-ডঃ বিক্ৰমজিত কাকতি |
সাধাৰণ মানুহৰ ধৰ্মচর্চা আণ্ডাৰৱেৰ ব্যৱহাৰৰ কৰাৰ দৰে হলে পৃথিৱী শান্তিত থাকিব।
উদাহৰণ স্বৰূপে যিদৰে আপুনি কি ব্ৰাণ্ডৰ আণ্ডাৰৱেৰ পিন্ধি ভাল পায় সেইটো ৰাজহুৱাকৈ কৈ নাথাকে আৰু আপুনি পিন্ধা আণ্ডাৰৱেৰ কিয় বেলেগে পিন্ধাত কৈ ভাল সেইটোও ৰাজহুৱা ভাবে কৈ নাথাকে । ঠিক সেইদৰে আপুনি কি ধৰ্ম চৰ্চা কৰি ভাল পায় আৰু সেই ধৰ্ম কিয় ভাল সেইটো সদায় ৰাজহুৱা ভাবে কৈ নথকাই ভাল নেকি ?
আণ্ডাৰৱেৰৰ যদি বেছি টাইট হয় তেতিয়া শৰীৰটোৱে কষ্ট পায় আৰু বেছি ঢিলা হলেও যতে ততে খুলি যোৱাৰ সম্ভাৱনা। সেয়েহে নিজৰ শৰীৰত ‘perfectly fit’ হোৱা আৰামদায়ক আৰু পৰিষ্কাৰ আণ্ডাৰৱেৰ পিন্ধা উচিত। ঠিক সেইদৰেই আপোনাৰ প্ৰয়োজনত কৈ বেছি ধৰ্মগোড়া হলে নিজৰেই বহু সময়ত ক্ষতি হয়, সেইদৰে একেবাৰে ধৰ্মত ঢিলা হলেও বেয়া।
যি দৰে Classic Briefs, G-String , V Cut আদি আণ্ডাৰৱেৰ বিভিন্ন ডিজাইন আছে সেইদৰে বিভিন্ন উপায়েৰে মানুহে ধৰ্ম পালন কৰে, কোনোৱে হোম কৰি ভাল পায় নাইবা কোনোৱে হোম নকৰি ভাল পায়, কিন্তু উদ্দেশ্য এটাই – ঈশ্বৰ আৰাধনা।
যিদৰে আমি আণ্ডাৰৱেৰ ধুই মেলি ৰাইজে দেখা পোৱাকৈ শুকাবলৈ দিলে ওচৰচুবুৰীয়াই অস্বস্তি বোধকৰে, সেইদৰে আপুনি নিজৰ ধর্মীয় ক্ৰিয়াকৰ্ম সমূহো এনেদৰে পালন কৰা উচিত যাতে ওচৰ চুবুৰীয়াৰ অসুবিধা নহয়, যেনে- ধৰা হ’ল আপুনি flatঅত থাকে , তাত যদি পূৱতিনিশাতেই মাইক লগাই full volumeত ভক্তিমূলক সংগীত বজায়, তেনেহলে ওচৰ চুবুৰীয়াৰ অসুবিধা হোৱা স্বাভাৱিক।
বহুতে মোক সমালোচনা কৰিব কিছুৱে ইতিকিং কৰিব। কিন্তু মই ইয়াত মোৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছোঁ, কাকো অন্তৰত আঘাত দিব বিচৰা নাই। আপোনাৰ দৃষ্টিভংগী ভিন্ন হোৱা স্বাভাৱিক, মই আপোনাৰ দৃষ্টিভংগীকো সন্মান কৰোঁ। গতিকে অযথা বিতৰ্কৰ সৃষ্টি নকৰে যেন।
কথাখিনিৰ আৰম্ভণিতেই মই সাধাৰণ মানুহ বুলি কৈছোঁ, আপুনি যদি নিজকে অসাধাৰণ বুলি ভাবে তেন্তে আপুনি চুপাৰমেন, তেওঁ আণ্ডাৰৱেৰ বাহিৰত পিন্ধিলেও ৰাইজে হজম কৰি লবই নিশ্চয়।
শেষত …. বহুতে কব “মই ভগবান বিশ্বাস নকৰোঁ’ । তেওঁলোক নাস্তিক , ঠিক বহু মানুহৰ দৰে যি আণ্ডাৰৱেৰ ব্যৱহাৰ নকৰে !!!!
[Dr. Vikramjit Kakati, Ph.D. (IIT), C.Eng, AFIAP (Belgium),Associate Professor (Mechanical Engg) & Administrative Officer, Assam Don Bosco University]