–মানস প্ৰতিম কলিতা |
বিদৰ্ভৰ খেতিয়কবিলাকে আত্মহত্যা নকৰা হ’ল নেকি? বেছ কিছুদিন ধৰি কোনো তথ্য হাতত পৰাহি নাই। এতেকে ধৰি লৈছো, খেতিয়কবিলাকে আত্মহত্যা কৰাটো অলপ কমাইছে। অকল বিদৰ্ভই নহয়, খৰাং বা বানপীড়িত অইন ৰাজ্যৰ পৰাও এনে খবৰ-বাতৰি নহা হ’ল (অৱশ্যে আমিও প্ৰায় নিয়মীয়াকৈ নেটফ্লিক্সতেই সময় দিবলৈ লৈছো )।
মাৰাঠী চিনেমা চাইছিলোঁ, গাবৰিছা পাউচ্ছ। কপাহৰ খেতি খৰাঙত উছন হয়, ইপিনে ধাৰত পোত যোৱা খেতিয়কৰ ধাৰ মৰি নাহে। গাঁৱবোৰত উৎসৱৰ দৰে উদযাপিত হয় আত্মহত্যা। আজি ই, কাইলৈ সি।
টোপনিয়াই টোপনিয়াই এখন তথ্যচিত্ৰও চাইছিলোঁ। নামটো বোধহয় বিটাৰ ছিডছ (Bitter Seeds)। অলপ ব’ৰিং। এমেৰিকান কম্পেনী এটাই ছাবছিডিৰ বিনিময়ত মহাৰাষ্ট্ৰত কপাহৰ বীজ বিতৰণৰ অনুমতি পাইছিল। বীজটোৰ গুণাগুণৰ হৈ ছৈ দেখি খেতিয়কবিলাকে প্ৰচূৰ ঋণ লৈ উৎসাহেৰে খেতি কৰিছিল যদিও সময়ত বীজসমূহৰ পৰা কপাহ ওলোৱা নাছিল। বেংকৰ ঋণ ওভটাব নোৱাৰি, চৰম মানসিক বিপর্যয়ৰ অন্তত বহুসংখ্যক খেতিয়কে আত্মহত্যা কৰিছিল আৰু বেছ কিছুদিন পিছত এমেৰিকান কম্পেনীটোৱে ‘বোধকৰোঁ’ পলাই পত্ৰং দিছিল। বাৰু যিয়েই নহওঁক কম্পেনীটো ইয়াত ছেকেণ্ডাৰী টপিক।
মৃত মানুহৰ প্ৰতি সহানুভূতি ৰাখিও আমি ক’ব খোজো যে প্ৰতিকূল পৰিস্থিতিত পৰিলেই আত্মহত্যা কৰিবলৈ খোজাটো দুৰ্বল মনৰ পৰিচায়ক। জীৱনটো এক কঠিন সংগ্ৰাম। সাহসেৰে প্ৰতিটো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস আমাৰ কিয় নাই? ‘একেবাৰে নোৱাৰিলে এশবাৰে কৰা’ বুলি মহা মহা পুৰুষৰ (নাৰীয়ে নহয়) বাণী আমি স্কুলত পঢ়া নাছিলোঁনে? বেংকৰ ঋণ শোধাব পৰা নাই, আত্মহত্যা ঠিকেই কৰিলে কিন্তু এইক্ষেত্ৰত বিজয় মালিয়াৰ উদাহৰণ তেওঁলোকে ল’ব নোৱাৰিলে কিয়? মানি লৈছোঁ, যে মালিয়া এজন ফিউজিটিভ ইক’ন’মিক অ’ফেণ্ডাৰ, তেওঁ অপৰাধ কৰিছে। কিন্তু তেওঁতো ঋণগ্ৰস্ত হৈ আত্মহত্যা কৰা নাই। মানুহৰ ভাল আৰু বেয়া দুইটা দিশেই আছে। এইটো সিদ্ধান্ত সম্পূৰ্ণ আমাৰ হাতত যে আমি ইয়াৰ কোনটো বাচনি কৰো। বহুতেই ক’ব যে মালিয়াৰ পাৰপত্ৰ আছিল, খেতিয়কৰ নাই। কিন্তু আকাশী পথেই জানো একমাত্ৰ উপায়? জলপথ নাছিল নেকি? টুলুঙা নাওত উঠি উত্তমাশা অন্তৰীপ পৰিভ্ৰমণ কৰাৰ অলেখ অজস্ৰ কাহিনীৰে ইংৰাজী সাহিত্য আজি ঈর্ষণীয়ভাৱে সমৃদ্ধিশালী। যদি বিদৰ্ভ বা আন কোনোবা ৰাজ্যৰ দহজন কৃষকেও জলপথেৰে পলায়নৰ চেষ্টা কৰিলেহেঁতেন, তেনে দহটা কাহিনীৰে ভাৰতৰ প্ৰান্তীয় (subaltern) সাহিত্যত কিছু নতুন সংযোজন নহ’লহেঁতেননে? মানুহৰ বীৰত্বব্যঞ্জক কাহিনীয়েই এই প্ৰান্তীয় সাহিত্যক উপস্থাপন নকৰিলেহেঁতেননে!
জলপথৰ পুলিচৰ পেট্ৰলিঙৰ পৰা কেনেকৈ বাচিব? ভাল প্ৰশ্ন। ইয়াৰ উত্তৰৰ বাবে আমি ঘূৰি যাম, অলিম্পিক বিজয়ী সাঁতোৰবিদ মাইকেল ফেল্পছলৈ। এই মহান সাঁতোৰবিদ জনাৰ পৰা আমি কি শিকিম? কি ল’ম? আমি শিকিম আৰু আমি শিকা উচিত যে প্ৰতিকূল পৰিস্থিতিৰ বাবে সাঁতোৰ এক মহান কলা। মানুহে যদি ইংলিছ চেনেল সাঁতুৰি পাৰ হ’ব পাৰে, তেন্তে 45 ডিগ্ৰী উত্তাপত খেতি কৰা খেতিয়ককেইজনে কেইকিলোমিটাৰ মান সাঁতুৰিব নোৱাৰেনে? সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে। পঢ়া নাছিলোঁনে?
এনেদৰে জলপথেৰে কোনো অচিন প্ৰদেশত উপস্থিত হৈ খেতিয়কবিলাকে কেনেদৰে জীৱন নিৰ্বাহ কৰিব?
ডিছক’ভাৰী নাচাইছিলোঁনে? বিয়েৰ গ্ৰীলছক চিনি নাপাওনে?
আমি জীৱনৰ নেতিবাচক সিদ্ধান্তবোৰক প্ৰশ্ৰয় দিয়াত আগ্ৰহী, কিন্তু ইচ্ছা কৰিলে জীয়াই থকাৰ এশ এটা উপায় আমি বিচাৰি পাম। ইতিবাচকতাই জীৱনৰ মূলমন্ত্ৰ। স্থিৰ মন আৰু দৃঢ়প্ৰতিজ্ঞ মন এটাৰ বাবে যোগাসনেই শেষ উপায়। যোগাসন কৰোতে জানো সঁচাকৈয়ে টকা সিকা লাগে?
আত্মো দীপ ভৱ !