• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আঁঠুৰ বিষ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা

-ডাঃ অনুপ বৈশ্য

by Anjan Sarma
June 29, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ অনুপ বৈশ্য |

আঁঠুযুৰি আমাৰ গোটেই শৰীৰৰ ভাৰ বহন কৰে কাৰণে ইয়াক ভাৰ বহনকাৰী সন্ধি (weight bearing joints) বুলি কোৱা হয়। আমাৰ বিভিন্ন কৰ্ম, যেনে—খোজ কঢ়া, দৌৰা, আঁঠু কঢ়া ইত্যাদি বিভিন্ন নিত্য-নৈমিত্তিক কৰ্মত আঁঠুযুৰিৰ ভূমিকা বহুত। বৰ্তমান জীৱনশৈলীৰ ফলত বহুতো ৰোগী আঁঠুৰ বিষত ভোগা দেখা যায়। আজি এই লিখনিটোৰ জৰিয়তে আমি আঁঠুৰ বিষ সম্পৰ্কে কিছু আলোচনা কৰিম। আলোচনাৰ প্ৰাৰম্ভতে আমাৰ আঁঠুযুৰিৰ শাৰীৰিক গঠন সম্পৰ্কে কিছু জানি লওঁ আহক।

আঁঠুৰ গঠন

     আমাৰ আঁঠু চাৰিডাল হাড় একগোট হোৱা এটি সন্ধি। ওপৰৰ হাড়ডালৰ নাম femer, তলৰ দুডাল হাড়ৰ

ডাঙৰ ডালক tibia আৰু সৰুডালক fibula বুলি কোৱা হয়। বাচন-বৰ্তনৰ ঢাকনিৰ দৰে patela নামৰ এটি গোলাকাৰ হাড়ে এই সন্ধিটোক ওপৰৰপৰা ঢাকি ৰাখে। হাড়বোৰক এডালৰ লগত আন এডাল সংযোগ কৰি ৰখাটোত সহায় কৰে কেতবোৰ সূক্ষ্ম ৰছীৰ দৰে বস্তুৱে যাক কোৱা হয় ligaments। সন্ধিটোৰ বাহিৰৰ পিনে LCL(lateral collateral ligament) আৰু ভিতৰৰ পিনে MCL (medial collateral  ligament) থাকে,  যিয়ে মুখ্যতঃ ডাঙৰ হাড় তিনিডালক সন্ধিটোৰ বাহিৰে-ভিতৰে বান্ধি ৰাখে। সন্ধিটোৰ ভিতৰত দুটি সৰু ligament, যেনে—anterior crucial ligament আৰু posterior crucial ligament-এ ভিতৰৰপৰা সন্ধিটোক বান্ধি ৰাখি শক্তি প্ৰদান কৰে।

           Femur আৰু tibia হাড় দুডালৰ যিটো অংশ সন্ধিটোক বনাওঁতে সহায় কৰে, সেই অংশটো অৰ্থাৎ হাড় দুডালৰ অন্তিম অংশত দুয়োডাল হাড় যাতে ঘঁহনি নাখায় তাৰ বাবে এটি স্পঞ্জ সদৃশ পদাৰ্থ থাকে, যাক hyaline cartilage বুলি কোৱা হয়। তদুপৰি দুয়োডাল হাড়ৰ ঘঁহনিৰপৰা ৰক্ষা কৰিবলৈ আন এবিধ আঁহযুক্ত তাৰুণাষ্ঠী (fibro cartilage) অসমীয়া চাৰিটোৰ আকৃতিত গাঁঠিটোৰ মাজত সোমাই থাকে, যাক meniscus বুলি কোৱা হয়। এই meniscus-এ shock absorber-অৰ দৰে কাম কৰে আৰু হাড় দুডালক নষ্ট হোৱাৰপৰা বচাই ৰাখে। গোটেই আঁঠুটোক এখন চামনিৰ দৰে আৱৰণে আৱৰি ৰাখে যাক synovial membrane বুলি কোৱা হয়। এই synovial membrane-অৰ কোষবোৰে এটি তৰল পদাৰ্থ নিঃসৰণ কৰে যাক synovial fluid বুলি কোৱা হয়। এই synovial fluid-এ গাড়ীৰ ইঞ্জিনত থকা মবিলৰ দৰে কাম কৰে অৰ্থাৎ হাড়বোৰক ঘঁহনি খোৱাৰপৰা ৰক্ষা কৰে। এই ৰসবিধক কম-বেছি নোহোৱাকৈ synovial membrane খনে সন্তুলন বজাই ৰাখে। তদুপৰি bursa, tendon  আদি অন্যান্য কেতবোৰ তত্ত্বৰে আঁঠুৰ সন্ধিৰ গঠন হয়।

আঁঠুৰ বিষৰ কাৰণ

১) অষ্টিও আৰথ্ৰাইটিজ

আঁঠুৰ বিষৰ মুখ্য কাৰণটোৱেই হৈছে আঁঠুৰ অৱয়ৱসমূহৰ ক্ষয় হোৱা। শৰীৰৰ ওজন বৃদ্ধি, বৰ্ধিত বয়স, অত্যাধিক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ-ক্ষমতাৰ অভাৱ, বংশানু ভাবে তথা খাদ্যৰ বিসংগতি, কেলছিয়াম আৰু ভিটামিন আৰু মিনাৰেলৰ অভাৱত আঁঠুৰ অৱয়ৱসমূহ ক্ষয় হ’বলৈ ধৰে। পোনতে shock absorber সদৃশ cartilageসমূহৰ ভাঙোন আৰম্ভ হয়। যাৰ লগে লগে আঁঠুটোক বান্ধি ৰখা ligaments আৰু কন্দৰাসমূহৰো ক্ষয় হ’বলৈ ধৰে। এটা সময়ত আঁঠুটোৰ ভিতৰত থকা তেল সদৃশ জলীয়াংশৰ (synovial fluid) পৰিমাণ কমিবলৈ ধৰে আৰু ওপৰৰ হাড়ৰ লগত তলৰ হাড় ঘঁহনি খাবলৈ ধৰে।এই ঘঁহনিৰ ফলত হাড়ৰ বাহ্যিক আৱৰণ, যাক peiostium বুলি কোৱা হয়, সেই আৱৰণখন বিদীৰ্ণ হোৱাৰ ফলত সেই ঠাইতে কাঁইট সদৃশ হাড়ৰ সৃষ্টি হয় যাক ostrophyte অৰ্থাৎ হাঁড়ৰ কাঁইট বুলি কোৱা হয়। খোজ কাঢ়িলে বা দৌৰিলে এই কাঁইটবোৰে কাষৰ মাংশপেশী তথা লিগামেণ্ট আৰু টেন্দনসমূহক খুঁচিবলৈ ধৰে কাৰণে ৰোগীজনে অসহ্য বিষ অনুভৱ কৰে।

লক্ষণ

*আঁঠুৰ বিষ। আঁঠুটো লৰচৰ কৰাত অসুবিধা হোৱা।

*বহাৰ পৰা উঠা বা উঠাৰ পৰা বহা কার্যত অসুবিধা হোৱা।

*কেতিয়াবা বহাৰ পৰা উঠিলে বিজুলী মৰাৰ দৰে বিষ অনুভৱ হোৱা।

*গাঁঠিটো লৰচৰ কৰিলে মৰক মৰক শব্দ হোৱা।

*আঁঠু ফুলা। কেতিয়াবা পানী জমা হোৱা।

*বৰ্ধিত অৱস্থাত ভৰি দুখন ধেনুভিৰীয়া হোৱা।

*খোজৰ বিসংগতি হোৱা।

*গাঁঠিটোৰ আশে পাশে থকা মাংসপেশীসমূহ শুকাই যোৱা।

২) আঁঠুৰ আঘাত

কিবা কাৰণত আঁঠু আঘাতপ্ৰাপ্ত হ’লে, হাড় ভাঙিলে, tendon, ligaments, meniscus, bursa আদি আঘাতপ্ৰাপ্ত হলে আঘাত অনুযায়ী বিভিন্ন ধৰণৰ বিষ হ’ব পাৰে।

৩) পপলিটিয়েল চিষ্ট

আঁঠুটোৰ পিছফালৰ অংশক poplitial অংশ বুলি কোৱা হয়। চিষ্ট হৈছে এখন আৱৰণৰ ভিতৰত পানী জমা হোৱা। কেতিয়াবা আঁঠুৰ এই অংশত চিষ্ট হোৱা দেখা যায় যিয়ে আঁঠুটোৰ চলন-ফুৰণত ব্যাঘাত জন্মায় আৰু পৰৱৰ্তী সময়ত বিষৰ সৃষ্টি কৰে। এনে ক্ষেত্ৰত চিষ্টটো উঠাই দিলে ৰোগীয়ে বিষৰ পৰা আৰাম পায়।

৪) কেতবোৰ অন্য ৰোগৰ লক্ষণ হিচাপে

      কেতবোৰ ৰোগ, যেনে—rheumatoid arthritis, SLE, rheumatic arthritis ইত্যাদি অন্য ৰোগ যি মুখ্যতঃ আঁঠুত বিষৰ সৃষ্টি নকৰে, এনে ৰোগতো কেতিয়াবা আঁঠুৰ বিষ হয়।

৫) আঁঠুৰ সংক্রমণ

    সাধাৰণতে বেক্টেৰিয়াৰদ্বাৰা সংক্ৰমণ হ’লেও আঁঠু ফুলি যায় আৰু বিষ আৰম্ভ হয়। তদুপৰি বিভিন্ন ৰোগত আঁঠুৰ বিষ হব পাৰে।

আয়ুৰ্বেদিক দৃষ্টিভংগী

হেজাৰ হেজাৰ বছৰ পুৰণি আয়ুৰ্বেদ শাস্ত্ৰত আঁঠুৰ বিষৰ লক্ষণ, চিকিৎসা সম্পৰ্কে বৰ্ণনা পোৱা যায়। আয়ুৰ্বেদত সন্ধিগত বাত, জানুসন্ধি শূল, জানুসন্ধি শোথ, ক্ৰষ্টক শীর্ষক ইত্যাদি বিভিন্ন আঁঠুৰ ৰোগৰ বৰ্ণনা পোৱা যায়। আজিৰ লিখনিটোত আমি যিহেতু অষ্টিও আৰথ্ৰাইটিছৰ ওপৰতহে বেছি গুৰুত্ব দিছো, সেয়েহে ইয়াৰ সম্পৰ্কত আয়ুৰ্বেদিক দৃষ্টিভংগী দাঙি ধৰিলো। আঁঠুক আয়ুৰ্বেদত জানুসন্ধি বুলি কোৱা হয়। অত্যধিক পৰিশ্ৰম, বার্ধক্যজনিত কাৰণ আৰু বায়ু দোষৰ বিসংগতিৰ কাৰণসমূহৰ ফলত শৰীৰৰ বায়ু দোষৰ বিসংগতি হ’বলৈ ধৰে; যাৰ ফলস্বৰূপে হাড়বোৰ দুৰ্বল হয়, সন্ধিটোৰ আশে-পাশে থকা মাংসপেশী তথা স্নায়ুকণ্ডৰাসমূহৰ ৰাচনাত্মক বিসংগতি হ’বলৈ ধৰে। ফলত জানুসন্ধি দুৰ্বল হৈ পৰে আৰু কালক্ৰমত আঁঠুৰ বিষৰ আৰম্ভণি হয়। এয়া হৈছে সহজ ভাষাত এক থূলমূল আভাস।

উপচাৰ

আপোনাৰ কৰণীয়

১) শৰীৰৰ ওজন কমাওক।

২) খোজ কাঢ়োতে সদায় চিধা হৈ খোজ কাঢ়িব।

৩) ওখোৰা-মোখোৰা ৰাস্তাত বেছিকৈ খোজ নাকাঢ়িব।

৪) বেছিকৈ ছিৰি নবগাব।

৫) কেলছিয়ামযুক্ত তথা পুষ্টিকৰ আহাৰ খাব।

শাৰীৰিক ব্যায়াম

আঁঠুযুৰি শক্তিশালী কৰি ৰখাটো অতি দৰকাৰী। নিতৌ কেতবোৰ ব্যায়াম কৰিলে আঁঠুৰ বিষৰপৰা পৰিত্ৰাণ পাব পাৰি। আঁঠুৰ বিষৰ যিহেতু কাৰণ বহুত, সেয়েহে কাৰণসমূহ জানি ব্যায়ামসমূহ কৰিলে বেছি উপকাৰ পোৱা যায়। আঁঠুৰ বিষৰ উপশমৰ বাবে তলত উল্লেখ কৰা কেইটামান ব্যায়াম কৰি চাব পাৰে।

১) ওপৰমুৱাকৈ শুই লওক। এতিয়া হাত দুখনৰ সহায়ত এখন ভৰি কোঁচাই গাৰ পিনে টানক। কিছুসময় ৰাখি এখন ভৰি চিধা কৰি আনখন ভৰি কৰক। এনেকৈ দহ বাৰমান কৰক (ছবি নং-২)।

২) ওপৰমুৱাকৈ শুই লৈ আঁঠুযুৰিৰ তলত এটি গাৰু ৰাখক। এতিয়া আঁঠুযুৰিৰে গাৰুটোৰ ওপৰত জোৰ দিয়ক অৰ্থাৎ মজিয়াৰ পিনে জোৰ দিয়ক (ছবি নং-৩)।

৩) চিধাকৈ শুই ভৰি দুখন এখন চকীৰ ওপৰত ৰাখক। এতিয়া কঁকালটো ওপৰৰ পিনে দাঙি ভৰি দুখন চিধা কৰক। পুনৰ আগৰ অৱস্থালৈ আহক। এনেদৰে দহ বাৰ কৰক (ছবি নং-৪)।

৪) এতিয়া ওলোটাকৈ শুই লওক। হাত দুখন শৰীৰৰ দুয়োকাষে ৰাখি এখন ভৰি কোঁচাওক। কিছুসময় ৰাখি পুনৰ আগৰ অৱস্থালৈ যাওক। এনেদৰে আনখন ভৰিও কৰক। এনেদৰেই দহ বাৰমান কৰক (ছবি নং-৫)।

৫) এতিয়া থিয় হৈ লওক। এটা ছিৰিত এখন ভৰিৰে থিয় হওক। কিছু সময় থাকি পুনৰ আগৰ অৱস্থালৈ আহক। এতিয়া আনখন ভৰিৰে কৰক। এনেদৰে দহ-বাৰ বাৰমান কৰক (ছবি নং-৬)।

৬) থিয় হৈ এখন ভৰি বুকুলৈ কোঁচাওক। কিছু সময় ৰখি পুনৰ আগৰ অৱস্থালৈ আহক। এনেদৰেই আনখন ভৰিও কৰক। এনেদৰে দহ বাৰমান কৰক (ছবি নং-৭)।

৭) এতিয়া বহি লওক। দুয়োখন ভৰিৰ মাজত গাৰু এটি ৰাখক (দুয়ো আঁঠুৰ মাজত)। এতিয়া গাৰুটোক আঁঠুদুটাৰে জোৰকৈ হেঁচক। কিছু সময় পিছত পুনৰ কৰক। এনেদৰে পাঁচ বাৰমান কৰক (ছবি নং-৮)।

৮) কাপোৰত দুই কিলোমান বালি ভৰ্তি কৰি সৰু গাৰু এটি বনাই লওক। এতিয়া এখন ওখ ঠাইত বহক যাতে ভৰি দুখন ওলমি থাকে। এতিয়া বালিভৰ্তি গাৰুটো এখন ভৰিৰ পতাত ৰাখি ভৰিখন চিধাকৈ মেলি দিয়ক। কিছু সময় চিধাকৈ ৰাখি পুনৰ আগৰ অৱস্থালৈ আহক। এনেদৰে এখন ভৰিৰে দহ বাৰমান কৰি আনখন ভৰিৰেও দহ বাৰমান কৰক। এনে কৰিলে আঁঠুটোৰ মাজৰ ঠাইখিনি বাঢ়ি যায় যাৰ ফলত হাড়বোৰৰ ঘঁহনি খোৱা কমি যায় আৰু আৰু আঁঠুৰ বিষ কমিবলৈ ধৰে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ ল’ব কিমান পৰিমাণৰ বালি ল’ব লাগিব সেয়া জানিবলৈ।

আয়ুৰ্বেদিক চিকিৎসা

আগতেই উল্লেখ কৰিছো যে আয়ুৰ্বেদত এই বেমাৰৰ বিষয়ে সুন্দৰ বৰ্ণনা পোৱা যায়। আমি চিকিৎসা কৰোতে দুটা কথাৰ ওপৰত বেছি গুৰুত্ব দিওঁ। সেই দুটা হৈছে—গাঁঠিটো ফুলিছে নে ফুলা নাই। ফুলিলে কফ আৰু বায়ুৰ চিকিৎসা কৰা হয় আৰু নুফুলিলে অকল বাতনাশক চিকিৎসা কৰা হয়। ইয়াৰ কাৰণে চিকিৎসকৰ পৰামর্শ ল’ব লাগে। তথাপি কেইটামান ঘৰুৱা দিহা আগবঢ়ালো—

১) ধঁতুৰাৰ পাত, পছতিয়াৰ পাত, এৰা গছৰ পাত সম পৰিমাণত লৈ হালধিৰ গুৰিৰ লগত আঁঠুটোৰ চাৰিওপিনে প্ৰলেপ লগাই চাফা কাপোৰেৰে বান্ধি থ’ব তিনি-চাৰি ঘণ্টা সময়। এনেকৈ কেইদিনমান কৰিব।

২) এটা প্ৰেছাৰ কুকাৰত উপৰিউক্ত গছৰ পাতসমূহ দি কুকাৰৰ হুইছেল খুলি এডাল গেছৰ পাইপত সংযোগ কৰিব। এতিয়া কুকাৰটো চৌকাৰ ওপৰত ৰাখি মিশ্ৰণসমূহ উতলিবলৈ দিলে পাইপেৰে বাষ্প বাহিৰ হব। এই বাষ্প দূৰৰপৰা আঁঠুটোৰ চাৰিওপিনে লগাওক। এনেদৰে আধা ঘণ্টাকৈ সদায় পোন্ধৰ দিনৰপৰা এমাহমান কৰিলে যথেষ্ট আৰাম পোৱা যায়।

৩) অকণমান শুকান বালি ৫০গ্ৰাম সৈন্ধৱ নিমখৰ লগত ভাজি এখন মাৰ্কিন কাপোৰত টোপোলা বনাই আঁঠুটোৰ চাৰিওপিনে সেকি দিলে যথেষ্ট আৰাম পাব।

(এই আটাইখিনি কৰ্ম দেখাত যদিও সহজ যেন লাগে তথাপি আৰম্ভণিতে এজন আয়ুৰ্বেদিক চিকিৎসকক দেখুৱাই কৰা উচিত।)

আয়ুৰ্বেদৰ অন্যান্য ফলপ্ৰসূ চিকিৎসা

আয়ুৰ্বেদিক মহাবিদ্যালয়সমূহত এই ৰোগ সংক্ৰান্তত বহুতো গৱেষণা হৈছে। ইয়াৰে ভিতৰত কেতবোৰ পিণ্ড স্বেদ চিকিৎসা, বস্তি চিকিৎসা, স্নেহন চিকিৎসা আদি প্ৰধান। আয়ুৰ্বেদ চিকিৎসাত ৰোগ আৰু ৰোগীৰ বালাবল চাইহে চিকিৎসা কৰা হয়। সেয়েহে ৰোগীক নোচোৱাকৈ আয়ুৰ্বেদিক চিকিৎসা কৰাটো উচিত নহয়।

আয়ুৰ্বেদিক চিকিৎসাত এই ৰোগৰ চিকিৎসাৰ বাবে বহুতো ঔষধি আছে। এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’লে আঁঠুৰ বিষৰপৰা পৰিত্ৰাণ পাব পাৰি।

উপসংহাৰ

সদৌ শেষত prevention is better than cure কথাশাৰী মনত ৰাখি আঁঠুৰ বিষ নোহোৱাৰ বাবে ওপৰত উল্লিখিত কৰণীয়সমূহৰ লগতে ব্যায়ামসমূহ নিয়মীয়াকৈ কৰক; নহলে আঁঠুৰ বেমাৰ বাঢ়ি গ’লে আঁঠু পুনঃসংস্থাপন (knee transplant) কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিব। মনত ৰখা দৰকাৰ যে knee transplant কৰিও সম্পূৰ্ণ সুস্থ হ’ব বুলি আশা কৰিব নোৱাৰি।

        *ডাঃ অনুপ বৈশ্য , সহযোগী অধ্যাপক, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, জালুকবাৰী,গুৱাহাটী-১৪

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: আঁঠুৰ বিষ আৰু ইয়াৰ ঘৰুৱা চিকিৎসা
Anjan Sarma

Anjan Sarma

Related Posts

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation
food

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

by Rituraj Phukan
September 7, 2026
0

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation RITURAJ PHUKAN The first Global...

Read moreDetails
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

September 5, 2026
Who Decided We Should Eat Three Meals a Day?

Who Decided We Should Eat Three Meals a Day?

September 3, 2026
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

September 3, 2026
The Brahmaputra Sings: An Unwavering Voice of Tezpur

The Brahmaputra Sings: An Unwavering Voice of Tezpur

August 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d