•অৰবিন্দ ৰাভা
আজিৰে পৰা গুৱাহাটীৰ চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত বহুদিনৰ বিৰতিৰ পিছত আৰম্ভ হ’ব অসম গ্ৰন্হমেলা। এইবাৰ এই গ্ৰন্হমেলা যুটীয়াভাৱে আৰম্ভ কৰিবলৈ আগবাঢ়িছে ‘অসম প্ৰকাশন পৰিষদ’ আৰু ‘সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা’ই। আগতে দুয়ো পক্ষৰ পৰা দুখনকৈ গ্ৰন্হমেলা অনুষ্ঠিত হৈছিল। আজি ২৯ ডিচেম্বৰ তাৰিখৰ পৰা অহা বছৰৰ ৯ জানুৱাৰী পৰ্যন্ত ১২ দিন ধৰি এই গ্ৰন্হমেলা অনুষ্ঠিত কৰা হ’ব আৰু সেই উপলক্ষে আয়োজক পক্ষৰ পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আয়োজক পক্ষৰ পৰা শ্ৰী ধীৰাজ গোস্বামীয়ে জনোৱা অনুসৰি এইবাৰ গ্ৰন্হমেলাত ভাৰতৰ আৰু ভাৰতৰ বাহিৰৰ মুঠ ১৫০ খন বিপণীয়ে অংশগ্ৰহণ কৰিব বুলি ঠাৱৰ কৰা হৈছে। এইবেলি বাংলাদেশৰ ঢাকাৰ পৰা ১০ খন, দিল্লীৰ ১০ খন, কলকাতাৰ ১০ খন, অসমৰ ১২০ খন বিপণীয়ে গ্ৰন্হমেলাত অংশগ্ৰহণ কৰিব। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে, আৰু প্ৰৱেশ পত্ৰৰ মূল্য ১০ টকা নিৰ্ধাৰণ কৰা হৈছে। চিজন টিকতৰ মূল্য ১০০ টকা কৰা হৈছে। আজি আবেলি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া গ্ৰন্হমেলাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া, বিশিষ্ট লেখক লীলাধৰ মান্ডলই, শিক্ষাবিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তকে ধৰি বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠানত ‘বঙল বহু দূৰ’ গ্ৰন্হৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২১ প্ৰদান কৰা হ’ব লেখক নন্দিতা শৰ্মা আৰু প্ৰকাশক নগেন শৰ্মা( জ্যোতি প্ৰকাশন)ক। কিন্তু সকলো বিপণীৰ লোকসকলৰ তথা পঢ়ুৱৈ বা গ্ৰাহকসকলৰ টিকাকৰণৰ বিষয়টোৰ বিষয়ে কেনেদৰে গুৰুত্ব দিয়া হ’ব, সেই সম্পৰ্কে সুষ্পষ্ট ভাবে জানিব পৰা হোৱা নাই।
[২৯ ডিচেম্বৰ, গুৱাহাটী]