-জুমন বৰা |
মহাপৰাক্ৰমী আহোম ৰাজ শক্তিৰ সূৰ্যাস্ত তেতিয়া সমাগত । ডা-ডাঙৰীয়াৰ ক্ষমতা কেন্দ্ৰিক উচ্চাভিলাষে ৰাজ সিংহাসনক কঁপাই তুলিছিল । ৬০০ বছৰীয়া আহোম ৰাজত্বৰ গৰিমাত কলংক সানি; স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সপোনৰ বৰ অসমৰ ভেটিত তেতিয়া এচাম ক্ষমতালোভী বিষয়াৰ স্বাৰ্থ সিদ্ধিৰ কচৰত । তাৰে পৰিণামত, ঔৰংগজেৱৰ দৰে প্ৰতাপী মোগল বাদশ্বাহে সমিহ কৰা অসমৰ ৰাজ সিংহাসনক মানৰ দৰে শক্তিয়েই উভালি পেলালে । অসম দেশৰ শাসকৰ দুৰ্বলতা তথা অন্তঃকন্দলৰ বাবেই মান সেনাই সমগ্ৰ অসম দখল কৰিছিল । ১৮২১ চনত ।
অসমৰ পৰা মানক খেদি পঠোৱাৰ অচিলাৰে ইষ্ট ইণ্ডিয়া কোম্পানিৰ মাৰফতত যুদ্ধত লিপ্ত হয় ব্ৰিটিছ শক্তি । ব্ৰিটিছ শক্তিয়ে এই যুঁজত জয়লাভ কৰে । ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজত শান্তিৰ চুক্তি হয় । অৱশেষত ব্ৰিটিছ শক্তিয়ে আভাৰ ৰজাৰ প্ৰতিনিধিৰ সৈতে আজিৰ পৰা ১৯৪ বছৰ পূৰ্বে অৰ্থাৎ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু নামৰ গাওঁখনত কৰা দুই পক্ষীয় সন্ধিৰ পিছত অসম তথা ইয়াৰ অংগ ৰাজ্য কাচাৰ, জয়ন্তীয়াক নিজৰ হাতত পায় ।
মানৰ বিৰুদ্ধে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহ্বান মৰ্মে যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বে ব্ৰিটিছ বিষয়াসকলে অসমৰ অভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল । তেওঁলোকে অসম দেশ অধিকাৰ কৰাৰ কোনো অভিপ্ৰায় নাই বুলিও কৈছিল । কিন্তু মানক খেদাৰ পিছত ব্ৰিটিছ বাহিনীয়ে দেখে যে তেওঁলোকে অসম (কাচাৰ আৰু জয়ন্তীয়াকে ধৰি) আৰু মণিপুৰ যুদ্ধৰ লাভ হিচাপে পাইছে । গতিকে ব্ৰিটিছে অসম ত্যাগ কৰাৰ কোনো লক্ষণ নেদেখুৱালে । অসম ত্যাগ কৰাৰ পৰিৱৰ্তে আহোম ৰাজ্য পোনপটীয়াকৈ ব্ৰিটিছে নিজৰ অধীনলৈ নিলে ৷ অসম এখন স্বতন্ত্ৰ দেশ হিচাপে থকা পৰচিয় লোপ পালে ।
সমগ্ৰ ভাৰতক শাসন কৰা ব্ৰিটিছে অসমকো ভাৰতৰ সতে সংযুক্ত কৰি এই ভাৰতৰে অংগৰাজ্য হিচাপে গণ্য কৰিলে । তাৰ পৰিণতিত ১৯৪৭ চনত ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত হোৱাৰ পাছতো অসম ভাৰত অধীন হৈ ৰ’ল । ইয়াৰ স্বাধীন পৰিচয় ১৯৪ বছৰ পাছতো ঘূৰাই নাপালে অসমীয়া মানুহে । উল্লেখযোগ্য যে যি চুক্তিৰ আধাৰত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল তাত অসম পক্ষৰ পৰা কোনো লোকৰ স্বাক্ষৰ নাছিল বা অসমৰ কোনো মত নাছিল ।
আজি ২৪ ফেব্ৰুৱাৰী ৷ আজিৰ এই দিনটোতে কুখ্যাত ইয়াণ্ডাবু সন্ধি হৈছিল ৷ অসমৰ আকাশৰ পৰা স্বাধীনতাৰ বেলি মাৰ গৈছিল ।
অসমৰ স্বাধিকাৰ খৰ্ব হোৱাৰ আজিৰ এই ক’লা দিনটোৰ পৰাই থলগিৰি অসমীয়াই সংকল্পবদ্ধ হওঁ, অসম মাতৃক পৰাধীনতাৰ পৰা মুক্ত কৰি এখন স্বাধীন সাৰ্ব্বভৌম ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ ৷ এই ভুমিখণ্ডত বসবাস কৰা সৰু বৰ সকলো খিলঞ্জীয়া আৰু থলুৱা লোকৰ সম অধিকাৰ আৰু সমবিকাশৰ লক্ষ্যৰে এখন প্ৰগতিশীল সমাজবাদী ৰাষ্ট্ৰ গঢ়িতোলাৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ এক বৈপ্লৱীক কৰ্ম্মসূচীৰে হাতত হাত ধৰি ভাৰত ৰাষ্ট্ৰৰ সকলোবোৰ কূটীল ষড়যন্ত্ৰক ওফৰাই পেলাও আহক ৷ অসমক ভালপোৱাসকলে নিজৰ সীমাৱদ্ধতা বিচাৰ আৰু সংশোধন কৰক ৷ এই আপাহতে অসমী আইৰ মুকুতিৰ যুঁজত আত্মবলিদান দিয়া প্ৰতিজন বীৰ যোদ্ধাক প্ৰণিপাত জনোৱাৰ লগতে সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ৷