• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

আধুনিক বিশ্বৰ মহামাৰী—ডায়েবেটিজ

-ডাঃ মুকুল শর্মা

by Anjan Sarma
June 28, 2021
in Health, Lifestyle, Special Report
Reading Time: 4 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ মুকুল শর্মা  |

ডায়েবেটিজ মেলাইটাছ হ’ল বিশ্ব স্বাস্থ্য বিপত্তি (world health hazard) হিচাপে উদ্ভাসিত এটা বেমাৰ, যিয়ে আৰ্থ-সামাজিকভাৱে প্ৰত্যেকজন মানুহৰ ওপৰত নিজৰ লগতে গোটেই সমাজতে প্ৰভাৱ বিস্তাৰ কৰে। আধুনিক চিকিৎসাবিজ্ঞানৰ যথেষ্ট সফলতাৰ পিছতো ডায়েবেটিজ বৰ্তমান সমাজৰ এটা সকলোৰে পৰিচিত অসংসক্ৰমিত ৰোগ হিচাপে দেখা দিছে। পৃথিৱীৰ ধনী দেশসমূহত বসবাস কৰা লোকৰ মৃত্যুৰ মুখ্য কাৰণবোৰৰ ভিতৰত ডায়েবেটিজো এটা। উন্নয়নশীল দেশসমূহত ই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্বতে দিনে দিনে ডায়েবেটিজ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে। বিশ্ব ডায়েবেটিজ সংস্থাৰ সমীক্ষা মতে ২০১৪ চনত ৩৮৭ মিলিয়ন মানুহ এই ৰোগত আক্ৰান্ত বুলি প্ৰকাশিত। উল্লেখ্য যে এই ৰোগটোৰদ্বাৰা ৪০ৰপৰা ৫৯ বছৰৰ লোক বেছিকৈ আক্ৰান্ত হয়। মধুমেহ ৰোগৰ ইতিহাস চাবলৈ গ’লে খ্ৰীষ্টপূৰ্ব ১০০০ শতিকাৰ চৰক সংহিতাৰ দিনৰেপৰা এই বেমাৰৰ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে বৰ্ণনা পোৱা যায়। ডায়েবেটিজ হ’ল এটা লেটিন শব্দ যাৰ অৰ্থ ”এটা পথ বা মাধ্যমৰ মাজেৰে চলাচল” আৰু মেলাইটাছ, অন্য এটা লেটিন শব্দ যাৰ অৰ্থ ” মৌৰ নিচিনা মিঠা ”। ভাৰতীয় চিকিৎসকসকলে এই বেমাৰটো চিনাক্ত কৰি ইয়াৰ নাম দিয়ে মধুমেহ।                                     আয়ুৰ্বেদত ইয়াক প্ৰমেহ ৰোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰমেহ ৰোগক আঠটা মাৰাত্মক বেমাৰ(অষ্ট মহাগদ) ৰ ভিতৰৰ এটা বুলি কোৱা হৈছে ইয়াৰ চিকিৎসা কৰা কষ্টসাধ্য বুলি কোৱা হৈছে।

মধুমেহ এটা বিপাক সম্পৰ্কীয় ৰোগৰ সমস্তি য’ত মানুহজনৰ শৰীৰত ইনচুলিন নামৰ হৰ্মনবিধ উৎপাদনত ব্যাঘাত জন্মাৰ বাবে বা ইনচুলিন হৰ্মনৰ কাৰ্য্যপ্ৰণালীত ব্যাঘাতৰ ফলত বা দুইটাৰে ফলত শৰীৰত শৰ্কৰা বা গ্লুক’জৰ পৰিমান বাঢ়ি যায়।ইনচুলিন হৰ্মন নিঃসৰিত হয় আমাৰ শৰীৰৰ  অগ্নাশয় (Pancreas) নামৰ এটা গ্ৰন্থি বা অংগৰ পৰা। অগ্নাশয় হ’ল আমাৰ পাচন তন্ত্ৰৰ এটা অংগ আৰু আমাৰ পাকস্থলীৰ পিচ ফালে অৱস্থিত হৈ থাকে। অগ্নাশয়ৰ কাম হ’ল – – – – –

১/ পাচক ৰস(এনজাইম) নিঃসৰন কৰি খাদ্য পাচনত সহায় কৰা।

২/ দুই ধৰনৰ হৰ্মন ইনচুলিন আৰু গ্লুকাগ’ন নিঃসৰন কৰি শৰীৰত শৰ্কৰা বা গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা।

অগ্নাশয়ৰ পৰা নিঃসৰিত হোৱা পাচক ৰস বা এনজাইমে আমাৰ খাদ্যৰ প্ৰ’টিন, চৰ্বী আৰু কাৰ্বহাইড্ৰেট হজম হোৱাত সহায় কৰে আৰু এই এনজাইম অগ্নাশয়ত থকা এচিনাৰ (Acinar) কোষবিলাকৰ পৰা উৎপত্তি হয় আৰু এই এনজাইম বিভিন্ন নলিকাৰে আহি অগ্নাশয় নলী (Pancreatic duct) পৰে আৰু অগ্নাশয় নলীৰে আহি এই এনজাইম ডুয়’ডেনামত পাকস্থলীৰ পৰা অহা খাদ্যৰ লগত মিহলি হয়।

অগ্নাশয়ৰ এটা সৰু অংশ (১-২ শতাংশ) অন্য কিছুমান কোষেৰে গঠিত যাক ” লেংগাৰহেন্চৰ দ্বীপপুঞ্জ ” (Islet of Langerhan’s) নাম দিয়া হয় কাৰণ এই কোষবিলাক সৰু সৰু ভাগত একো একোটা দ্বীপৰ নিচিনা গোটেই অগ্নাশয়টোত বিয়পি থাকে। এই লেংগাৰহেন্চৰ দ্বীপপুঞ্জত আলফা আৰু বিটা কোষ থাকে। আলফা কোষৰ পৰা গ্লুকাগ’ন নামৰ হৰ্মন নিঃসৰিত হয় আৰু বিটা কোষৰ পৰা ইনচুলিন হৰ্মন নিঃসৰিত হয়।

আমি কি খাইছো, আমাৰ শৰীৰৰ মাংসপেশী বিলাকে কিমান ব্যায়াম কৰিছে আৰু আমাৰ শৰীৰৰ কোষবিলাক কিমান সক্ৰিয় তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ আৰু এই আলফা আৰু বিটা কোষবিলাকৰ সংখ্যা কম বেছি হব পাৰে। এই দুইবিধ হৰ্মন গ্লুকাগ’ন আৰু ইনচুলিনে আমাৰ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত অৱস্থাত ৰাখে যাতে ই স্বাভাবিক  সীমাতকৈ বাঢ়ি নাযায়।

আমি কোনো খাদ্যবস্ত খোৱাৰ পিছত খাদ্যত থকা কাৰ্বহাইড্ৰেটখিনি গ্লুক’জলৈ পৰিবৰ্তিত হয় আৰু এই গ্লুক’জখিনি শৰীৰৰ তেজত মিহলি হৈ যায়। অগ্নাশয় তেজত গ্লুক’জৰ পৰিমান বাঢ়ি যোৱাটো চিনাক্ত কৰি ইনচুলিন নিঃসৰন কৰিবলৈ আৰম্ভ কৰে। এই ইনচুলিনে তেজৰ কোষবোৰৰ পৰা গ্লুক’জ শৰীৰৰ অন্য কোষবিলাকলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটো তীব্ৰতৰ কৰি তোলে অৰ্থাৎ পৰিবাহী তেজৰ পৰা গ্লুক’জ বাহিৰৰ কোষবিলাকলৈ উলিয়াই দিয়ে। এই গ্লুক’জৰ পৰাই আমি শৰীৰৰ বিভিন্ন কাম কাজ কৰাৰ বাবে শক্তি লাভ কৰো আৰু ব্যবহাৰ নোহোৱা গ্লুক’জখিনি যকৃত (Liver) আৰু মাংসপেশীত গ্লাইক’জেন হিচাপে জমা হৈ থাকে। যেতিয়াই শৰীৰত আমাৰ বিভিন্ন কৰ্মৰাজিৰ ফলত গ্লুক’জৰ ব্যৱহাৰ হৈ হৈ গ্লুক’জৰ পৰিমাণ কমিবলৈ ধৰে তেতিয়াই অগ্নাশয়ে ইনচুলিন নিঃসৰন বন্ধ কৰি দিয়ে।

মধুমেহ ৰোগীৰ ক্ষেত্ৰত অগ্নাশয়ৰ পৰা যথেষ্ট পৰিমানে ইনচুলিন নিঃসৰিত নহয় বা এই ইনচুলিনে ভালদৰে শৰীৰৰ কোষবিলাকত ক্ৰিয়া নকৰে বা এনেকুৱা বেমাৰীৰ কোষবিলাকে ইনচুলিনৰ প্ৰতি ভালদৰে প্ৰতিক্ৰিয়া নকৰে। তাৰ ফলত তেজৰ পৰা গ্লুক’জখিনি শৰীৰৰ কোষ নাপায়গৈ আৰু তেজত গ্লুক’জৰ পৰিমাণ বাঢ়ি যায় আৰু আমাৰ শৰীৰে এই তেজৰ বৰ্ধিত গ্লুক’জ খিনি বিভিন্ন ক্ষতিপূৰণক প্ৰক্ৰিয়া যেনে পেচাবৰ জড়িয়তে বাহিৰ কৰি দিবলৈ চেষ্টা কৰে। সেই কাৰনে মধুমেহ ৰোগীৰ ঘনে ঘনে পেচাব হয়।

আনহাতে অানবিধ হৰ্মন গ্লুকাগ’নে ইনচুলিনৰ থিক বিপৰীত দিশে কাম কৰে। যেতিয়াই আমাৰ শৰীৰত গ্লুক’জৰ পৰিমাণ কমি যায়, উদাহৰণ স্বৰূপে অত্যধিক ব্যায়াম কৰাৰ সময়ত যেতিয়াই শৰীৰৰ মাংসপেশী বিলাকে গ্লুক’জক ইন্ধন হিচাপে ব্যৱহাৰ কৰে আৰু শৰীৰত গ্লুক’জৰ পৰিমাণ নিৰ্দিষ্ট সীমানতকৈ কমি যায় অগ্নাশয়ে শৰীৰৰ গ্লুক’জৰ পৰিমাণ কমি যোৱাটো চিনাক্ত কৰে আৰু লগে লগে অগ্নাশয়ৰ পৰা ইনচুলিনৰ নিঃসৰন বন্ধ হৈ যায় আৰু গ্লুকাগ’নৰ নিঃসৰন আৰম্ভ হয়। গ্লুকাগ’নে যকৃতত জমা হৈ থকা গ্লাইক’জেনক গ্লুক’জলৈ ৰূপান্তৰিত কৰি তেজৰ সোঁতলৈ উলিয়াই দিয়ে। যেতিয়াই তেজত গ্লুক’জৰ পৰিমাণ এটা নিৰ্দিষ্ট সীমালৈ আহে তেতিয়াই অগ্নাশয়ৰ পৰা গ্লুকাগ’নৰ নিঃসৰন বন্ধ হৈ যায়।

ডায়েবেটিজ দুই ধৰণৰ হয়। প্ৰকাৰ ১ (Type1) বা ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিজ মেলাইটাচ্ (IDDM) আৰু প্ৰকাৰ ২ (Type2) বা ইনচুলিন নিৰ্ভৰশীল নোহোৱা ডায়েবেটিজ মেলাইটাচ্ (NIDDM) ।ডায়েবেটিজৰ প্ৰকাৰ ১ ত শৰীৰত সম্পূৰ্ণৰূপে বা প্ৰায় সম্পূৰ্ণৰূপে ইনচুলিনৰ অভাৱ পোৱা যায়। আনহাতে প্ৰকাৰ ২ ডায়েবেটিজত বিভিন্ন ধৰণৰ ইনচুলিনৰ প্ৰতিৰোধিতা বা ইনচুলিনৰ ক্ষৰণত ব্যাঘাত  আৰু শৰীৰত অধিক হাৰত গ্লুকোজৰ উৎপাদন হয়। ডায়েবেটিজৰ প্ৰকাৰ ১ ৰ বাবে ইনচুলিনেই একমাত্ৰ চিকিৎসা আৰু প্ৰকাৰ ২ আৰামপ্ৰিয় জীৱনশৈলীৰ বাবে হোৱা মেদবহুলতাৰ ফলত খুব সোনকালে বাঢ়ি যায়। প্ৰকাৰ ২ ৰ বাবে বজাৰত বিভিন্ন ধৰণৰ ঔষধ পোৱা যায় যদিও এইবিধ ডায়েবেটিজ পুৰণি হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰৰ অন্তত পিছলৈ এটা সময়ত ইনচুলিন ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতি হয় আৰু তেনে ৰোগী ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিজলৈ পৰিবৰ্তিত হয়। তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আয়ুৰ্বেদত সময়সাপেক্ষীয় চিকিৎসা ব্যৱস্থা আছে।

#আয়ুৰ্বেদ মতে প্ৰমেহৰ কাৰণ :-

”आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि|

नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्||”

आस्यासुखं মানে- নিজৰ ইচ্ছা অনুসৰি পাৰ্য্যমানে খাদ্য সেৱন কৰা।

स्वप्नसूखं মানে- আৰামপ্ৰিয় জীৱনশৈলী আৰু অধিক হাৰত শুৱাৰ অভ্যাস।

दधीनि মানে- অধিক হাৰত দৈ সেৱন কৰা।

ग्राम्यौदकानूपरसाः মানে- ঘৰচীয়া আৰু জলজ জীৱজন্তু আৰু সেমেকা ঠাইত বাসকৰা জীৱজন্তুৰ সুপ অত্যধিক পৰিমানে সেৱন।

पयांसि মানে- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য অধিক সেৱন।

नवान्नपानं মানে-নতুনকৈ উৎপাদিত চাউল, দাইল আদি অধিক সেৱন।

गुडवैकृतं মানে- গুড় আৰু গুড়েৰে বনোৱা বস্ত অধিক সেৱন।                                            कफकृच्च सर्वम् মানে – সকলো ধৰনৰ কফবৰ্দ্ধক খাদ্যৰ অধিক সেৱন।

# ডায়েবেটিজৰ পূৰ্বৰূপ বা প্ৰাক লক্ষণ –

*চুলিবিলাকত জঁট বান্ধিবলৈ আৰম্ভ হয়।

*মুখত মিঠা সোৱাদ পোৱা।

*হাত, ভৰি অৱশ হৈ যোৱা বা জিনজিননি হোৱা।

*মুখ, তালু আৰু ডিঙি শুকাই যোৱা।

*অত্যধিক পিয়াঁহ লগা আৰু আলস্যভাৱ।

*শৰীৰৰ পৰা অত্যধিক মলমূত্ৰ ওলোৱা।

*শৰীৰৰ ৰন্ধ্ৰ যেনে কান, নাক, চকু ইত্যাদি ত অধিক মল জমা হোৱা।

*শৰীৰৰ বিভিন্ন অংগবোৰত অৱশতা আৰু জলা পোৰা অনুভৱ হোৱা।

*মানুহজনৰ পেচাব বা শৰীৰলৈ পোক পৰুৱাৰ আকৰ্ষণ।

*পেচাবত অস্বাভাৱিকতা দেখা পোৱা।

*পেচাবৰ পৰা কেঁচা মাংসৰ নিচিনা গোন্ধ ওলোৱা।

*অত্যধিক টোপনি আৰু অনবৰতে তন্দ্ৰাভাব হোৱা।

*শৰীৰৰ পৰা খুব ঘাম ওলোৱা আৰু বেয়া গোন্ধ ওলোৱা।

#লক্ষণ- ডায়েবেটিজৰ সাধাৰণ লক্ষণ সমূহ হ’ল

*বেছিকৈ পেচাব হোৱা।

*বেছিকৈ ভোক লগা।

*বেছিকৈ পিঁয়াহ লগা নহ’লে ডিঙি শুকাই যোৱা।

*অস্বাভাৱিক ভাৱে ওজন হ্ৰাস হোৱা।

*সকলো সময়তে ভাগৰ ভাগৰ লগা।

*বমিৰ ভাব বা বমি হোৱা।

*চকুৰে জলক তবক দেখা।

*মহিলাৰ ক্ষেত্ৰত সঘনে যোনীৰে সংক্ৰমণ।

*মতা বা মাইকী মানুহ উভয়ৰে ক্ষেত্ৰত ইষ্টৰ (yeast) সংক্ৰমণ।

*মুখ আৰু তালু শুকাই যোৱা।

*দেহৰ যিকোনো অংশত হোৱা ঘাঁ সোনকালে নুশুকোৱা।

*ছালৰ বিভিন্ন ঠাইত খজুৱতি হব পাৰে বিশেষকৈ কৰঙন আৰু যৌনাংগত।

#ৰোগ নিৰ্ণয় (Diagnosis) :- বিশ্ব স্বাস্থ্য সংস্থাই তলত দিয়া ধৰণে তেজৰ গ্লুক’জৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰিছে।

 গ্লুক’জ     স্বাভাৱিক     ডায়েবেটিজৰ আদি অৱস্থা

যিকোনো – ২০০মি.গ্ৰা/ডে.লি.

সময়ত(Random)

খালী পেটত            ১০৮মিগ্ৰা/ডেলি১০৮-১২৬মি.গ্ৰা/ডেলি

(Fasting)

ভোজনৰ দুই ঘণ্টা    ১৪০মিগ্ৰা/ডেলি১৪০-১৯৯মিগ্ৰা/ডেলি পিছত (Post pandrial)

# লেবৰেটৰীত কৰিব লগীয়া পৰীক্ষা :-                                 ১/তেজৰ প্লাজমাৰ শৰ্কৰা পৰীক্ষা————

*যিকোনো সময়তে কৰা শৰ্কৰা পৰীক্ষা (Random blood sugar test)

*খালি পেটত কৰা শৰ্কৰা পৰীক্ষা (fasting blood sugar)   *ভোজনৰ দুই ঘণ্টা পিছত কৰা শৰ্কৰা পৰীক্ষা (post pandrial blood sugar test)

২/অ’ৰেল গ্লুক’জ টোলাৰেন্চ্ টেষ্ট (oral glucose tolerance test)

৩/গ্লাইক’চাইলেটেড হিম’গ্লবিন ইস্টিমেচন্ (glycocylated haemoglobin estimation)

৪/চি-পেপ্টাইড্ টেষ্ট(c-peptide test)

৫/লিপিড্ প্ৰফাইল পৰীক্ষা (lipid profile test)

৬/ই চি জি ইত্যাদি।

৭/ পেচাব পৰীক্ষা – পেচাবৰ শৰ্কৰা, কিটন, এলবুমিন ইত্যাদি পৰীক্ষা।

# ডায়েবেটিজৰ পৰা হব পৰা জটিলতা :-

শীঘ্ৰে হব পৰা জটিলতা –

*ডায়েবেটিক কিটোএচিডচিছ্    *হাইপোগ্লাইচেমিয়া

*ডায়েবেটিক কোমা                               *শ্বাসতন্ত্ৰৰ সংক্ৰমণ

জীৰ্ণ জটিলতা –

*শাৰীৰিক বিকলাংগতা

*চকুৰ ৰেটিনোপেথি বা ৰেটিনা ক্ষয় হোৱা।

*মেক্ৰোএন্জিয়োপেথি

*নিউৰোপেথি বা স্নায়ুৰোগ

*নেফ্ৰোপেথি বা কিডনিৰ সমস্যা। ইত্যাদি।

#চিকিৎসা সূত্ৰ:-

*নিদান পৰিবৰ্জন – আয়ুৰ্বেদত যিকোনো বেমাৰৰ বাবে সৰ্বপ্ৰথম বেমাৰৰ কাৰনটোৰ পৰা আতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয় তাকে নিদান পৰিবৰ্জন বুলি কোৱা হয়। ডায়েবেটিজো ইয়াৰ ব্যতিক্ৰম নহয় গতিকে ডায়েবেটিজ ৰোগীক ওপৰত উল্লেখ কৰি অহা ৰোগৰ কাৰণ সমূহৰ পৰা আতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়।

*প্ৰমেহ বেমাৰটোক আয়ুৰ্বেদত দুই ভাগত বিভক্ত কৰা হৈছে। ১/স্থূল প্ৰমেহী – যিবিলাক শকত আৰু শক্তিশালী হয়। তেনেকুৱা বেমাৰীক শোধন বা শুদ্ধিকৰণ চিকিৎসা প্ৰদান কৰা হয়।

২/কৃষ প্ৰমেহী – যিবিলাক ক্ষীণকায়ী আৰু দুৰ্বল। তেনেকুৱা বেমাৰীক বৃহন বা পুষ্টিকৰ উপচাৰ আগবঢ়োৱা হয়।

যদি কোনো প্ৰমেহ বেমাৰী ওপৰোক্ত চিকিৎসাৰ বাবে উপযুক্ত নহয় তেতিয়া শমন চিকিৎসা আগবঢ়োৱা হয় য’ত বিভিন্ন ঔষধৰ সহায়ত চিকিৎসা কৰা হয়।

#ঔষধ:-

একক ঔষধি – হৰিদ্ৰা, আমলখি, নিম, গুড়ুচি, বিজয়সাৰ, গুৰমাৰ, জাম, তুলসী, কেৰেলা, চিৰয়টা, মেথি, কুমাৰী, বেল, তেজপাত, ঔটেঙা,ভেন্দি ইত্যাদি।

ইয়াৰ উপৰিও বহুতো যৌগিক ঔষধি বেমাৰী অনুসৰি খাবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। এই ঔষধ বিলাকৰ উপৰিও কিছুমান ব্যায়াম, জীৱনশৈলীৰ পৰিবৰ্তন, যোগাসন ইত্যাদিৰ পৰামৰ্শ ৰোগীৰ দৈহিক শক্তি অনুসৰি আগবঢ়োৱা হয়। যেনে *নিয়মিত খোজ কঢ়া আৰু ব্যায়াম, চাইকেল চলোৱা আৰু / সাতোৰা।

*খাদ্য নিয়ন্ত্ৰণ (দৈনিক ১৮০০-২০০০ কেলৰি)

*মানসিক চাপ আৰু বিষাদ পৰিত্যাগ কৰা। ইত্যাদি।

#যোগাসন:-এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত নিজৰ দেহৰ শক্তি অনুসৰি তলত দিয়া যোগাসন সমূহ কৰা উচিত, যেনে-অধোমুখাসন, উত্তনাসন, ত্ৰিকোনাসন, ভূজংগাসন, সলভাসন, ধনুৰাসন, সৰ্বাঙ্গাসন, হলাসন, মৎস্যাসন, পশ্চিমোত্তাসন, বালাসন, পবনমুক্তাসন ইত্যাদি, কপালভাটি, বাহ্য প্ৰানায়াম ইত্যাদি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ডায়েবেটিজ
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 13, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d