আদৰ্শ এক ‘লেঠু ছিঙা বাংনা’
মানস প্ৰতিম কলিতা
অসম এখন সুন্দৰ ঠাই।
পাহাৰে- ভৈয়ামে, ফলে-ফুলে, গছে-বননিয়ে জাতিষ্কাৰ এখন মনোমোহা ঠাই।
অসমৰ উল্লেখনীয় ঠাইসমূহৰ ভিতৰত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কামাখ্যা মন্দিৰ আৰু মাজুলী।
মাজুলী অসমৰ অন্যতম পৰ্যটন কেন্দ্ৰ।
অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে সমিল-মিলেৰে বাস কৰে।
বড়ো-কছাৰীকে ধৰি বিভিন্ন সৰু সৰু জাতি উপজাতিৰ উপস্থিতিয়েই অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ সামগ্ৰিক সত্ত্বাটোক প্ৰতিনিধিত্ব কৰে।
বৈচিত্ৰৰ মাজতো ঐক্যৰ যথাযথ প্ৰতিফলনেৰে অসম আৰু অসমীয়াই জীৱন নিয়ায়।
সেয়েহে অসমত কোনো হাই-কাজিয়া নাই, দ্বন্দ-খৰিয়াল নাই, কপট ভাৱৰ আদান প্ৰদান নাই।
কি ক্ৰীড়া, কি সংগীত আৰু – কি সাহিত্য !
খুৰাই চিনেমা কৰিছে – বেছ, বেছ।
ভাইটিয়ে গান গাইছে – চাব্বাছ, চাব্বাছ।
ছাৰে নাটক কৰিছে- উফ্, কেনে সুন্দৰ! কোনো সমালোচনা নাই। কোনো তীৰ্যক মন্তব্য নাই। আদৰ্শগত ঝামেলা নাই। কটাক্ষ নাই।
গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থকাৰ বাইদেৱেক- দদায়েকক একোলা লৈ মোবাইল ফোনত সুখৰ একোটা ক্লিক ক্লিক।
চিনেমাৰ কথা নকওঁ, খুৰাই বেয়া পাব, গানে পেটৰ নাড়ী-ভুৰু পাক দিছে, ভাইটিয়ে দুখ পাব, নাটকে তোলে মূৰত বিষ- ছাৰৰ ইমান বছৰৰ অভিজ্ঞতা- !
ইয়াৰে ধাৰাবাহিকতা ৰাখি কোনো এক বন্ধু হৈ পৰিছে ফেচিষ্ট মহলৰ সভাপতি- মোৰ সন্তুষ্ট হোৱাৰ পাল। মোৰ ঘনিষ্ঠ বন্ধু, ভবিষ্যতৰ আপদ বিপদৰ কথা আছে, অংক আছে।
সেয়েহে, ট্ৰেড ইউনিয়ষ্টে উদ্যোগ ডুবালে বুলি খোলাকৈ কোৱা সম্পাদকৰ বঁটাপ্ৰাপ্তিত আমি উৎসাহিত হৈ পৰিব লাগে।
ব্যক্তিগতকৰণৰ বিৰুদ্ধে আৱাজ তোলা কৰ্মচাৰীসকল আচলতে এলেহুৱা বুলি কলমেৰে কাকতত খোঁচ দিয়া সুবিধাবাদীৰ চৰণকমলত লুটি খাই পৰিব লাগে, অভিবাদন দি দি ভাগৰি পৰিব লাগে। (লেনিন – এঢোক মদ খা, হো ল!)
নাৰীৰ ধৰ্ষণ ন্যায্য বুলি লিখা ব্ৰহ্মকুমাৰীৰ প্ৰৱন্ধ ছপা কৰিব লাগে আৰু স্থিতাৱস্থাৰ বিৰুদ্ধাচৰণ কৰি লিখা প্ৰৱন্ধৰ কাগজত চানাচূৰ খাব লাগে। দিনৰ পিছত দিন ধৰি চৰকাৰী মহলৰ লগত মিহি মিহি সম্পৰ্ক ৰাখি চেনেল, কাকতত গণকণ্ঠক উপৰ্যুপৰি আৰু যথাসাধ্যে বাধা প্ৰদান কৰি গল্প-উপন্যাস-সংগীতৰ চৰ্চা কৰি থাকিব লাগে আৰু আটাইৰে প্ৰিয়ভাজন হৈ থাকি সম্প্ৰীতিৰ মহান বাণী বিলাই থাকিব লাগে।
এই ঐক্য-সংহতিৰ পৰম্পৰা ৰক্ষা কৰি মন্ত্ৰীৰ চেনেলত সদাবিদ্যমান হৈ চৰকাৰ তোষণেৰে জীৱন পাত কৰা প্ৰয়াত নাৰী নিগ্ৰহকাৰীক সাহিত্যৰ ভোটাতৰাৰ স্বীকৃতি প্ৰদান কৰি ধন্য ধন্য হৈ থাকিব লাগে।
সেয়েহে, ৰাজনৈতিক সৌজন্যতাৰ খাতিৰত আমি হিটলাৰৰ সৈতে আবেলি চাহ একোপিয়লা খাব লাগে। ৰাজনৈতিক মতাদৰ্শ একাষৰীয়া কৰি থৈ হিটলাৰৰ চিত্ৰাংকণ প্ৰতিভাৰ বিষয়ে আলোচনা কৰিব লাগে। তেওঁ অঁকা ছবিৰ প্ৰদৰ্শনী পাতি চিত্ৰসমূহ কিনিব লাগে। কিনি আনি ঘৰত সজাই থৈ দিব লাগে।
অসম এখন প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য।
অসমৰ জাতীয় চৰাই দেওহাঁহ আৰু জাতীয় গছ হোলোং। লগতে, আদৰ্শ এটা লেঠু ছিঙা বাংনা।
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)