰীযুত ৰূপেন চৌধুৰীয়ে ড০ নন্দ সিং বৰকলাৰ সৈতে তেখেতৰ লেখা আৰু ” নাছা”ৰ প্ৰস্তাৱিত পানীখাইতি যাত্ৰাৰ কথা আলোচনা কৰোঁতে তেখেতেও যোৱাৰ প্ৰতি সানন্দেৰে আগ্ৰহ প্ৰকাশ কৰিলে।
আৰু অৱশেষত ১৪ আগষ্ট,২০২২ তাৰিখে আগবেলা ১১-০০ বজাত গুৱাহাটীৰ নাৰেঙ্গীৰ পৰা সৰ্বশ্ৰী ৰূপেন চৌধুৰী , অনুপ বৰুৱা , সুভাষ দাস আৰু আমি নিজে শ্ৰীযুত নৰেন দত্ত ডাঙৰীয়াৰ গাড়ীৰে — ডঃ নন্দ সিং বৰকলাই নিজৰ গাড়ীৰে যাত্ৰা আৰম্ভ কৰি চন্দ্ৰপুৰ হৈ পানীখাইতিৰ নলঘুলি চুবুৰী প্ৰায় এঘন্টা পিছত পালোঁগৈ । ইতিমধ্যে শ্ৰীযুত চুথিন্দ্ৰ চাংমা আৰু শ্ৰীযুত জিলিন চাংমাৰ লগতে তেখেতসকলৰ বন্ধুবৰ্গৰে সৈতে পূৰ্বৰ বন্ধুত্ব সূত্ৰে শ্ৰীযুত ৰূপেন চৌধুৰীয়ে কৰা যোগাযোগ মৰ্মে লগালগি হওঁ । তেখেতসকলে অতি আগ্ৰহেৰে আমাক আদৰিলে। আমি বহুদিনৰ মূৰত যেন হেৰাই পোৱা এজন আপোন মানুহহে লগ পালোঁ — এনে অনুভৱ হ’ল ।
তাৰ পিছত নলঘুলিৰ ৰে’ল বগৰোৱা ঠাইলৈ গৈ দেখিলোঁ — অটব্য অৰণ্যৰ মাজত মৰা সাপৰ দৰে পূবা-পশ্চিমাকৈ ৰে’ল আলিটো পৰি আছে । লগতে আমি মন কৰিলোঁ প্ৰায় পাঁচ – দহ মিনিটৰ মূৰে মূৰে ৰে’লৰ অবিৰাম আহযাহ চলি আছে ! ৰে’ল আলিৰ উত্তৰ -পূব হৈ সেই ঠাইত ডিগাৰু নৈ বৈ গৈছে , আৰু ৰে’ল আদিৰ প্ৰায় পাঁচ-আঠ মিটাৰ আঁতৰৰ দাঁতিতে আছে নলঘুলী নামৰ বিশাল আকাৰৰ এটা ঘুলি আৰু ৰে’ল আলিৰ দহ-পোন্ধৰ মিটাৰ দক্ষিণ -পশ্চিমে পাহাৰ এটা ।
এইখিনিতে এষাৰ কথা উল্লেখ কৰা উচিত ৰে’ল বগৰোৱা ঘটনাৰ পিছত বৃটিছ সাম্ৰাজ্যবাদী চৰকাৰৰ সৈনিকে ইয়াৰ নাগৰিকক সীমাহীন শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছিল । সেই হিচাপে এই নলঘুলিৰ ৰাইজো বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধৰ সহযোগী আছিল । কাৰণ, প্ৰায় ছমাহ ধৰি পৰিকল্পনা কৰা ৰে’ল বগৰোৱা কাৰ্যসূচীৰ এই সকল ৰাইজো প্ৰত্যক্ষ আৰু পৰোক্ষভাবে সহযোগী আছিল ।
ভাৰত ৰাষ্ট্ৰই বিশাল আয়োজন আৰু পৰ্বতসম প্ৰচাৰেৰে ৭৫ বছৰীয়া “স্বাধীনতাৰ অমৃত মহোৎসৱ ” উদ্ যাপন কৰি আছে । অথচ ,নলঘুলিৰ প্ৰায় সৰহখিনি ৰাইজৰ ঘৰ-মাটিৰ চৰকাৰে আজিও স্থায়ী পট্টা দিয়া নাই । তেওঁলোক বিদেশী নহয় — খিলঞ্জীয়া । প্ৰশ্ন কৰিলে ভুল হ’ব নেকি —ভূমিহীন এই দুৰ্ভগীয়া স্বাধীনতা সেনানীসকল কিহৰ স্বাধীন ?
আগ্ৰহী পাঠকে “মৃত্যুঞ্জয়”ত এই ঠাইৰ আৰু সেই অদম্য দেশপ্ৰেমৰ বিৱৰণ পাব ।
আমি বেদনা মিশ্ৰিত গৰ্বেৰে ড০ নন্দ সিং বৰকলাৰ লগতে শ্ৰীযুত চুথিন্দ্ৰ চাংমাই যুটীয়াভাবে পতাকা উত্তোলন কৰোঁ আৰু নলঘুলিৰ একাংশ ৰাইজৰ সৈতে স্মৰণ কৰিলোঁ নলঘুলি তিনিআলিত অসমৰ বুৰঞ্জীত অৱহেলিত , অসমৰ বিদ্বৎ সমাজৰ দ্বাৰা অৱহেলিত , পানীখাইতিৰ নলঘুলিৰ সাম্ৰাজ্যবাদী বৃটিছৰ বিৰুদ্ধে যি অসীম সাহসী সংগ্ৰাম — যি সংগ্ৰামে বৃটিছ সাম্ৰাজ্যবাদী শাসকৰ ৰাজহাড় কঁপাই দিছিল , ভাৰতৰ স্বাধীনতা সংগ্ৰামতো যি বিৰল ঘটনা সেই ঘটনা আজিও অৱহেলিত — এই অৱহেলা যেন ৰক্তৰঞ্জিত সেই সাহসী মৃত্যু বাহিনীৰ ত্যাগক কৰা অৱহেলা , বেদনামিশ্ৰিত সেই অসীম সাহসী যোদ্ধাক কৰা অৱহেলা , পৰোক্ষভাবে মাতৃভূমিক কৰা অৱহেলা— প্ৰশ্ন কৰিবলৈ মন যায় — আমি অসমীয়া এটা অকৃতজ্ঞ জাতি নেকি ?
স্থানীয় ৰাইজে জনাইছে, যোৱা চাৰিকুৰি বছৰে কোনেও সেই মহান স্বাধীনতা সেনানীক ৰাজহুৱাভাবে স্মৰণ কৰা নাই।
আহক, আজিৰ পৰা চাৰিকুৰি(৮০)বছৰ আগৰ ২৪ নৱেম্বৰ, ১৯৪২ চনৰ আমাৰ পূৰ্বপুৰুষৰ সেই অদমনীয় সাম্ৰাজ্যবাদবিৰোধী স্বাধীনতা সংগ্ৰামৰ ঐতিহাসিক গৌৰৱগাঁথাক স্মৰণ কৰোঁ ।
16-08-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)