• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, November 17, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

আদানী, হিন্ডেনবাৰ্গ, মোডী, ইত্যাদি

অৰবিন্দ ৰাভা

by Anjan Sarma
February 13, 2023
in Economy, Business, National
Reading Time: 3 mins read
0
Adani
Share on FacebookShare on TwitterShare on LinkedIn

আদানী, হিন্ডেনবাৰ্গ, মোডী

অৰবিন্দ ৰাভা 

ADANI Pic

হঠাৎ এক বিশাল ‘কৰ্পৰেট প্ৰতিস্থান’ৰ আকাৰ কমাবলৈ এখন প্ৰতিবেদন সফল হৈছে ।

মাত্ৰ কেইসপ্তাহমানৰ আগতে গৌতম আদানী আছিল বিশ্বৰ তৃতীয় ধনী ব্যক্তি আৰু ভাৰতৰ স্বঘোষিত ‘ৰকফেলাৰ‘।

তাৰ পিছত এজন ‘শ্বৰ্ট চেলাৰ’-এ তেওঁৰ কোম্পানীটোৰ বিত্তীয় অৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিলে, বিনিয়োগকাৰীসকলে ভয় খালে আৰু তেওঁৰ কোম্পানীৰ বজাৰ মূল্যৰ ১০০ বিলিয়ন ডলাৰ বাষ্পীভূত হৈ পৰিল। আজি কোম্পানীটোৱে ঋণ পৰিশোধ কৰিব পাৰে বুলি দেখুৱাবলৈ দৌৰিব লগীয়া হৈছে।

RelatedPosts

A battle for truth, a triumph for child health – India’s ORS victory

A battle for truth, a triumph for child health – India’s ORS victory

November 10, 2025
How Did Kerala Become India’s First Extreme Poverty-Free State?

How Did Kerala Become India’s First Extreme Poverty-Free State?

November 6, 2025
The Reality Behind “Vocal for Local”: Is Atmanirbhar Bharat Turning into Import Nirbhar Bharat?

The Reality Behind “Vocal for Local”: Is Atmanirbhar Bharat Turning into Import Nirbhar Bharat?

October 28, 2025

বজাৰত হোৱা পৰিস্থিতিয়ে আদানীৰ উচ্চাকাংক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী তথা আদানীৰ ঘনিষ্ঠ নৰেন্দ্ৰ মোডীৰ বাবেও ই এক ৰাজনৈতিক লজ্জাৰ কাৰণ হৈছে আৰু বছৰ বছৰ ধৰি ভাৰতৰ পুঁজিবাদে আটাইতকৈ কঠোৰ পৰীক্ষাৰ সন্মুখীন হৈছে।

 আদানীৰ বিস্তৃত সাম্ৰাজ্যই লাখ লাখ ভাৰতীয়ৰ দৈনন্দিন জীৱনক স্পৰ্শ কৰে। ই ভাৰতৰ কিছুমান বৃহৎ বন্দৰ চলায়, শস্যৰ প্ৰায় এক তৃতীয়াংশ মজুত কৰে, ভাৰতৰ বিদ্যুৎ-সংবহন লাইনৰ পঞ্চমাংশ পৰিচালনা কৰে আৰু ভাৰতৰ চিমেণ্টৰ পঞ্চমাংশ উৎপাদন কৰে।

সম্পত্তিৰ হিচাপত আদানী ভাৰতৰ শীৰ্ষ দহটা বৃহৎ অবিত্তীয় প্ৰতিষ্ঠানৰ ভিতৰত আছিল আৰু দ্ৰুত বৃদ্ধিৰ প্ৰকল্প কৰা হৈছিল।

সেই বৃদ্ধিৰ সম্ভাৱনা এতিয়া অনিশ্চিত। ২৪ জানুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদনত আমেৰিকাৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে অভিযোগ কৰিছে যে আদানী পৰিয়ালৰ সৈতে জড়িত মৰিচাছকেন্দ্ৰিক অস্বচ্ছ সত্তাসমূহে গোটটোৰ ষ্টকৰ মূল্যত হেতালি খেলিছে।

Hindenburg

যদিও আদানীয়ে এই দাবী অস্বীকাৰ কৰিছিল, তথাপিও বিনিয়োগকাৰীক পতিয়ন নিয়াব পৰা নাছিল। শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱাৰ লগতে বিত্তীয় পৰিকল্পনাত ব্যাঘাত জন্মিছিল। কোম্পানীটোৱে জাৰি কৰা বণ্ডৰ উৎপাদন বৃদ্ধি পাইছে; গোটটোৰ নবীকৰণযোগ্য শক্তিৰ শাখাৰ ব্যৱসায় চকুত পৰাকৈ (১৯%)!

মোডী ডাঙৰীয়াৰ বাবে ভাৰতৰ আন্তঃগাঁথনিত মূলধনী বিনিয়োগ বৃদ্ধিৰ পৰিকল্পনাত বৃহৎ ব্যৱসায়ীসকল গুৰুত্বপূৰ্ণ অঙ্গ। কিন্তু মিষ্টাৰ আদানীৰ ব্যৱসায়ৰ বৃদ্ধি একেবাৰে অস্বাভাৱিক। ২০০১ চনৰ পৰা ২০১৪ চনলৈকে ৰাজনীতিবিদগৰাকী গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শাসনত থকা আৰু আদানীয়ে আৰম্ভণি কৰা গুজৰাটত দশক দশক পূৰ্বে মোডীৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি সৰ্বজনবিদিত।

যেতিয়া মোডী প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁ আদানীৰ বিমানতেই উঠি দিল্লীলৈ গৈছিল। তেতিয়াৰ পৰা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ মাজতে আদানীৰ ব্যক্তিগত সম্পত্তি প্ৰায় ৭ বিলিয়ন ডলাৰৰ পৰা ১২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পালে।

এতিয়া চৰকাৰে আদানীক অন্তৰ্নিহিত বা স্পষ্টভাৱে সমৰ্থন আগবাঢ়িবলৈ প্ৰলোভিত হ’ব পাৰে। কিন্তু সেয়া ভুল হ’ব। ভাৰতত স্থায়ী বৃদ্ধিৰ ধাৰাবাহিকতাৰ বাবে বহু চৰ্ত আছে। যদিহে ইয়াৰ সম্ভাৱনা অৰ্জন কৰিব লাগে তেন্তে বৃহৎ ব্যৱসায়ৰ ওপৰত নিবিড়, নিৰপেক্ষ নিৰীক্ষণ কৰাটো অতি প্ৰয়োজনীয় হ’ব।

Hindenburg1
আদানী, হিণ্ডেনবাৰ্গ

ভাৰতত সময় কটোৱা যিকোনো ব্যক্তিয়েই জানে যে ভাৰতত পথ, দলং আৰু বিদ্যুতৰ অতি প্ৰয়োজন। ২০০৭-০৯ চনৰ বিশ্বৰ বিত্তীয় সংকটৰ আগৰ বছৰবোৰত ঋণৰ উত্থানে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশাল বিনিয়োগক ইন্ধন যোগাইছিল। কিন্তু খৰচৰ মাত্ৰা অতিক্ৰম হ’ল, ৰঙাফিটাৰ মেৰপেচৰ ফলত পলম হ’ল আৰু বিত্তীয় খৰচ আকাশলংঘী হ’ল। অতি কম প্ৰকল্প সময়মতে শেষ হৈছিল। বেংকবোৰ বেয়া ঋণ আৰু বৃদ্ধিৰ জোকাৰণিৰ মাজত সোমাই পৰিল।

সেয়েহে মোদীৰ বাবে পেশীবহুল ঔদ্যোগিক নীতিৰ আকৰ্ষণ অত্যাধিক। তেওঁ ভাৰতক বিশ্বব্যাপী উৎপাদন শক্তিৰ স্থান হিচাপে গঢ়ি তুলিব বিচাৰে। ভাল পথ আৰু নিৰ্ভৰযোগ্য বিদ্যুতৰ অবিহনে সেয়া হ’ব নোৱাৰে। গতিকে বৃহৎ ব্যৱসায়ীসকলক আন্তঃগাঁথনিত বিনিয়োগ কৰিবলৈ আৰু স্থানীয় যোগান শৃংখল বিকাশত সহায় কৰিবলৈ জোৰ দিয়া হৈছে।

ভাৰতৰ কিছুমান বৃহৎ প্ৰতিষ্ঠান আদানী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, টাটা আৰু জেএছডব্লিউ-এ একেলগে অহা পাঁচৰ পৰা আঠ বছৰত আন্তঃগাঁথনি আৰু উদীয়মান উদ্যোগসমূহত ২৫০ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ছেমছাং আৰু ফক্সকনকে ধৰি ভাৰতত উৎপাদন সম্প্ৰসাৰণ কৰা বিদেশী প্ৰতিষ্ঠানকো ৰাজসাহায্য প্ৰদান কৰা হৈছে।

modi1 1

বিজয়ী বাছি লোৱাৰ কৌশলটো অৱশ্যে সদায় প্ৰত্যাহ্বানেৰে ভৰা আছিল আৰু আদানীৰ দুখ-কষ্টই কি ভুল হ’ব পাৰে তাৰ সতৰ্কবাণী প্ৰদান কৰিছে। অনুজ্ঞাপত্ৰ ক্ষিপ্ৰ কৰাৰ নীতিও পক্ষপাতিত্বৰ মাজলৈ সোমাই যাব পাৰে। আন এটা বিপদ হ’ল নাগৰিকে বাচি লোৱা বিজয়ীজনে হয়তো নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিব। আদানি গ্ৰুপে কয় যে তেওঁলোকৰ হাতত নিৰ্মাণৰ কাম চলি থকা সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ যথেষ্ট নগদ ধন আছে। কিন্তু ইয়াৰ উন্মাদ, ঋণ-ইন্ধনযুক্ত সম্প্ৰসাৰণৰ আৰ্হি এতিয়া নিশ্চিতভাৱে কম ।

টাইকুন যিমানেই ডাঙৰ হয় সিমানেই বাজি ডাঙৰ হৈ পৰে। ভাৰতৰ ৫০০ বৃহত্তম অবিত্তীয় প্ৰতিষ্ঠানৰ মূলধনী বিনিয়োগৰ ৭%ৰ বাবে কেৱল আদানী দায়বদ্ধ। দেশৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বন্দৰসমূহৰ প্ৰধান পৰিচালক তেওঁ। তেওঁৰ প্ৰতিষ্ঠানটোৱে মুম্বাইৰ নতুন বিমানবন্দৰ আৰু গুজৰাটৰ তীখা কলৰ দৰে কামত ৫০ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেই বিনিয়োগবোৰে যদি বোকাত সোমাই পৰে, তেন্তে প্ৰকল্পবোৰ আকৌ আধাসমাপ্ত হৈ পৰিব।

এতিয়ালৈকে আদানীৰ লোকচানৰ তথা তেওঁক দিয়া সুবিধাৰ বিষয়ে মোডী নিমাত হৈ আছে। প্ৰধানমন্ত্ৰীগৰাকী ‘জনপ্ৰিয়’ হেতুকে বিৰোধী কংগ্ৰেছ দলে আয়োজন কৰা মুষ্টিমেয় প্ৰতিবাদৰ পিছতো নাটকখনৰ তাৎক্ষণিক ৰাজনৈতিক পৰিণতি সীমিত হ’ব তেনে অনুভৱ হৈছে। দেশৰ সামষ্টিক অৰ্থনৈতিক মৌলিক দিশসমূহ সুস্থ হৈ আছে বুলি কৈ বিনিয়োগকাৰীসকলক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে ভাৰতৰ মন্ত্ৰীসকলে।

কিন্তু তেওঁলোকে আৰু আগুৱাই গৈ দেখুৱাব পাৰিব লাগিব যে ভাৰত ব্যৱসায়ৰ বাবে এক নিৰ্ভৰযোগ্য স্থান হৈয়ে আছে। যদি ব্যৱসায়ৰ ক্ষেত্ৰ দ্ৰুতগতিত বৃদ্ধি পাব লাগে তেন্তে ভাৰতক বহিঃৰ্দেশৰ পৰা বিপুল পৰিমাণৰ মূলধনৰ প্ৰয়োজন হ’ব, আংশিকভাৱে, কাৰণ ভাৰতে চলিত একাউণ্ট ঘাটিৰে চলাই আছে। বিদেশী বহুজাতিক কোম্পানীসমূহে বহু দেশত শাসন ব্যৱস্থালৈ চাই থাকে আৰু বিদেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অধিক সতৰ্ক হৈ পৰিছে।

Adani image

চৰকাৰে নিজৰ পক্ষপাতিত্বক নিয়ন্ত্ৰণ কৰি আৰু বৃহৎ ব্যৱসায়ীসকলৰ ওপৰত নিৰীক্ষণ বৃদ্ধি কৰি আৰম্ভ কৰিব পাৰে। নিউয়ৰ্কৰ শ্বৰ্ট চেলাৰৰ এটা সৰু প্ৰতিষ্ঠানে যদি কঠিন প্ৰশ্ন সুধিব পাৰে, তেন্তে নিয়ন্ত্ৰকসকলে কিয় প্ৰশ্ন নকৰিলে? হিণ্ডেনবাৰ্গে অভিযোগ কৰে যে দেশৰ বজাৰ চোৱাচিতাকাৰী সংস্থা ‘ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে’ ২০২১ চনত আদানীৰ ওপৰত তদন্ত আৰম্ভ কৰিছিল যদিও পিছত নিস্তব্ধ হৈ পৰে।

নিয়ন্ত্ৰকে আদানীৰ ওপৰত চলি থকা যিকোনো তদন্তৰ বিষয়ে লোৱা ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰিব লাগে। আৰু মৰিচাছত ভিত্তি কৰা বিনিয়োগ সংস্থাসমূহৰ পৰা স্বচ্ছতাৰ দাবী কৰা উচিত, যিবোৰ প্ৰায়ে ভাৰতীয় ষ্টক মাৰ্কেট কেলেংকাৰীৰ মূলতে থাকে। হিণ্ডেনবাৰ্গৰ এই দাবীক খণ্ডন কৰি আদানীয়ে ৪১৩ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে যদিও সেই প্ৰতিবেদনে আশ্বস্ত কৰিব পৰা নাই।

মোডীৰ শাসনৰ বছৰবোৰে বহু দিশত ভাৰতৰ ‘চেক এণ্ড বেলেন্স’ খহাই পেলাইছে৷ তেওঁৰ চৰকাৰে আদালত আৰু আৰক্ষীৰ স্বাধীনতাকো ক্ৰমাৎ ভেঙুচালি কৰি আহিছে। সংবাদ মাধ্যমৰ বেছিভাগেই অতিশয় ভয়াতুৰ হৈ পৰিছে আৰু বেছিভাগেই এনেদৰে আত্মসমৰ্পন কৰিছে যে এসময়ৰ দৰে এতিয়া শক্তিশালীসকলৰ তদন্ত কৰিব নোৱাৰে!

আমেৰিকাৰ কোনো প্ৰতিষ্ঠানে প্ৰথমে কঠিন প্ৰশ্নবোৰ নকৰিলে আদানীৰ বিষয়ে এনেধৰণৰ বাতৰি প্ৰকাশ কৰিবলৈ ভাৰতৰ বাতৰি কাকত বা নিউজ চেনেল ওলাই আহিলহেতেন নে ? শেহতীয়াকৈ আদানীয়ে নিজেই ndtv ক্ৰয় কৰিছে, যিটো নিউজ চেনেলে এসময়ত চৰকাৰক সমালোচনা কৰিছিল- কিন্তু এতিয়া গভীৰ টোপনিত।

Adani NDTV

ভাৰতৰ সমৃদ্ধিৰ বাবে দীৰ্ঘকালীনভাৱে ইয়াৰ প্ৰতিষ্ঠানসমূহো ইয়াৰ আন্তঃগাঁথনিৰ দৰেই গুৰুত্বপূৰ্ণ হ’ব। স্বচ্ছ শক্তি আৰু সমতল পথৰ দ্বাৰা ভাৰতীয়সকল লাভৱান হয়, নিশ্চিতভাৱে; কিন্তু তেওঁলোকক স্বচ্ছ শাসন ব্যৱস্থা আৰু সমতাপূৰ্ণ ক্ষেত্ৰৰো প্ৰয়োজন।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

A battle for truth, a triumph for child health – India’s ORS victory
Health

A battle for truth, a triumph for child health – India’s ORS victory

by Abihotry Bhardwaz
November 10, 2025
0

A battle for truth, a triumph for child health - India’s ORS victory Abihotry Bhardwaz Abihotry Bhardwaz For nearly a...

Read moreDetails
How Did Kerala Become India’s First Extreme Poverty-Free State?

How Did Kerala Become India’s First Extreme Poverty-Free State?

November 6, 2025
The Reality Behind “Vocal for Local”: Is Atmanirbhar Bharat Turning into Import Nirbhar Bharat?

The Reality Behind “Vocal for Local”: Is Atmanirbhar Bharat Turning into Import Nirbhar Bharat?

October 28, 2025
Delhi’s Air ‘Severe’ Post-Deepavali; Experts Link Black Carbon Spike to Climate Change!

Delhi’s Air ‘Severe’ Post-Deepavali; Experts Link Black Carbon Spike to Climate Change!

October 21, 2025
Ladakh Sixth Schedule: Does Sonam Wangchuk’s Arrest Threaten Indian Democracy?

Ladakh Sixth Schedule: Does Sonam Wangchuk’s Arrest Threaten Indian Democracy?

October 12, 2025
Can India Face a Government Shutdown Like the US?

Can India Face a Government Shutdown Like the US?

October 6, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Chicken Neck: China’s Himalayan Hammers, Pakistan’s Bay of Bengal Dagger, Bangladesh’s Demographic Flood

The Chicken Neck: China’s Himalayan Hammers, Pakistan’s Bay of Bengal Dagger, Bangladesh’s Demographic Flood

November 17, 2025
India at Epicentre as Air Pollution Becomes World’s 2nd Biggest Killer – Global Air Report 2025

India at Epicentre as Air Pollution Becomes World’s 2nd Biggest Killer – Global Air Report 2025

November 17, 2025
Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    147 shares
    Share 59 Tweet 37
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d