• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

‘আঃ, সঙ্গীতৰ মৃত্যু হৈছে !’

by Anjan Sarma
January 22, 2024
in World, History
Reading Time: 3 mins read
0
‘আঃ, সঙ্গীতৰ মৃত্যু হৈছে !’
Share on FacebookShare on TwitterShare on LinkedIn

আঃ, সঙ্গীতৰ মৃত্যু হৈছে !

অঞ্জন শৰ্মা

Babur
বাবৰ

পানীপথৰ যুদ্ধত ইব্ৰাহিম লোডীক পৰাজিত কৰি হত্যা কৰাৰ পিছত তৈমুৰ লঙৰ বংশধৰ বাবৰে উত্তৰ ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল।

বাবৰ, বাবৰৰ পুত্ৰ হুমায়ুন, হুমায়ুনৰ পুত্ৰ আকবৰ, আকবৰৰ পুত্ৰ জাহাঙ্গীৰ আদিয়ে একাদিক্ৰমে মোগল সাম্ৰাজ্যৰ শাসক হৈছিল যদিও দিল্লীৰ সৈতে তেওঁলোকৰ বিশেষ সম্পৰ্ক নাছিল আৰু তেওঁলোকে দিল্লীক বিশেষ একো দিয়াও নাছিল।

ইতিহাসৰ পৃষ্ঠাত পোৱা যায় যে জাহাঙ্গীৰৰ পুত্ৰ শ্বাহজাহানৰ প্ৰৌঢ় বয়সত দিল্লীত কৰা উল্লেখযোগ্য কৰ্ম আছিল লালকিল্লা। সেই লালকিল্লাৰ পৰাই প্ৰকৃত ‘দিল্লীৱালা’ সম্ৰাট তথা ‘দ‍্যা গ্ৰেট মোগল‘ হিচাপে প্ৰায় ৫০ বছৰ (১৬৫৮ – ১৭০৭ খৃষ্টাব্দলৈ) কঠোৰ হাতেৰে ঔৰংজেৱে মোগল সাম্ৰাজ্য শাসন কৰিছিল, সাম্ৰাজ্য বিস্তাৰ কৰিছিল, ইছলাম ধৰ্মৰ নামত স্বৈৰাচ্ছাৰী শাসন আৰম্ভ কৰিছিল।

কিন্তু ঔৰংজেৱেও সফল হ’ব পৰা নাছিল। প্ৰায় ৫০ বছৰ অবিসম্বাদী সম্ৰাট হৈ থকা ঔৰংজেৱো বিফল হৈছিল।

আজিৰ পৰা প্ৰায় কুৰি বছৰৰ আগতে জনৈক লেখক(নামটো এইমূহুৰ্তত মনলৈ অহা নাই)ৰ ‘শ্বাহী দিল্লী‘ নামৰ এটা প্ৰৱন্ধত পাইছিলো যে শ্বৰিয়তৰ নিয়ম অনুসৰি ঔৰংজেৱে ৪ আঙুলি দীঘল দাড়ি ৰাখিছিল। সেইসময়ত দিল্লীত মোগল-পাঠানসকলে দীঘল-দীঘল দাড়ি ৰখাৰ লগতে দাড়িৰ প্ৰচুৰ যত্ন কৰিছিল, যেনে- দাড়িত জেতুকা লগাইছিল, দাড়িত আতৰ লগাইছিল, দাড়িত সোণ-ৰূপৰ মণি গাঠিছিল, সুগন্ধি তেল লগাইছিল, আৰু যে কত কি!

নিজে ৪ আঙুলি দীঘল দাড়ি ৰখা ঔৰংজেৱে ফটোৱা জাৰি কৰিছিল যে তেওঁৰ সাম্ৰাজ্যত কোনেও ৪ আঙুলিতকৈ দীঘল দাড়ি ৰাখিব নোৱাৰিব।

সম্ৰাটৰ হুকুম!

দিল্লীৱালা সম্ৰাটৰ হুকুম!

দিল্লীতেই আৰম্ভ কৰা হৈছিল চাফাই অভিযান। দলে দলে বিষয়া, দলে দলে সৈন্য, দলে দলে নাপিত হাতে হাতে কেচি লৈ নামিছিল দিল্লীৰ ৰাজপথত। বাটে-হাটে মানুহৰ দীঘল দাড়ি দেখিলেই টানি আনি বলপূৰ্বক কেচি চলাই হাজাৰ হাজাৰ মানুহৰ দাড়ি ৪ আঙুলি কৰা পৰ্ব আৰম্ভ হৈছিল। ইয়াকে কেন্দ্ৰ কৰি আৰম্ভ হৈছিল মাৰপিট, হুলস্থুল।

কিন্তু সম্ৰাট অলৰ-অচৰ। সকলোৰে দাড়ি জুখিব লাগিব আৰু ৪ আঙুলিতকৈ বেছি হ’লেই কাটি পেলাই দিব লাগিব।

ইয়াৰে লগতে আছিল ওঁঠৰ ওপৰৰ গোঁফ বিসৰ্জনৰো ফটোৱা!

বাটে-পথে দাড়ি কাটি দিয়াৰ লগতে গোঁফ খুৰাই দিয়া হৈছিল, কাৰণ ঔৰংজেৱে বিশ্বাস কৰিছিল যে ‘আল্লা’ৰ নাম উচ্চাৰণ কৰোতে ওঁঠৰ ওপৰৰ গোঁফৰ জংগলত উচ্চাৰিত শব্দবোৰ হেৰাই যায় বাবে লক্ষ‍্যস্থান পাবলৈ সক্ষম নহয়!

আঃ, সঙ্গীতৰ মৃত্যু হৈছে
ঔৰংজেৱ

ঔৰংজেৱৰ বিষয়ে পঢ়িবলৈ পাইছিলো যে আকবৰ আৰু জাহাঙ্গীৰৰ আমোলত হিন্দু-মুছলমান দুয়োপক্ষৰে ‘খানদানি হিন্দুস্থানী সঙ্গীত‘ৰ যিদাল বৃক্ষ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছিল- সেই বৃক্ষদাল শিপাৰে সৈতে উঘালিবলৈ দিল্লীৱালা সম্ৰাট ঔৰংজেৱে সংকল্প গ্ৰহণ কৰিছিল। সঙ্গীতৰ প্ৰতি ঔৰংজেৱৰ আছিল প্ৰচন্ড বিদ্বেষ। সকলোধৰণৰ সঙ্গীত নিষিদ্ধ বুলি ঔৰংজেৱে কঠোৰতম আদেশ জাৰী কৰিছিল।

কন্ঠসঙ্গীত, বাদ‍্যসঙ্গীত সকলো নিষিদ্ধ হৈ পৰিছিল। অগণন বাদ্যযন্ত্ৰ ধ্বংস কৰি পেলোৱা হৈছিল। গায়কৰ টেটুত চেপি ধৰা হৈছিল। ইয়াৰে পটভূমিত গায়ক-বাদ‍্যশিল্পীসকলে এক সমাৱেশৰ আয়োজন কৰি সেই সমাৱেশত লোৱা সিদ্ধান্ত অনুসৰি নিৰ্দিষ্ট দিনত এটা শোভাযাত্ৰা উলিয়াইছিল। সহস্ৰাধিক সঙ্গীতপ্ৰেমীৰ সেই সমদলটো আছিল বিশাল, সুদীৰ্ঘ, জৌলুশময়, অথচ বেদনাদায়ক – যিহেতু সমদলটোৰ সন্মুখত আছিল বহুকেইটা শৱদেহ।

অংশগ্ৰহণ কৰাসকলে কান্দি-কান্দি লাহে লাহে আগবাঢ়িছিল। শোভাযাত্ৰা এনেকুৱা সময়ত উলিওৱা হৈছিল, যি সময়ত ঔৰংজেৱে নামাজ পঢ়িবলৈ জুমা মছজিদলৈ যায়। ঔৰংজেৱ থমকি ৰৈছিল। একেলগে ইমানবোৰ মহৎ ব‍্যক্তিৰ মৃতদেহ!! সম্ৰাটে জানিবলৈ বিচাৰিলে, কোন কোন মহৎ ব‍্যক্তিৰ এনেদৰে হঠাৎ একেলগে মৃত্যু হ’ল?

সম্ৰাটে অনুসন্ধান কৰা বুলি গম পায়েই শোভাযাত্ৰাৰ কান্দোনৰ মাত্ৰা অত‍্যাধিক হৈ পৰিল। কান্দি কান্দি সম্ৰাটক জনোৱা হ’ল যে ‘সঙ্গীত’ৰ মৃত্যু হৈছে আৰু শেষকৃত‍্য সমাপন কৰিবলৈ শোভাযাত্ৰা আগবাঢ়িছে। ঔৰংজেৱে সকলোবোৰ বুজি পাই ৪ আঙুলিৰ দাড়িত হাত বুলাই বুলাই অতি শান্তভাৱে কৈছিল –
” আঃ , সঙ্গীতৰ মৃত্যু হৈছে ! কবৰ দিয়া কামটো যাতে ভালদৰে সম্পন্ন কৰা হয়। সঙ্গীতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে – মই তাকেই কামনা কৰিলো।”

আঃ, সঙ্গীতৰ মৃত্যু হৈছে

[ বিধিসন্মত সতৰ্কবাণীঃ অসমৰ ‘প্ৰব্ৰজনৰ সমস্যা’, অশুদ্ধ ভোটাৰ তালিকাৰ সমস্যা, নাগৰিকপঞ্জীৰ সমস্যা, ‘কা’ৰ দ্বাৰা হিন্দু বিদেশীক অসমত জাপি দিবলৈ ওলোৱা হেতুকে উদ্ভৱ হোৱা সমস্যা, অশোক কাগজ কল-জাগীৰোড কাগজ কল বন্ধ হৈ যোৱা হেতুকে হোৱা সমস্যা- সকলোবোৰ সমস্যাৰ পটভূমিত অসমত হৈ থকা অসমৰ ৰাইজৰ বিভিন্ন প্ৰতিবাদী কাৰ্যকলাপৰ প্ৰতি সম্পূৰ্ণ উদাসীন হৈ থকা, তথা বছৰেকত ২ কোটি নিবনুৱা যুৱকক চাকৰি দিম বুলি কোৱা, প্ৰত‍্যেকৰে বেংকৰ একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিম বুলি কোৱা, ‘স্মাৰ্ট চিটি’ৰ বিষয়ে কোৱা, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱাৰ পিছত পেট্ৰল-ডিজেল-দাইল-গেছ চিলিন্ডাৰ আজিৰ মূল্য আকাশলংঘী কৰা, বিমুদ্ৰাকৰণ কৰি ক’লা ধন বিলুপ্তিৰ তোগলকী প্ৰচেষ্টাৰে সৰ্বসাধাৰণ মানুহক হাৰাশাস্তি কৰিও ১% সফল নোহোৱা হেতুকে ৯৯.৩% ধন ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ উভতি অহা বুলি ২৯/০৮/১৮ তাৰিখে বেংকৰ প্ৰতিবেদনত প্ৰকাশ হোৱাৰ পিছত চকুমুদা কুলিৰ দৰে আচৰণ কৰা, সাম্প্ৰদায়িক পতাকাৰে অশ্বমেধ যজ্ঞ কৰিব বিচৰা,….

….অথবা ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি হাজাৰ হাজাৰ মানুহক পোতাশাললৈ নিক্ষেপ কৰা, হাজাৰ হাজাৰ মানুহক বলপূৰ্বক বন্ধ‍্যাকৰণ কৰোৱা, অসম আন্দোলনৰ সময়ত অসমত সৈন‍্যবাহিনী জাপি দিয়া কংগ্ৰেছৰ দ্বাৰা ৮৬০ জন শ্বহীদ হোৱা, আৰু অসমৰ মানুহক ‘বিদেশী খেদিম’ বুলি ২০১৪ চনত কৈ ২০১৯ চনত সম্প্ৰতি ‘কা’ জাপি দিয়া, ইত‍্যাদি বিভিন্ন কুকৰ্ম কৰা দিল্লীৱালা উজীৰ-এ-আজমবোৰৰ সৈতে ওপৰত উল্লেখ কৰা দিল্লীৱালা সম্ৰাট ঔৰংজেৱৰ কোনো সম্পৰ্ক নাই। আমি মাথো, ঔৰংজেৱৰ ৫০ বছৰৰ কঠোৰতম শাসনতো সঙ্গীতৰ প্ৰতি, গোঁফৰ প্ৰতি, দাড়িৰ প্ৰতি প্ৰচন্ড বিদ্বেষ জাহিৰ কৰি ফটোৱা জাৰী কৰাৰ পিছতো সঙ্গীতৰ যে মৃত্যু নহ’ল, গোঁফ-দাড়ি দীঘল কৰাও যে বন্ধ নহ’ল, ঔৰংজেৱো যে ইতিহাসৰ বিচাৰত পৰাজিত হ’ল – সেয়াহে ডাঙি ধৰিবলৈ সামান্য প্ৰয়াস কৰিলো। এতিয়া  কোনোবাই যদি দিল্লীৱালা সম্ৰাট ঔৰংজেৱৰ সৈতে বৰ্তমান কালৰ দিল্লীৱালা উজীৰ-এ-আজমক ৰিজায় – তাৰবাবে লেখক দায়ী নহয়।]

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইব্ৰাহিম লোডীপানীপথৰ যুদ্ধ
Anjan Sarma

Anjan Sarma

Related Posts

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region
Climate Change

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

by Karishma Ahmed
August 2, 2026
0

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region Karishma Ahmed World Environment Day is...

Read moreDetails
Where are we on the Montreal Protocol?

Where are we on the Montreal Protocol?

July 26, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
Moldova and India: From Diplomatic Relations to a Partnership with Economic and Strategic Stakes

Moldova and India: From Diplomatic Relations to a Partnership with Economic and Strategic Stakes

July 22, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d