আত্মদৃষ্টি
গৌতম শৰ্মা
দাপোণ এখনৰ আগত থিয় হৈ নিজকে অপৰিষ্কাৰ হৈ থকা দেখিলে আমি পৰিষ্কাৰ কৰি লওঁ ।
এই বহু প্ৰয়োজনীয় দাপোণখন প্ৰতিঘৰ মানুহৰ ঘৰতে সেয়েহে থাকে । কেতিয়াবা কিন্তু আমাৰ মনত এটা বিশেষ প্ৰশ্নৰ উদয় হয়, এখন দাপোণ চাই আমি নিজকে পৰিষ্কাৰ কৰাৰ দৰে আমাৰ প্ৰত্যেকৰে অন্তৰতো আছেনে বাৰু এনে এখন দাপোণ যিখন দাপোণত উদ্ভাসিত হয় আমাৰ প্ৰত্যেকৰে নিজৰ দোষ-ক্ৰটি, চিন্তা-কৰ্ম আৰু চৰিত্ৰবোৰ !
অপ্ৰিয় হ’লেও সত্য যে, আজি আমি নিজকে যিমান জ্ঞানী বা শিক্ষিত বুলি নাভাবো লাগে আমাৰ সদায় প্ৰয়োজন এনে এখন দাপোণৰ, যিখন দাপোণত নিজৰ মুখ নহয় চাব পৰা যায় কেৱল নিজৰ দোষবোৰ, যাৰ জৰিয়তে প্ৰতিজন ব্যক্তিৰ মুখখনৰ লগতে অন্তৰখনো সদায় পৰিষ্কাৰ হৈ থাকিব বুলি আশা কৰিব পাৰি ।
সেয়ে প্ৰত্যেকৰে ঘৰত এখন নিজৰ মুখ/শৰীৰটোক চাই পৰিষ্কাৰ কৰিব পৰা দাপোণ থকাৰ দৰে প্ৰতিজন ব্যক্তিৰ অন্তৰতো আত্মশুদ্ধিৰ বাবে অন্য এখন দাপোণ থকাটো নিতান্তই প্ৰয়োজন বুলি সদায়ে আমি ভাবোঁ।
16-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)