• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা

by Anjan Sarma
September 17, 2023
in Opinion, Health, Lifestyle
Reading Time: 3 mins read
0
আত্মহত্যা এটা খবৰেই নে ?
Share on FacebookShare on TwitterShare on LinkedIn

আত্মহত্যাএটা খবৰেই নে ?

সংগীতা দাস

Sangita Das
সংগীতা দাস

প্ৰেম এক সুন্দৰ অনুভৱ। শব্দত প্ৰকাশ কৰা বা মুখেদি কোৱাতকৈ প্ৰেমক অনুভৱহে কৰিব পাৰি। প্ৰেমৰ পৰিসৰ যথেষ্ট বহল যদিও আজিৰ বিষয়টোত আত্মহত্যা আৰু ইয়াৰ অগ্ৰাসনৰ বিষয়ে আলোচনা কৰিব লোৱা হৈছে।

অলপ বহল পৰিসৰৰ পৰা চালে প্ৰেম হল এজনে আনজনৰ লগত কিমান বিকশিত হৈছে, কঠিন সময়ৰ মাজতো ইজনে আনজনৰ সহযোগিতাত কেনেকৈ জীৱনটো উপভোগ্য কৰি তুলিব পৰিছে, বস্তুবাদ, বাহ্যিক সৌন্দৰ্যৰ পৰিধি ভাঙি কেনেকৈ সুন্দৰ জীৱন যাপন কৰিছে সেয়াই প্ৰেম।

নিগেটিভিটি বা অযথা ড্ৰামাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিছে আংশিক ভাবে এয়াই প্ৰেমৰ শক্তি কিন্তু সময়ৰ লগে লগে প্ৰেমেও স্বকীয়তা হেৰুৱাইছে।

অতি আধুনিকীকৰণে মনবোৰৰ লগতে প্ৰেমকো কৃত্ৰিম আৰু কলুষিত কৰি তুলিছে। প্ৰেমত পৰাৰ আগত আনকি পিছতো এশবাৰ ভাবিবলৈ বাধ্য হব লগা হৈছে আজিৰ সময়ত। কিন্তু কিয়? প্ৰেমৰ বিপনী মেলি বহা এচামৰ কাৰণে নে আমিবোৰৰ যান্ত্ৰিক মানসিকতা, অমনোযোগিতাৰ কাৰণে?

দিনে দিনে বাঢ়ি অহা আত্মহত্যাৰ খবৰবোৰে কি দেখুৱাইছে আমাক?

এবাৰ ভাবি চাইছো নে আমি? এজনক শাৰীৰিক অথবা মানসিক ভাবে হত্যা কৰাও যেন তেনেই সহজ আজিকালি। এইবোৰ এটা খবৰৰ বাহিৰেও বেলেগ বুলি ভাবিছোনে আমি? নাই ভবা, কাৰণ হয়তো এতিয়ালৈ মোৰ পৰিয়ালৰ কোনো তেনে কবলত পৰা নাই। কিন্তু কিমানদূৰ নিশ্চিত যে আমাৰ লগত এনেবোৰ নহব কাহানিও?

প্ৰেমৰ সম্পৰ্ক আজিকালি জীৱনদায়িনী নহৈ ঘাটক ৰূপ লৈছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মতে 3.2 % আত্মহত্যা প্ৰেমজনিত কাৰণত হয়। আৰু ডাঙৰ কথাটো হল আত্মহত্যাৰ পৰিসংখ্যাত অসমৰ নাম প্ৰথম তাৰ পিছতহে তামিলনাডু আৰু মধ্যপ্ৰদেশ (৪৯৪,৩৮৬, ৩৫৫ ,NCRB ১২)।

বৰ্তমান সময়ৰ সাংঘাতময় প্ৰেম, বিফলতা আদিৰ প্ৰধান কাৰণ হল অবিশ্বাস, ক্ষন্তেকীয়া যৌনসুখ লাভৰ ইচ্ছা, বহুগামী হোৱাৰ মানসিকতা, সুস্থ সম্পৰ্কৰ প্ৰতি সন্মানবোধ নোহোৱা ইত্যাদি আৰু এই সকলোতে সাৰপানী যোগাইছে বিভিন্ন চছিয়েল নেটৱৰ্কিং চাইট আৰু নিচেই সহজলভ্য পৰ্ণগ্ৰাফী চাইট বোৰে।

বিকৃত ৰূপত আত্মহননৰ কথা প্ৰকাশ কৰি মিডিয়াও সমানে অংশীদাৰ হৈছে বুলিব পাৰি। সঘনাই হৈ থকা আত্মহত্যাৰ প্ৰকৃত কাৰণ সহজে কোৱা টান যদিও কেইটামান কাৰণ বিশেষভাবে উল্লেখ কৰিব পাৰি।

আত্মহত্যা এটা খবৰেই নে ?
Photo by Pixabay on Pexels.com

প্ৰেমত প্ৰতাৰিত বা বিফল হলে বেছিভাগ মানুহে ডিপ্ৰেছনৰ চিকাৰ হয়। ডিপ্ৰেছনৰ লগত মোকাবিলা কৰিব নোৱাৰিলেই বহুতে আত্মহত্যাৰ পথ বাছি লয় । আজিকালি ফোনেই হওক বা আন মাধ্যমেই হওক যোগাযোগ অতি সহজ হৈ পৰিছে। নতুন নতুন অফাৰেৰে মোবাইল কোম্পানীসমূহেও ইয়াত অৰিহণা যোগাইছে যাৰ ফলত মানুহৰ সামাজিক জীৱন ব্যাহত হৈ পৰিছে।

হেজাৰ হেজাৰ বন্ধুৰ মাজত যেন অকলশৰীয়া অনুভৱ, বিভিন্ন নিগেটিভ চিন্তাধাৰাৰ উদয় হৈছে আৰু এইবোৰৰ লগত কেনেকৈ খাপ খাই চলিব লাগে তাক বুজাত যথেষ্ঠ অসুবিধা হৈছে। e ৱৰ্ল্ড খনৰ ষ্টেটাছ আজিৰ দিনত সামাজিক জীৱনটোতকৈ বেছি প্ৰাধান্য পাইছে। যাৰ ফলত যুৱ প্ৰজন্মই নিজৰ স্থিতিক লৈয়ে সন্দেহাবৰ্তত সোমাইছে বুলিব পাৰি।

বহুসময়ত দেখা যায় প্ৰেমৰ সম্পৰ্ক এটাত থাকিলে প্ৰায় সকলো সময় প্ৰেমিকজনৰ নামতেই উচৰ্গা কৰা হয়। ঘণ্টাৰ পিছত ঘণ্টা বাৰ্তালাপ, মেছেজ ইত্যাদি দিনটোৰ সৰহভাগ সময়ৰ ৰুটিন হৈ পৰে ,যাৰ ফলত বন্ধু বান্ধৱৰ সংখ্যা যথেষ্ঠ কমি যায় আৰু সামাজিক জীৱন প্ৰায় শূন্য হৈ পৰে। শেষত যেতিয়া সেই বিশেষ ব্যক্তিজনেই নাইকিয়া হৈ যায় তেতিয়া সকলোবোৰৰ অন্ত পৰে ফলত সেই বিচ্ছেদ সহ্যতীত হৈ পৰে। বন্ধুবৰ্গ বা পৰিয়ালৰ সহযোগ নাপালে এনে বহু ব্যক্তিয়ে আত্মহননৰ পথো বাছি লব পাৰে।

“বৰ্ধিত ডিপ্ৰেছন, মানসিক অশান্তি, সংঘাতময় সম্পৰ্ক আৰু আত্মহত্যাৰ সকলোতকৈ গুৰুত্ত্বপূৰ্ণ কাৰণটো হল সহায়ৰ বাবে আগবাঢ়ি নহাটো। অসুবিধাসমূহ মনৰ মাজত ৰাখি ব্যক্ত নকৰাকৈ বহু যুৱক যুৱতীয়ে ভুল সিদ্বান্তৰ চিকাৰ হয়। সহায় লোৱাটো দুৰ্বলতা নহয় বৰং সুস্থ মানসিকতাৰহে পৰিচায়ক এই উপলব্ধিটো বহুতৰ মাজত দেখা নাযায়।..”

সহজলভ্য নেটৱৰ্কিং চাইট সমূহে সম্পর্কবোৰ টুলুঙা কৰে, সম্পৰ্কত থকা বিশ্বাস কমাই পেলাই, ইয়াৰ কাৰণ হল সহজলভ্যতা ।সহজলভ্য প্ৰেমিক, প্ৰেমিকা, বন্ধু যাৰ বাস্তৱ জীৱনত মূল্য নিচেই কম। এই বিভিন্ন চাইসমূহে যুৱপ্ৰজন্মৰ মাজত তুলনা আনে, হীনমান্যতা বঢ়াই। অনাহক খং, অস্থিৰতা, আত্মবিশ্বাসহীনতা ইত্যাদিও গম নোপোৱাকৈ বঢ়াই তোলে।
আনৰ জীৱনত নিজতকৈ বেছি গুৰুত্ব প্ৰদান কৰাৰ ফলত বিপদৰ সময়ত নিজৰ লগতে মোকাবিলা কৰিব অসুবিধা হয়।

বৰ্ধিত প্ৰেমজনিত মানসিক অসুবিধা আৰু আত্মহত্যাৰ আন এটা প্ৰধান কাৰণ হল” wrong judgment of society ” ছোৱালীৰ যিটো ইমেজ সমাজে, পৰিশীলতা বা সন্মানৰ নামত যিবোৰ নিয়ম বান্ধি দিছে সেইবোৰেই আত্মহত্যাত অৰিহণা যোগায়।

প্ৰেমত যৌনতা এটা সাধাৰণ কথা। মুকলিকৈ নকলেও বেছিভাগ প্ৰেমৰ সম্পৰ্কত যৌনতা থাকেই। কিন্ত্ত যৌন সম্পৰ্ক হোৱা অবিবাহিত ছোৱালী এজনীৰ প্ৰতি সমাজৰ যি দৃষ্টিভংগী তাক সহ্য কৰিব নোৱাৰিও বহু ছোৱালীয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। যেতিয়ালৈ ছোৱালীৰ dignity অকল virginity দি চোৱা হব তেতিয়ালৈ এনে সমস্যা সমস্যা হৈয়ে থাকিব।

আনহাতে লৰাৰ কামৰ ক্ষেত্ৰতো যি নিয়মাৱলী বনোৱা আছে তাৰ বাবে বহু লৰাই নিজৰ দুৰ্বলতাবোৰ জোৰকৈ ঢাকি ৰাখিব লগা হয় ।নিজক নিজৰ ধৰণে প্ৰকাশৰ সুবিধা নেপাই। আৰু এই অপ্ৰকাশ্য দুৰ্বলতা কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভয়াবহ হৈ পৰে।

আত্মহত্যা এটা খবৰেই নে ?
Photo by Mary Taylor on Pexels.com

এণ্ড্ৰইদৰ পৃথিৱীখনে গোলকীয় গাঁও সৃষ্টি কৰিছে হয় কিন্তু অতি সহজে উপলব্ধ পৰ্ণগ্ৰাফী, বিকৃত যৌনতা সম্পৰ্কীয় লিখনি, ফটোগ্ৰাফ, যৌনতাক তেনেই সহজলভ্য কৰি তোলা কিছুমান এপ আদিয়ে যুৱসমাজৰ সংযম হেৰুৱাই যৌন অপৰাধ সংঘটিত কৰাত যথেষ্ট অৰিহণা যোগায়।

সস্তীয়া ছবি, পৰ্ণগ্ৰাফী ইত্যাদিয়ে নিজা সম্পৰ্কবোৰ যেনে মা ভনী, মাহী, খুৰী বা খুৰা, পেহা ইত্যাদিবোৰক বিকৃত ৰূপত প্ৰতিষ্ঠা কৰি সম্পর্কবোৰৰ গভীৰতা, সন্মানত প্ৰভাৱ পেলাইছে। নাৰীৰ প্ৰতি হেৰুৱা সন্মানে দামিনি কাণ্ডৰ দৰে যৌন অপৰাধ বোৰত যথেষ্ঠ প্ৰভাৱ আওপকীয়াকৈ পেলাই।

উপযুক্ত যৌন শিক্ষাৰ অভাৱো আজিৰ অপৰাধ প্ৰবন মানসিকতাৰ আন এক প্ৰধান কাৰণ। যিখন দেশত এশ নিয়মেৰে পবিত্ৰ ভাবে দেৱীৰ যোনী পূজা হয়, মাহজোৰা লিংগ পূজা হয়, ভগৱানৰ বিবাহ বহিৰ্ভূত প্ৰেম পূজা কৰা হয় সেইখন সমাজত লৰা ছোৱালীৰ বন্ধুত্বকো সন্দেহৰ চকুৰে চোৱা হয়। সৰুৰে পৰা আমি লৰা ছোৱালীক শাসন কৰো কিন্তু বন্ধু নহওঁ । বহু সময়ত সিহঁতৰ লগত কি হৈ আছে, কি হৈ নাই অভিভাৱকে গম নাপাই।

পৰিবেশৰ লগত মিলিব পৰিছে নে নাই, মানসিক ভাবে সবল হৈ আছে নে নাই প্ৰায়ভাগ অভিভাৱকে গুৰুত্ব দিয়া দেখা নাযায়। যেনেকৈ সৰুতে শিকোৱা হয় অমুকটো কৰা, এনেকৈ কৰা কিন্তু বহুত কমেই সন্তানক শিকাই এনেকৈ নাভাবিবা, এনে ব্যৱহাৰ নকৰিবা।

যাৰ ফলত নকৰিবলগীয়া বহুতো কামৰ কথা শিশু আৰু কিশোৰে গম নোপোৱাকৈ থাকি যায়। ঘৰত যিটো পৰিবেশ পাই ডাঙৰ হোৱা যায় বাহিৰলৈ আহি পোৱাৰ পাছত সেই পৰিৱৰ্তিত পৰিবেশত কেনেকৈ মিলি চলিব লাগে তাৰ শিক্ষা খুব কম অভিভাবকেহে দিয়া দেখা যায়।

স্কুল কলেজত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰা বাবেই আজিকালি বিশৃংখলতা বৃদ্ধি পাইছে। কাৰণ কিশোৰ বা প্ৰাক যৌৱনত যৌন বিষয়ক আগ্ৰহ, যৌন কাৰ্য কৰি চোৱাৰ যি হেঁপাহ সেয়া নিতান্তই স্বাভাৱিক। কিন্তু যৌনতাৰ লগত উদ্ভৱ হোৱা অসুবিধাবোৰ, প্ৰতিৰোধ বা সাবধনতাবোৰ লগতে সামাজিক বিশ্লেষণৰ বিষয়ে যুৱসমাজ বিশেষকৈ কিশোৰ কিশোৰী তেনেই অজ্ঞাত। ইয়াৰ ফলত উদ্ভৱ হোৱা অপৰাধবোধ কেতিয়াবা চূড়ান্ত সীমা অতিক্ৰম কৰা দেখা যায়।

বৰ্ধিত ডিপ্ৰেছন, মানসিক অশান্তি, সংঘাতময় সম্পৰ্ক আৰু আত্মহত্যাৰ সকলোতকৈ গুৰুত্ত্বপূৰ্ণ কাৰণটো হল সহায়ৰ বাবে আগবাঢ়ি নহাটো। অসুবিধাসমূহ মনৰ মাজত ৰাখি ব্যক্ত নকৰাকৈ বহু যুৱক যুৱতীয়ে ভুল সিদ্বান্তৰ চিকাৰ হয়। সহায় লোৱাটো দুৰ্বলতা নহয় বৰং সুস্থ মানসিকতাৰহে পৰিচায়ক এই উপলব্ধিটো বহুতৰ মাজত দেখা নাযায়। এটা ভুলেই জীৱনৰ দিশ নিৰ্ণয় নকৰে, ভাৱিষ্যত নিৰূপন নকৰে।

উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত, উপদেশ ললে ভুল এটাই বা দুৰ্ঘটনা এটা জীৱনৰ টার্নিং পইণ্টহে হোৱা দেখা যায়। life is not interesting if there is no mistakes. গতিকে যিকোনো মানসিক দ্বিধাগ্ৰস্ততাত আগবাঢ়ি আহি সাহসৰ পৰিচয় দিয়া উচিত ।

আত্মহত্যা এটা খবৰেই নে ?
Photo by Andrea Piacquadio on Pexels.com

সস্তীয়া জনপ্ৰিয়তা, নিয়ন্ত্ৰণহীন আবেগৰ বাবে বহুতো লৰা ছোৱালীয়ে বিশৃংখল জীৱন যাপন কৰে। আদব কাইদা যদিও আমাৰ অতি আধুনিক হৈ গৈ আছে মানসিকতা কিন্তু জকাইচুকতে সোমাই আছে এতিয়াও। বিলাসিতা আৰু ইজি মানি খেদি বহুতো ছোৱালীয়ে নিজক পণ্য সামগ্ৰী হিচাপে আগবঢ়াই দিছে আৰু এই সহজলভ্যতাই বহুতকে আকৰ্ষনো কৰিছে যদিও আন কাৰোবাৰ হয়তো অন্ধকৰো মাতিছে।

মুহূৰ্তৰ আনন্দ উত্তেজনাৰ কাৰণে বহুতেই বিশৃংখল জীৱন ধাৰা বাছি লয়, সুস্থ সম্পৰ্কৰ ধাৰণাটোক উপলুঙা কৰে। ইয়াৰ ফলাফল কোনোবা নিৰ্দোষ এজনে ভোগ কৰিব লগা হয় কাৰণ নিজৰ আপোনজনৰ এনে অতি মুক্ত মনোভাব, বা প্ৰতাৰণামূলক ব্যৱহাৰ সহিব নোৱাৰিলে জীৱনৰ চৰম পন্থা লবও কিছুমানে কুণ্ঠাবোধ নকৰে।

এই সকলোবোৰ সমস্যা আমি সৃষ্টি কৰা গতিকে ইয়াৰ সমাধানো আমিয়েই কৰিব লাগিব। হয় আপোনালোককেই কৈছোঁ। সমাজ আৰু পৰিয়ালৰ মানসিকতা সলনি কৰাৰ সময় সমাগত। আমি অনুভৱ কৰিব হল এটা জীৱন কাৰোবাৰ বাবে ধেমালি নহয়, হাতৰ খেল নহয়, আত্মহত্যা মাত্ৰ এটা খবৰ কাগজ বা টিভিৰ খবৰ নহয়।

প্ৰতিজন নাগৰিকেই চকু দিবৰ সময় হল এই সমস্যাত কাৰণ কি জানে কাইলৈ হয়তো আপোনাৰ সন্তানো এটা খবৰ হৈ আহিব পাৰে আপোনাৰ ওচৰলৈ। কিছুমান ধাৰণা সলনি কৰি আগবঢ়া সময় আজিয়েই কাৰণ কাইলে উপলব্ধি কৰালৈ যাতে পলম হৈ নাযায় তাৰ বাবে সচেতন হোৱাৰ সময় এয়াই। গতিকে আগবাঢ়ি কথা পাতক চোন নিজৰ পৰিয়ালটোৰ লগত আজিৰ পৰাই।

[সংগীতা দাস, চাইক’লজিষ্ট ]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Sucideআত্মহত্যাআত্মহনন
Anjan Sarma

Anjan Sarma

Related Posts

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster
ASSAM

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

by PAHARI BARUAH
September 16, 2026
0

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster and the Collapse of Public Health From Carbide-Ripened...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
Ozempic benefits- the natural way!

Ozempic benefits- the natural way!

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d