• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 11, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

আজি গৰুবিহু

অঞ্জন শৰ্মা

by Admin
April 16, 2022
in Cultural
Reading Time: 4 mins read
0
আজি গৰুবিহু
Share on FacebookShare on TwitterShare on LinkedIn

গৰুবিহু

আজি কিয় জানো মনত পৰিল কৈশোৰ কাললৈ

পৃথিৱীখন তেতিয়া ‘ডিজিটেল’ নাছিল, তেতিয়া

আমাৰ এহাল বলধ আছিল

আমাৰ কেইবাজনীও গাই আছিল

RelatedPosts

আলাবৈ ক’ত, আলাবৈ!!

আলাবৈ ক’ত, আলাবৈ!!

August 5, 2022
photo of man wearing hooded jacket in front of body of water

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

August 3, 2022
How terror works

How terror works

August 1, 2022

কেইজনীমান ছাগলীও আছিল

আমাৰ গোহালি আছিল ‘ডুপ্লেক্স’ জাতীয়

গৰু-ছাগলীয়ে ওপৰমহলাত বিশ্ৰাম কৰিছিল

‘গ্ৰাউন্ড ফ্লোৰ’ত তুঁহ-খেৰেৰে ‘থুপা’ দিয়া হৈছিল

আজিকালিৰ ‘গুড্নাইট কইল’ জ্বলোৱাৰ দৰেই

গৰু-ছাগলীক যাতে মহ-ডাঁহে খাব নোৱাৰে

ব’হাগ পৰাৰ বহুদিন আগতেই 

           আমিবোৰ ব‍্যস্ত হৈ পৰিছিলো

‘গৰুবিহু’ক লৈ।

পাঠশালা ৰেল-ষ্টেচনৰ কাষতেই আছিল

                                            আমাৰ ঘৰ

ৰেলপথৰ কাষে কাষে বলধহালক, গাইকেইজনীক

আমি ৰং-ৰহইচ কৰি লৈ গৈছিলো গৰুবিহুৰ দিনা

লক্ষ‍্যস্থান আছিল ‘তুৰ্কুনি’ নামৰ কুৰ্

আ: কি আনন্দ তুৰ্কুনিৰ জলভান্ডাৰত

শত শত গৰুৰ সৈতে আমিও সাতুৰিছিলো

বলধৰ নেগুৰত ধৰি ইপাৰ-সিপাৰ হৈছিলো

লাও খা- বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা

আমি আওৰাইছিলো

পৃথিৱীখন ‘ডিজিটেল’ নাছিল

‘চেনেল বিহু’ৰ সন্ত্ৰাস নাছিল

বিহুৰ ছান্দা নাছিল, মঞ্চৰ বিহুও নাছিল

                              কপৌফুল ফুলিছিল

                              কুলিয়েও মাতিছিল

গৰুবিহুৰ পিছদিনা আমিও গা ধুই

‘বিহান’ লৈছিলো

দিনবোৰ ৰঙালী আছিল

মনবোৰ ৰঙালী আছিল।

# # #

আজি মনত পৰিছে কৈশোৰ কাল, কাৰণ

আজি গৰুবিহু!

যোৱাৰাতিৰে পৰাই ‘শুভেচ্ছা’ৰে ভৰিছে মোবাইল

মই কাকো প্ৰত‍্যুত্তৰ দিয়া নাই

কাকো ‘শুভেচ্ছা’ও দিয়া নাই

‘চিন্থেটিক শুভেচ্ছা’ দিবলৈ মন যোৱা নাই!

যোৱাবছৰ, যোৱাবছৰৰ আগৰ বছৰ

তাৰো আগৰ বছৰ, বছৰ বছৰ, বহু বছৰ

কিমানক যে কিমান ‘শুভেচ্ছা’ দিলো-

ইংৰাজী নৱবৰ্ষ, উৰুকা, ভোগালী বিহু

সৰস্বতী পূজা, দৌল বা ফাকুৱা, ঈদ্

জন্মাষ্টমী, গৰুবিহু, ৰঙালী বিহু, ব’হাগী বিদায়

বুদ্ধ পূৰ্ণিমা, মহালয়া, দূৰ্গাপূজা, বিজয়া

লক্ষ্মীপূজা, দেৱালী, কালীপূজা, ৰাসলীলা

বৰদিন, শিৱৰাত্ৰি, গণেশ পূজা….

ব’ল ব’ম, দান্দিয়া, ছট্-পূজা, ভেলেন্টাইন দেৱৰ তিৰোভাৱ তিথি

চৰকাৰৰ সোণোৱালী উৎসৱত

সাহিত্য সভাৰ অধিৱেশনত!!

[ শোকবাৰ্তা, জন্মদিনৰ শুভেচ্ছা, কৃতিত্বৰ কথা সুকীয়া]

সেই যে বছৰ বছৰ শত-সহস্ৰ ‘শুভেচ্ছা’ দিলো

আৰু গ্ৰহণো কৰিলো…..

আজি ইমান হুলস্থূলীয়া ‘ৰঙালী’ত কিয় জানো

নিৰৰ্থক যেন অনুভৱ হৈছে, কিয় জানো

মনটো অকণো ‘ৰঙালী’ হোৱা নাই!

ইমান হুলস্থূলেও কিয় জানো পাহৰাব পৰা নাই

এশ-বিৰান্নব্বৈ বছৰীয়া ইয়ান্ডাবু

এসত্তৰ বছৰীয়া অলিখিত দ্বিতীয় ইয়ান্ডাবু

তেত্ৰিশ বছৰে উমনি দি থকা ঘোলাকণীটো

আমাৰ ইতিহাস, আমাৰ….!

কিয় জানো ভাব হৈছে

ৰঙালী, ভোগালী, ইত‍্যাদিৰ নামত সমগ্ৰবৰ্ষ

জাগ্ৰত হোৱাতকৈ 

যদি সচাই জাগ্ৰত হৈ থাকিলোহেতেন 

মাতৃভূমিৰ বাবে…..!!

আজি গৰুবিহু।

চকুৰে দেখি আছো জীৱন্তকালতে কৰি থকা

মৰণোত্তৰ অস্ত্ৰোপচাৰ, আমাৰ!!

 (ৰচনা: ১৪/০৪/১৮)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

আলাবৈ ক’ত, আলাবৈ!!
Poetry

আলাবৈ ক’ত, আলাবৈ!!

by Admin
August 5, 2022
0

আলাবৈ অঞ্জন শৰ্মা এটোপোলা আফুগুটি লাচিতলৈ পঠিয়াই কৈছিল ৰামসিংহই- "বৰফুকনে এৰি দিয়ক গুৱাহাটী, টোপোলাত পোস্তৰ গুটি যিমান আমাৰ সৈন‍্যও সিমান।"...

Read more
photo of man wearing hooded jacket in front of body of water

পুৰুষ হ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

August 3, 2022
How terror works

How terror works

August 1, 2022
নটসূৰ্য ফণী শৰ্মা

নটসূৰ্য ফণী শৰ্মা

July 31, 2022
চিনেমা: ৬৮ সংখ্যক ৰাষ্ট্ৰীয় বঁটা বিজয়ীৰ তালিকা ঘোষণা 

চিনেমা: ৬৮ সংখ্যক ৰাষ্ট্ৰীয় বঁটা বিজয়ীৰ তালিকা ঘোষণা 

July 23, 2022
শিশু সাহিত্য উত্তৰণৰ সাতখনকৈ গ্ৰন্থ উন্মোচন

শিশু সাহিত্য উত্তৰণৰ সাতখনকৈ গ্ৰন্থ উন্মোচন

July 23, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

June 22, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    108 shares
    Share 43 Tweet 27
  • বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

    9 shares
    Share 4 Tweet 2
  • ১০ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • 6 Simple Self-Care Hacks For Women

    7 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    12 shares
    Share 5 Tweet 3
  • Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

    6 shares
    Share 2 Tweet 2
  • Politics Around Population Explosion In INDIA

    6 shares
    Share 2 Tweet 2
  • ৯ আগষ্টঃ কেইটামান খবৰ

    9 shares
    Share 4 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • ১১ আগষ্টঃ কেইটামান খবৰ

    5 shares
    Share 2 Tweet 1
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: