• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

আজিৰ অসমত সংখ্যালঘু কোন ?

-ভবেন্দ্ৰ কুমাৰ তামুলী

by Anjan Sarma
June 26, 2021
in Politics, Special Report
Reading Time: 3 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ভবেন্দ্ৰ কুমাৰ তামুলী |

১৯৮১ চনত ‘‍‘মহাবাহু’’ আলোচনীত প্ৰকাশ পোৱা ‘‍‘আজিৰ অসমত সংখ্যালঘু কোন?’’ শীৰ্ষক লেখাটো পুনৰ দাঙি ধৰিলো…

            অসমত অসমীয়া মানুহে যেতিয়াই নিজৰ ন্যায্য প্ৰাপ্যৰ হকে মাত মাতে, নিজৰ ওপৰত অব্যাহত থকা ধাৰাৱাহিক শোষণ, দমন, লুণ্ঠন, উৎপীড়ন আদিৰপৰা মুক্ত হ’বলৈ বিচাৰে নিজৰ সাংবিধানিক আৰু মানৱীয় অধিকাৰ সাব্যস্ত কৰিবলৈ বিচাৰে, নিজৰ স্বকীয় ভাষা, সংস্কৃতি, জাতীয় অস্তিত্ব জীয়াই ৰাখিবলৈ বিচাৰে, তেতিয়াই অসমীয়াৰ বিৰুদ্ধে ৰণহুংকাৰ দি ‘সংখ্যালঘু’ উপাধিধাৰী সম্প্ৰদায়ৰ আৱিৰ্ভাৱ হয় আৰু লগতে আৱিৰ্ভাৱ হয় এক বুজনসংখ্যক সংখ্যালঘু উপাধিধাৰী সম্প্ৰদায়ৰ ৰক্ষক, ত্ৰাণকৰ্তা আৰু বেৰিষ্টাৰৰ! এইটো এটা বহু দশকৰেপৰা অসমীয়াৰ বিৰুদ্ধে চলি থকা ৰণকৌশল। কিন্তু এই তথাকথিত সংখ্যালঘু সম্প্ৰদায় প্ৰকৃত সংখ্যালঘু নে উদ্দেশ্য প্ৰণোদিতভাৱে সংখ্যালঘু নাম ধাৰণ কৰা কৃত্ৰিম সংখ্যালঘু? এই সংখ্যালঘু সম্প্ৰদায়ৰ সংজ্ঞা কি? এই সংখ্যালঘু সম্প্ৰদায় সংবিধানসন্মত সংখ্যালঘু নে? কি চৰ্তত এই সংখ্যালঘু সম্প্ৰদায় ৰজাঘৰৰদ্বাৰা সংখ্যালঘু বুলি স্বীকৃত হৈছে?… …?
আভিধানিক অৰ্থত, সংখ্যাত যি লঘু, অৰ্থাৎ যাৰ সংখ্যা কম, সিয়েই (সেই শ্ৰেণীয়েই) ‘সংখ্যালঘু’। ভাৰতীয় সংবিধান মতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহেই ভাৰতৰ সংখ্যালঘু। এই অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত লোকসকলৰ ৰক্ষণাৱেক্ষণৰ বাবেও সংবিধানত বিশেষ ব্যৱস্থা সন্নিৱিষ্ট কৰা আছে। এতেকে ভাৰতীয় সংবিধান অনুযায়ী অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলৰ বাদে অন্য কোনো সম্প্ৰদায়ে কোনো চৰ্ততেই সংখ্যালঘু বুলি স্বীকৃতি পাব নোৱাৰে বা দাবী কৰিব নোৱাৰে।
এইবোৰ হ’ল বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক সংবিধান বুলি খ্যাত ভাৰতীয় সংবিধানৰ কথা। এতিয়া চোৱা হওক সংবিধান বহিৰ্ভূত সংখ্যালঘু সম্প্ৰদায় আছে নেকি? সংবিধান বহিৰ্ভূত সংখ্যালঘুও ভাৰতত তিনি প্ৰকাৰ আছে (ক) ধৰ্মীয় সংখ্যালঘু (খ) ভাষিক সংখালঘু (গ) ধৰ্ম আৰু ভাষা উপেক্ষা কৰি জাতিগত সংখ্যালঘু। সৰ্বভাৰতীয় ভিত্তি বাদ দি আমাৰ মাতৃভূমি অসমৰ ভিত্তিতে উল্লিখিত তিনিবিধ সংখ্যালঘুনো প্ৰকৃততে কোন বিশ্লেষণ কৰা হওক।
(ক) সৰ্বভাৰতীয় সুৰৰ লগত সুৰ মিলাই তথাকথিত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত পৰম্পৰা আৰু সম্প্ৰীতি ৰক্ষা কৰি অসমতো ইছলাম ধৰ্মাৱলম্বী সম্প্ৰদায়ে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰূপে স্বীকৃতি পাইছে।
কিন্তু অসমত ইছলাম ধৰ্মাৱলম্বী সম্প্ৰদায়ে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰূপে স্বীকৃতি পোৱাৰ যোগ্যনে? পোৱাটো যুক্তিসন্মত হৈছে নে অবান্তৰ হৈছে? এই স্বীকৃতি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নেকি? বৰ্তমান অসম ভাৰতৰ দ্বিতীয় ইছলাম প্ৰধান ৰাজ্যত পৰিণত হৈছে। সম্প্ৰতি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় ৪৭ ভাগেই ইছলাম ধৰ্মাৱলম্বী। উক্ত ৪৭ ভাগৰ মাত্ৰ ১৫ ভাগহে খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী লোক, বাকী ৩২ ভাগেই অখিলঞ্জীয়া ইছলামধৰ্মী। এই অখিলঞ্জীয়া ইছলাম সম্প্ৰদায়ৰ আকৌ ৪/৫ অংশই অবৈধ বিদেশী।
গতিকে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী সম্প্ৰদায়ে অসমত ধৰ্মীয় সংখ্যালঘুৰূপে স্বীকৃতি পোৱাত কাৰো আপত্তি থাকিব নোৱাৰে, অৱশ্যে খিলঞ্জীয়া ইছলাম সম্প্ৰদায়ে সংখ্যালঘু উপাধি ধাৰণ কৰি নিজকে সংখ্যালঘু বুলি জাহিৰ কৰিবলৈ বিচৰা নাই আৰু চৰকাৰেও সংখ্যালঘু উপাধি প্ৰদান কৰা নাই। চৰকাৰ তথ্য সৰ্বভাৰতীয় ৰাজনৈতিক বিশাৰদবোৰে এক অতি মাৰাত্মক উদ্দেশ্য পূৰণৰ বাবে অসমৰ অখিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী সম্প্ৰদায়কহে (যাৰ ৪/৫ অংশই অবৈধ বিদেশী) ধৰ্মীয় সংখ্যালঘু উপাধি প্ৰদান কৰি ঢাক-ঢোল বজাই আছে। কিন্তু অসমৰ খিলঞ্জীয়া আৰু অখিলঞ্জীয়া ইছলামধৰ্মী সম্প্ৰদায়ে একেলগে বা খিলঞ্জীয়া ইছলাম সম্প্ৰদায়ক বাদ দি অখিলঞ্জীয়া ইছলাম সম্প্ৰদায়ে কি যুক্তিত অসমত ধৰ্মীয় সংখ্যালঘুৰূপে স্বীকৃতি পাব পাৰে? এই স্বীকৃতি সম্পূৰ্ণ সৰ্বভাৰতীয় ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত তথা ষড়যন্ত্ৰমূলক নহয়নে?
(খ) ভাৰত চৰকাৰ, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে পূৰ্বৰেপৰাই অসমৰ ভাষিক সংখ্যালঘু সম্প্ৰদায় বুলিলে বঙালীভাষী সম্প্ৰদায়কেই বুজাই আহিছে। এই সংখ্যালঘু উপাধিধাৰী গোষ্ঠীৰ অসমত প্ৰথম আৰ্ৱিভাৱ হৈছিল ইং ১৮২৬ চনত। ইং ১৮২৬ চনৰপৰা প্ৰায় ১০০ উক্ত সম্প্ৰদায়ে সংখ্যালঘু উপাধি ধাৰণা কৰা নাছিল। এক অতি মাৰাত্মক পৰিকল্পনা বাস্তৱত পৰিণত কৰাৰ উদ্দেশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহযোগত বঙালী সম্প্ৰদায়ে পোনপ্ৰথম ইং ১৯২৭ চনত সংখ্যালঘু উপাধি ধাৰণ কৰে। এতিয়া চোৱা হওক বঙালীভাষী গোষ্ঠীয়ে কেনেকৈ অসমত ভাষিক সংখ্যালঘুৰূপে স্বীকৃতি পাব পাৰে? চৰকাৰ তথা সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে কিহৰ ওপৰত ভিত্তি কৰি বঙালীভাষী গোষ্ঠীক অসমত ভাষিক সংখ্যালঘুৰূপে স্বীকৃতি প্ৰদান কৰিছে? আজিৰ অসমত ভাষিক সংখ্যালঘু অন্যহে নেকি?
ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচিৰদ্বাৰা স্বীকৃত ১৪টা ভাষা কওঁতা লোকৰ সংখ্যা ১৯৭৮ চনৰ শেষলৈ এনে ধৰণৰ— [উৎস : সন্মিলিত ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা গ্ৰন্থ (১৯৭৮)]

            ভাষাৰ নাম                             ভাৰতসহ   পৃথিৱীৰ সংখ্যা (প্ৰায়)
১। অসমীয়া*    ১২ নিযুত                                           ১২.১ নিযুত

২। গুজৰাটী ৩২ নিযুত                                              ৩২.১ নিযুত
৩। মাৰাঠী ৫১ নিযুত                                                ৫৩ নিযুত
৪। উড়ীয়া ২৪ নিযুত                                                 ২৪.১ নিযুত
৫। পঞ্জাবী ৩৫ নিযুত                                                ৬০ নিযুত
৬। হিন্দী ২৩১ নিযুত                                                ২৬৭ নিযুত
৭। কাশ্মীৰী ৬ নিযুত                                                 ৭.৩ নিযুত
৮। কানাড়ী ৩০ নিযুত                                              ৩০.১ নিযুত
৯। মালায়ালম ২৮ নিযুত                                           ২৮.২ নিযুত
১০। সিন্ধ্ৰী ৯ নিযুত                                                   ১০.৫ নিযুত
১১। তামিল ৪৬ নিযুত                                              ৫৫ নিযুত
১২। তেলেগু ৫৩ নিযুত                                               ৫৫ নিযুত
১৩। উৰ্দু ৩৮ নিযুত                                                 ৬৩ নিযুত
১৪। বঙালী ৯২ নিযুত                                               ১৯৭ নিযুত

*(থলুৱা অসমীয়া+নগালোক গোষ্ঠী+অসমৰ চাহ-শ্ৰমিক সম্প্ৰদায়+অসমৰ কিছুসংখ্যক ভৈয়াম জনজাতি+পৰ্বতীয়া জনজাতিৰ কিছুসংখ্যক)

উপৰিউক্ত তালিকাৰপৰাই স্পষ্টভাৱে দেখা যায় বঙালী ভাৰতৰ ২য় বৃহৎ ভাষিক গোষ্ঠী, আনহাতে বঙালীভাষিক গোষ্ঠীৰ তুলনাত অসমীয়া এটা তেনেই নগণ্য ভাষিক গোষ্ঠী। সেয়েহে প্ৰশ্ন জাগে, বঙালী সম্প্ৰদায়ে অসমত কেনেকৈ ভাষিক সংখ্যালঘুৰূপে স্বীকৃতি পাব পাৰে? ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদ মতে, কোন ভাষা আইন মতে, কোন ভাষা আয়োগৰ প্ৰতিৱেদন মতে বঙালী গোষ্ঠীয়ে সংখ্যালঘুৰূপে স্বীকৃতি পাইছো কোনোবাই দেখুৱাব পাৰিবনে? আছেনে কোনোবা সংবিধান বিশেষজ্ঞ, কোনোবা আইন বিশেষজ্ঞ, কোনোবা ভাষা বিশেষজ্ঞ, কোনোবা সংখ্যালঘু বিশাৰদ যি বঙালীভাষী গোষ্ঠীক অসম ৰাজ্যিক ভিত্তিততো কথাই নাই, সৰ্বভাৰতীয় ভিত্তিতো ভাষিক সংখ্যালঘু বুলি যুক্তি প্ৰদৰ্শন কৰিব পাৰে? কোনোবা বিশেষজ্ঞই আজি বঙালীক অসমত ভাষিক সংখ্যালঘু বুলি আৰু অসমীয়া ভাষিক গোষ্ঠীক ভাষিক সংখ্যাগুৰু বুলি দেখুৱাব পাৰিবনে? আছেনে কাৰোবাৰ সাধ্য?
(গ) সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰভাৱমুক্ত হৈ ন্যায়ভাৱে বিচাৰ কৰিলে উত্তৰ পূব-ভাৰতৰ সমূহ খিলঞ্জীয়া লোকগোষ্ঠীয়েই (জনজাতি, অজনজাতি) সংখ্যালঘুৰূপে স্বীকৃতি পাব লাগে। কাৰণ ভাৰতৰ অন্যান্য জাতি, যেনে—বঙালী, বিহাৰী, গুজৰাটী, মাৰাঠী, পাঞ্জাৱি আদিৰ তুলনাত উত্তৰ-পূব ভাৰতৰ অসমীয়া, জয়ন্তীয়া, খাচি, ত্ৰিপুৰী, মণিপুৰী, নগা, মিজো, গাৰো, বড়ো, ৰাভা, মিচিং, কাৰবি, ডিমাচা আদি খিলঞ্জীয়া জাতি/জনজাতিসমূহৰ জনসংখ্যা নিচেই কম। গতিকে ধৰ্ম আৰু ভাষা উপেক্ষা কৰি বিচাৰ কৰিলে দেখা যাব উত্তৰ-পূব ভাৰতৰ আটাইবোৰ খিলঞ্জীয়া লোক গোষ্ঠীয়েই জনজাতিয়েই হওক বা অজনজাতিয়েই হওক প্ৰকৃত জাতিগত সংখ্যালঘু। অৱশ্যে অঞ্চলটোৰ অধিকসংখ্যক খিলঞ্জীয়া সম্প্ৰদায়েই চৰকাৰৰদ্বাৰা ইতিপূৰ্বে অনুসূচিত জাতি আৰু জনজাতি নামেৰে তুলাপাতত সংখ্যালঘুৰূপে স্বীকৃত হৈছে, কিন্তু কাৰ্যক্ষেত্ৰত হ’লে হোৱা নাই।
ইং ১৮৬২ চনৰপৰা সাম্প্ৰতিক কাললৈ অসমত অনুপ্ৰৱেশ কৰি বসবাস কৰা বঙালীৰ সংখ্যা ৯০ লাখতকৈ বেছি হ’লেও কম নহ’ব। এই ৯০ লাখৰ আকৌ বৃহৎসংখ্যক বঙালীয়ে অবৈধ বিদেশী। তদুপৰি বঙালীৰ বাদেও ভাৰতৰ মূল ভূখণ্ডৰপৰা আহি অসমত প্ৰৱেশ কৰা বিহাৰী, পাঞ্জাবী, তামিল, ৰাজস্থানী আদি আছেই। অৱশ্যে সেইবোৰৰ মুঠ সংখ্যা বঙালীতকৈ কম আৰু সেইবোৰৰ মাজত বঙালীৰ দৰে অবৈধ বিদেশী নাই। আজিৰ অসমত বঙালী সম্প্ৰদায়ৰ জনসংখ্যাই আটাইতকৈ বেছি। গতিকে অসমত আজি ৯০ লাখ বঙালীয়ে ৬৫ লাখ অসমীয়াক ত্ৰিপুৰাত ত্ৰিপুৰীসকলক কৰাৰ দৰে সংখ্যালঘুত পৰিণত কৰা নাইনে? অসমীয়া আজি মাতৃভূমি অসমত সংখ্যালঘু হোৱা নাই বুলি কোনোবাই ক’ব পাৰেনে? মুঠতে আজিৰ অসমত খিলঞ্জীয়া জনজাতিসকলতো সংখ্যালঘুৱেই, আনহাতে খিলঞ্জীয়া অজনজাতিসকলো সংখ্যালঘু হ’ল।
উপৰিউক্ত থূল-মূল বিশ্লেষণসমূহৰপৰাই পৰিষ্কাৰভাৱে বুজিব পাৰি যে আমি অসমৰ খিলঞ্জীয়াসকলে ইমান দিন সংখ্যালঘু সম্পৰ্কে অতি ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছো, যি ভুল ধাৰণাই সম্প্ৰতি আমাৰ অস্তিত্বৰ ওপৰত আঘাত হানিছে। ইমান দিনে যাক আমি সংখ্যালঘু বুলি কৈ আছো, যাক চৰকাৰ আৰু সৰ্বভাৰতীয় মাৰ্কাযুক্ত ৰাজনৈতিক দলবোৰে সংখ্যালঘু উপাধি প্ৰদান কৰি ঢাক-ঢোল বজাই আছে, সেয়া সম্পূৰ্ণ ভুৱা। সেইবোৰ অসমৰ প্ৰকৃত সংখ্যালঘু নহয়, সেইবোৰ উদ্দেশ্যপ্ৰণোদিত সংখ্যালঘু নামধাৰী এক বৃহৎ সংখ্যাগুৰু সম্প্ৰদায়ৰ লোকহে। যি সম্প্ৰদায়ৰ মুঠ জনসংখ্যাৰ তুলনাত অসমৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ মুঠ সংখ্যাটো কথাই নাই, সমগ্ৰ উত্তৰপূব অঞ্চলৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ মুঠ সংখ্যাও নগণ্য।
চৰকাৰ, সৰ্বভাৰতীয় মাৰ্কাযুক্ত ৰাজনৈতিক দলসমূহ আৰু অন্যান্য কেতবোৰ স্বাৰ্থন্যস্তমহলে আমাৰ চকুত ধূলি মাৰি, আমাক ভুৱা দি, আমাক প্ৰৱঞ্চনা কৰি আজি বহু দশকৰ আগৰপৰাই বঙালী সম্প্ৰদায়ক (হিন্দু, মুছলমান) সংখ্যালঘুৰূপে স্বীকৃতি দি আহিছে। যি স্বীকৃতিৰ অন্তৰালত ত্ৰিপুৰাত ত্ৰিপুৰীৰ অস্তিত্ব গ্ৰাস কৰাৰ দৰে অসমতো আমাৰ (খিলঞ্জীয়াসকলৰ) অস্তিত্ব গ্ৰাস কৰাৰ আৰু বঙালী ভাষাক ৰাষ্ট্ৰভাষাৰূপে লৈ এখন নতুন ৰাষ্ট্ৰ গঠনৰ অতি মাৰাত্মক ষড়যন্ত্ৰ লুকাই আছে। যি ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে কাৰ্যত পৰিণত হ’বলৈ পালে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকগোষ্ঠীসমূহ অহা দহবছৰৰ ভিতৰত নিজ মাতৃভূমিতে নিশ্চিহ্ন হৈ যাব।
বঙালী সম্প্ৰদায়ে (হিন্দু আৰু মুছলমান উভয়) অসম ৰাজ্যিক ভিত্তিত কথাই বাদ, সৰ্বভাৰতীয় ভিত্তিতো সংখ্যালঘু বুলি দাবী কৰাৰ বা স্বীকৃতি পোৱাৰ কোনো যুক্তি নাই। ই এটা বিৰাট সংখ্যাগুৰু সম্প্ৰদায় আৰু ই ইতিমধ্যে চৰকাৰী আৰু সৰ্বভাৰতীয় ৰাজনৈতিক চক্ৰৰ পৃষ্ঠপোষকতাত ষড়যন্ত্ৰমূলক সংখ্যালঘু নাম ধাৰণ কৰি আমাক নিজ মাতৃভূমি অসমতে সংখ্যালঘুত পৰিণত কৰিছে, আমাৰ ভাষা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি আদিৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলাইছে।
আমি সংখ্যালঘুত পৰিণত হোৱা নাই বুলি বা উল্লিখিত সম্প্ৰদায়ে আমাক সংখ্যালঘুত পৰিণত কৰা নাই বুলি কোনোবা পৰিসংখ্যা বিশেষজ্ঞ, কোনোবা সংখ্যালঘু বিশেষজ্ঞ বা কোনোবা সৰ্বহাৰা বিশেষজ্ঞই লোকপিয়লৰ তথ্যৰ ওপৰত ভিত্তি কৰি আমাক ভুৱা দিবলৈ সান্ত্বনা দিয়াৰ ছলেৰে হয়তো যুক্তি দৰ্শাব পাৰে বা দৰ্শাব পাৰে বা দৰ্শাইছেও, কিন্তু সেইসকলে এইটোও জনা উচিত, লগতে আমি খিলঞ্জীয়াসকলেও মনত ৰখা উচিত যে ইং ১৯৫১, ১৯৬১ আৰু ১৯৭১ চনৰ লোকপিয়লৰ তথ্যত চৰকাৰে সৰ্বভাৰতীয় ৰাজনৈতিক চক্ৰৰ সৈতে লগ লাগি আমাৰ চকুত ধূলি মৰাৰ উদ্দেশ্যে অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ খিলঞ্জীয়া লোকগোষ্ঠীসমূহৰ জনসংখ্যা প্ৰকৃত জনসংখ্যাতকৈ বহু বেছিকৈ আৰু আনহাতে অঞ্চলটোত থকা অখিলঞ্জীয়াৰ সংখ্যা প্ৰকৃত সংখ্যাতকৈ বহু কমকৈ দেখুৱাই আহিছে। লোকপিয়লৰ তথ্যসমূহ অলপ বিশ্লেষণ কৰিবলৈও উক্ত প্ৰৱঞ্চনা ধৰিব পাৰি।
মুঠতে তথাকথিত সংখ্যালঘুবোৰ প্ৰকৃত সংখ্যালঘু নহয়, সংখ্যালঘু নামধাৰী কৃত্ৰিম সংখ্যালঘুহে আৰু এই সংখ্যালঘু নাম ধাৰণৰ অন্তৰালত অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ খিলঞ্জীয়া লোকগোষ্ঠীৰ অস্তিত্ব নিশ্চিহ্ন কৰাৰ অতি মাৰাত্মক ষড়যন্ত্ৰ নিহিত হৈ আছে। এই সংখ্যালঘু নামধাৰী সম্প্ৰদায় আৰু সংখ্যালঘুৰ ৰক্ষকসকলেই, ত্ৰাণকৰ্তাসকলেই, উত্তৰ-পূব অঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰধান শত্ৰু, সকলো দুখ-দুৰ্দশাৰ আদি মূল। গতিকে অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ খিলঞ্জীয়া লোকগোষ্ঠীসমূহ একত্ৰিত হৈ এই সংখ্যালঘু নামধাৰী সৰ্বগ্ৰাসী জাতিশত্ৰুক আৰু সংখ্যালঘুৰ ৰক্ষক, ত্ৰাণকৰ্তা তথা বেৰিষ্টাৰবোৰক অচিৰেই উৎখাত কৰা অতি প্ৰয়োজন। নহ’লে অহা কেইবছৰমান পিছতেই চৰকাৰ, সৰ্বভাৰতীয় মাৰ্কাযুক্ত ৰাজনৈতিক দলসমূহ আৰু সংখ্যালঘু নামধাৰীৰ উমৈহতীয়া ষড়যন্ত্ৰত অঞ্চলটোৰ খিলঞ্জীয়াসমূহৰ অস্তিত্ব সম্পূৰ্ণভাৱে নিঃশেষ হৈ যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমত সংখ্যালঘু
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d