• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

আঞ্চলিকতাবাদ আৰু অসম

-ৰেজাউল কৰিম

by Anjan Sarma
June 17, 2021
in National, Politics
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ৰেজাউল কৰিম |

ভাৰতৰ ৰাজনীতিত বৰ্তমানে পৰিৱৰ্তনৰ নতুন ধাৰা আৰম্ভ হৈছে। সাধাৰণ নাগৰিক এজনৰপৰা আৰম্ভ কৰি ধনী ব্যৱসায়ীলৈকে সকলোৱে এই নতুন ধাৰাটোৰ সমৰ্থন যেন লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰম্ভ হোৱা নতুন ৰাজনীতিয়ে আঞ্চলিক ৰাজনীতিৰ প্ৰসংগক অনেক পৰিমাণে গুৰুত্বহীন কৰি তুলিছে। অসমৰ প্ৰসংগত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব আলোচনা কৰা প্ৰয়োজন আছে।

ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব লোৱা নৰেন্দ্ৰ মোডী এজন সুবক্তা। দীৰ্ঘদিন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগত জড়িত হৈ থকা মোডীৰ আদৰ্শ অনেক পৰিমাণে সংঘৰদ্বাৰা প্ৰভাৱিত। স্বাধীনতাৰ আগৰপৰা সক্ৰিয় সংগঠনটোৱে ভাৰতীয় ৰাজনীতিত মোডীৰ প্ৰভাৱৰ বাবে প্ৰথমবাৰৰ বাবে চালকৰ আসনত বহিবলৈ সক্ষম হৈছে। আমাৰ বোধেৰে ভাৰতৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিৰ নিয়ন্ত্ৰণৰ সলনি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নিয়ন্ত্ৰণলৈ আহিল। সদ্য সলনি হোৱা কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় এককভাৱে চম্ভালিবলৈ আৰম্ভ কৰিছে। ইয়াকে কৰোতে জনতাৰ সন্মুখত বাকচাতুৰ্যেৰে আৰম্ভণি কৰা তেওঁৰ কথা, জনতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা কেতবোৰ সপোন আৰু দেশখনক উন্নতিৰ জখলাৰে আগুৱাই নিব পৰা ধাৰণা প্ৰদান কৰি ‘মোডী ঢৌৰ’ সৃষ্টি কৰিছে। দেশৰ জনগণৰ সমৰ্থন পাবলৈ এনে ধৰণে সপোন দেখুৱাব পৰাটো প্ৰয়োজনীয়। সপোনক বাস্তৱ ৰূপ দিব পৰাটোহে কঠিন। কাৰণ বৰ্তমানৰ চৰকাৰখনে পুঁজিপতিসকলৰদ্বাৰা দেশৰ উন্নয়নৰ কথা কয় আৰু লগতে দৰিদ্ৰ কৃষকৰ ভাগ্য পৰিৱৰ্তনৰ কথাও কয়। ইয়াৰ বাস্তৱ ৰূপ প্ৰত্যক্ষ কৰাৰ আগলৈকে আনন্দত মতলীয়া হোৱা প্ৰয়োজন নাই।

অসমত অসম গণ পৰিষদ নামেৰে আঞ্চলিক ৰাজনীতিৰ পাতনি মেলা অনেক নেতা বৰ্তমানে আঞ্চলিক দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিলৈ গৈছে। ইয়াৰ মূল কাৰণ দুটা হ’ব পাৰে। প্ৰথমটো হৈছে তেওঁলোকে অনুভৱ কৰিছে যে, আঞ্চলিক দলটোত থাকি ৰাইজৰ আৰু ৰাজ্যখনৰ বাবে একো কাম কৰিব নোৱাৰি। দ্বিতীয় কাৰণটো হৈছে অসমত আঞ্চলিক দলটোৰ প্ৰভাৱ শক্তিশালী হৈ থাকিলে ভাৰতীয় জনতা পাৰ্টিয়ে অসমত খোপনি পুতিব নোৱাৰিব। গতিকে জনতা পাৰ্টিৰদ্বাৰা ক্ষমতাৰ বাহিৰত থকা আঞ্চলিক পাৰ্টিৰ নেতাক প্ৰভাৱিত কৰা। এই দুটা কাৰণক বিশ্লেষণ কৰিলে বুজিব পাৰি যে, অসমৰ আঞ্চলিক দল অসম গণ পৰিষদ দলটোৰ উন্নয়নমূলক কামৰ কোনো ভৱিষ্যৎ দৃষ্টি নাছিল অথবা নেতা আৰু দলৰ মাজত শক্তিশালী বন্ধন আৰু দায়বদ্ধতা নাছিল। আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে অনুভৱ কৰিব পাৰিছে যে, অসমত গণ পৰিষদ দলৰ দৰে আঞ্চলিক দলৰ খোপনি আছে আৰু ইয়াৰ প্ৰয়োজনো আছে। সেই খোপনি ধ্বংস কৰি আঞ্চলিকতাবাদী বিষয়সমূহ নিজৰ মাজত সুমুৱাই ল’লেহে ভাৰতীয় জনতা পাৰ্টিয়ে অসমত নিজৰ খোপনি পুতিব পাৰিব। অৰ্থাৎ এনেকুৱা এটা সপোন দেখুওৱা হ’ল যে, ৰাষ্ট্ৰীয় দল হোৱা সত্ত্বেও অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰিত্ৰ আঞ্চলিক ৰাজনৈতিক দলৰ চৰিত্ৰ হ’ব।

অসমৰ মূল সমস্যা কি বুলিলে উত্তৰটো এষাৰতে দিব নোৱাৰি। বিদেশী বহিষ্কাৰৰ সমস্যা, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, নিবনুৱা সমস্যা, উগ্ৰপন্থীৰ সমস্যা, জনগাঁথনি পৰিৱৰ্তনৰ সমস্যা আদিৰ লগতে থলুৱা জনগোষ্ঠীৰ মাজত সমন্বয়হীনতাৰ সমস্যা মূল বুলি বিবেচিত হ’ব। এইসমূহ সমস্যা সমাধানৰ বাবে অসম গণ পৰিষদ দলৰ সমাধান সূত্ৰ কি আৰু ভাৰতীয় জনতা পাৰ্টিৰ দৃষ্টিভংগী কি সেইটো বিচাৰ্যৰ বিষয়। মন কৰিব লগা কথা যে, এই সমস্যাসমূহ জীয়াই ৰাখি কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰেপৰা কেৱল প্ৰতিশ্ৰুতি আৰু বিলম্বৰ ৰাজনীতি কৰি আছিল। বৰ্তমান চৰকাৰৰ হাতত কি বিশেষ আঁচনি আছে জনা নাযায়, কিন্তু ইয়াৰ সমাধান হ’ব লাগিব অসমৰ মানুহ আৰু মাটিৰ সপক্ষে। বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ ৰাইজৰ মতামতৰ মাজত বিশাল পাৰ্থক্য আছে। জনতা পাৰ্টিৰ দৃষ্টিভংগী অসমৰ স্বাৰ্থৰ বিপৰীত। ব্ৰহ্মপুত্ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ সম্পৰ্কে এতিয়ালৈকে  কেন্দ্ৰীয় চৰকাৰৰ কোনো দৃষ্টিভংগী নাই। উদ্যোগীকৰণ আৰু বিজুলী উৎপাদন অবিহনে অসমৰ নিবনুৱা সমস্যা সমাধান নহয়। বিজুলী উৎপাদনৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অসমৰ ভৱিষ্যৎ ধ্বংসৰো কাৰণ হ’ব পাৰে। জনগাঁথনিৰ পৰিৱৰ্তনৰ সমস্যা আৰু জনগোষ্ঠীসমূহৰ মাজত থকা সমন্বয়হীনতাই অসমক অস্থিৰ কৰিছে। ইয়াৰ সমাধানসূত্ৰ কেন্দ্ৰীয় চৰকাৰে দিব নোৱাৰে। কাৰণ অসমৰ সমগ্ৰ জনগণে অসমৰ বাবে ‘আমি’ৰ ধাৰণা গঢ়ি তুলিব লাগিব। বৰ্তমানে অসমত ‘আমি’ৰ সলনি ‘মই’ৰ ধাৰণাহে শক্তিশালী হ’বলৈ ধৰিছে। এই সমস্যাবোৰ আঞ্চলিক ৰাজনীতিয়ে সমাধান কৰিব পৰা শক্তি আহৰণ কৰিব লাগে। অন্যথা আঞ্চলিকতাবাদী শক্তি কেন্দ্ৰীয় শক্তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য।

ইতিমধ্যে অসম গণ পৰিষদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়া নেতাসকলে কেন্দ্ৰীয় চৰকাৰখনক কেনেদৰে প্ৰভাৱিত কৰিব পাৰিছে অথবা পাৰিছেনে নাই গম পোৱা সম্ভৱ নহয়। কিন্তু মাজে সময়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ সপক্ষে তেওঁলোকে অসমৰ প্ৰবক্তাৰ ৰূপত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা যায়। কিবা কাৰণত যদি তেওঁলোকৰ ভূমিকা ইয়াতেই সীমাবদ্ধ হৈ থাকিব লাগে তেনেহ’লে অসমৰ সমস্যা সমাধানৰ সপোন সপোন হৈয়ে ৰ’ব আৰু আঞ্চলিকতাবাদৰো পথ দুৰ্গম হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: আঞ্চলিকতাবাদ আৰু অসম
Anjan Sarma

Anjan Sarma

Related Posts

Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?
Climate Change

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

by Anjan Sarma
June 18, 2026
0

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam CLIMATE CHANGE and Displacement in Bangladesh: A Global...

Read moreDetails
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
India’s Election 2026 Mandate Begins in the East: Assam!

India’s Election 2026 Mandate Begins in the East: Assam!

May 7, 2026
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

May 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

April 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d