• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 14, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Journalism

আদানীৰ অধিগ্ৰহণৰ বিষয়ে সঁচাকৈয়ে এনডিটিভি অজ্ঞাত আছিল নেকি?

কাকলি দাস

by Anjan Sarma
December 1, 2022
in Journalism, Business, Finance, Media, National, News, Newspaper, Politics, Special Report
Reading Time: 3 mins read
0
Was NDTV really unaware of the Adani takeover?
Share on FacebookShare on TwitterShare on LinkedIn

এনডিটিভি: আদানীৰ অধিগ্ৰহণ

কাকলি দাস 

এন ডি টিভিক প্ৰতিষ্ঠান বিৰোধী হিচাপে দেখা গৈছিল যদিও এতিয়া ইয়াক পুঁজিৰে অধিগ্ৰহণ কৰা হ’ব। যোৱা সপ্তাহত আদানীৰ মালিকানাধীন উদ্যোগে ঘোষণা কৰিছিল যে তেওঁলোকে এনডিটিভিত ২৯.১৮% অংশীদাৰিত্ব লাভ কৰিছে। ৪ৰ্থ ধনী ব্যক্তি গৌতম আদানীৰ গোটে আৰু ২৬%ৰ বাবে মুকলি প্ৰস্তাৱ দিছে, সমালোচনাত্মক প্ৰতিবেদন কৰা যোৱা কেইটামান চেনেলৰ ওপৰত সংখ্যাগৰিষ্ঠতাৰ নিয়ন্ত্ৰণ প্ৰদান কৰিছে, মোদী বিৰোধী আৰু চৰকাৰ বিৰোধী বুলি সমালোচনা কৰা হৈছে।

RelatedPosts

Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025

এনডিটিভিৰ অধিগ্ৰহণ কৰাটো আচৰিত কথা নহয়, কাৰণ ই সোনকালে বা পিছত অধিগ্ৰহণ হ’ব লগীয়া আছিল। দৰাচলতে এটা উৰাবাতৰি ওলাইছিল যে শাসকীয় দলটোৰ ঘনিষ্ঠ তথা স্পাইচজেটৰ মালিক অজয় ​​সিঙে এনডিটিভিৰ অংশীদাৰিত্বৰ প্ৰতি আগ্ৰহী। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত এনডিটিভিয়ে এক বিবৃতি প্ৰকাশ কৰিছিল যে তেওঁলোকে কোনো ধৰণৰ বিনিয়োগৰ বাবে কোনো বাহ্যিক সত্তাৰ সৈতে আলোচনা কৰা নাই। এনডিটিভিৰ বিক্ৰীৰ কথাটো আছিল যে ই আছিল আপোচ কৰিব নোৱাৰা মূল নীতিৰ সৈতে সাংবাদিক পৰিচালিত সংগঠন।

তাৰ পিছতো আদানীয়ে কেনেকৈ এনডিটিভি অধিগ্ৰহণ কৰিলে? তেওঁলোকে, অৰ্থাৎ ‘ৰয়ছ’ (এনডিটিভিৰ মালিকসকল)-এ কয় যে তেওঁলোকৰ পৰামৰ্শ লোৱা হোৱা নাছিল। কিন্তু তথ্যই দেখুৱাইছে যে ‘ৰয়’সকলে জানি-বুজি আৰু এনেকুৱা কাম কৰি অংশীদাৰিত্ব বিক্ৰী কৰিছিল যেন তেওঁলোকে এনেদৰে বিক্ৰী হোৱা গমকেই নাপালে। এইটো স্পষ্ট যে ইয়াৰ ফলত ব্যৱস্থাটোৰ প্ৰতি, চৰকাৰৰ প্ৰতি জটিল প্ৰশ্নবোৰ কমি যাব।

শিকিবলগীয়া এটা শিক্ষা ঋণ আৰু ইয়াৰ পৰিশোধৰ সৈতেও জড়িত। টাইমছ অৱ ইণ্ডিয়া, টাইমছ নাও, ইটি নাও জৈনসকলৰ মালিকানাধীন, যিসকল নিজেই সংঘবদ্ধ। মিন্টৰ মালিকানাধীন বিৰলা, বিজনেছ ষ্টেণ্ডাৰ্ড কোটাকৰ, চিএনবিচি আৰু মানিকণ্ট্ৰ’ল আম্বানীৰ, ব্লুমবাৰ্গ কুইণ্টক শেহতীয়াকৈ আদানীয়ে অধিগ্ৰহণ কৰিছে, আৰু এতিয়া এনডিটিভিও হাতৰ মুঠিত সোমাই পৰিল। 

কৰ্পৰেট মালিকানাধীন সংবাদ মাধ্যম সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। কল্পনা কৰকচোন, এতিয়া আগন্তুক সময়ত এনডিটিভিয়ে কেনেদৰে ৰিপৰ্ট দিব! বাতৰি সম্প্ৰচাৰৰ নামত আপুনি যি কোলাহল, হুলস্থুলৰ সাক্ষী হ’ব, তাৰ বাবে সাজু হওক। ‘আই টি চেল’ প্ৰচণ্ড সুখী। আই টি চেলে উৎসৱ সদৃশ পৰিৱেশ উদযাপন কৰিলে, যেন ৰবিশে চাকৰিটোও এৰিলে! প্ৰভুসকলে নিৰ্বাচনত জয়ী হোৱাৰ পিছতো তেওঁলোক ইমান সুখী হোৱা নাছিল।

আদানীৰ অধিগ্ৰহণৰ বিষয়ে সঁচাকৈয়ে এনডিটিভি অজ্ঞাত আছিল নেকি?
প্ৰণয় ৰায়

এই স্তৰটো, যেতিয়া আপুনি কাৰোবাক তথ্য, বুদ্ধিমত্তাৰ ওপৰত পৰাস্ত কৰিব নোৱাৰে, তেতিয়া কোম্পানী অধিগ্ৰহণ হ’লে সেইসকলে পদত্যাগ কৰিবলৈ বাধ্য – তেনে সোণোৱালী আশাত আই-টি চেল অত্যুৎসাহী হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰবিশ কুমাৰৰ মিম। কিন্তু, যদি ৰবিশে চাকৰি এৰি দিয়ে, তেন্তে এতিয়াৰ পৰা আই টি চেলে ট্ৰ’ল কাৰ নামত কৰিব?

ইয়াৰ মাজতে ৰবিশ কুমাৰে স্পষ্ট কৰি দিয়ে যে তেওঁ পদত্যাগ কৰা নাই। কিন্তু এই খবৰটো ৰবিশৰ বাবে কোনো ‘শ্বক’ নহয়, কিয়নো তেওঁ বহু আগতেই এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে প্ৰতিষ্ঠানিক সাংবাদিকতাৰ মৃত্যু হৈছে। কিন্তু মিডিয়া আৰু নিউজ ট্ৰেক নকৰা মানুহবোৰ বৰ আচৰিত হৈছে। ৰয়ছ-এ এক বিবৃতি প্ৰকাশ কৰে যে এই অধিগ্ৰহণ সন্মতি অবিহনে সংঘটিত হৈছে, যদিও এনডিটিভিৰ সভানেত্ৰী সুপৰ্ণসিংহে কয় যে ভিচিপিএলে ৰাধিকা ৰয় প্ৰণয় ৰয় কোম্পানীৰ ২৯% শ্বেয়াৰ লাভ কৰিছে।

আহকচোন বুজিবলৈ যত্ন কৰো – আচলতে সমগ্ৰ কথাটো কি!

এই অধিগ্ৰহণ এৰাতিৰ ভিতৰতে হোৱা নাই। এটা দশকৰ পৰা এই কাম সন্তৰ্পণে চলি আছিল। ২০০৮ চনত কোনো সম্পত্তি নথকা এটা পৰিচালনা আৰু পৰামৰ্শদাতা সেৱা কোম্পানী ‘ভিচিপিএল’ (বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড) গঠন কৰা হয়। কোম্পানীটোৱে ২০০৯ চনত ৰাধিকা ৰয় প্ৰণয় ৰয় (আৰ আৰ পি আৰ)ৰ হোল্ডিংছ প্ৰাইভেট লিমিটেডক ৪০৩.৮৫ কোটি টকাৰ ঋণ দিছিল। আৰ আৰ পি আৰৰ ২৯% শ্বেয়াৰ আছিল, যিটো ৰাধিকা আৰু প্ৰণয়ৰ স্বতন্ত্ৰ শ্বেয়াৰৰ পৰা পৃথক। ভিচিপিএলে ‘শ্বিনানো ৰিটেইল প্ৰাইভেট লিমিটেড’ (এছআৰপিএল)ৰ পৰা লাভ কৰিছিল এই ধন। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট এণ্ড হোল্ডিংছ লিমিটেডৰ পৰা লাভ কৰিছিল এছ আৰ পি এলে।

আদানীৰ অধিগ্ৰহণৰ বিষয়ে সঁচাকৈয়ে এনডিটিভি অজ্ঞাত আছিল নেকি?

নিয়ন্ত্ৰণৰ আইনী পৰিৱৰ্তন ৰাজহুৱাভাৱে ঘোষণা নকৰাৰ বাবে প্ৰণয়, ৰাধিকা ৰয়ক ভাৰতীয় নিৰাপত্তা আৰু বিনিময় ব’ৰ্ডে (ছেবি) কাৰণ দৰ্শোৱা জাননী জাৰী কৰিছে। যেতিয়া ২৯% লিভাৰেজ কৰা হয় তেতিয়া ঘোষণা কৰিব লাগে যে নিয়ন্ত্ৰণৰ পৰিৱৰ্তন হৈছে। প্ৰণয় ৰায় আৰু ৰাধিকা ৰয়ে কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰে।

যোৱা সপ্তাহৰ মঙলবাৰে, ৩০ আগষ্টত আদানী উদ্যোগৰ এএমজি মিডিয়া নেটৱৰ্কে ১১৩.৭৪ কোটি টকাত ১০০% ভিচিপিএল আৰু এনডিটিভিৰ শ্বেয়াৰ ক্ৰয় কৰে। এতিয়া NDTV ৰ প্ৰতিষ্ঠাপক সকলে কৈছে যে সেয়া সন্মতি অবিহনে হৈছে। অৰ্থাৎ, এনডিটিভিয়ে জনোৱা মতে, সন্মতি, জাননী বা আলোচনা অবিহনে এই চুক্তি সংঘটিত হৈছে।

ঋণ চুক্তিৰ চৰ্তসমূহ তেওঁলোকে নাজানিছিল নেকি? 

কেৰাভান আলোচনীয়ে ২০১৫ত প্ৰকাশ কৰিছিল যে ঋণৰ কাৰ্যকালৰ সময়ছোৱাত যিকোনো সময়তে ভিচিপিএলে আৰ আৰ পি আৰৰ ৯৯% অংশলৈ ৰূপান্তৰিত কৰিব পাৰে। গতিকে, ঋণৰ পৰিমাণটো সন্মতিৰ প্ৰয়োজন নোহোৱাকৈ শ্বেয়াৰলৈ ৰূপান্তৰ কৰিব পৰা গ’লহেঁতেন। এতিয়া প্ৰতিষ্ঠাপকসকলে আচৰিত হৈ অভিনয় কৰিছে। এনডিটিভিয়ে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰিলে, গতিকে এতিয়া, ২৯% অংশীদাৰিত্ব নোহোৱা হৈছে আৰু এতিয়া সেই অংশ আদানিৰ মালিকীস্বত্বত! আৰ আৰ পি আৰ (২৯.১৮%) + ব্যক্তিগত (ৰাধিকা ৰয়ৰ ১৬.৩২% আৰু প্ৰণয় ৰয়ৰ ১৫.৯৪%) শ্বেয়াৰৰ যোগফল হ’ল ৬১.৪৫% মালিকীস্বত্ব; ইয়াৰ আৰ আৰ পি আৰ নাই।

ndtv adani
আদানী

এতিয়া সেই অধিগ্ৰহণৰ পিছত পৰৱৰ্তী পাৱাৰ প্লে’ কি? মুকলি অফাৰ। আৰ আৰ পি আৰে ২ কৰ্মদিনৰ ভিতৰত নিজৰ শ্বেয়াৰ দিব লাগিব: আদানীয়ে মুকলি অফাৰ আগবঢ়াইছে আন ২৬%ৰ বাবে। কিন্তু, এতিয়া এনডিটিভিৰ শ্বেয়াৰৰ মূল্য অলপ বৃদ্ধি পাইছে, তাৰোপৰি ৰয়ে এতিয়াও এনডিটিভিৰ ৩২% নিয়ন্ত্ৰণ কৰে।

এইটো স্পষ্ট যে আদানীয়ে সংখ্যালঘু অংশীদাৰিত্বৰে নিষ্পত্তি নকৰে আৰুগৰিষ্ঠ হ’ব পৰাকৈ মালিকীস্বত্বৰ প্ৰতি লক্ষ্য ৰাখিব। আন সংখ্যালঘু শ্বেয়াৰধাৰীয়ে শ্বেয়াৰহোল্ডিং এৰিবলগীয়া হ’ব পাৰে। এনডিটিভি ইয়াৰ পূৰ্বেও কৰ সম্পৰ্কীয় বিষয়ৰ সৈতে জড়িত আছিল, ৰয়ে হয় এই চুক্তিৰ বিষয়ে জানিছিল নহয় বিপথে পৰিচালিত কৰিছিল। এতিয়া, এইটোৱেই সুবিধা। 

কিয় হ’ল আৰু কি কাৰণত?

কিন্তু, এটা কথা স্পষ্ট – সকলো আইনগতভাৱে হৈছিল – নৈতিক বা অনৈতিক যিয়েই নহওক – সেয়া আছিল বৈধ৷ এতিয়া, অধিক ষ্টেকৰ বাবে মুকলি প্ৰস্তাৱ আগবঢ়াইছে আদানিয়ে; গতিকে ৰয়ে কি কৰিব? বাকী থকা এনডিটিভিৰ ভিতৰত এলটিএছ বিনিয়োগ পুঁজিৰ ৯.৭৫% আৰু বিকাশ ইণ্ডিয়া পুঁজিৰ ৪.৪২%। দুয়োটা মৰিচাছ ভিত্তিক কোম্পানী। এল টি এছে ১৩টা ভাৰতীয় কোম্পানীত ২০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে ইয়াৰে ৯৮% কৰিছে আদানীৰ কোম্পানীত।

আৰু, এইটো স্পষ্ট যে আদানীয়ে সংবাদ মাধ্যমৰ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পূৰ্বে AMG media networks, Adani ৰ কোম্পানীয়ে Raghav Bahl’s Quint ৰ ৪৯% অজ্ঞাত পৰিমাণত ক্ৰয় কৰিছিল। গতিকে, এটা বা দুটা বাকী থকা সমালোচনাত্মক কণ্ঠ উদ্যোগপতিসকলৰ হাতলৈ যোৱাটো স্পষ্ট৷ এতিয়া, সেইটোৱে তেওঁলোকৰ চেনেলত কেনে প্ৰভাৱ পেলাব? সেয়া সময়েহে ক’ব।

আদানীৰ অধিগ্ৰহণৰ বিষয়ে সঁচাকৈয়ে এনডিটিভি অজ্ঞাত আছিল নেকি?

কিন্তু, টকা-পইচাৰ উজান মেডিয়া হাউচত নাথাকিলেও আদানীয়ে কিয় সংবাদ মাধ্যমত প্ৰৱেশ কৰিছে? সম্ভৱতঃ, আম্বানীৰ টেলিভিছন সাম্ৰাজ্যক প্ৰতিহত কৰিবলৈ। কাৰণ, CNBC TV18 আৰু NEWS 18 য়ে বহুত ভাৰতীয়ৰ কাষ চাপিছে। টেলিভিছনৰ এক দৃঢ় দখল আছে। এক নতুন প্লেটফৰ্মে আদানীক ইয়াৰ ধাৰণা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। সেইবাবেই আদানিয়ে এনডিটিভিক ক্ৰয় কৰিবলৈ ইচ্ছুক হৈছে।

এক কথাত ক’বলৈ গ’লে দুটা কথা একেবাৰে স্পষ্ট – প্ৰথমতে, ৰয়ছ আৰু এনডিটিভিয়ে যিবোৰ কথা কৈছে – যে তেওঁলোকে নাজানিছিল, সেয়া ভুল৷ চুক্তিখন স্পষ্ট হৈ পৰিছিল। ঋণ পৰিশোধ কৰিবলৈ লোৱা হৈছিল। শ্বেয়াৰ হিচাপে ঋণৰ পৰিমাণ আদায় কৰিব পৰা নগ’ল৷ গতিকে, কাগজ-পত্ৰ অনুসৰি, কোম্পানীটোৰ শ্বেয়াৰ কিছুদিন আগতেই বিক্ৰী হৈছিল। দ্বিতীয়তে, সংবাদ মাধ্যমক কৰ্পৰেটে অধিগ্ৰহণ কৰা অনিবাৰ্য, কিয়নো ৰবিশ কুমাৰে কৈছিল যে প্ৰতিষ্ঠানিক সাংবাদিকতা মৃত হৈ পৰিছে।

গতিকে, এতিয়া আপুনি কোনটো মাধ্যম ব্যৱহাৰ কৰিব সেইটো নিৰ্ণয় কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰশীল। আপুনি ব্যৱহাৰ কৰা সংবাদ মাধ্যমৰ মালিক কোনটো সংঘবদ্ধ সংস্থাক প্ৰতিনিধিত্ব কৰে?

গতিকে স্বতন্ত্ৰ ছপা আৰু ডিজিটেল মাধ্যম আৰু সৰু সৰু সংস্থাসমূহক সমৰ্থন কৰক কাৰণ প্ৰামাণিক বাতৰিসমূহ তেওঁলোকেহে কঢ়িয়াই নিব।

[কাকলি দাসৰ মূল ইংৰাজী লেখা “WAS NDTV REALLY UNAWARE OF THE ADANI TAKEOVER“ৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Cinema and Psychology
Movie

Cinema and Psychology

by Editor
November 14, 2025
0

Cinema and Psychology Sampreeti Das Sampreeti Das How many times watching a much awaited movie or series has been your...

Read moreDetails
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

November 14, 2025
Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

November 11, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    134 shares
    Share 54 Tweet 34
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d