• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Movie

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..!

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
June 29, 2023
in Movie, Cinema, Opinion
Reading Time: 4 mins read
0
আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..!
Share on FacebookShare on TwitterShare on LinkedIn

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..!

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Nath
সঞ্জীৱ কুমাৰ নাথ

ৰামায়ণৰ বিষয়ে কৌতুহলৰ বাবেই “আদিপুৰুষ” নোচোৱাকৈ থাকিব নোৱাৰিলো। সমালোচনা, বিতর্ক আৰম্ভ হোৱাৰ আগতেই গৈ চালোগৈ। চাই হতাশ হ’লো; এনে লাগিল যেন সময় আৰু ধন দুয়োটা নষ্ট কৰিলোঁ।

অতি বেছি বেয়াকৈ কৰিলে বোলছবিখন – যেন কিমান বেয়া কৰিব পাৰি তাৰ হে প্রতিযোগিতা।
নির্মাতা, পৰিচালক, লেখক, কোনোৱেই ৰামায়ণৰ বিষয়ে একো নাজানে যদি কিয় এনে এখন ছবি নির্মাণ কৰিলে বুজা নাযায়। নিজেই এখন অদ্ভূত ৰামায়ণ সৃষ্টি কৰিবলৈ ওলাইছিল নেকি নাজানো।

দুর্গা পূজাৰ মূর্ত্তি সজা খনিকৰে কেতিয়াবা (আজিকালি প্রায়ে) মহিষাসুৰক ইমান ডাঙৰ, ভয়ানক ধৰণে সাজে যে বেচেৰী মা দুর্গাজনী সৰু, দুর্বল ছোৱালী এজনী যেন লাগে। অসুৰক দেৱীতকৈ বেছি শক্তিশালীকৈ গঢ়িব বিচৰা ইচ্ছাৰ মনোবৈজ্ঞানিক বিশ্লেষণ কেনেকুৱা হ’ব নাজানো, কিন্তু এনে ইচ্ছা কেৱল খনিকৰৰ নিজা ব্যক্তিগত ইচ্ছা নে ই আমাৰ সমাজ-মনৰে প্রতিফলন?

আমাৰ সমাজত অসুৰ বেছি fashionable নেকি?

RelatedPosts

Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Love in the Age of Ghosting and Situationships

Love in the Age of Ghosting and Situationships

May 8, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 8, 2026

অসুৰ হোৱাৰ বাসনা পুহি ৰাখিছোঁ নেকি আমি? (মই ঘৰৰ বজাৰ কৰা দোকান খনত সৰু স্কুলীয়া ল’ৰা দুটা সোমাই কিবা বটল দুটা কিনি ওলাই গ’ল। বটল দুটাতনো কি আছে মই ঠিক ধৰিব পৰা নাই; দোকানীক সুধি গম পালো যে কিবা energy drink, নাম Monster. সৰু ল’ৰা কেইটাই কি ভাবি কিনিছে এই পানীয়টো? মনস্তাৰৰ দ’ৰে, অসুৰৰ দৰে বলী হ’বলৈ নেকি? আমাৰ ভিতৰৰ অসুৰ, ৰাক্ষস, মনস্তাৰ বিলাকে এনেকৈ পানীয় হৈ, মহিষাসুৰ হৈ দেখা দিয়ে নেকি?)

আলোচ্য বিষয়ৰ সৈতে সংগতি নথকা যেন লগা এইখিনি ক’ব লগীয়া হৈছে এই বাবে যে আদিপুৰুষে অসুৰৰ বন্দনা কৰিছে, ৰামৰ নহয়।

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

ৰামায়ণৰ দৰে ধর্মশাস্ত্র এখনে অনাদি কালৰ পৰা চলি অহা শুভ শক্তি আৰু অশুভ শক্তিৰ সংঘাতৰ কথাকে কয়। নিজৰ নিজৰ বিশ্বাস, বুদ্ধি, চিন্তা মতে আমি বুজিব পাৰোঁ এই সংঘাতৰ কাহিনীক। গীতাৰ আৰম্ভণিতে কুৰুক্ষেত্রৰ যুদ্ধক্ষেত্রৰ কথা কোৱা হৈছে:

ধর্মক্ষেত্রে কুৰুক্ষেত্রে সমৱেতা যুযুত্সৱ:।

মামকা: পাণ্ডৱাশ্চৈৱ কিমকুর্ৱত সঞ্জয়।।

এই যুদ্ধক্ষেত্র বা ধর্মক্ষেত্র সঁচাকৈ এতিয়াৰ হাৰিয়াণাত থকা কুৰক্ষেত্র নামৰ ঠাইখনেই বুলি বহুতে কয়, কিন্তু লগতে এইটোও সঁচা যে প্রত্যেক মানুহৰ হৃদয়েই এখন যুদ্ধক্ষেত্র য’ত পলে পলে ধর্ম আৰু অধর্মৰ যুদ্ধ হৈ থাকে। আমি ধর্মৰ পক্ষে, সত্যৰ পক্ষে, নে অধর্মৰ পক্ষে, অসত্যৰ পক্ষে?

“দুর্গা পূজাৰ মূর্ত্তি সজা খনিকৰে কেতিয়াবা (আজিকালি প্রায়ে) মহিষাসুৰক ইমান ডাঙৰ, ভয়ানক ধৰণে সাজে যে বেচেৰী মা দুর্গাজনী সৰু, দুর্বল ছোৱালী এজনী যেন লাগে। অসুৰক দেৱীতকৈ বেছি শক্তিশালীকৈ গঢ়িব বিচৰা ইচ্ছাৰ মনোবৈজ্ঞানিক বিশ্লেষণ কেনেকুৱা হ’ব নাজানো, কিন্তু এনে ইচ্ছা কেৱল খনিকৰৰ নিজা ব্যক্তিগত ইচ্ছা নে ই আমাৰ সমাজ-মনৰে প্রতিফলন?”

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

সৰু বৰ সকলো সিদ্ধান্ত কৰোঁতে আমি এই প্রশ্নৰ ব্যৱহাৰিক উত্তৰ দিবলৈ বাধ্য। ৰামায়ণৰ এই ধর্ম-অধর্মৰ যুদ্ধত ৰামে ধর্মক, ৰাৱণে অধর্মক প্রতিনিধিত্ব কৰে, আৰু শেষত ধর্মৰ জয় হয়। কিন্তু আদিপুৰুষত?

আদিপুৰুষত এফালে ৰাৱণৰ (অর্থাৎ অধর্মৰ) বল, শক্তি, গুণ, গৰিমা এনকুৱাকৈ দেখুওৱা হৈছে যে ৰামচন্দ্র তেওঁৰ তুলনাত তেনেই দুর্বল।

আনফালে আকৌ ৰাৱণৰ স্বর্ণ লংকাক দেখুওৱা হৈছে তিমিৰাসন্ন, বিভীষিকাময়, কুশ্রী এখন ঠাই হিচাপে।

পুষ্পক বিমানৰ সলনি ৰাৱণ উৰি ফুৰে ড্রেগনৰ দৰে প্রকাণ্ড এটা বাদুলীৰ পিঠিত। এই বাদুলীৰ পিঠিতেই সীতাক বান্ধি অনা দেখুওৱা হৈছে। বেচেৰা শিৱভক্ত ব্রাহ্মণ ৰাৱণে জন্তুৰ প্রকাণ্ড প্রকাণ্ড মঙহৰ টুকুৰা খুৱাই পুহি ৰাখিছে এই বাদুলীক।

“হনুমানৰ চৰিত্রক যিদৰে দেখুওৱা হৈছে বাল্মীকি, তুলসীদাস, কোনো ৰামায়ণ পৰম্পৰাত তেনেকুৱা চৰিত্রণ নাই। তুলসীৰ “জ্ঞান-গুণ-সাগৰ” হনুমান আদিপুৰুষত তাপ’ৰি গুণ্ডাৰ ভাষা কোৱা এটা বান্দৰ। জ্ঞান, বল, বুদ্ধি, ভক্তিৰ পৰাকা­ষ্ঠা হনুমানৰ কি অৱস্থা আদিপুৰুষত!”

বোলছবিৰ নিমার্তাৰ নিজৰ স্বাধীনতা থাকে, আৰু প্রাচীন কাহিনী এটা নতুন 3D প্রযুক্তিৰে আকর্ষণীয়কৈ প্রস্তুত কৰোঁতে পুৰণি কাহিনীটোৰ কিছু সাল সলনি হ’ব পাৰে, তাত বিশেষ ৰহণ সানিব পাৰে। কিন্তু এই ছবিখনত যিবোৰ সালসলনি হৈছে, সেইবোৰ cinematographic logicৰ বাবে নহয়, মূর্খামিৰ বাবেহে হৈছে যেন লাগে।

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

আৰু 3D প্রযুক্তিৰে নো কি কৰা হৈছে ছবিখনত? সৰু ল’ৰা-ছোৱালীৰ কমিকছৰ দৰে কিছুমান দৃশ্য সৃষ্টি কৰা হৈছে। ৰামায়ণৰ কাহিনীৰ যিবোৰ অংশৰ পাকৈত ব্যৱহাৰৰ দ্বাৰা 3Dৰ খেলা বেছি মনোমোহা কৰিব পৰা গ’লহেঁতেন, সেইবোৰ প্রায় বাদ দিয়া হ’ল।

হনুমানে সাগৰ পাৰ হোৱা আৰু সঞ্জীৱনী বিচাৰি যোৱাৰ সৈতে যিবোৰ ঘটনা ৰামায়ণত দেখুওৱা হৈছে, সেইবোৰত 3D প্রযুক্তিৰ চমকপ্রদ ব্যৱহাৰৰ থল আছিল, কিন্তু ব্যৱহাৰ কৰা নহ’ল।

হনুমানৰ চৰিত্রক যিদৰে দেখুওৱা হৈছে বাল্মীকি, তুলসীদাস, কোনো ৰামায়ণ পৰম্পৰাত তেনেকুৱা চৰিত্রণ নাই। তুলসীৰ “জ্ঞান-গুণ-সাগৰ” হনুমান আদিপুৰুষত তাপ’ৰি গুণ্ডাৰ ভাষা কোৱা এটা বান্দৰ। জ্ঞান, বল, বুদ্ধি, ভক্তিৰ পৰাকা­ষ্ঠা হনুমানৰ কি অৱস্থা আদিপুৰুষত! প্রভাসৰ অভিনয় সুন্দৰ, কিন্তু তেওঁকো যি কৰিবলৈ দিয়া হৈছে, সেয়া হে কৰিব পাৰে।

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

গতিকে ৰামে ৰাৱণৰ হাতত ভালকৈ মাৰ খায়। তেওঁলোকে হেনো ৰাৱণক সহানুভুতিৰে উপস্থাপন কৰিছে। সীতাক হৰণ কৰাৰ হেনো উচিত কাৰণ আছে : লক্ষ্মণে কিয় শূর্পনখাৰ নাক কাটিছিল? বঢ়িয়া। ৰামায়ণৰ এনে ব্যাখ্যা কৰা সকলৰ পৰা এনেকুৱা এখন ছবিতকৈ আৰু কি আশা কৰিব পাৰি?

অশোক বনখন কিবা চেৰি ফুলৰ কৃত্ৰিম গছৰ এখন বাগিছা যেন লাগে। সেই বনত হনুমানে কৰা উৎপাততকৈ বেছি গৰিমাৰে দেখুওৱা হৈছে ৰাৱণ পুত্র মেঘনাদৰ শৌৰ্য-বীর্য। মেঘনাদৰ নাম কিয় মেঘনাদ হ’ল সেইলৈ আদিপুৰুষৰ নির্মাতাই মূৰ ঘমোৱা নাই।

কম বয়সীয়া সৰু ল’ৰা ছোৱালীৰ এনিমেটেড্ চিনেমাত দেখুৱা ধৰণৰ যুদ্ধ দেখুওৱা হয়, তেনেকুৱা যুদ্ধ কৰে ৰাৱণ-পুত্রই। মেঘনাদক আকৌ লক্ষ্মণে বধ কৰে পানীৰ তলত।

ভৰদ্বাজ, বশিষ্ঠ, বিশ্বামিত্র কোনো এজন ঋষিক দেখিবলৈ নাই, যদিও ৰামায়ণৰ কাহিনীৰ সৈতে ঋষি, ব্রাহ্মণ, তপস্বীক বাদ দিব নোৱাৰি।

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

ৰামে শবৰীক লগ কৰিবলৈ মতঙ্গ ঋষিৰ আশ্রমলৈ যোৱা নাই, ৰামৰ সৈতে শবৰীৰ গুৰুত্বপূর্ণ সংবাদ নাইকিয়া কৰি দিয়া হ’ল বুলি কব পাৰি। মাজ নিশা হঠাতে ভুতৰ দৰে শবৰী আহি ওলাইছেহি আৰু লক্ষ্মণে বুঢ়ীক মাৰিবলৈকে ওলাইছিল।

বেছেৰা লক্ষ্মণৰো অৱস্থা তথৈৱচ। শেষ নাগৰ অবতাৰ লক্ষ্মণ যেন আদিপুৰুষত সাধাৰণ যোদ্ধা এজন।

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

ইমান ভুল-ভ্রান্তিৰে ভৰা (আটাইবোৰ কথা কৈ থাকিবলৈ আমনি লাগে) এখন ছবিক লৈ কিন্তু আমাৰ মহান দেশত খুব বেছি হৈ চৈ হোৱা নাই। সমালোচক সকলে বহুতে খুব বেয়া ছবি বুলি কৈছে (এন দি টি ভিৰ শৈবাল চেটার্জীয়ে ছবিখনক fantansy and fallacy অর্থাৎ কল্পনা আৰু ভুলৰ সংমিশ্রণ বুলি কৈছে) , অনেক অভিনেতা-অভিনেত্রী আৰু অন্য মানুহেও সমালোচনা কৰিছে, কিন্তু যিসকলে সাধাৰণতে ৰামৰ নামত ৰাজনীতি কৰে তেওঁলোক প্রায় নিশ্চুপ।

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

ভালেই হৈছে, অন্তত: শান্তিত আছে দেশখন, কিন্তু চকুচৰহা কিছুমানে কয় যে ছবিখনৰ সংলাপ লেখক মনোজ মুন্তাশিৰ হ’ল ৰাজনীতিৰ গেৰুৱা শিবিৰৰ খাচ মানুহ। তেওঁ হেনো দেশৰ আটাইতকৈ শক্তিশালী মানুহজনকো লগ কৰিবলৈ আগতীয়াকৈ appointment লব নালাগে।

মণিপুৰৰ বিষয়ে এষাৰ মাত মাতিবলৈও যাৰ আহৰি নাই, তেওঁ হেনো মনোজক অতি সহজে দেখা কৰে।

নাজানো চকুচৰহা বোৰৰ কথা সঁচা নে মিছা। কিন্তু এটা কথা ঠিক। এই ছবিখনৰ ভুলৰ পাহাৰৰ মূল কাৰণ এই মনোজ চাহাব : “মনো”ৰ মহিমা কি কৈবো আৰ….!

আদিপুৰুষ : “মনো”ৰ মহিমা কি কৈবো আৰ…..

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
May 10, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Love in the Age of Ghosting and Situationships

Love in the Age of Ghosting and Situationships

May 8, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 8, 2026
Secularism : meaning and implication in the Indian context

Secularism : meaning and implication in the Indian context

May 7, 2026
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

May 6, 2026
Time Inequality in India: Hidden Cost of Waiting, Digital Divide, and Two-Tier Citizenship

Time Inequality in India: Hidden Cost of Waiting, Digital Divide, and Two-Tier Citizenship

May 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

May 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    31925 shares
    Share 12770 Tweet 7981
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13729 shares
    Share 5492 Tweet 3432
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    168 shares
    Share 67 Tweet 42
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3702 shares
    Share 1481 Tweet 926
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6509 shares
    Share 2604 Tweet 1627
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    911 shares
    Share 364 Tweet 228
  • Love in the Age of Ghosting and Situationships

    75 shares
    Share 30 Tweet 19
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    74 shares
    Share 30 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    73 shares
    Share 29 Tweet 18
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    63 shares
    Share 25 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d