আধুনিক শিক্ষা ব্যৱস্থাই যি আমাক নিশিকায়
গৌতম শৰ্মা
(১)
‘শিষ্টাচাৰ’ – ই হৈছে মানুহৰ জীৱনৰ শ্ৰেষ্ঠ অলংকাৰ; ব্যক্তি আৰু সমাজৰ বাবে যাৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য।
সাধাৰণ অৰ্থত সজ কথা, সজ মাত, সজ আচৰণ, সজ ব্যৱহাৰেই শিষ্টাচাৰ।
শিষ্টাচাৰ আহৰণে ব্যক্তিৰ প্ৰতি ব্যক্তিৰ মৰম, শ্ৰদ্ধা, ভক্তি, আদৰ বৃদ্ধি কৰি ব্যক্তিক দেৱতুল্যৰূপত প্ৰতিষ্ঠা কৰে। মানুহ সামাজিক প্ৰাণী, সামাজিক প্ৰাণী হিচাপে সমাজত মিলিজুলি থাকিবলৈ, সামাজিক, সাংস্কৃতিক, সাংগঠনিক, উন্নয়নমূলক আদি সকলোবোৰ দিশতে আনৰ বিশ্বাসভাজন আৰু সহায়-সহযোগিতা পাবলৈ শিষ্টাচাৰৰ আহৰণ খুবেই প্ৰয়োজন।
প্ৰতিটো সন্তানে শিষ্টাচাৰ আহৰণৰ প্ৰথম তথা মূল উৎস হৈছে তেওঁলোকৰ পিতৃ-মাতৃসকল তথা ঘৰখন। জ্যেষ্ঠসকলৰ সু-আদর্শই কনিষ্ঠজনক শিষ্টাচাৰ শিকায় লগতে মহৎ লোকসকলৰ কৰ্মৰাজি আৰু জীৱনী অধ্যয়নেও এইক্ষেত্ৰত প্ৰধান মহৌষধ হিচাপে কাম কৰে। ‘সত্যং ব্ৰুয়াৎ, প্ৰিয়ং ব্ৰুয়াং, ন ব্ৰুয়াৎ সত্য মপিয়ম’ – সৰুৰ পৰা ডাঙৰৰলৈকে প্ৰতিজন লোকৰে পৰা সজ কথা, সজ মাত, সজ আচৰণ-ব্যৱহাৰ আমাৰ সকলোৰে কাম্য ৷
(২)
‘নিয়মানুৱৰ্তিতা’ – বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ বুকুত উপলদ্ধ প্ৰতিটো বস্তুৱেই কিছুমান নিয়মৰ বশৱৰ্তী হৈ চলে। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো গ্ৰহ-নক্ষত্ৰৰ পৰা ক্ষুদ্রাতিক্ষুদ্ৰ প্ৰতিটো জীৱই সদায় নিয়মানুৱৰ্তিতা মানি চলে।
কিন্তু একমাত্ৰ বিবেকৱান, সুসভ্য, জ্ঞানী হিচাপে পৰিচিত মানুহেহে ইয়াক মানি চলাত সততে অপাৰগতা প্ৰদৰ্শন কৰি আহিছে। প্ৰতিটো দিনৰ প্ৰতিটো পলতেই নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিব পৰাটো মানৱ জীৱনৰ শ্ৰেষ্ঠ ভূষণ। য’ত নিয়ম নাথাকে তাত সদায় অকৃতকাৰ্যতা, বিশৃংখলতা, নৈৰাজ্যতাইহে শাসন কৰে।
নিয়ম নমনাৰ বাবেই মানুহে জীৱনত কেতিয়াবা বহু ভয়ংকৰ বিপর্যয়ৰ মুখামুখি হ’ব লগা হয়; যাৰ উদাহৰণ আমি চকুৰ আগতেই সদায় অলেখ দেখি আহিছোঁ। নিয়মানুৱৰ্তিতাই ব্যক্তিক কৰ্তব্যপৰায়ণ কৰি তোলে। শিশু অৱস্থাৰ পৰাই উপযুক্ত সংস্কাৰৰ মাজেদি এজন ব্যক্তিয়ে ইয়াক আহৰণ কৰিব পাৰিলে প্ৰত্যেকৰে জীৱনটো শৃংখলাবদ্ধ, পৰিপাটী, সুন্দৰ আৰু সমৃদ্ধিশালী হৈ পৰিব।
(৩)
‘সময়ানুৱৰ্তিতা’ – সময় মানৱ জীৱনৰ অমূল্য ধন; কিয়নো সময়ৰ সমষ্টিয়েই হ’ল জীৱন। সকলো বস্তুকে আমি ধন, টকা-পইচাই কিনিব পাৰিলেও সময়ক আমি ক্ৰয় বা ধৰি ৰাখিব নোৱাৰোঁ। সময়ক ধৰি ৰখোৱাৰ একমাত্ৰ আহিলা হ’ল কৰ্ম।
সময়ৰ কাম সময়ত সমাপন কৰা বা নকৰাটোতেই মানৱ জীৱনৰ সফলতা-বিফলতাসমূহ অন্তৰ্নিহিত হৈ থাকে।
“Strike, while the iron is red” – এই ধ্ৰুৱ সত্যটোক অস্বীকাৰ কৰাৰ সাহস-সামৰ্থ কাৰোৱেই নাই। জীৱনৰ প্ৰতিটো কাম কৰাৰ বাবে নিৰ্দিষ্ট একো একোটা সময় আহে, সেই সময় অনুসৰি তাক আমি সুচাৰুভাৱে সম্পাদন কৰি সময়ৰ মূল্যক নিৰূপণ কৰিব পাৰোঁ।
যি সময়ত, যি কাম কৰা হয় সেয়াই তাৰ মূল্য। বতৰ চাই কঠিয়া নাপাৰিলে, চোৰ যোৱাৰ পাছত বুদ্ধি পাঙিলে নতুবা বৰষুণ যোৱাৰ পাছত জাপি ল’লে একো কামত নাহে।
জীৱন হৈছে বিশাল এক কৰ্মক্ষেত্ৰ; কিন্তু জীয়াই থকাৰ সময় যে বহু তাকৰ। সেয়েহে কৰ্ম সম্পাদনৰ বাবে জীৱনৰ প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তকে আমি এনেধৰণেৰে ভাগ ভাগ কৰি লওঁ আহক যাতে যাবৰ সময়ত একো খেদ অবিহনে হাঁহি হাঁহি আমি সকলোৰে পৰা বিদায় লৈ যাব পাৰোঁ।
(৪)
‘স্বদেশপ্রেম’ – মাতৃভাষা, স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা অকৃত্ৰিম মৰম-স্নেহ, শ্ৰদ্ধা আৰু দায়বদ্ধতাৰ বুকুতেই এজন প্ৰকৃত দেশপ্ৰেমিকৰ প্ৰকৃত পৰিচয় লুকাই থাকে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈছিল, “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল-মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।” যি দেশৰ সেউজ কোলাত জন্ম লৈ, যাৰ হাৱা-পানী সেৱন কৰি মই জীপাল হৈ জীৱনৰ বাটত বাট বুলিবলৈ আজি সক্ষম হৈছোঁ সেইখনেই হৈছে মোৰ অতিকৈ আদৰৰ, হেঁপাহৰ মোৰ দেশ।
যি জাতিৰ সভ্যতা, কলা-সংস্কৃতি, ঐতিহ্য তথা নিজস্বতাখিনিক লৈ মই আজি অন্তৰৰ সুকুমাৰ ভাব তথা আবেগ-অনুভূতিবোৰে জীৱনটো আলোকময় কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ সেয়াই হৈছে মোৰ স্বজাতি। দেশ আৰু স্বজাতিৰ উন্নতি আৰু কল্যাণ সধাটো মোৰ কৰ্ম আৰু ধৰ্ম।
মোৰ এই কৰ্ম আৰু ধৰ্ম পালনৰ সাধনাৰ থলীলৈ প্ৰৱেশৰ সিংহ দুৱাৰখন হৈছে মোৰ আইৰ মুখৰ ভাষা অৰ্থাৎ ’মাতৃভাষা’। এতেকে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ বাবে মোৰ আইৰ মুখৰ ভাষাক মই জীয়াই ৰাখিবই লাগিব। মাতৃভাষাহীন মানেই হৈছে স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ প্ৰৱেশৰ পথটোও দুৱাৰহীন।
এজোপা গছৰ শিপাৰ যেনেদৰে মাটিৰ সৈতে নিৰৱচ্ছিন্ন এক সম্পৰ্ক আছে ঠিক তেনেদৰে মোৰ আইৰ ভৰি তলৰ মাটি, মূৰৰ ওপৰৰ আকাশ আৰু আইৰ মুখৰ মাতষাৰৰ লগতো মোৰ আছে এক আজন্ম সম্পৰ্ক, আৰু এয়া মোৰ জন্মগত প্ৰাপ্য।
‘দেশ বুলিহে নালাগে আদেশ’ – আইৰ বিপদৰ সময়ত আইৰ বুকুলৈ অহা প্ৰতিটো প্ৰত্যাহ্বানকে ৰুধিব পৰাকৈ প্ৰতিটো ক্ষণতে সদাজাগ্ৰত প্ৰহৰীৰৰূপত নিজকে সাজু কৰি ৰখোৱাটো প্ৰতিজনৰে জীৱনৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন : ৯৯৫৪০০০২০০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)