• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

আজি ২২ নৱেম্বৰ

by Anjan Sarma
November 22, 2023
in Special Report, History, Opinion, Politics
Reading Time: 4 mins read
0
আজি ২২ নৱেম্বৰ
Share on FacebookShare on TwitterShare on LinkedIn

আজি ২২ নৱেম্বৰ

অঞ্জন শৰ্মা

astronomical clock in prague

গৌৰীপুৰ জমিদাৰীৰ দেৱান গৌৰীনাথ শাস্ত্ৰীয়ে ১৯২৮ চনত ‘নিখিল গোৱালপাৰা জিলা সমিতিৰ অধিবেশন’ৰ সভাপতিৰ অভিভাষণত কৈছিল -” আমি অসমীয়াও নহয়, আমি বঙালীও নহয়; দুয়োপক্ষই আমাৰ চুবুৰীয়া। তেনেহ’লে আমি কোন? আমি হ’লো ‘আমি’! আমি এই অঞ্চলৰ মানুহ। আমি গোৱালপৰীয়া মানুহ …..আমি সুকীয়া মানুহ, আমাৰ সংস্কৃতিও সুকীয়া, আমাৰ ৰীতি- নীতি, পৰম্পৰাও সুকীয়া।..”  

[ সভাপতিৰ অভিভাষণ, পৃষ্ঠা ৩৩, ১৯২৮/ধুবুৰী]

RelatedPosts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026

       আমাৰ এই ভূ-খন্ডৰ কোনোবা এটা অঞ্চলক যদি ‘ৰাজনৈতিক ফুটবল’ হিচাপে বুজাব লাগে, সেই অঞ্চলটো হ’ল গোৱালপাৰা। এসময়ৰ বিশাল কামৰূপৰেই এক গুৰুত্বপূৰ্ণ অংশ আছিল গোৱালপাৰা অঞ্চল।

সাম্ৰাজ্যবাদী বৃটিছে ১৮২২ চনত ৰংপুৰ প্ৰশাসনীয় সংমণ্ডলৰ পৰা উত্তৰ-পূৱ অংশ পৃথক কৰি নিজৰ প্ৰশাসনীয় কাম-কাজৰ সুবিধাৰ বাবে নতুনকৈ এখন ‘গোৱালপাৰা’ নামৰ জিলা গঠন কৰে। জিলাৰ সদৰ ঠাই স্থাপন কৰা হয় গোৱালপাৰা নগৰত।

           ইয়াৰ কিছুকাল পাছত, ইতিপূৰ্বে ভূটীয়াক দমন কৰাৰ বিনিময়ত কোচ ৰাজ্য দখল কৰাৰ দৰে কৌশল অৱলম্বন কৰি মান সৈন্যই অসমত অত্যাচাৰ কৰাৰ সুযোগ গ্ৰহণ কৰি মান সৈন্যক দমন কৰাৰ বিনিময়ত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ব্ৰহ্মদেশৰ সৈতে ‘ইয়ান্ডাবু’ নামৰ এখন সন্ধি কৰি অসমতো খোপনি পোতে!

যদিও ব্ৰহ্মদেশে ১৮২২ চনৰ ২১ জুন তাৰিখে হাদিৰাচকীত চন্দ্ৰকান্ত সিংহক পৰাস্ত কৰি অসমৰ স্বাধীনতা লুপ্ত কৰিছিল, ইয়ান্ডাবু সন্ধি অনুসৰি ব্ৰহ্মদেশৰ ৰজাই অসমৰ ওপৰত থকা সকলো দাবী-স্বত্ত্ব এৰি দিছিল আৰু বৃটিছক অসমখন সন্ধিমতে অৰ্পণ/সমৰ্পণ কৰা নাছিল তথা স্পষ্টকৈ উল্লেখ কৰিছিল যে ‘ভৱিষ্যতে অসম বা অসমৰ তলতীয়া ৰাজ্যৰ ওপৰত কোনোধৰণৰ উপদ্ৰৱ নকৰো’!

তেনেস্থলত ‘দাবী-স্বত্ত্ব এৰি দিয়া‘ৰ অৰ্থ আছিল – আহোম শাসকে পুনৰ অসমৰ শাসনভাৰ পোৱাটোহে – ‘সহায়কাৰী’ বৃটিছে পোৱা নহয়! কিন্তু লুভীয়া বৃটিছ অসমৰো গৰাকী হৈ পৰিল। প্ৰকৃততে তেওঁলোকে অসম এৰি গুচি যাব লাগিছিল। তদুপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ব্ৰহ্মদেশে বৃটিছক ১ কোটি টকা (ৰূপ) প্ৰদান কৰিছিল।

গতিকে বৃটিছ অসমৰ গৰাকী হৈ পৰাটো চুক্তিখনৰ মতেই নীতিবিৰুদ্ধ আছিল আৰু অসমৰ ৰজাৰ কোনো স্বাক্ষৰ সেই চুক্তিত নাছিল (এইখিনিতে উল্লেখ কৰিব পাৰি যে বৃটিছৰ সৈতে সেই চুক্তিমতে ব্ৰহ্মদেশে আৰাকান আৰু টেনাচেৰিমৰ স্বত্ত্বও ত্যাগ কৰিছিল যদিও পাছলৈ আৰাকান/টেনাচেৰিম নেহৰু-পেটেলৰ মানচিত্ৰত নোসোমাল, অথচ এই ভূ-খন্ড আশ্বৰ্যজনক ভাৱে কোনোধৰণৰ চুক্তি আদি অবিহনেও সোমাই পৰিল – বৃটিছৰ কৃপাত “দখল” )!!

Yandabo treaty

ইয়াণ্ডাবু সন্ধিৰ গইনা লৈ সকলোৰে চকুত ধূলি মাৰি অসমৰো ‘মালিক’ হৈ পৰা বৃটিছে অসমৰ লগত ১৮২৬ চনত গোৱালপাৰা চামিল কৰি শ্বিলঙত ৰাজধানী স্থাপন কৰে। ইয়াৰ পিছত ১৮৭৪ চনলৈ গোৱালপাৰা জিলাক এবাৰ ৰংপুৰৰ লগত, এবাৰ কোচবিহাৰৰ লগত, এবাৰ শ্বিলং প্ৰশাসনিক সংমন্ডলৰ লগত, এবাৰ ঢাকা প্ৰশাসনিক সংমন্ডলৰ লগত, আৰু এবাৰ পুনৰ শ্বিলং প্ৰশাসনিক সংমন্ডলৰ লগত চামিল কৰে।

তাৰেই পটভূমিত ১৯৪৭ চনত গোৱালপাৰাক এবাৰ যদি পাকিস্তানৰ লগত চামিল কৰিব লাগে বুলি দাবী উত্থাপন হৈছিল, এবাৰ দাবী কৰা হৈছিল পশ্চিমবঙ্গৰ লগত চামিল কৰিবলৈ, এবাৰ দাবী হৈছিল অসমৰ লগত চামিল কৰিবলৈ — বিভিন্ন দাবী গোৱালপাৰাক কেন্দ্ৰ কৰি ; গোৱালপাৰা হৈ পৰিছিল ‘ৰাজনৈতিক ফুটবল’ ! সেইবাবেই তেনেদৰে বক্তব্য ৰাখিছিল গৌৰীপুৰ জমিদাৰীৰ দিৱান গৌৰীনাথ শাস্ত্ৰীয়ে!

      বিশাল কামৰূপৰ তথা কমতাপুৰৰ অবিচ্ছেদ্য অংগ গোৱালপাৰা অঞ্চলৰ মানুহৰ প্ৰচন্ড বেদনাই ‘বিখ্যাত’ ৰাজনৈতিক নেতাসকলক স্পৰ্শ কৰিব নোৱাৰিলে, কোচবিহাৰৰ খিলঞ্জীয়া মানুহৰ বেদনাইও স্পৰ্শ কৰিব নোৱাৰিলে! সেইবোৰ অধ্যায় আজি ইয়াত ফহিয়াবলৈ নাযাও, যিহেতু এই লেখাৰ কাৰণ সুকীয়া ( কোনোবাই ইচ্ছা কৰিলে এই লেখকৰ ‘কোচবিহাৰ কিদৰে হ’ল বঙ্গৰ অঙ্গ‘ বা খাঁ চৌধুৰী আমানতউল্লা আহমদৰ ‘কোচবিহাৰৰ ইতিহাস‘, The Accounts of Francis Buchanan Hamilton আদি পঢ়িব পাৰে)।

কিন্তু এই কথা আমি স্পষ্টকৈ বুজি পোৱা দৰকাৰ যে ইংৰাজ বুৰঞ্জীবিদ বা শাসকপক্ষৰ পদলেহনকাৰী বুৰঞ্জীবিদসকলে কোচবিহাৰ/গোৱালপাৰা অঞ্চলক বেলেগ ৰঙৰ চশমা পিন্ধি চাব বিচাৰিলেও গোৱালপাৰা/কোচবিহাৰ কামৰূপ/কমতাৰ সত্ত্বাৰ পৰা বিচ্ছিন্ন হৈ নাযায় আৰু কামৰূপৰ সহস্ৰ বছৰৰ ইতিহাসক উপেক্ষা কৰি সম্প্ৰতি ‘শৈশৱৰ দেওনা গছকা অসম’ৰ ইতিহাসৰ ভেটিও স্থাপন হ’ব নোৱাৰে।

yandaboo

      ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত বৃটিছৰ বিৰুদ্ধে আমাৰ এই ভূখণ্ডত যিবোৰ বিদ্ৰোহ হৈছিল, যিবোৰ আমি আমাৰ কৈশোৰত/যৌৱনত অধ্যয়ন কৰিছিলো আৰু এতিয়াও কৰি থাকো – সেইবোৰ বিদ্ৰোহৰ তালিকাত প্ৰধানতঃ ফেনা কোঁৱৰৰ পুত্ৰ ৰাজকুমাৰ গোমধৰ কোঁৱৰৰ নেতৃত্বত ১৮২৮ চনৰ বিদ্ৰোহ, ১৮২৯ চনৰ ৪ এপ্ৰিলত নংখলাওৰ চিয়েম ইউ তিৰৎ সিঙৰ নেতৃত্বত হোৱা খাচী বিদ্ৰোহ, ১৮৩০ চনত ৱাকুন খুনজাও নামৰ চিংফৌ প্ৰধানৰ নেতৃত্বত হোৱা খামতি আৰু চিংফৌসকলৰ বিদ্ৰোহ,….

…. ১৮৩০ চনত পিয়লিয়া বৰগোহাঁই আৰু পিয়লি বৰফুকনৰ নেতৃত্বত হোৱা বিদ্ৰোহ, ১৮৬০-৬২ চনৰ জয়ন্তীয়া বিদ্ৰোহ, ১৮৬১ চনৰ ফুলগুৰিত হোৱা বিদ্ৰোহ, ১৮৭৯ চনত নগা পৰ্বতৰ বিদ্ৰোহ, ১৮৯১ চনত বীৰ টিকেন্দ্ৰজিৎ -অৰ নেতৃত্বত হোৱা মণিপুৰৰ বিদ্ৰোহ, ১৮৯২ চনৰ লুচাই বিদ্ৰোহ, ১৮৯৩-৯৪ চনৰ ‘অসম ৰায়ত’ ( ৰঙিয়া, লাছিমা, পথৰুঘাট আদি) আদিৰ উল্লেখ পাওঁ …

…. কিন্তু ‘ৰাজনৈতিক ফুটবল’ গোৱালপাৰা অঞ্চলত যে গোমধৰ কোঁৱৰৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ ৪০ বছৰ আগতেই নৰনাৰায়ণ-চিলাৰায়ৰ বংশৰ থানা কমললোচন বা ভগদত্ত ৰায়চৌধুৰীৰ তৃতীয় পুত্ৰ জমিদাৰ ৰণৰাম চৌধুৰীয়ে ১৭৮৮ চনৰ ২২ নৱেম্বৰ তাৰিখে ৰঙামাটিত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰাচীৰেৰে আবৃত কাৰখানাত আৰু কাৰ্যালয়ত সসৈন্যে (৫০০ বৰকান্দাজ চিপাহী লগত লৈ) প্ৰচন্ড আক্ৰমণ কৰিছিল তথা তেওঁৰ মূৰৰ মূল্য যে বৃটিছে ৫০০/- টকা ধাৰ্য কৰিছিল — সেই অধ্যায়ৰ উল্লেখ নাপাওঁ !

অৰ্থাৎ, পুনৰ গোৱালপাৰা অৱহেলিত! পুনৰ শঙ্কৰদেৱৰ আশ্ৰয়দাতা কোচবিহাৰৰ মহাৰাজৰ বংশৰ অইন এগৰাকী মহাবিদ্ৰোহী অৱহেলিত! অথচ তেৱেঁই আছিল আমাৰ এই ভূখণ্ডৰ প্ৰথমজন মহাবিদ্ৰোহী – যিজনাই প্ৰচন্ড পৰাক্ৰমেৰে বৃটিছক কৰিছিল সশস্ত্ৰ আক্ৰমণ! কিন্তু হায়, তেওঁৰ ক্ষেত্ৰত ইতিহাস নিতাল।

এই ভূখণ্ডৰ বাসিন্দা আমি সকলো সম্পূৰ্ণ নীৰৱ [ মহাবিদ্ৰোহী ৰণৰাম চৌধুৰীৰ বিষয়ে সংক্ষেপে কিছুদিন আগতে আমাৰ সামান্য জ্ঞান-বুদ্ধিৰে এটা লেখা পাঠকসকললৈ আগবঢ়াইছিলো। সেই লেখাটো কোনোবাই ইচ্ছা কৰিলে পঢ়িব পাৰে বুলি আশা কৰি লিংকটোত দি থলো!

20211122 151750

আজি ২২ নৱেম্বৰ।

     আজিৰ দিনটোতেই বৃটিছৰ বিৰুদ্ধে এই মুলুকত মেচপাৰাৰ সাহসী স্বাধীনতাপ্ৰিয় জমিদাৰ ৰণৰাম চৌধুৰীয়ে কৰিছিল প্ৰথমটো সশস্ত্ৰ বিদ্ৰোহ। গোৱালপাৰা অঞ্চলক ‘ৰাজনৈতিক ফুটবল’ বুলি গণ্য নকৰি আৰু প্ৰাচীন কামৰূপৰ ইতিহাস স্মৰণ কৰি আজি ২৩৫ বছৰৰ পিছত, আহক, আমি সকলোৱে কেইগৰাকী মহাবিদ্ৰোহীৰ বিষয়ে স্মৰণ কৰোহঁক তথা ২২ নৱেম্বৰৰ দিনটোক ‘বিদ্ৰোহ দিৱস’ হিচাপে পালন কৰিবলৈ আৰম্ভ কৰোহক।

     আমি এই লেখাৰ জৰিয়তে আশা কৰিলো যে মহাবিদ্ৰোহী ৰণৰাম চৌধুৰী আৰু ১৭৮৮ চনৰ ২২ নৱেম্বৰৰ দিনটো আমাৰ সকলোৰে বাবে চিৰ-স্মৰণীয় হৈ ৰওক আৰু আমাৰ ভূখণ্ডৰ ইতিহাসৰ বক্ষত তেওঁ যথাযথ মৰ্যদা লাভ কৰক।

আশা কৰিছো, পুৰণি দুখঃদায়ক স্মৃতিবোৰ সকলোৱে পাহৰি আজিৰ দিনটোৰ পৰাই এক নতুন অধ্যায়ৰ আৰম্ভণি হওক আৰু বৰ্ণময় ইতিহাসৰ সূতাৰে মাকো মাৰি মাৰি  আমাৰ সত্ত্বাই ধাৰণ কৰিব পৰাকৈ উজ্জ্বলতম বস্ত্ৰ নতুন প্ৰজন্মই নতুনকৈ বয়ন কৰিবলৈ আৰম্ভ কৰক।

২২/১১/২০২৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: নিখিল গোৱালপাৰা জিলা সমিতিৰ অধিবেশন
Anjan Sarma

Anjan Sarma

Related Posts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves
Special Report

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

by Kakali Das
April 10, 2026
0

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves Ancient seas,...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
Why is Women Underrepresented in Indian Politics?

Why is Women Underrepresented in Indian Politics?

April 8, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
AGRICULTURE : Smart solutions for high yield hydration

AGRICULTURE : Smart solutions for high yield hydration

April 12, 2026
Bright Lights, Fading Skies: The Environmental Toll of Light Pollution

Bright Lights, Fading Skies: The Environmental Toll of Light Pollution

April 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d