• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, February 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

ASSAM / Assamese Section

by MONOJ Kr BORUAH
February 4, 2026
in ASSAM, ASSAMESE SECTION, Politics
Reading Time: 4 mins read
0
আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?
Share on FacebookShare on TwitterShare on LinkedIn

আঞ্চলিকতাবাদ

মনোজ কুমাৰ বৰুৱা

Monoj Kumar barua
মনোজ কুমাৰ বৰুৱা

আজিৰ সময়ৰ সৰৱ আলোচনা- অসমৰ সাম্প্ৰতিক আঞ্চলিকতাবাদ অৰ্থহীন আৰু ভিত্তিহীন।

খবৰ কাগজৰ পাঠ ভৰাই আঞ্চলিকতাবাদৰ কবৰৰ গঁজাল পোতাত ব্যস্ত বিশেষ ৰাজনৈতিক আৱেগত উদ্বেলিত জনৈক সুধীবৃন্দ। অৱশ্যে ইয়াত কোনো দ্বিমত নাই যে ইয়াৰে অধিক সংখ্যকেই শ্মশানৰ পেছাদাৰী বিলাপকাৰী (Professional Mourners) ৰ ভাওঁ দিয়াত মগন আৰু এই সকলে নিজ-স্বাৰ্থ পূৰণ হ’লেই চকুৰ পানী মোহাৰি অন্য শ্মশানৰ সন্ধানত বাট বুলিব, সি ধুৰূপ।

অসমৰ আঞ্চলিকতাবাদ-জাতীয়তাবাদ আদি অভিধাসমূহে অসমক ৰাজনৈতিকভাৱে সদায় সুফলেই প্ৰদান কৰি আছে সেয়া কাৰ্যতঃ পতিয়ন নিওৱা এই লেখাৰ উদ্দেশ্য নহয়। মূলতঃ পৰিৱেশ, যি পৰিৱেশ সৃষ্টি হৈছে ক্ৰমাগত বিশ্বাসঘাতকতাৰ ওপৰত ভিত্তি কৰি, যি পৰিৱেশ সৃষ্টি হৈছে ৰাষ্ট্ৰীয়তাবাদৰ পিঠিত ভেঁজা দি কৰা শোষণ অথবা বঞ্চনাৰ ওপৰত ভিত্তি কৰি।

গতিকে সাম্প্ৰতিক পৰিস্থিতিত নৱপ্ৰজন্মৰ সমুখত তিনি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন- আঞ্চলিকতাবাদ, কি , কিয় আৰু কেনেকৈ?

RelatedPosts

World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

February 10, 2026
মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

February 10, 2026
Manipur in Turmoil Again !

Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

February 9, 2026

প্ৰথম প্ৰশ্নঃ কি?

চমুকৈ ক’বলৈ হ’লে সৰ্বাংগীন বিকাশৰ লগতে আনুসংগিক অৰ্থনৈতিক জাতীয়তাবাদ। দুস্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ যুদ্ধ। জ্যোতিপ্ৰসাদৰ ভাষাৰে, “কুৰু পাণ্ডৱৰ দৰে এই দুই সন্তান নিশ্চয় সংঘাতলৈ আহিব আৰু শিল্পী অৰ্জুনটোৱে সংস্কৃতিক সাৰথি কৰি লৈ এই মীমাংসাৰ কুৰুক্ষেত্ৰত কোনোবা দিন নামিবই লাগিব।”

ক্ৰমবৰ্ধমান হতাশা আৰু স্বপ্নভংগৰ সমান্তৰালকৈ এই অৰ্জুনেই আজিৰ আঞ্চলিকতাবাদ। ভাষিক আৰু ৰাজনৈতিক আঞ্চলিকতাবাদৰ লগতে অৰ্থনৈতিক আঞ্চলিকতাবাদো সমানেই গ্রহণযোগ্য। এই খিনিতে এক উদাহৰণ বিশেষ ভাৱে উল্লেখযোগ্য- ফৰাচী গলিজম বা ডিগলবাদ। এই মতাদৰ্শই প্ৰভুত্বকামী আৰু প্ৰতিপত্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে আঞ্চলিক সত্তাৰ বিকাশত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰায়বিলাক পুঁজিবাদী দেশেই আমেৰিকাৰ নেতৃত্ব মানি লৈছিল তেতিয়া ডি গলৰ নেতৃত্বত ফ্ৰান্সে জনাইছিল প্রত্যাহ্বান। শেষত সেই ডি গলৰ কল্পদৃষ্টিহে সাৰ্থক বুলি প্ৰমাণিত হ’ল। সেইদৰে জাতীয় ভাৱাবেগক অৰ্থনৈতিক, সামাজিক, আদি দিশৰ বিকাশৰ সাৰথিৰূপে যেতিয়া গণ্য কৰা হ’ব তেতিয়া সি যুক্তিসংগত হ’ব। অসমৰ আঞ্চলিকতাবাদত ফৰাচী গলিজম বা ডিগলবাদৰ ৰেঙণি পৰক।

regionism

দ্বিতীয় প্ৰশ্নঃ কিয়?

 ১৯৮০ চনৰ এম. ভি. কামাথৰ “Illustrated Weekly of India” ত প্ৰকাশিত প্ৰৱন্ধ “Neglected Assam”এই হওঁক, যোজনা আয়োগৰ প্ৰাক্তন সদস্য আবিদ হুছেইন বা কলিকতাৰ চি. আৰ. ইৰাণীৰ ভাষণেই হওঁক, এই সকলোবোৰেই মূলতঃ অসমখন যে উপেক্ষিত তাৰ প্ৰমাণ দি আহিছে।

তাৰ পাছৰ অসম আন্দোলন আৰু অসম চুক্তিৰ ইতিহাস, আঞ্চলিকতাবাদী চৰকাৰৰ বিফলতা, কংগ্রেছ আৰু বিজেপিৰ অপশাসনেই অসমৰ নব্য-আঞ্চলিক ভাৱধাৰাৰ পটভূমিৰ সৃষ্টিৰ সৈতে জড়িত হৈছে।

পোনপ্ৰথমে বিচাৰলৈ আনিব লাগিব পূৰ্বৰ আঞ্চলিকতাবাদী চৰকাৰৰ নেতাসকলৰ ৰাজনৈতিক অপৰিপক্কতা আৰু মইবৰ ভাৱ। এই ক্ষেত্ৰত সাৰ পানী যোগাইছিল ক্ষমতাক লৈ কৰা অৰিয়াঅৰিয়ে। ইয়াৰ ফলত ৰাজনীতিবিদ সকলৰ অসম চুক্তিৰ কথা বাদেই , সমষ্টি সমূহৰ আন্তঃগাঁথনিৰ কথা ভাবিবলৈও সময় নোহোৱাৰ দৰে হ’ল। গতিকে নব্য আঞ্চলিক ভাৱধাৰাৰ জন্মৰ কলি মেলাৰ পটভূমি যেন সেয়াই।

তাৰ পাছতেই ক্ৰমান্বয়ে বাঢ়ি আহিল কংগ্ৰেছ দলৰ দ্বাৰা সংখ্যালঘুৰ স্বজন-তোষণ আৰু হিতাধিকাৰীৰ ৰাজনীতি। এইখিনিতে জনৈক অতি উগ্ৰবাদী জাতীয়তাবাদীৰ উদ্যোগত সামৰিক আন্দোলনৰ আৰম্ভ হৈছিল যদিও সেয়া সু ব্যৱস্থাপনাৰ অভাৱত মৰহি গ’ল। তাৰ পাছতে আকৌ আঞ্চলিকতাবাদী চৰকাৰৰ হাতলৈ শাসন আহিল যদিও গুপ্তহত্যাৰ বিভীষিকাই সমগ্ৰ অসম জোকাৰি গ’ল।

ক্ষমতাৰ হাতুৰীৰ কোবত অসমীয়া গাভৰু যুৱতীয়ে নিজৰ আটাইতকৈ বহুমূল্য গৌৰৱ, সতীত্ব পৰ্যন্ত হেৰুৱালে। এইবোৰৰ পশ্চাৎপদত অসমীয়াৰ যি দুখ-যান্ত্ৰণা, অৰ্থনৈতিক-সামাজিক চিন্তা চৰ্চা এই সমূহ গুৰুত্বহীন হ’বলৈ ধৰিলে। গতিকে নব্য আঞ্চলিকতাবাদী ভাৱধাৰাৰ জন্মৰ উকমুকনিৰ আৰম্ভ হ’ল।

regionalism

আকৌ এই অসম মুলুকত কংগ্ৰেছৰ শাসন আহিল। তুলনামূলকভাৱে হিতেশ্বৰ শইকীয়াৰ তুলনাত অসমৰ মানুহে তৰুণ গগৈক এজন সু ৰাজনীতিবিদ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। যদিও অবৈধ বাংলাদেশীৰ সহিতে কৰা কংগ্ৰেছৰ ভোটবেংকৰ ৰাজনীতি যেন কংগ্ৰেছৰ সৈতে অবিচ্ছিন্ন হৈয়ে ৰ’ল।

ভূতৰ ওপৰত দানহ পৰাদি দুৰ্নীতিয়েও কংগ্ৰেছ দলৰ সৰ্বনাশ মাতি আনিলে।

‛হুজুৰ’ সম্বোধনেৰে তেতিয়াৰ কংগ্ৰেছী নেতাই প্ৰকাশ্যে সংখ্যালঘুৰ ভোটৰ সৈতে ৰাজনীতি কৰি নিজ নিজ আসন ৰক্ষাৰ অভিযানত নামি পৰিল। আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰে (?) অসম মুলুক ভৰি পৰিল। হিতাধিকাৰী সৃষ্টিৰ নাটকখনো পূৰ্ণোদ্যমে চলি থাকিল।

কিন্তু অসমৰ মানুহৰ স্বাৰ্থ, অসমৰ অৰ্থনৈতিক পৰিকল্পনা সকলো ধোঁৱাচাঙত উঠিল।

ইয়াৰ পিছতে অসমৰ ৰাজনীতিত অমোঘ পৰিৱৰ্তন আহিল। নেতাৰ দল বাগৰাৰ ঢৌ উঠিল। ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত ৰাইজৰ স্বাৰ্থ সহজেই তল পৰিল। বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দল এটাই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ভাষিক জাতীয়তাবাদৰ লগতে অসমৰ মধ্যবিত্তীয় আৰু নিম্ন মধ্যবিত্তীয় জনতাক সাঙুৰি ল’লে। বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই জাতি অঞ্চলৰ চিন্তাত বিজেপিয়ে যেন নিজৰ সাম্প্ৰদায়িক চোলাটো খুলি থ’লে।

অৱশ্যে নিজৰ প্ৰকৃত ৰূপলৈ ঘূৰি আহিবলৈ এইটো দলকো বৰ বেছি সময় নালাগিল। তেওঁলোকেও আৰম্ভ কৰিলে হিন্দু বাংলাদেশীৰ স্বজন তোষণ, উদাৰবাদী অৰ্থনৈতিক নীতিৰ শিপাত প্ৰদান কৰিলে পুঁজিবাদৰ পদলেহনকাৰী সাৰ। অসমৰ ঔদ্যোগিক ক্ষেত্ৰসমূহৰ গুৰুত্ব সমূলি লোপ পালে আৰু কংগ্ৰেছে আৰম্ভ কৰা হিতাধিকাৰী সৃষ্টিৰ নাটকখনো অধিক বহল পৰিসৰত আৰম্ভ কৰিলে।

সহজাত অসমীয়াৰ স্বাৰ্থ ধূলিৰ সৈতে মিলিহে গ’ল। গতিকে অসমৰ নব্য আঞ্চলিকতাবাদী ভাৱধাৰাটোৰ জন্মৰ কাৰণসমূহ ইয়ালৈকে বিস্তাৰিত হ’ল।

assam movement

আঞ্চলিকতাবাদ কিয়?

এই প্ৰশ্নৰ উত্তৰ হিচাপে মনলৈ আহে তেতিয়াৰ সাম্প্ৰদায়িক ৰথযাত্ৰাৰ বিৰুদ্ধে অসমৰ মণিকূট উৎসৱ ৰ কথা, সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত বিভিন্ন ভাষা ভাষী শ্ৰেণীৰ মানুহৰ অসমত সহাৱস্থানৰ কথা। শেষত ‛কা’ৰ দৰে জাতিধ্বংসী আইনৰ বিৰুদ্ধে অসমীয়া ৰাইজৰ নিঃস্বাৰ্থ আন্দোলন এই সকলোবোৰেই অসমৰ আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ পটভূমি।

এটা কথা উল্লেখযোগ্য, ‘৮৫ ৰ পাছৰ পৰা আৰম্ভ কৰি বিশ্বাসঘাটকতাৰ এই ইতিহাসৰ পাছতো, আন্দোলন কৰি ৰাজনৈতিক শক্তিৰ জন্ম দিয়াৰ প্ৰয়োজন কি বুলি কৰা প্ৰশ্নৰ যুক্তিযুক্ততা কিমান এতিয়া প্ৰশ্নকৰ্তাই নিজেই বিচাৰ কৰক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সংখ্যাগুৰুৰ ৰাজনীতিত পাকৈত দলটোৰ প্ৰৱক্তাই সাংবাদিকক প্ৰশ্ন কৰিছে – “ঠাকুৰ আৰু ব্ৰাহ্মণ সকলক বলাৎকাৰী বুলি কোৱাটো আপুনি কেনেকৈ সহ্য কৰিছে?”

এনেকুৱা নীচ আৰু লজ্জাজনক ৰাজনীতিৰ আশা আমি অসমত নকৰোঁ সেয়েহে প্ৰয়োজনীয়তা আছে আঞ্চলিকতাবাদী ৰাজনীতিৰ।

assam movement1

তৃতীয় প্ৰশ্নঃ কেনেকৈ?

পোনপটীয়াকৈ ইয়াৰ উত্তৰ হ’ব অৰ্থনৈতিক কথা বতৰা। ইমান কেইবছৰৰ স্বাৰ্থলোভী আৰু ভোটবেংকৰ ৰাজনীতিত নিশকতীয়া হৈ পৰা অৰ্থনীতি তথা উদ্যোগিক ক্ষেত্ৰৰ উন্নতিৰ মাজেৰে আৰম্ভ হ’ব লাগিব আঞ্চলিতাবাদৰ কথা বতৰাবোৰ। বাজেট অধিবেশনৰ ভাষণত বিত্তমন্ত্ৰীয়ে প্ৰতিবছৰে ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনতকৈ ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ হাৰ অধিক বুলি গৌৰৱপূৰ্ণ ভাৱে ঘোষণা কৰে।

কিন্তু ভাৰতৰ অন্য ৰাজ্য সমূহৰ তুলনাত অসম কিমান সংখ্যক স্থানত থাকে তাৰ ঘোষণা নকৰে। গতিকে স্বজাতিৰ অৰ্থনীতিৰ চিন্তা চৰ্চাৰ মাজেৰেই সম্ভৱ হ’ব নব্য আঞ্চলিক ভাৱধাৰা। অগপ চৰকাৰে তাহানিখন এম্বেচাদৰৰ ধোঁৱাত ধুৱলী কুঁৱলী হৈ কাৰ্যপন্থা গ্ৰহণ কৰাৰ দৰে নতুন আঞ্চলিকতাবাদী নেতাসকলে মটৰচাইকেলৰ ধোঁৱাত অন্ধ নহ’লেই অথবা ছ্যুট বুটৰ চিকমিকণিত অন্ধ নহৈ ৰাইজৰ ওচৰলৈ কাষ চাপিব পাৰিলেই আঞ্চলিকতাবাদ সফল হ’ব।

Inclusiveness ৰ কথা সাধাৰণতে কোৱা হয় যদিও তাত বৰাক উপত্যকা অথবা নামনি অসম কিমান inclusive তাৰ ওপৰত নিৰ্ভৰ কৰিব দলটোৰ সফলতা। নতুন আঞ্চলিক দলৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰই একাংশ অসচেতন হিতাধিকাৰী আৰু ৰাজনৈতিক দলৰ বেতনভোগী কৰ্মীৰ বাদে ধৰ্মভেদে অসমৰ বেছিসংখ্যক মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত শ্ৰেণীকে আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।

assam movement book

কিন্তু অন্যান্য ৰাজনৈতিক দলৰ দুস্কৃতিকাৰী IT Cell ৰ প্ৰৰোচনাৰ বিপক্ষেও এই দলসমূহে ৰাইজক সজাগ কৰিব লাগিব এই সময়তে। দলসমূহৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীসকলে গপ-ভেম অহংকাৰৰ সাজবোৰ খুলি যিমান খিনি পাৰি সৰ্বহাৰাৰ সৈতে একনিষ্ঠ হোৱাৰো প্ৰয়োজন আছে। মূলতঃ আঞ্চলিকতাবাদৰ প্ৰমূল্যত একেবাৰে নিপীড়িত জনৰ গুৰুত্ব অপৰিসীম হোৱাটো নিতান্তই জৰুৰী।

মুঠতে এটা কথা সুস্পষ্ট আঞ্চলিকতাবাদৰ জন্ম চৰকাৰী পক্ষই কোৱাৰ দৰে দুই বা তিনি বছৰীয়া নহয়। পূৰ্বৰ আঞ্চলিকতাবাদ ৰাষ্ট্ৰীয়তাবাদৰ ভৰিৰ তলত অসমীয়াৰ স্বাৰ্থ হেৰুওৱাৰ পৰা বৰ্তমানলৈকে, সহস্ৰ কাৰণে নব্য আঞ্চলিক ভাৱধাৰাৰ পৃষ্ঠপোষকতা কৰি আহিছে। ভোট বিভাজনে এক গুৰুত্বপূৰ্ণ অংশ ল’ব যদিও সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত এক সক্ৰিয় গণ অভ্যুত্থানৰ উদয় হোৱাটো প্ৰায় নিশ্চিত ।

জ্যোতিপ্ৰসাদে লিখিছিল- “সংস্কৃতি ফুলত থাকে অৰ্থনীতিৰ গুটি/ বাস্তৱৰ মাটিত পৰি গজে ফুটি ফুটি।”

(মনোজ কুমাৰ বৰুৱা,ভোগপুৰ চাৰিআলি, লক্ষীমপুৰ)

[First published in Mahabahu on June, 2021]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: আঞ্চলিকতাবাদ
MONOJ Kr BORUAH

MONOJ Kr BORUAH

Related Posts

World War III: Could Water Be the Spark?
Climate Change

World War III: Could Water Be the Spark?

by Nilim Kashyap Barthakur
February 10, 2026
0

World War III: Could Water Be the Spark? NILIM KASHYAP BARTHAKUR Water, the essence of life, is increasingly becoming a...

Read moreDetails
মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

February 10, 2026
Manipur in Turmoil Again !

Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

February 9, 2026
silhouette photography of group of people jumping during golden time

পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়

February 9, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

February 8, 2026
Manas Tiger Reserve Inspires Young Conservationists Through “Nature Orientation” Program

Manas Tiger Reserve Inspires Young Conservationists Through “Nature Orientation” Program

February 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d