• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, September 22, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

আত্মনির্ভৰশীলতা

সঞ্জীৱ কুমাৰ নাথ

by Admin
August 24, 2023
in Economy, Business, Finance, Opinion, Special Report
Reading Time: 7 mins read
0
আত্মনির্ভৰশীলতা
Share on FacebookShare on TwitterShare on LinkedIn

আত্মনির্ভৰশীলতা

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

গাঁৱলীয়া মানুহে অনা শাক-পাচলি পোৱা বেলতলা বজাৰলৈ গৈ ভাল লাগে।

বহুত বস্তু কিনিবলগীয়া নাথাকিলেও চায়েই ভাল লাগে। কেতিয়াবা কাহানিও নোখোৱা একোটা শাক বা পাচলি আনি ঘৰত পৰীক্ষামূলক ৰন্ধা-বঢ়াও কৰিছো (অৱশ্যে তাৰ ফল কেনেকুৱা পাইছোঁ ক’ব খোজা নাই)।

গতিকে মাজে মাজে দেওবাৰে তালৈ যাওঁ। কেৱল শাক-পাচলিৰ ক্ষেত্রতেই নহয়, সামগ্রিক ভাবে জৈৱ-বৈচিত্রৰে কিমান ধনী ঠাইত আমি থাকো, সেয়া বুজিবলৈ বেলতলা বজাৰলৈ গ’লেই হ’ল।
মণিপুৰ, গাৰো পাহাৰ, গুৱাহাটীৰ দাতিকাষৰীয়া পাহাৰ, গাওঁ আদিৰ পৰা অনা কিমান যে বিচিত্র বস্তুৰে ভৰা এখন বজাৰ!

জৈৱ-বৈচিত্রৰে ধনী ঠাইত কিমান দুখীয়া মানুহ থাকে সেয়া বুজিবলৈও যাব পাৰি বেলতলা বজাৰলৈ। ডাঙৰ মাছ এটা এজনে কিনি লৈ কটাওঁতে যে কাষত কেতিয়াবা কেবাজনো মানুহে বেছ মনোযোগেৰে মাছটো বেপাৰীজনে কটা চাই থাকে—কিয় চাই থাকে বাৰু?

তেওঁলোকে মাছ নিকিনে, কিনিব নোৱাৰে, কিনিবলৈ পকেটত ইমান ধন নাই, কিন্তু আনে কিনা মাছটো কটাকে কিছু সময় চাই এক প্রকাৰৰ vicarious আনন্দ পায় ….. ফুটবল নেখেলাকৈ কেৱল আনে খেলা ফুটবল খেল চোৱাৰ আনন্দ যিদৰে পোৱা যায়।

RelatedPosts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 22, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023

        আপুনি যদি কেতিয়াবা বেলতলা বজাৰলৈ গৈছে, তেন্তে আৰু এটা কথা মন কৰিছে চাগৈ। যিখিনি মানুহ সন্দেহাতীত ভাবে অসমৰ বা উত্তৰ-পূব ভাৰতৰ মানুহ, থলুৱা জনগোষ্ঠীৰ মানুহ, তেওঁলোকে বস্তু বেছিবলৈ বহে বজাৰ খনৰ দুই কাষত, মাজত নহয়। তেওঁলোক বজাৰখনৰ কেন্দ্রীয় স্থান সমূহত নবহে; বজাৰখনত তেওঁলোকৰ স্থান “প্রান্তীয়”।

ভাৰতবর্ষৰ ৰাজনীতি, অর্থনীতিত যিদৰে প্রায়ে প্রান্তীয় অঞ্চলৰ ভাষা-কলা-কৃষ্টিক তথাকথিত কেন্দ্রীয় সংস্কৃতিৰ সৈতে খাপ খুউৱাৰ মহান প্রয়াসৰ কথা শুনা যায় এনে লাগে যেন একেখন ভাৰততে দুখন ভাৰত আছে: এখন কেন্দ্রীয় আৰু এখন প্রান্তীয়।

আত্মনির্ভৰশীলতা
সেই একেই মনোবৃত্তিৰে কিছুমানে ভাবিব পাৰে যে গঙ্গা আৰতিৰে হে জংঘলী, পর্বতীয়া ব্রহ্মপুত্রক “শুদ্ধ” কৰিব পাৰি!

ইংৰাজীত প্রায়ে “মেইনষ্ট্রীম” শব্দটো ব্যৱহাৰ কৰা হয়, যেন দিল্লীৰ বা উত্তৰ ভাৰতৰ, পশ্চিম ভাৰতৰ সংস্কৃতি হ’ল ভাৰতীয় সংস্কৃতিৰ মূল সোঁত/নদী/মেইনষ্ট্রীম আৰু অসম বা উত্তৰ পূর্ৱাঞ্চলৰ সংস্কৃতি হ’ল সেই সোঁতৰ সৈতে সংলগ্ন বা সংলগ্ন হ’বলগীয়া উপনৈ! (সেই একেই মনোবৃত্তিৰে কিছুমানে ভাবিব পাৰে যে গঙ্গা আৰতিৰে হে জংঘলী, পর্বতীয়া ব্রহ্মপুত্রক “শুদ্ধ” কৰিব পাৰি!)

ভাৰত দুখন হ’ব পাৰে জানো? দিল্লী যিমান “ভাৰত” উত্তৰ পূব ভাৰতো সিমানেই “ভাৰত” নহয় জানো? বেলতলা বজাৰৰ থলুৱা জনগোষ্ঠীয় বাইদেউহঁতৰ স্থান—শেষত, প্রান্তত, ফুট-পাথত বহে তেওঁলোক—যেন একপ্রকাৰে দেশৰ ৰাজনৈতিক-অর্থনৈতিক-সাংস্কৃতিক মানচিত্রত উত্তৰ-পূব ভাৰতৰ স্থানৰ নিদর্শন।

আত্মনির্ভৰশীলতা

        দেওবাৰ এটাত বেলতলা বজাৰলৈ বুলি ওলাই ভাবিলো খোজ কাঢ়ি, ই-ৰিক্সাত বহি যাওঁ; গাড়ী ৰাখিবলৈ ঠাই বিচাৰি ফুৰিব নালাগে। কিন্তু কিনকিনিয়া বৰষুণ হৈ থকা বাবে (গুৱাহাটীৰ বৰষুণ সাধাৰণতে কিনকিনিয়াহে কিয় হয় বাৰু? কেতিয়াবা অলপ ডাঙৰ বৰষুণ হ’লেই আকৌ বাটে বাটে নদী, হৃদ, সাগৰৰ সৃষ্টি হয়।) ছাতি এটা ল’লো।

মেলি চাই দেখিলো এঠাইত এডাল শলখা ভাগি ছাতিটোৰ কাপোৰত খোঁচ খাই থকা দৰে হৈছে। বেলেগ এটা ছাতি বিচৰাৰ সলনি ভগা শলখাৰ ছাটিটোকে লৈ ভাবিলো যে সেইটোকে মেৰামতি কৰাই ল’ম।

বস্তু এটা বেয়া হ’লে সেইটো পেলাই দি নতুন এটা কিনি লোৱাটো হেনো আমেৰিকান সকলৰ স্বভাৱ, আৰু বিকশিত ভাৰতৰ নাগৰিক সকল যিহেতু আমেৰিকাক অনুকৰণ কৰাত অতি দক্ষ, এতিয়া আমাৰ ইয়াতো পুৰণিক দলিয়াই নতুনক আদৰাৰ “সংস্কৃতি” অনেকৰে অভ্যাসত পৰিণত হৈছে। সেইসকল মানুহে ছাতি, টর্চ, জোতা, চেণ্ডেল, চোলা দলিয়াই পেলাবলৈ কুণ্ঠাবোধ কৰিব জানো, যি নিজৰ মাক-দেউতাককে বৃদ্ধাশ্রমত (বা পদপথত) এৰি থৈ যাবলৈ চিন্তা নকৰে?

আৰু নিজৰ ধন-পইছা থকা, সম্ভ্রান্ত “স্তেতাছ”ত ডাগ লাগে বুলিও বোধকৰো বহুতে ভয় কৰে বস্তু ভাল কৰা মিস্ত্রীৰ ওচৰলৈ যাবলৈ।

        এচোৱা খোজ কাঢ়ি আৰু এচোৱা ই-ৰিক্সাত বহি গৈ যেতিয়া বেলতলা বজাৰ পালোগৈ তেতিয়ালৈ গুৱাহাটীৰ ক্ষন্তেকীয়া বৰষুণৰ অধ্যায় শেষ। (কেতিয়াবা আকৌ একেৰাহে কেবাদিনো বৰষুণ হোৱাৰ পিছত টেলিভিজনত বৰষুণত ককবকাই থকা গুৱাহাটীৰ খবৰ চাওঁতে নেপথ্য সংগীত শুনি চক খাব লগীয়া হয় : “এজাক সপোন যেন বৰষুণ…”)।

আত্মনির্ভৰশীলতা
Photo by Pixabay on Pexels.com

ৰ’দ দি আছে। ছাতিটো সামৰি লৈ বজাৰৰ বিচিত্রতাত হেৰাই গ’লো। ৰং-বিৰঙৰ পাচলি, শাক, ফলমূল চাই চাই ভগা ছাতিৰ কথা পাহৰিলোৱেই। দুই এটা বস্তু কিনি, মোনাত ভৰাই (মোৰ দৰে মোনা লৈ বজাৰলৈ যোৱা মানুহো আজিকালি দুষ্প্রাপ্য; হাতে হাতে কেৱল পলিথিনৰ মোনা), ওভতনি যাত্রা ঠিক আৰম্ভ কৰিবলৈ লওঁতেই মনত পৰিল যে ছাতি ভাল কৰাবলগীয়া আছে।

“তেওঁৰ দৰে যে কত মানুহ আছে—কাম পালে কিছু ধন পায়, নাপালে নাই। কোনো “দৰমহা” নাই, “পেঞ্চন” নাই। স্বাস্থ্য যদি বেয়া হয় আৰু কাম কৰিব নোৱাৰে, তেন্তে কামৰ লগতে আয়ো নাই। অসুখৰ চিকিৎসাৰ বাবে ধন বেছিকৈহে লাগে, কিন্তু অসুখ হোৱা মানেই ধন নাই। সাঁচতীয়া ধন থাকিলে তাকে খৰছ কৰি চিকিৎসা কৰিব পাৰে, নাথাকিলে নাই। বিনামূলীয়া চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ গৈ বা কি পায়?”

আচলতে বস্তু কিনাৰ আগতেই, হাতত খালী মোনাৰে ছাতি ভাল কৰা মিস্ত্রী বিচাৰিবলৈ সুবিধা হ’ল হেঁতেন। কিন্তু এতিয়াতো উপাই নাই। বস্তু-ভৰা মোনা কঢ়িয়াই হ’লেও ইফালে সিফালে গৈ চালো ছাতি ভাল কৰা মিস্ত্রী দেখোঁ নেকি বুলি। নাই ক’তো নাই দেখোন। তেনেতে জোতা ভাল কৰি থকা মানুহ এজন দেখি তেওঁকে সুধিলো যে ছাতিৰ মিস্ত্রী ক’ত? এজোপা গছৰ ফালে দেখুৱাই তেওঁ ক’লে “সেই তাতে আছে”।

ৰ’দৰ প্রকোপ তেতিয়া বাঢ়িছে। গছ জোপাৰ তলত ক্ষন্তেক ৰ’বলৈ পালে ভালেই লাগিব বুলি গ’লো সেইফালে।

        বৰ গছতকৈ বহুত সৰু, কিন্তু বোধকৰোঁ সেই জাতৰে, অর্থাৎ ফাইকাছ্ জাতীয় এজোপা গছ। ডালবোৰত খুব ডাঠকৈ সৰু সৰু পাত। ইংৰাজীত বোধকৰোঁ উইপিং ফাইকাছ‌্ বুলি কয়। গোটেই ঠাইটুকুৰাৰ যেন চেহেৰা সলনি কৰি দিছে গছজোপাই। তলত ডাঠ ছাঁ। ৰৈ ভাল লাগে, গৰমৰ পৰা বহুত সকাহ পোৱা যায়। বিকাশৰ তেজী ঘোঁৰা (অর্থাৎ দৈত্যকায় জে ছি বি গাড়ী) দৌৰাওঁতে কত এনে গছ শেষ হৈ গ’ল।

আত্মনির্ভৰশীলতা

মানুহক গৰমৰ পৰা সকাহ দিয়া, বায়ু মণ্ডলত অক্সিজেনৰ যোগান ধৰা এই গছবোৰ আকৌ কিমানযে সৰু সৰু জীৱ জন্তু, অন্য উদ্ভিদ, চৰাইৰ বাসস্থান আৰু জিৰণি স্থল! এতিয়া এই বজাৰৰ হুলস্থুলৰ মাজতো ক্ষন্তেকৰ বাবে হ’লেও, দুটামান চৰাইৰ গীত শুনিবলৈ পাইছো। মানুহৰ চিঞৰ বাখৰ আৰু গাড়ী মটৰৰ বিকট শব্দৰ মাজতো যেন চৰাই কেইটাই নিজৰ “সংগীত চর্চা” অব্যাহত ৰাখিছে।

        গছৰ তলত এজন ছাতি ভাল কৰা আৰু এজন টর্চ ভাল কৰা মানুহে নিজৰ কাম কৰি আছে। ছাতি বা টর্চ ভাল কৰিবলৈ দিয়া দুজনমান মানুহ ওচৰতে ৰৈ আছে। মই গৈ ছাতি মিস্ত্রীক ক’লো মোৰ ছাতিটো ভাল কৰি দিবলৈ। তেওঁ হ’ব বুলি কৈ নিজৰ কামত লাগি থাকিল। মন কৰিলো যে মানু্জনে বৰ খৰকৈ কাম কৰে। অন্য দিনত ইয়াত থাকে বা নাথাকে? নে এই বজাৰৰ সময়কণতে যিমান পাৰে কাম কৰি লৈ যি ধন পায়, তাৰেই চলাই নেকি ঘৰ-সংসাৰ?

অন্য দিনত কাম কৰিলেও চাগৈ ইমান বেছি কাম নাপাব। আজি বজাৰ বাৰ বাবে মানুহ ধেৰ, আৰু সেই ধেৰ মানুহৰ মাজৰে দুই এজন তেওঁৰ ওচৰলৈ আহিছে। এতিয়া এনে লাগিছে যেন তেওঁৰ ৰ’বলৈ আহৰি নাই, কিন্তু সদায় এইদৰে কাম পায় নে তেওঁ?

        তেওঁৰ দৰে যে কত মানুহ আছে—কাম পালে কিছু ধন পায়, নাপালে নাই। কোনো “দৰমহা” নাই, “পেঞ্চন” নাই। স্বাস্থ্য যদি বেয়া হয় আৰু কাম কৰিব নোৱাৰে, তেন্তে কামৰ লগতে আয়ো নাই। অসুখৰ চিকিৎসাৰ বাবে ধন বেছিকৈহে লাগে, কিন্তু অসুখ হোৱা মানেই ধন নাই। সাঁচতীয়া ধন থাকিলে তাকে খৰছ কৰি চিকিৎসা কৰিব পাৰে, নাথাকিলে নাই। বিনামূলীয়া চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ গৈ বা কি পায়?

        প্রতিদিনে পুৱা হাতীগাওঁ চাৰি আলিত কেবা শ মানুহ গোট খায় কাম বিচাৰি। হাতে হাতে কোৰ, পাচি, ৰছী আদি সৰঞ্জাম লৈ আৰু সুদা হাতেৰেও ৰৈ থাকে আশাৰে তেওঁলোক : কোনোবা এজন আহিব, কামৰ বাবে লৈ যাব, এই আশাত। হুলস্থুলীয়া সেই মানুহবোৰৰ মাজেৰে কেতিয়াবা পাৰ হৈ গৈছো। কাৰো মুখত মাস্ক নাই এতিয়া; ক’ভিডৰ সময়ত দুই এজনে পিন্ধিছিল।

“সাগৰৰ পাৰৰ শিলত গজা পাইনজোপাৰ যিদৰে নিজৰ ভিতৰতে নিজৰ ভৰণ পোষণৰ সামর্থ্য থাকে, আনৰ ওচৰত যিদৰে নির্ভৰশীল নহয় সেই গছ, ঠিক সেইদৰে কাম কৰি খোৱা মানুহৰ নিজৰ এক সহজ প্রাচুর্য থাকে। তেওঁলোকৰ হাতত যে বিভিন্ন কামৰ কৌশল থাকে, তেওঁলোকে যে শ্রম কৰিব পাৰে, সেয়াই তেওঁলোকৰ সহজ প্রাচুর্য, তেনেকৈয়ে তেওঁলোক আত্মনির্ভৰশীল। তেওঁলোকক লাগে মাত্র আত্মসন্মানেৰে জীয়াই থাকিব পৰা এটা পৰিবেশ। ভাৰতৰ প্রকৃত আৰু সম্পূর্ণ বিকাশ তেতিয়া হ’ব যেতিয়া কাম কৰি, কষ্ট কৰি খোৱা মানুহৰ মুখত দিনটোৰ কামৰ অন্তত হাঁহি বিৰিঙিব : যেতিয়া তেওঁলোকে ক’ব পাৰিব যে “আমি ধনী ন’হলেও দুখীয়াও নহওঁ, আমি সুখী, আমি  নিজৰ সহজ প্রাচুর্যত সন্তুষ্ট”। স্বদেশী প্রযুক্তিৰে মহাকাশ যান তৈয়াৰ কৰিব পৰা, চন্দ্রলৈ তেনে যান পঠাব পৰা ভাৰত আমাৰ সকলোৰে কাম্য। সকলো ক্ষেত্রতে আত্মনির্ভৰশীল এখন ভাৰতেই আমাক সকলোকে লাগে। কিন্তু কেৱল মহাকাশ যান, সামৰিক বাহিনীৰ অস্ত্র-শস্ত্র, বাট-পথ, উৰণীয়া সেতু, বৰ বৰ ঘৰেই বিকাশৰ একমাত্র চিন নহয়, দুজন মান ধন কুবেৰৰ ভাগ্যোদয় মানে ভাৰতৰ বিকাশ নহয়। সুখী “সাধাৰণ” মানুহহে এখন দেশৰ উন্নতিৰ আটাইতকৈ ডাঙৰ লক্ষণ।”

কভিডৰ বাবে দেশখনকে তলা মাৰি বন্ধ কৰি থোৱা দিন বোৰত হাতীগাঁৱৰ সেই হুলস্থুলীয়া চাৰি আলিও জনশূন্য হৈ পৰিছিল। তেতিয়া বাৰু তেওঁলোকৰ ঘৰ সংসাৰ কেনেকৈ চলিছিল? চৰকাৰী চাকৰিয়াল সকলে কামলৈ যাব নোৱাৰিছিল যদিও দৰমহা নোপোৱাকৈ থকা নাছিল, কিন্তু এই চাম মানুহৰ কি হৈছিল – যি কাম পালেহে ধন পায়? আৰু কেৱল হাতীগাঁৱেই নে? গোটেই দেশখনতে পুৱা এনেকৈ কামৰ আশাত ওলাই অহা মানুহ যে কিমান আছে!

        ছাতি ভাল কৰা মিস্ত্রী জনে কৰি থকা কামতো খৰকৈ শেষ কৰি মোৰ ছাতিটোৰ বাবে হাত মেলিলে। মই ছাতিটোৰ “বেমাৰ”টোৰ কথা কোৱা হ’ল কি নহ’ল তেওঁ ছাতিটো খুলি চাই, “ৰোগ” চিনাক্ত কৰি কামত লাগি গ’ল। মই মন কৰিলো যে তেওঁ কামটো খৰকৈ কৰিছে ঠিকেই, কিন্তু ভালকৈ কৰিছে।

ছাতিৰ শলখাবোৰ ক্ষিপ্র গতিত খুলি, যিডাল সলাব লাগে তাৰ ঠাইত নতুন এডাল দি, আৰু কিবা সৰু-সুৰা বস্তু দুটামান সলাই, কেইমিনিটমানৰ ভিতৰতে তেওঁ মোৰ ছাতিটো ঠিক কৰি দিলে। নিজে দুই এবাৰ খুলি, বন্ধ কৰি চাই লৈ মোৰ ফালে আগবঢ়াই দিলে। মই হাতত লৈ মেলি চালো, জপাই চালো, আৰু সকলো ঠিকেই যেন পাই তেওঁক পইছা দি উভতিলো।

আত্মনির্ভৰশীলতা

        ই-ৰিক্সাত উঠিলোঁ। জোতা ভাল কৰা মানুহজনক পুনৰ দেখিলো। লাখুটি এডালত ছাতি এটা বান্ধি লৈ তাৰ তলতে বহি কাম কৰি আছে। এওঁলোক—টর্চ, ছাতি, জোতা ভাল কৰা মানুহবোৰ, ই-ৰিক্সা, অন্য ৰিক্সা চলোৱা মানুহ, বজাৰত শাক-পাচলি বেছা মানুহ—এনেকুৱা বিভিন্ন সৰু-সুৰা কাম কৰি জীৱন নির্বাহ কৰা মানুহবোৰৰ আত্মনির্ভৰশীলতাৰ কথা মনলৈ আহিবলৈ ধৰিলে।

পদপথত, গছৰ তলত কামত ব্যস্ত কিছুমান আত্মনির্ভৰশীল মানুহ। কাৰো ওচৰত হাত নপতাকৈ, নিজে কাম কৰি চলি থাকে। কাষেৰে পাৰ হৈ যায় বৰ বৰ মানুহৰ বিলাসী বাহনকে ধৰি বহুত ৰকমৰ বাহন, বহুত ৰকমৰ মানুহ। কোনে ভাবে তেওঁলোকৰ কথা?

হ’ব পাৰে তেওঁলোকৰ মাজৰ কিছুমানে চৰকাৰী আঁচনিৰ অধীনত কিবা কিবি সা-সুবিধা পাইছে, হ’ব পাৰে বহুতে নাই পোৱা, বা চৰকাৰী কার্যালয়লৈ তাঁত-বাটি কাঢ়িব পৰা নাই কাৰণে নাই পোৱা, বা তেওঁলোকৰ সৰু সৰু সুবিধাবোৰ দিবলৈ বহি থকা বৰ বৰ বাবুসকলক সন্তুষ্ট কৰিব পৰা নাই কাৰণে পোৱা নাই……অনেক সম্ভাৱনা।

আমাৰ সমাজ ব্যৱস্থা এনেকুৱা যে তাত সাম্যৰ সমূলি অভাৱ : কোনোৱে শ্রম নকৰাকৈ বা আনক ঠগি ধনী হয়, আৰু কোনোৱে বহুত শ্রম কৰিও কষ্টত থাকে। এনে ব্যৱস্থাত সাধাৰণতে ধনীসকল দুখীয়াৰ দুখৰ প্রতি নির্বিকাৰ হয়, বা তেওঁলোকে দুখীয়াক পুতৌ কৰে। প্রয়োজন পুতৌৰ নহয়, প্রয়োজন অসাম্যৰ ব্যৱস্থাটোক সলনি কৰা। (উইলিয়াম ব্লে’ক: “Pity would be no more/If we did not make somebody poor”. পুতৌৰ প্রয়োজনেই নহ’ল হেঁতেন যদি প্রথমে আমি কাৰোবাক দুখীয়া নকৰিলোহেঁতেন।)

আত্মনির্ভৰশীলতা

এনেয়ো, কাম কৰি খোৱা মানুহে আনৰ পুতৌ নিবিচাৰে। আত্মসন্মান আছে বাবেইতো ইমান কষ্টেৰে, কিন্তু হাঁহিমুখে নিজৰ কাম কৰি গৈছে। কাম নকৰাকৈ খাবলৈ পোৱাৰ “উচ্চাকাংক্ষা” সমাজৰ তথাকথিত ওপৰ শ্রেণীৰ মানুহ কিছুমানৰহে থাকে, খেতিয়কৰ, শ্রমিকৰ, সৰু সুৰা কাম কৰি জীৱন নির্বাাহ কৰা লোকৰ নাথাকে।

        কয়লা খনিৰ শ্রমিকৰ সন্তান হিচাপে শৈশৱ আৰু কৈশোৰ পাৰ কৰা ইংৰাজ লেখক ডি এইছ্ লৰেন্সে তেওঁৰ “Poverty” নামৰ কবিতাত দৰিদ্রতা কেনে কষ্টকৰ সেয়া স্পষ্টকৈ দেখুৱাইছে —

মই জানো দৰিদ্রতা হ’ল এজনী নিষ্ঠুৰ, কুৎসিৎ বুঢ়ী

এজনী ৰাক্ষসী, যি নিত্য প্রয়োজনীয় বস্তুৰ নাটনি ঘটায়।

আৰু কোনোৱে যদি কয় দৰিদ্রতা এজনী নিষ্ঠুৰ কুৎসিৎ বুঢ়ী নহয়, তেন্তে তেওঁ মিছা মাতিছে।

মই দুখীয়া হ’ব নিবিচাৰো; অত্যাৱশ্যকীয় বস্তুৰ বাবে হাহাকাৰ কৰিব নোখোজোঁ।

কিন্তু লৰেন্সৰ কবিতাৰ কথকে কৈছে যে তেওঁ ধনী হ’বও নোখোজে, তেওঁক লাগে এক স্বাভাৱিক, সহজ প্রাচুর্য, স্বাৱলম্বীতা, আত্মনির্ভৰশীলতা—সাগৰৰ পাৰৰ শিলত গজিও লহপহ কৈ বাঢ়িব পৰা পাইন গছৰ প্রাচুর্য, আত্মনির্ভৰশীলতা–

যেতিয়া মই সমুদ্রৰ পাৰৰ পাইন গছ জোপা চাওঁ,

যি পাথৰৰ পৰাই গজে, আৰু লহপহকৈ পোখা মেলে, বাঢ়ে,

মই দেখোঁ যে তাৰ এক স্বাভাবিক, সহজ প্রাচুর্য আছে।

শিপাবোৰ তাৰ নিজৰ দৈনিক আহাৰত দি থোৱা হাত,

আৰু তাৰ পাতবোৰ যেন সূর্য আৰু বায়ুমুখী সেউজীয়া পিয়লা,

সুৰাৰে ভৰা।

তেনে হ’ব বিচাৰোঁ মই, স্বাভাৱিক প্রাচুর্যৰে ভৰি

বাঢ়িব, বিকশিত হ’ব খোজোঁ।

সাগৰৰ পাৰৰ শিলত গজা পাইনজোপাৰ যিদৰে নিজৰ ভিতৰতে নিজৰ ভৰণ পোষণৰ সামর্থ্য থাকে, আনৰ ওচৰত যিদৰে নির্ভৰশীল নহয় সেই গছ, ঠিক সেইদৰে কাম কৰি খোৱা মানুহৰ নিজৰ এক সহজ প্রাচুর্য থাকে। তেওঁলোকৰ হাতত যে বিভিন্ন কামৰ কৌশল থাকে, তেওঁলোকে যে শ্রম কৰিব পাৰে, সেয়াই তেওঁলোকৰ সহজ প্রাচুর্য, তেনেকৈয়ে তেওঁলোক আত্মনির্ভৰশীল। তেওঁলোকক লাগে মাত্র আত্মসন্মানেৰে জীয়াই থাকিব পৰা এটা পৰিবেশ।

ভাৰতৰ প্রকৃত আৰু সম্পূর্ণ বিকাশ তেতিয়া হ’ব যেতিয়া কাম কৰি, কষ্ট কৰি খোৱা মানুহৰ মুখত দিনটোৰ কামৰ অন্তত হাঁহি বিৰিঙিব : যেতিয়া তেওঁলোকে ক’ব পাৰিব যে “আমি ধনী ন’হলেও দুখীয়াও নহওঁ, আমি সুখী, আমি  নিজৰ সহজ প্রাচুর্যত সন্তুষ্ট”।

আত্মনির্ভৰশীলতা

স্বদেশী প্রযুক্তিৰে মহাকাশ যান তৈয়াৰ কৰিব পৰা, চন্দ্রলৈ তেনে যান পঠাব পৰা ভাৰত আমাৰ সকলোৰে কাম্য। সকলো ক্ষেত্রতে আত্মনির্ভৰশীল এখন ভাৰতেই আমাক সকলোকে লাগে। কিন্তু কেৱল মহাকাশ যান, সামৰিক বাহিনীৰ অস্ত্র-শস্ত্র, বাট-পথ, উৰণীয়া সেতু, বৰ বৰ ঘৰেই বিকাশৰ একমাত্র চিন নহয়, দুজন মান ধন কুবেৰৰ ভাগ্যোদয় মানে ভাৰতৰ বিকাশ নহয়। সুখী “সাধাৰণ” মানুহ হে এখন দেশৰ উন্নতিৰ আটাইতকৈ ডাঙৰ লক্ষণ।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?
Politics

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

by Admin
September 22, 2023
0

Has India-Canada relations Crumbled? Will Trudeau apologize to India? KAKALI DAS KAKALI DAS Should India worry about the fact that...

Read more
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023
Privatizing the Public Education

Privatizing the Public Education

September 21, 2023
ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

Karnataka Verdict: Modi is not invincible

September 19, 2023
‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ তীব্ৰ সংকট সম্পৰ্কে এজন নগা ভদ্ৰলোকৰে আলাপ

September 19, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 22, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023
Bhavartha Swarup Memorial Mahabahu Award, Books & Magazine Inauguration…

Bhavartha Swarup Memorial Mahabahu Award, Books & Magazine Inauguration…

September 22, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2525 shares
    Share 1010 Tweet 631
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1492 shares
    Share 597 Tweet 373
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1778 shares
    Share 711 Tweet 445
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    782 shares
    Share 313 Tweet 196
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    926 shares
    Share 370 Tweet 232
  • Wildlife Photos: An astonishing and sorrowful image!

    215 shares
    Share 86 Tweet 54
  •  ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩’ ৰ গুৰুত্ব

    277 shares
    Share 111 Tweet 69
  • অসমৰ বুৰঞ্জী

    1254 shares
    Share 502 Tweet 314
  • Does IIT always guarantee jobs, huge salary packages?

    1061 shares
    Share 424 Tweet 265
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    173 shares
    Share 69 Tweet 43
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: