-অংকিতা বৰুৱা |
পিন্ধি থকা গাউনটোৰ এটা হাত বাওঁসিৰ পৰা অলপ খহাই লৈ মই বিচনাখনত বাগৰি দিলো । গাউনটো মোৰ আঠুলৈকে অলপ কোঁচ খাই থকাকৈ ৰাখিলো । মোৰ কাষতে মধ্যবয়সীয়া মানুহজনে বিকৃত হাহিঁ এটা মাৰি বাগৰি দিলে আৰু মোক হেঁচা মাৰি ধৰিলে তেওৰ দুই হাতেৰে । মই তেওক সমৰ্থন কৰাৰ যৎপৰোনাষ্টি চেষ্টা কৰিছো !
— ” পাৰফেক্ট ! নেচাৰেল হৈছে এইবাৰ ” —
ডাইৰেক্টৰ সীমান্ত বৰুৱাৰ কথাত মই এইবাৰ আশ্বস্ত হলো আৰু মানুহজনক ঠেলা এটা মাৰি খপজপকৈ বিচনাখনৰ পৰা উঠি আহিলো ! মানুহজনে যেন আৰু অলপ সময় তেনেকৈয়ে পৰি থাকিবলৈ পোৱা হলে বেছি ভাল পালেহেঁতেন !
সীমান্তদাক কৈ খৰধৰকৈ ওলাই আহিলো বাছষ্টেন্ড অভিমুখে । সোনকালে ৰুমলৈ গৈ আজিৰ ন’টচ বোৰ লিখি শেষ কৰিব লাগিব ! যিকোনো প্ৰকাৰে মই মোৰ পঢ়াৰ লগতে মোৰ সপোনতোক জীয়ন দিবই লাগিব । ঘৰৰ অমতত মই মোৰ সপোনৰ পিছত দৌৰিছো গতিকে বহু প্ৰত্যাহ্বান আহিব , কিন্তু মই ও হাৰ নামানো ! মোৰ ঘৰক লাগে এটা ভাল ৰিজাল্ট , সেইটো মই কৰি দেখাম।
কিন্তু মোক !
মোক কি লাগে !
মোৰ একান্তই নিজৰ পৃথিৱীখনৰ একছত্ৰী সম্ৰাজ্ঞী মই ! মোৰ সপোনবোৰ সফল কৰিবলৈ মই সকলো চেষ্টাই কৰি যাম । সৰুৰে পৰাই লালন কৰিছো মোৰ সপোনটোক ।
মই অভিনেত্ৰী হম !
কিমানৰ যে তাচ্ছিল্যভৰা কথা শুনিছিলো যেতিয়াই মই মোৰ ভৱিষ্যতৰ হব লগীয়া মই জনীৰ কথা কও ! মা দেউতাৰ আশ্বৰ্য্যত চকু বহল হৈ গৈছিল । ” এই নাভূত নাশ্ৰুত কথা তোৰ মনলৈ কেনেকৈ আহিল অ’ ” — দেউতাই চুলিকেইডালত পাক মাৰি ধৰি সুধিছিল । মই একে আজোৰে “এএএএ দুখ পাইছো” বুলি উফাল মাৰি আতৰত ৰৈছিলোগৈ ! মা পাগঘৰৰ পৰা লৱৰি আহিছিল — হয়নে , কি কলি তই , এইষাৰ কথা আজিয়েই যি শুনিলো ! আগতে পঢ়ি শুনি ডাঙৰ চাকৰি কৰিবি , অভিনেত্ৰী হবলৈ পাছত বহুত সময় পাবি “!
মোৰ খং উঠিছিল ! সচাকৈ মোৰ খুব খং উঠিছিল সেইদিনা !
লগৰবোৰে বাৰু হাহিঁছিল মানি ললো , কিন্তু মোৰ আপোন মানুহেই যদি মোৰ সপোনৰ বিৰুদ্ধে কিবা কয় মোৰ বাৰু কেনেকুৱা লাগিব ! সেইদিনাই পণ লৈছিলো , ভাল ৰিজাল্ট এটা কৰি মহানগৰীলৈ অহাৰ পথ এটা উলিয়াবই লাগিব । নহলে যে গাঁওখনত সোমাই থাকিলে একঘেয়ামী জীৱনৰ বাবে সাজু থাকিব লাগিব !
সেই মতেই আজি মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী । এটা প্ৰাইভেট হোষ্টেলত থাকো । মোৰ ৰুমমেট পৌলমী বা মোতকৈ দুবছৰ চিনিয়’ৰ ! পৌলমী বাক চাই থাকিলে মোৰো তাইৰ দৰে হবলৈ মন যায় । ইমান ধুনীয়া আৰু ইমান ষ্টাইলিছ ! প্ৰতিতো সাজেৰেই ধুনীয়া দেখো মই তাইক । পৌলমী বাক ভাল লগাৰ আৰু এটা কাৰনো আছে ! মোৰ সপোনতোৰ কথা কওতে একমাত্ৰ তাই হাহিঁ উৰুৱাই দিয়া নাছিল কথাটো ! পৌলমী বায়ে মোৰ সপোনতোক সাৰ পানী যোগাইছিল । পাৰিলে কেতিয়াবা সহায় কৰিম বুলিও কৈছিল ।
পঢ়াৰ ফাকে ফাকে মই মবাইলতে বিভিন্ন প’জৰ ফটো তুলি ৰাখিছিলো । আইনাত বিভিন্ন ভংগীমাৰে কথা কৈ ভিডিঅ’ কৰি চাইছিলো নিজক । প্ৰতিবাৰেই নিজক ধুনীয়া দেখিছিলো । সপোনতো লহপহকৈ বাঢ়িছিল । এদিন বাথৰুমৰপৰা ওলাই আহি দেখিছিলো চাৰ্জত দি থৈ যোৱা মবাইলতো পৌলমী বায়ে হাতত লৈ কিবা কৰি আছে । মোক দেখি তৎক্ষনাত মবাইলতো থৈ চাৰ্জ ফুল হৈছে নে চাইছে বুলি কলে । পৌলমীবা ক অলপ অপ্ৰস্তুত দেখিছিলো , পিছে মই ইমান এইবোৰ কথা ভাবি থকা ছোৱালী নহয় !
— কিনো কৰিব মোৰ মবাইলতোত পৌলমী বায়ে !
তাৰ এসপ্তাহমানৰ পাছত গধূলি চাহ খাই পঢ়া টেবুলত বহি থাকোতে পৌলমীবা মোৰ ওচৰৰৈ আহি প্ৰায় ফুচফুচাই কোৱাৰ দৰে কলে —- ” তোৰ কাৰণে এটা চাৰপ্ৰাইজ আছে আৰাধ্যা ” —-
মই প্ৰশ্নবোধক চাৱনিৰে তাইলৈ চাই থাকোতে আকৌ কলে বায়ে — ” তোৰ ফটো চাই এজন ডাইৰেক্টৰে তোক তেওৰ ওচৰলৈ মাতিছে , তেওঁ কেইবাটাও প্ৰজেক্ট হাতত লৈছে , নতুন মুখ বিচাৰিছে ! তোক এবাৰ লগ ধৰিব বিচাৰিছে । কথা পাতি সব মিলিলে তোক হয়তো তেওৰ প্ৰজেক্টত লব ” —–
মই জাপ মাৰি উঠিলো । আনন্দতে প্ৰথমে বেলেগ একো কথাই মনলৈ অহা নাই , মোৰ ফটোনো তেও কেনেকৈ পালে সেই প্ৰশ্নও মোৰ মনলৈ অহা নাছিল । মই মাথো পৌলমী বাক তেঁওৰ ওচৰলৈ লৈ যাবলৈ খাটনি ধৰিলো ।
পিছদিনা পৌলমী বাৰ লগত ওলালো ডাইৰেক্টৰ জনৰ ঘৰলৈ । তাই কোৱা মতেই মই যথেষ্ট ষ্টাইল কৰি গৈছিলো , যাতে মোক নাকচ কৰাৰ কোনো সুৰুঙা নাথাকে । মোক অভিনেত্ৰী হোৱাৰ আটাইতকৈ চমু পথ এটা লাগে ! কাৰণ স্নাতক হোৱাৰ পাছত মোৰ মা দেউতাই তেওলোকৰ ইচ্ছানুযায়ী মোৰ কেৰিয়াৰ গঢ়াৰ আদেশ দিব । নাইবা লৰা এজন চাই বিয়া বাৰুৰ কথা উলিয়াব । তাৰ আগতেই যদি মই মোৰ হেপাঁহ বোৰ পূৰ কৰি নলও , সদায়ৰ বাবে এটা ক্ষোভ ৰৈ যাব মনত !
এটা ডাঙৰ দুমহলীয়া ঘৰৰ ভিতৰত মই আৰু পৌলমী বা বহি আছো । পৰিচাৰক জনে বহিবলৈ কৈ ভিতৰ সোমাল । মই অধৈৰ্য্য হৈ পৰিছো ভিতৰি , কেতিয়া মানুহজন ওলাই আহিব ভিতৰৰ পৰা ! উত্তেজনাত পৌলমীবাৰ হাতখন চেপি ধৰিছো । কিমান যে ভাল দিন মোৰ বাবে , অতদিনৰ পৰা মনত পুহি ৰখা আশা এটা আজি এনেদৰে সম্ভব হবলৈ গৈ আছে , নিজকে আটাইতকৈ ভাগ্যশালী যেন লাগিল মোৰ । লগতে পৌলমী বা জনীলৈ মৰম লাগি গল ।
এজন শকত আৱত মধ্যবয়সীয়া মানুহ ওলাই আহিল । পিন্ধনত বগা কূৰ্তা-পায়জামা । পৌলমী বায়ে মোক চিনাকি কৰি দিছিল —‘ সীমান্তদা , এয়া আৰাধ্যা ! মই যে আপোনাক কৈছিলো অভিনেত্ৰী হবলৈ এওৰ বিৰাট মন আছে ‘ —-
মই আগ্ৰহেৰে মানুহজনক নমস্কাৰ দি আশাৰে তেওলৈ চাই ৰৈছো ।
—” হমমম ! মোক পৌলমীয়ে কৈছে তোমাৰ কথা । তোমাৰ ফটো দেখি বুজিছিলো তুমি কাম কৰিব পাৰিবা । কিন্তু যথেষ্ট কষ্ট কৰিব পাৰিব লাগিব তুমি । শ্বুটিঙৰ বাবে দিন ৰাতি কাম চলে কেতিয়াবা আমাৰ । তুমি এবাৰ চাইন কৰাৰ পাছত , সেইবোৰ লৈ আপত্তি দৰ্শালে নহব । এতিয়া সৰু হৈ আছা , কেৰিয়াৰ ভাল কৰো বুলি ভাবিলে বহুত অপৰচুনিটি পাবা এই ইনডাচষ্ট্ৰিত ! সময় হাতত থাকোতেই মনদি কামত লাগিবা , নে কি কোৱা পৌলমী “—- সীমান্ত দা য়ে পৌলমীবা লৈ চাই ৰল
” হ …হয় সীমান্ত দা , এই পাৰিব বুলি মোৰ বিশ্বাস ” — মোৰ হাতখনত ধৰি পৌলমীবায়ে হয়ভৰ দিলে । মোৰ যেন বিশ্বাসেই নাই হোৱা । ইমান আচম্বিতে মই মোৰ লক্ষ্যৰ কাষ চাপিব পাৰিম বুলি কেতিয়াও ভবা নাছিলো ! নতুনকৈ আৰম্ভ কৰা প্ৰজেক্টতোৰ বাবে মোৰ চাইন ললে সীমান্তদায়ে । মই যেন সপ্তম স্বৰ্গত উৰিহে আছো । পাছদিনা তেওৰ অফিচলৈ আহিবলৈ কৈ আমাক বিদায় দিলে সীমান্তদায়ে ।
হোষ্টেল আহি পৌলমীবাক পাৰ্টি দিব লগীয়াও হল — “ইমান ভাল খবৰ ! এটাতো সৰুসুৰা পাৰ্টি হবই লাগিব ” — তাই কলে ।
মই ড’মিনজৰ পৰা সেইদিনাৰ ডিনাৰ অৰ্ডাৰ কৰিলো ! পৌলমীবায়ে এবাৰত কৈছিল — “এটা বস্তু মিচিঙ আজিৰ পাৰ্টিতোত দেই , হব দে তোৰ কাম আৰম্ভ কৰি ল , পিছত আৰু এদিন পাৰ্টি কৰিম “—
মই নুবুজি সুধিছিলো –” আৰু কিবা খালা হয় যদি মোক নকলা কিয় বা , একেবাৰতে অৰ্ডাৰ কৰি দিলো হয় ” — তাই মোক — ‘ বুদ্ধু , সময়ত কম দে ‘ — বুলি কৈ সামৰি থৈছিল কথাটো ! ময়ো ইমান ভাবি নাথাকিলো !
সীমান্তদাৰ ঘৰলৈ অকলেই ওলালো । মোৰ হোষ্টেলৰ পৰা বৰ বেছি দূৰো নহয় । চিটিবাছত চাৰিটা ষ্টপেজ পাৰ হয়েই সীমান্তদাৰ ঘৰটো , তাৰ লগতে তেওৰ অফিচতো । তেওঁৰ পৰিয়াল দিল্লীত থাকে , তেও ইয়াত অকলে । সেয়েহে এইবোৰতে সময় কটাই বুলি কৈ জোৰকৈ হাহিঁ দিলে তেওঁ । মোৰ লগত নানান ধৰনৰ কথা পতাৰ মাজতে তেওঁ সুধিলে মই কেনে ধৰনৰ অভিনয় কৰিবলৈ ভাল পাম । মোৰ চমু উত্তৰ — ” আন অভিনেত্ৰী সকলৰ দৰেই সকলোবোৰ চৰিত্ৰ ! মোক দিয়া চৰিত্ৰটো যাতে ফুটাই তুলিব পাৰো সেয়াহে মোৰ বাবে জৰুৰী “—-
: বঢ়িয়া , মই তোমাৰ পৰা তেনেকুৱা এষাৰ কথাই আশা কৰিছিলো ..
.. সীমান্তদা নিজৰ চকীৰপৰা উঠি আহি মোৰ কাষতে বহিলেহি , মোৰ অলপ অসহজ লাগিল । মই অলপ পিচুৱাই গলো । তেও কিন্তু মোৰ লগত কথা পতাতে ব্যস্ত । মই তেওৰ কথাবোৰত সহাৰি জনাই গৈছো , মোৰ বাবে কি কি শিকিবলগীয়া থাকিব পাৰে জানিবলৈ যত্ন কৰিছো । মাজে মাজে তেও মোৰ পিঠিত হাতখন ৰাখি কথাবোৰ কয় , মোৰ কিবা এটা অস্বস্তি লাগিছিল যদিও কাম হেৰোৱাৰ ভয়ত একো প্ৰকাশ কৰিব পৰা নাছিলো । মোৰ এটাই মাথো সপোন অভিনেত্ৰী হম যিকোনো প্ৰকাৰে , গতিকে হাতলৈ অহা সুযোগ এটা হেৰুওৱাৰ ভয়ত মই তেওক একো নকলো । অলপ দেৰি কথা বতৰা পাতি তেও মোৰ হাতত অলপ টকা গুজি দিলে , কামটোৰ এডভান্স হিচাপে । মোৰ যে কিম্মান আনন্দ লাগিছিল বুজাব নোৱাৰো , মোৰ কেৰিয়াৰৰ এয়া প্ৰথম অৰ্জন ! মনতে সেৱা এটা কৰি টকাখিনি লৈ হোষ্টেল পালোহি । আহিবৰ সময়ত সীমান্তদায়ে জনালে , শ্বুটিঙ দুই এদিনতে আৰম্ভ হব , সাজু থাকিবলৈ ।
ৰুমলৈ আহি কঁও নকঁও কৈ কথাবোৰ পৌলমীবাক কৈছিলো ! সীমান্তদা মোৰ ইমান কাষত বহাৰ কথাও কলো , কিন্তু পৌলমী বায়ে মোক বুজাইছিল — “সেইটোনো কি কথা ! তোক নিজৰ নিচিনাকৈ ভাবিহে ওচৰতে বহিছে ! আৰু অভিনয় কৰিবলৈ হলে তো তোৰ ক’এক্টৰ জনৰ লগত যিকোনো চিন কৰিব পাৰিব লাগিব তই ! তাৰ বাবে আচলতে নিজকে সাজু কৰিবলৈকে সীমান্তদায়ে তোক অলপ পৰীক্ষা কৰি চাইছে । অভিনয়ৰ ক্ষেত্ৰখনত সদায় এটা নিৰ্দিষ্ট চৰিত্ৰই তোক দিব বুলি নাভাবিবি । যিকোনো চৰিত্ৰ ভালকৈ কৰিব পৰাবোৰ হে ভাল অভিনেত্ৰী হবগৈ পাৰে , মনত ৰাখিবি আৰাধ্যা ” —
হয়তো ….!
পৌলমীবায়ে ঠিকেই কৈছে ! মইহে কথাবোৰ বুজিব পৰা নাই ।
“ইমান সৰু সৰু কথা ধৰিলে তোৰ দিগদাৰ হব কিন্তু আৰাধ্যা “– পৌলমীবায়ে আকৌ কলে । মই কথাবোৰ সহজভাবে লবলৈ শিকিব লাগিব , নিজকে নিজে কৈ শুই পৰিলো । পৌলমী বা তেতিয়াও মবাইলত ব্যস্ত , তাই বহুত দেৰি হয় শোঁওতে ।
কলেজৰ ক্লাচবোৰ ক্ষতি নোহোৱাকৈ শ্বুটিঙৰ সময় মিলাবলৈ কৈছিলো মই সীমান্তদাক সেয়েহে হয়তো বেছিভাগ মোৰ শ্বুট পাছবেলা ৰাখিছে , সীমান্তদাই মোৰ অনুৰোধতো ৰখাৰ বাবে ভাল লাগিল । এটা পুৰণা ভগা ঘৰত হৈছে শ্বুটিঙ । মোৰ চৰিত্ৰতো এগৰাকী দেহোপজিৱীনিৰ ! প্ৰথমতে ভালকৈ বুজাই নাছিলো শব্দটোৰ অৰ্থ । পৌলমীবাই বুজাই দিওতে চক্ খাই উঠিছিলো !
— এইটো চৰিত্ৰ আকৌ কিয় দিলে মোক ! অভিনয়ৰ আৰম্ভনি মই এগৰাকী দেহপজোৱিনীৰে হে কৰিব লাগিব নে —
মই আপত্তি কৰিছিলো । সীমান্তদাৰ ওচৰলৈ গৈ কান্দিছিলো । তেও বুজাইছিল , আৰম্ভনিতে এনেকুৱা চেলেঞ্জিঙ কেৰেক্টাৰ কৰিলে মোৰ অভিনয়ৰ খুতি নাতি বোৰ শিকিবলৈ সহজ হব । তেওলোকে যিদৰে বুজাইছিল ময়ো তেনেদৰেই কথাবোৰ বুজিবলৈ চেষ্টা কৰিছো বাৰে বাৰে , কেৱল মোৰ আলফুলীয়া সপোনতোৰ স্বাৰ্থত ।
আজি মোৰ শ্বুটিঙৰ দ্বিতীয় দিন । মোৰ শ্বটবোৰ পাৰফেক্ট হোৱা নাই বুলি কালি কেইবাবাৰো ৰিটেক কৰিবলগীয়া হৈছিল , আজি পিছে দুবাৰতে পাৰফেক্ট হৈছে বুলি কৈছে সীমান্তদায়ে ।
ইমানদেৰি কথাবোৰ ভাবি ভাবি হোষ্টেলেই পালোহি ! পৌলমীবায়ে কাৰবাৰ লগত ফনত কথা পাতি আছে — ” আজি কেনেকুৱা , পাৰিছে নে ? ….. হব হব , হৈ যাব , লাহেধীৰে প্লেনিঙ কৰামতে আগবাঢ়িলেই হল ….. মোৰ টকা কেতিয়া সোমাব একাউন্টত “……
বুজি নাপালো , কথাবোৰৰ আতি গুৰি !
হয়তো ঘৰৰ ফন , দেউতাকলৈ পইচা বিচাৰি ফন কৰিছে , কিন্তু কি প্লেনিঙৰ কথা কৈছে বা !
— এএএএ যাহহ !
মোৰনো কি ইমান মাথা মৰাৰ দৰকাৰ , যাৰেই লগত কথা নাপাতক ! মোক মোৰ লক্ষ্যৰ ওচৰ চপাই দিছে যেতিয়া মোৰ আৰু বেলেগ কথাত লাগি থাকিবলৈ সময় নাই ।
খৰধৰকৈ ফ্ৰেচ হৈ কিবা এটা খাই পঢ়া টেবুলত বহিলো । পঢ়াটো থিক কৰি নাৰাখিলে ঘৰত সকলোৱে গম পাই যাব মই যে ইতিমধ্যেই মোৰ অভিনয়ৰ বাটত বাট বুলিছো , যিটো ঘৰত এতিয়াই কোনেও নিবিচাৰে । আচলতে মই পঢ়া-শুনাত বৰ বেয়া নহয় , মেট্ৰিক আৰু হায়াৰ চেকন্ডেৰিতো যথেষ্ট ভাল ফলাফল দেখুৱাইছিলো , সেয়েহে ঘৰৰ সকলোৱে বিচাৰে মই আগলৈ প্ৰসাশনিক সেৱাৰ লগত জড়িত হোৱাটো !
কিন্তু মোৰ যে লক্ষ্য আন এটাহে !
লাহে লাহে মই মোৰ চৰিত্ৰতোৰ লগত নিজকে খাপ খুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো । আৰু এসপ্তাহৰ ভিতৰত এইটো প্ৰজেক্টৰ কাম শেষ হব । আৰু অলপ সোনকালে শেষ হোৱা হলে ভাল পালোহেতেঁন মই , পৰীক্ষা ওচৰ পাইছেহি ! কিন্তু মই বিচাৰিলেইতো সব সীমান্তদায়ে মানি নলয় । সেয়েহে ৰাতি বহু দেৰিলৈকে পঢ়িবলগীয়া হৈছে । উপায় নাই , পৰীক্ষা কোনো কাৰনতে বেয়া কৰিব নোৱাৰো !
শ্বুটিঙৰ শেষৰ দিনা ৰাতি বহু দেৰিলৈকে কাম চলিছিল আমাৰ । ইমান ৰাতি হোষ্টেলত সোমাবলৈ নিদিয়ে বাবে মোৰ ভীষন চিন্তা লাগিল । ভয়তে কান্দি দিলো মই । পৌলমীবালৈ ফন কৰিলো , কি কৰো সুধিলো । পৌলমীবায়ে খুব সহজভাবে মোক সীমান্তদাৰ ঘৰতে ৰাতিটো থাকি পাছদিনা কলেজৰ ক্লাচ পোৱাকৈ আহিবলৈ কলে । হোষ্টেলৰ ৱাৰ্ডেনক পৌলমীবায়ে নিজেই জনাই দিব বুলি ও কলে ।
কিন্তু……
মোক একো কোৱাৰ সুবিধা নিদি পৌলমীবায়ে ফনতো কাটি দিলে । মই বুজিলো মোৰ আজি হোষ্টেলত যোৱা সম্ভৱ নহব আৰু ! মোৰ ভয়ত বিতত মুখখন দেখি সীমান্তদায়ে হয়তো বুজিছিলে , তেওঁ একেআষাৰে তেওৰ ঘৰতে থকাৰ কথা কলে । মোৰ কিয় জানো কিবা এটা ভাল লগা নাছিল সীমান্তদাৰ ঘৰত থাকিবলৈ ! তেওৰ কথাৰ অৰ্থবোৰ যেন কেতিয়াবা ভাল নালাগে ! কিন্তু আজি যে মোৰ গত্যন্তৰ নাই !
কি কৰো মই এতিয়া !
প্ৰথমবাৰলৈ নিজৰ ওপৰতে খং উঠিল মোৰ , কি দৰকাৰ আছিল সীমান্তদায়ে কলে বুলিয়েই ইমান ৰাতিলৈকে কাম কৰাৰ ! উপায় নাপায় তেওৰ ঘৰতে থাকিবলৈ মান্তি হলো । মোৰ মুখখনত হয়তো তেও অসন্তোষৰ কিবা এটা ভাব দেখিছিলে । আগবাঢ়ি আহি নিজেই আৰম্ভ কৰিলে —
—” কি হল আৰাধ্যা ? ইমান কি ভাবি আছা ! তোমাৰ দৰে কিমান এক্ট্ৰেচ থাকি যায় মোৰ ঘৰত ! আৰু মোৰ লগত যিমানে সহজ হবা সিমানে বেছি কাম পাবা তুমি । যদি পইচা আৰ্জিব বিচাৰিছা কিছুমান চিন্তা মনৰ পৰা উলিয়াই দিয়া ” —-
কথাষাৰ কৈয়েই সীমান্তদায়ে মোক হাতএখনত ধৰি এটা ধুনীয়াকৈ সজাই ৰখা ৰুমলৈ টানি লৈ গল আৰু কলে — আজিৰ ৰাতিতোৰ বাবে মোৰ ৰুম এইটো, তাৰ কাষৰ ৰুমটোতে সীমান্তদা থাকে ! ৰাতি ভয় লাগিলে সীমান্তদাৰ ওচৰলৈ গলেই হব , দুৱাৰ খোলা থাকিব —-
কথাষাৰ শুনি মোৰ নিজৰ কাণদুখনকে যেন সোপা দি ধৰিম , তেনেকুৱা লাগিল । কিয় এই ধৰনৰ কথা কয় তেও বুজি নাপাও মই । তেওৰ কথাৰ দ্যৰ্থকতা মই বুজি পোৱা হৈছো এইকেইদিন কাম কৰিয়ে ! মোৰ খং উঠিছিল , কিন্তু যিমান পাৰো নিজক সম্বৰণ কৰি ৰাতিতো কোনোমতে পাৰ হোৱালৈ অপেক্ষা কৰিলো । ৰুমত সোমায়েই কটকটীয়াকৈ হুকটো লগাই কুচিমুচি বিছনাখনতে পৰি থাকিলো । চকু মুদিবলৈ ভয় লাগিল , কিজানিবা সীমান্তদা কেনেবাকৈ সোমাই আহিব ! খিৰিকীৰে সঘনাই বাহিৰলৈ চাই থাকিলো , পোহৰ হলেই মই ইয়াৰ পৰা ওলাব পাৰিম । তেতিয়াহে যেন উশাহটো ল’ম ভালদৰে !
পৌলমীবাই চকু মোহাৰি মোহাৰি উঠি আহি কোনোমতে দুৱাৰখনৰ হুক খুলি দি আকৌ শুই পৰিল । এই ব্ৰহ্মপুৱাতে পৌলমীবা শুই উঠাৰ ৰেকৰ্ড নাই ।
মই হেঁপাহ পলুৱাই গা ধুলো । যেন কেইবাদিনো মই পানীৰ সংস্পৰ্শলৈ অহা নাই । ৰাতিটো চকুৰ টিপ মৰা নাই বাবে খুব পুৰিছে চকুকেইটা । অলপ শুবলৈ মন গল ! আজি আৰু ক্লাচ কৰা নহব !
হোষ্টেলত অকলে আছো । মই শুই থাকোতেই পৌলমীবা ক্লাচলৈ ওলাই গল নিশ্চয় ! তাই বাৰু এবাৰো মোক কিয় নুশুধিলে ক্লাচলৈ যাম নে নাই , সাধাৰনতে মই ক্লাচ ক্ষতি নকৰো বুলি তাই জানে !
তাইক সীমান্তদাৰ কালিৰ কথাবোৰ কব লাগিব , এইবাৰো তাই সীমান্তদাৰ ভুল নাই বুলি কব নে !
নিজৰ মাজতে কিছুমান কথা ফঁহিয়াই চাবলৈ চেষ্টা কৰিছো । এটা ৰাতিয়ে যেন মোক বহু কিবা কিবি শিকাই গল ! এটা তিক্ত অভিজ্ঞতাৰে মই যেন আজি বেলেগ এজনী আৰাধ্যা হৈ পৰিছো । মোৰ অভিনেত্ৰী হোৱাৰ তীব্ৰ বাসনাই মোক অন্ধ কৰি পেলাইছিল । কথাবোৰ আৰম্ভনিৰ পৰা মনত পেলাবলৈ যত্ন কৰিলো । মোৰ ফটোবোৰ সীমান্তদায়ে কত কেনেকৈ দেখিলে বাৰু , মইতো মোৰ নিজৰ মবাইলতে ৰাখো সকলোবোৰ ! কেতিয়াও কাৰো লগতে সেই ফটো শ্বেয়াৰ কৰা নাছিলো !
হঠাতে মনত পৰিল পৌলমীবাই মোৰ মবাইলতো লৈ কিবা চাই থাকোতে মোক দেখি অপ্ৰস্তুত হোৱাৰ দিনতো !
তাৰমানে……!
কিন্তু পৌলমীবায়ে কথাতো লুকুৱালে কিয় মোৰ পৰা ! অভিনেত্ৰী হোৱাৰ আকাংক্ষা আছিল মোৰ ; সঁচা ! কিন্তু
অভিনয়ৰ একো অ আ ক খ নাজানিছিলো মই । অভিনয়ৰ দৰে এটা শিল্পক মই মোৰ চেতনাত ধাৰন নকৰাকৈয়ে কেৱল উৰণীয়া মন এটাৰে অভিনেত্ৰী হোৱাৰ সপোন দেখিছিলো । দেখাত অতি সহজ যেন লগা সাজিকাচি অভিনয় কৰা প্ৰতি গৰাকী অভিনেত্ৰীৰে কিমান সাধনা আৰু কষ্ট জড়িত হৈ থাকে এটা চৰিত্ৰ নিখুতভাবে ফুটাই তোলাত মই নুবুজাকৈয়ে অভিনয়ৰ ৰংচঙীয়া পৃথিৱীখনৰ মোহত বন্দী হৈছিলো । আৰু মোৰ সেই অপৰিপক্ক সিদ্ধান্তৰ সুবিধা ললে সীমান্তদাৰ দৰে দূৰ্বল চৰিত্ৰৰ মানুহজনে ! এটা শিল্পকৰ্মক সীমান্তদাৰ দৰে মানুহে অসন্মান কৰাই নহয় বিকৃত কৰি পেলাইছে । মই বুজা উচিত আছিল বহু আগতেই এনদৰেতো অভিনয়ৰ বাবে কাৰোবাক নিৰ্বাচন কৰা নহয় ! মোৰ মাজত এনে কি প্ৰতিভা আছিল যাৰ বাবে কেৱল ফটো দেখিয়েই সীমান্তদা নিশ্চিত হৈছিল মই পাৰিম অভিনয় কৰিব। ইমান মোহান্ধ হৈ পৰিছিলোনে মই ! ভালবেয়াৰ বিচাৰ কৰাৰ নূন্যতম শক্তি খিনিও লোপ পাইছিলে যে মোৰ ! মোৰ নিজৰ অবিবেচক সিদ্ধান্তৰ ওচৰত মই নিজেই লজ্জিত আজি ! অনুশোচনাত মোৰ চকুপানী ওলাই আহিল ! মা দেউতালৈ বৰকৈ মনত পৰিল !
তেওলোকৰ চকুত চকু থৈ কথা কোৱাৰ সাহস হবনে মোৰ দুনাই ! মোৰ ওপৰত থকা অগাধ বিশ্বাসক মই যে মিছাৰ আশ্ৰয়ত তচনচ কৰি পেলালো ! কেনেকৈ ক্ষমা কৰো মই নিজকে ! কালি ৰাতি যদি নহবলগীয়া কিবা এটা ঘটি গলহেতেঁন মোৰ লগত ; ঘূৰাই আনিব পাৰিলোঁহেতেননে মোৰ ভিতৰৰ মইজনীক !
কিছুমান বিক্ষিপ্ত চিন্তাই মোৰ মন মগজুক কাবু কৰি পেলালেহি ! মই মোৰ শৈশৱৰ সপোনৰ পম খেদি খেদি আজি এনে এক স্হানত অৱস্হান কৰিছোহি তাৰপৰা ঘূৰি চাই মোৰ অতীতৰ মইজনীক মোৰেই অচিনাকীৰ দৰে লাগিল !
আচলতে সকলো ঘটনা পৰিঘটনাৰে একো একোটা কাৰণ থাকে । মোৰ নিজক চিনি পাবলৈকে যেন এই সকলোবোৰ অত্যাৱশ্যকীয় আছিল !
পৌলমীবাক এক নুবুজা সাথৰ যেন লাগিল মোৰ ! হয়তো তাইক লগ পোৱাটোও মানুহ চিনি পোৱাৰ এটা অজুহাত আছিল মোৰ বাবে !
হোষ্টেলৰ ৱাৰ্ডেনক এপ্লিকেচন এখন দি খৰখেদাকৈ ওলাই আহিলো । দুনাই হয়তো এইটো হোষ্টেলৰ বাসিন্দা হিচাপে ঘূৰি নাহিম আৰু ! পৌলমীবাক সময়ৰ ওচৰত এৰি দিলো ! যাৰ বিবেক ইমান বিষাক্ত তেনে লোকক মোৰ উপলব্ধিয়ে চুব নোৱাৰে কাহানিও !
খানাপাৰাত বাছত উঠি ঘৰলৈ ফন কৰিলো —” মই গৈ আছো মা , তোমাৰ হাতৰ ভাত এসাজ খাবলৈ বৰকৈ মন গ’ল “—-
মা দেউতাৰ আগত মোৰ সপোনৰ বাস্তৱ ৰূপটোক স্বীকাৰ কৰিলেহে মোৰ আত্মাই শান্তি পাব !
—- সমাপ্ত —-