আত্মদৃষ্টি
গৌতম শৰ্মা
“Some people are more conscious for their rights but not for conscious for their duties.”
আমি এটা কথা সকলোৱে জানো যে, “যোগ্য ভোগ্য বসুন্ধৰা”।
তোমাৰ যোগ্যতা আছে তুমি তোমাৰ প্ৰাপ্যক দাবী কৰা তাত আমাৰ একো ক’ব লগা নাই।
যোগ্যতাহীনভাৱেই অযথা কিছুমান চিঞৰ-বাখৰ কৰি এটা সুস্থ পৰিৱেশক বিনষ্ট কৰাৰ অধিকাৰ তোমাৰ নাই। সকলোৱে আজি এই কথাষাৰ সুস্থভাৱে চিন্তা কৰি লক্ষ্যত আগবাঢ়িলে শান্তি, প্ৰগতি দুয়োটাই আহিব; নহ’লে সমস্যাবোৰ বাঢ়িবহে।
আজি আমাৰ চাৰিওফালে গছত উঠাই গুৰি কটা মানুহবোৰৰ একেবাৰে অভাৱ নাই, সেইসকলৰ পৰা সকলো সাৱধানে থাকা । য’ত অন্যায়ৰ উম-ঘামেই নাই তাত ন্যায় পোৱাৰ যুক্তি ক’ত ?
ভুল বুজাবুজি, ভুল দৃষ্টিভংগীবোৰ এৰি সকলো মিলি-জুলি থাকা। যদি কাৰোবাৰ প্ৰৰোচনাতো পৰিছা তেন্তে সকলোৱে নিজ বিবকক এবাৰ প্ৰশ্ন কৰি প্ৰকৃত সত্যটোনো কি তাক জানিবলৈ চেষ্টা কৰা ।
আকৌ কৈছোঁ, যোগ্যতাহীনভাৱেই নিজৰ যোগ্যতাক কোনেও পুনৰবাৰ প্ৰতিপন্ন কৰিবলৈ নাযাবা।
20-09-2022
[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০ ০০২০০]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)