• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 15, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

আঞ্চলিকতাবাদ আৰু অসম

-ৰেজাউল কৰিম

by Anjan Sarma
June 17, 2021
in National, Politics
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ৰেজাউল কৰিম |

ভাৰতৰ ৰাজনীতিত বৰ্তমানে পৰিৱৰ্তনৰ নতুন ধাৰা আৰম্ভ হৈছে। সাধাৰণ নাগৰিক এজনৰপৰা আৰম্ভ কৰি ধনী ব্যৱসায়ীলৈকে সকলোৱে এই নতুন ধাৰাটোৰ সমৰ্থন যেন লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰম্ভ হোৱা নতুন ৰাজনীতিয়ে আঞ্চলিক ৰাজনীতিৰ প্ৰসংগক অনেক পৰিমাণে গুৰুত্বহীন কৰি তুলিছে। অসমৰ প্ৰসংগত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব আলোচনা কৰা প্ৰয়োজন আছে।

RelatedPosts

Ukraine: Energy in the crosshairs of war

India’s Renewable Ambitions Could Define Asia’s Energy Future

June 10, 2025
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 10, 2025
ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

June 7, 2025

ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব লোৱা নৰেন্দ্ৰ মোডী এজন সুবক্তা। দীৰ্ঘদিন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগত জড়িত হৈ থকা মোডীৰ আদৰ্শ অনেক পৰিমাণে সংঘৰদ্বাৰা প্ৰভাৱিত। স্বাধীনতাৰ আগৰপৰা সক্ৰিয় সংগঠনটোৱে ভাৰতীয় ৰাজনীতিত মোডীৰ প্ৰভাৱৰ বাবে প্ৰথমবাৰৰ বাবে চালকৰ আসনত বহিবলৈ সক্ষম হৈছে। আমাৰ বোধেৰে ভাৰতৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিৰ নিয়ন্ত্ৰণৰ সলনি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নিয়ন্ত্ৰণলৈ আহিল। সদ্য সলনি হোৱা কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় এককভাৱে চম্ভালিবলৈ আৰম্ভ কৰিছে। ইয়াকে কৰোতে জনতাৰ সন্মুখত বাকচাতুৰ্যেৰে আৰম্ভণি কৰা তেওঁৰ কথা, জনতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা কেতবোৰ সপোন আৰু দেশখনক উন্নতিৰ জখলাৰে আগুৱাই নিব পৰা ধাৰণা প্ৰদান কৰি ‘মোডী ঢৌৰ’ সৃষ্টি কৰিছে। দেশৰ জনগণৰ সমৰ্থন পাবলৈ এনে ধৰণে সপোন দেখুৱাব পৰাটো প্ৰয়োজনীয়। সপোনক বাস্তৱ ৰূপ দিব পৰাটোহে কঠিন। কাৰণ বৰ্তমানৰ চৰকাৰখনে পুঁজিপতিসকলৰদ্বাৰা দেশৰ উন্নয়নৰ কথা কয় আৰু লগতে দৰিদ্ৰ কৃষকৰ ভাগ্য পৰিৱৰ্তনৰ কথাও কয়। ইয়াৰ বাস্তৱ ৰূপ প্ৰত্যক্ষ কৰাৰ আগলৈকে আনন্দত মতলীয়া হোৱা প্ৰয়োজন নাই।

অসমত অসম গণ পৰিষদ নামেৰে আঞ্চলিক ৰাজনীতিৰ পাতনি মেলা অনেক নেতা বৰ্তমানে আঞ্চলিক দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিলৈ গৈছে। ইয়াৰ মূল কাৰণ দুটা হ’ব পাৰে। প্ৰথমটো হৈছে তেওঁলোকে অনুভৱ কৰিছে যে, আঞ্চলিক দলটোত থাকি ৰাইজৰ আৰু ৰাজ্যখনৰ বাবে একো কাম কৰিব নোৱাৰি। দ্বিতীয় কাৰণটো হৈছে অসমত আঞ্চলিক দলটোৰ প্ৰভাৱ শক্তিশালী হৈ থাকিলে ভাৰতীয় জনতা পাৰ্টিয়ে অসমত খোপনি পুতিব নোৱাৰিব। গতিকে জনতা পাৰ্টিৰদ্বাৰা ক্ষমতাৰ বাহিৰত থকা আঞ্চলিক পাৰ্টিৰ নেতাক প্ৰভাৱিত কৰা। এই দুটা কাৰণক বিশ্লেষণ কৰিলে বুজিব পাৰি যে, অসমৰ আঞ্চলিক দল অসম গণ পৰিষদ দলটোৰ উন্নয়নমূলক কামৰ কোনো ভৱিষ্যৎ দৃষ্টি নাছিল অথবা নেতা আৰু দলৰ মাজত শক্তিশালী বন্ধন আৰু দায়বদ্ধতা নাছিল। আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে অনুভৱ কৰিব পাৰিছে যে, অসমত গণ পৰিষদ দলৰ দৰে আঞ্চলিক দলৰ খোপনি আছে আৰু ইয়াৰ প্ৰয়োজনো আছে। সেই খোপনি ধ্বংস কৰি আঞ্চলিকতাবাদী বিষয়সমূহ নিজৰ মাজত সুমুৱাই ল’লেহে ভাৰতীয় জনতা পাৰ্টিয়ে অসমত নিজৰ খোপনি পুতিব পাৰিব। অৰ্থাৎ এনেকুৱা এটা সপোন দেখুওৱা হ’ল যে, ৰাষ্ট্ৰীয় দল হোৱা সত্ত্বেও অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰিত্ৰ আঞ্চলিক ৰাজনৈতিক দলৰ চৰিত্ৰ হ’ব।

অসমৰ মূল সমস্যা কি বুলিলে উত্তৰটো এষাৰতে দিব নোৱাৰি। বিদেশী বহিষ্কাৰৰ সমস্যা, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, নিবনুৱা সমস্যা, উগ্ৰপন্থীৰ সমস্যা, জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা আদিৰ লগতে থলুৱা জনগোষ্ঠীৰ মাজত সমন্বয়হীনতাৰ সমস্যা মূল বুলি বিবেচিত হ’ব। এইসমূহ সমস্যা সমাধানৰ বাবে অসম গণ পৰিষদ দলৰ সমাধান সূত্ৰ কি আৰু ভাৰতীয় জনতা পাৰ্টিৰ দৃষ্টিভংগী কি সেইটো বিচাৰ্যৰ বিষয়। মন কৰিব লগা কথা যে, এই সমস্যাসমূহ জীয়াই ৰাখি কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰেপৰা কেৱল প্ৰতিশ্ৰুতি আৰু বিলম্বৰ ৰাজনীতি কৰি আছিল। বৰ্তমান চৰকাৰৰ হাতত কি বিশেষ আঁচনি আছে জনা নাযায়, কিন্তু ইয়াৰ সমাধান হ’ব লাগিব অসমৰ মানুহ আৰু মাটিৰ সপক্ষে। বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ ৰাইজৰ মতামতৰ মাজত বিশাল পাৰ্থক্য আছে। জনতা পাৰ্টিৰ দৃষ্টিভংগী অসমৰ স্বাৰ্থৰ বিপৰীত। ব্ৰহ্মপুত্ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ সম্পৰ্কে এতিয়ালৈকে  কেন্দ্ৰীয় চৰকাৰৰ কোনো দৃষ্টিভংগী নাই। উদ্যোগীকৰণ আৰু বিজুলী উৎপাদন অবিহনে অসমৰ নিবনুৱা সমস্যা সমাধান নহয়। বিজুলী উৎপাদনৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অসমৰ ভৱিষ্যৎ ধ্বংসৰো কাৰণ হ’ব পাৰে। জনগাঁথনিৰ পৰিৱৰ্তনৰ সমস্যা আৰু জনগোষ্ঠীসমূহৰ মাজত থকা সমন্বয়হীনতাই অসমক অস্থিৰ কৰিছে। ইয়াৰ সমাধানসূত্ৰ কেন্দ্ৰীয় চৰকাৰে দিব নোৱাৰে। কাৰণ অসমৰ সমগ্ৰ জনগণে অসমৰ বাবে ‘আমি’ৰ ধাৰণা গঢ়ি তুলিব লাগিব। বৰ্তমানে অসমত ‘আমি’ৰ সলনি ‘মই’ৰ ধাৰণাহে শক্তিশালী হ’বলৈ ধৰিছে। এই সমস্যাবোৰ আঞ্চলিক ৰাজনীতিয়ে সমাধান কৰিব পৰা শক্তি আহৰণ কৰিব লাগে। অন্যথা আঞ্চলিকতাবাদী শক্তি কেন্দ্ৰীয় শক্তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য।

ইতিমধ্যে অসম গণ পৰিষদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়া নেতাসকলে কেন্দ্ৰীয় চৰকাৰখনক কেনেদৰে প্ৰভাৱিত কৰিব পাৰিছে অথবা পাৰিছেনে নাই গম পোৱা সম্ভৱ নহয়। কিন্তু মাজে সময়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ সপক্ষে তেওঁলোকে অসমৰ প্ৰবক্তাৰ ৰূপত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা যায়। কিবা কাৰণত যদি তেওঁলোকৰ ভূমিকা ইয়াতেই সীমাবদ্ধ হৈ থাকিব লাগে তেনেহ’লে অসমৰ সমস্যা সমাধানৰ সপোন সপোন হৈয়ে ৰ’ব আৰু আঞ্চলিকতাবাদৰো পথ দুৰ্গম হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: আঞ্চলিকতাবাদ আৰু অসম
Anjan Sarma

Anjan Sarma

Related Posts

Ukraine: Energy in the crosshairs of war
Climate Change

India’s Renewable Ambitions Could Define Asia’s Energy Future

by Rituraj Phukan
June 10, 2025
0

India’s Renewable Ambitions Could Define Asia’s Energy Future Rituraj Phukan Rituraj Phukan Asia’s economic surge and population growth makes it...

Read moreDetails
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 10, 2025
ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

June 7, 2025
Elon Musk’s Exit: A Reckoning for Trump’s Governance Experiment

Elon Musk’s Exit: A Reckoning for Trump’s Governance Experiment

May 31, 2025
ৰাজনীতিকৰ উপদেশ আৰু আর্হি

ৰাজনীতিকৰ উপদেশ আৰু আর্হি

May 28, 2025
অসমৰ অশান্তি অতীতৰ সৈতে গভীৰভাৱে বিজড়িত

Assam’s Betrayed Legacy: The Accord, CAA, and AGP’s Complicit Silence

May 27, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d