• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality Spirituality

আধ্যাত্মিক সাধনাত ঈশ্বৰ-অনুস্মৰণ আৰু নাম-জপ

by Editor
April 2, 2024
in Spirituality, Spirituality
Reading Time: 4 mins read
0
আধ্যাত্মিক সাধনাত ঈশ্বৰ-অনুস্মৰণ আৰু নাম-জপ
Share on FacebookShare on TwitterShare on LinkedIn

আধ্যাত্মিক সাধনাত ঈশ্বৰ-অনুস্মৰণ আৰু নাম-জপ

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

আধুনিক মানৱ সভ্যতা হ’ল যুক্তিবাদী চিন্তাৰ ফচল, আৰু আজিৰ পৃথিৱীত ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে সন্দিহান বা ঈশ্বৰ অস্তিত্বহীন বুলি ভবা মানুহৰ সংখ্যা কম নহয়।

পশ্চিমত ন্যু-এথেয়িষ্ট (নব্য-নাস্তিক) সকলেতো তেওঁলোকৰ নাস্তিক দর্শনৰ আজি বেছ সক্রিয়ভাৱে প্রচাৰ কৰে—ঠিক ধর্ম যাজকে ধর্ম প্রচাৰ কৰাৰ দৰে! গতিকে এই লেখাৰ আৰম্ভণিতে এটা “ডিছক্লেইমাৰ” দি লব খুজিছোঁ (যদিও সাধাৰণতে লেখাৰ অন্ততহে “ডিছক্লেইমাৰ” থাকে)—যে ঈশ্বৰ-বিশ্বাসত বিশ্বাসী সকলৰ বাবেহে এই লেখা।

অৱশ্যে লগতে ক’ব পাৰি যে শিৰুনামটোৰ পোনপটীয়া অর্থৰ পৰা নাস্তিকসকলে বুজিব পাৰিবই যে এই লেখাত তেওঁলোকৰ বাবে বিশেষ একো লাভজনক আলোচনা নাই।

অৱশ্যে ঈশ্বৰ-বিশ্বাসীজনেও মানিবলৈ বাধ্য যে আজি ঈশ্বৰ-বিশ্বাস জীয়াই ৰখা সহজ নহয়।

spiritual

নিজকে জীৱশ্রেষ্ঠ বুলি দাবী কৰা এটা প্রাণীৰ অত্যাচাৰত পৃথিৱীৰ জীৱন-অনুকুল পৰিবেশ আৰু অনেক জীৱকুল ধ্বংস হৈ অহা দেখি, চাৰিওফালে অন্যায় আৰু ক্রুৰতাৰ জয়জয় ময়ময় অৱস্থা দেখি, ধর্মগুৰুৰ নাম লোৱা একোজন কোটিপতি ব্যৱসায়ীৰ আৰু একোজন “মহান” নেতাৰ কর্ম-কাণ্ড দেখি, বাবাজী জাতীয় কিছুমানৰ আৰু ধর্ম-সংঘ কিছুমানৰ মিথ্যাচাৰ, ব্যভিচাৰ দেখি, বৰ বৰ মানুহৰ ভেম, চতুৰালি, কপটালি দেখি বহুতৰে এনে লাগিব পাৰে যে ঈশ্বৰৰ অস্তিত্বয়েই নাই; যে অনন্ত ব্রহ্মাণ্ডৰ ক্ষুদ্র এটা গ্রহত বিভিন্ন কাৰণত নিজে নিজে জীৱৰ, জীৱনৰ, মানৱ সভ্যতাৰ সৃষ্টি হ’ল, আৰু ভৱিষ্যতে এদিন এই সংসাৰ-নাটকৰ যৱনিকাও পৰিব। 

এনে ভাব হ’ব পাৰে যে এই সংসাৰ এখন “এবছার্ড” নাটক; ইয়াত ঈশ্বৰক (সৃষ্টি-পালন-সংহাৰ কর্ত্তা) বিচাৰি লাভ নাই। যাৰ এনে ভাব, তেওঁ ঈশ্বৰ-স্মৰণ, নাম-জপ কৰাৰ প্রশ্ন নুঠে, আৰু তেওঁ এই লেখাত বিশেষ একো প্রয়োজনীয় কথা নাপাব।

এতিয়া ঈশ্বৰ-অনুস্মৰণৰ কথা।

গীতাৰ অষ্টম অধ্যায়ৰ সপ্তম শ্লোকত ভগৱান কৃষ্ণই অর্জুনক কৈছে যে:

“তস্মাত্সর্ৱেষু কালেষু মামনুস্মৰ য়ুধ্য চ।

ময়্য়র্পিতমনোবুদ্ধির্মামেৱৈষ্যস্যসংশয়ম।।

অর্থাৎ “সেইবাবে নিৰন্তৰ মোক স্মৰণ কৰা (আৰু) যুদ্ধও কৰা। কোনো সন্দেহ নাই যে মোত সমর্পিত মন বুদ্ধিৰে মোকেই পাবা”। (গীতা ৮: ৭)

“মামনুস্মৰ, যুধ্য চ” (৮.৭) অর্থাৎ মোক অনুস্মৰণ কৰা, (আৰু) যুদ্ধ ও কৰা। ঈশ্বৰক অনুস্মৰণ কৰা মানে তেওঁক অনবৰতে মনত ৰখা : প্রবাহিত তৈলধাৰাৰ দৰে একেৰাহে, বিৰতিহীন ভাৱে ঈশ্বৰক স্মৰণ কৰা। মন কৰিবলগীয়া কথা হ’ল যে ঈশ্বৰ-স্মৰণ আৰু সংসাৰৰ কর্ম দুয়োটা একেলগে কৰাৰ কথা কৈছে কৃষ্ণই। ঈশ্বৰ-স্মৰণ, ভজন, ধ্যান কৰি সংসাৰৰ কর্ত্তব্য কর্মৰ ফালে পিঠি দিয়াৰ কথা কোৱা নাই।

এনেয়ো গীতাৰ কর্মযোগৰ উপদেশত কর্ত্তব্য কর্মক সাধনা হিচাপে সুচাৰু ৰূপে কৰাৰ কথাহে কোৱা হৈছে। এই শ্লোকটোত কৃষ্ণই অনুস্মৰণ আৰু যুদ্ধ কৰা, এই দুটা কামৰ কথা কওঁতে প্রাথমিক বা মূল গুৰুত্ব দিছে অনুস্মৰণক : “যুদ্ধ ও কৰা”ত যুদ্ধৰ গুৰুত্ব পিছত, প্রথম গুৰুত্ব অনুস্মৰণতহে। ক্ষত্রিয় বীৰ হিচাপে যিহেতু অর্জুনৰ কর্ত্তব্য কর্ম হ’ল যুদ্ধ কৰা, সেয়ে যুদ্ধ কৰাৰ কথা হোৱা হৈছে; বিভিন্ন জনৰ বিভিন্ন সময়-পৰিস্থিতিত বেলেগ বেলেগ কর্ত্তব্য-কর্ম হ’ব।

 যুদ্ধক্ষেত্র হেন ঠাইতে যদি অনুস্মৰণ কৰি থাকিহে কর্ত্তব্য কর্ম কৰিবলৈ কোৱা হৈছে, তেন্তে ধৰি ল’ব পাৰি যে কৃষ্ণই সকলো পৰিস্থিতিতে যিকোনো কর্ত্তব্য-কর্ম সম্পাদন কৰোঁতে অনুস্মৰণ নেৰিবলৈ কৈছে। তথাপি মানুহৰ মনত সন্দেহ হ’ব পাৰে যে ঈশ্বৰ-স্মৰণত মনটো যদি লগাই থকা যায়, কাম কাজবোৰ ভালদৰে কৰিব পৰা যাব জানো? এই শংকাৰ উত্তৰ হিচাপে শ্রীৰামকৃষ্ণ পৰমহংসই দিয়া এটা উদাহৰণৰ কথা ক’ব পাৰি।

সততে বংগৰ গাঁৱলীয়া জীৱনৰ পৰা উদাহৰণ, উপমা দি ভাল পোৱা ৰামকৃষ্ণই কৈছে যে মুড়ি ভাজি বিক্রি কৰা মানুহজনীয়ে কোলাত এটা কেচুৱা নিচুকাই থকা অৱস্থাতে মুড়ি ভাজি থাকে, আৰু কোনো গ্রাহক আহিলে তেওঁৰ সৈতে দৰ-দামৰ কথাও পাতে। সেই মানুহগৰাকীয়ে যিদৰে দুটা বা তিনিটা কামত মনটো লগাব পাৰে, সেইদৰে ভক্তই নিজৰ ইষ্টৰ অনুস্মৰণ কৰি থাকিয়েই অন্য কামো কৰিব পাৰে।

Ramkrishna
শ্রীৰামকৃষ্ণ পৰমহংস

অনেক সাধকে অনুস্মৰণ আৰু মানসিক জপ একেলগে কৰে : অনুস্মৰণ আৰু জপ মিলি একপ্রকাৰৰ ধ্যানাৱস্থা হয়, আৰু সেই অৱস্থাতে থাকি সংসাৰৰ কর্ত্তব্য কর্মত মন দিব পাৰি—ৰামকৃষ্ণৰ উপমাৰ মুড়ি বেচা মানুহজনীৰ দৰে। জপ মুখেৰে ফুটাই কৰিব পাৰি, অস্ফুট ভাৱে কৰিব পাৰি, সম্পূর্ণ নিশব্দে, কেৱল মনতে কৰিব পাৰি। মানসিক জপ আৰু অনুস্মৰণ মিলি এক শক্তিশালী সাধনা হয়।

বেছি ডাঙৰ আধ্যাত্মিক লাভৰ কথা ন’কলেও নিশ্চিতকৈ ক’ব পাৰি যে এনে সাধনাৰ দ্বাৰা মনটো নিয়ন্ত্রিত হয়, আৰু সকলোৱে জানে যে নিয়ন্ত্রিত মনেই শক্তিশালী মন। অনুস্মৰণ-জপ কৰি থাকিয়েই কর্ত্তব্য কর্মত মন দিয়াৰ অভ্যাস কৰা জনে সাধনাৰ বাবে আছুতীয়াকৈ সময় উলিয়াব নালাগে, কিন্তু কিছুমান সাধকে এনেদৰে অনুস্মৰণ-জপ আৰু কর্ত্তব্য কর্ম কৰাৰ উপৰি পৃথককৈও জপ-অনুস্মৰণৰ বাবে সময় উলিয়াই।

দক্ষিণ ভাৰতৰ মন্দিৰৰ হাতীক কেতিয়াবা দুকাষে দোকান থকা ঠেক বাটেৰে অনা নিয়া কৰিব লাগে। তেনে কৰোঁতে হাতীয়ে নিচেই কাষৰ দোকানৰ কল, অন্য ফল আদি শুৰেৰে লৈ লোৱাৰ সম্ভাৱনা থাকে। সেই সম্ভাৱনা নোহোৱা কৰিবলৈ মাউতে হাতীটোক শুৰেৰে এডাল সৰু লাঠি, ৰছি বা শিকলি কঢ়িয়াবলৈ দিয়ে। হাতীটোৱে সেই বস্তুটো শুৰেৰে ধৰি নি থকা কামটো কৰিব লগীয়া হোৱা বাবে কাষৰ দোকানৰ বস্তু চুব নোৱৰা হৈ পৰে।

ঠিক সেইদৰে ঈশ্বৰ-অনুস্মৰণ কৰি ভগৱৎ নাম এটা বা মন্ত্র এটা জপ কৰি থকা মনটো সেই জপত আৰু অনুস্মৰণতে নিমগ্ন হৈ পৰে। মনৰ সাধাৰণ স্বভাৱ হৈছে এটা চিন্তা বা ভাৱ এৰি অন্য এটা ধৰা, আৰু লগে লগে পুনৰ সেইটো এৰি নতুন এটা ধৰা….বান্দৰে এটা ডালৰ পৰা অন্য এটালৈ জপিওৱাৰ দৰে। মনৰ এই চঞ্চলতাৰ নিবাৰণ কৰে জপ, অনুস্মৰণে। মনটোক জপ-অনুস্মৰণত লগাব পৰা মানে মাত্র এটা চিন্তা বা ভাৱতে তাক আবদ্ধ কৰি ৰখা। জপ, অনুস্মৰণৰ দ্বাৰা চঞ্চলতা ত্যাগ কৰি মন স্থিৰ হয় আৰু শক্তিশালী হয়।

কিছুমানে মালা আদি লৈ জপ কৰি থাকে, কিন্তু এটা সময়ত জপ হৈ পৰে যান্ত্রিক। জপ কৰাৰ মাজতে চিঞৰিব পাৰে, “ভাত হ’লনে?” বা “হেৰৌ, গৰু সোমালে, খেদা!” তেনে জপ কৰাতকৈ নকৰাই ভাল। বা মুখেৰে কোনো শব্দ উচ্চাৰণ নকৰিলেও জপ কৰি থকা সময়তো মনটো এটা চিন্তাৰ পৰা আন্য এটা চিন্তালৈ জপিয়াই থাকিব পাৰে। কবীৰে তেওঁৰ এটা দোহাত যান্ত্রিক ভাবে মালা জপা “ভক্ত”ৰ নিন্দা কৰিছে।

সাধাৰণ ভাৱে অসমীয়ালৈ অনুবাদ কৰিলে দোহাটো এনেকুৱা হ’ব :

মালা ঘূৰিছে হাতত, জিভা ঘূৰিছে মুখত

মন আকৌ ঘূৰিছে চৌদিশত; এয়াতো স্মৰণ নহয়।

spiritual1

জপ আৰু অনুস্মৰণ একেলগে কৰিলে মন একাগ্র হোৱাটো নিশ্চিত। অনুস্মৰণত নিজৰ ইষ্টৰ গুণ-ৰূপৰ ধ্যান হয়। সেই ধ্যানৰ পৰা মনটো আঁতৰিলেই তাক ধৰি আনি পুনৰ ধ্যানত লগাব লাগে। প্রথম অৱস্থাত মনটোৰ গতি দেখি আচৰিত হ’ব লগীয়া হয়। কিন্তু লাহে লাহে সি বশ হয় আৰু ধ্যানত লাগিবলৈ ধৰে। নেৰানেপেৰাকৈ লাগি থাকিলে ধ্যানত এক বিমল আনন্দ পোৱা যায়—ধ্যানানন্দ—আৰু তেতিয়া মনে জপ, অনুস্মৰণ এৰিব নিবিচৰা হৈ পৰে।

মনক আচলতে এটা নিচা লাগে। নিচা কেৱল মদ-ভাঙতে নাই; সংসাৰত নিচাৰ অভাৱ নাই। মনে এটা নিচা বিচাৰে। আৰু সাধাৰণতে তাক নিচাসক্ত হোৱাৰ পৰা বচাব নোৱাৰি : মাত্র হানিকাৰক বা অর্থহীন নিচা এৰুৱাই ভাল নিচাত লগাব পাৰি। (অৱশ্যে ‘ভাল’, ‘বেয়া’, ‘হানি’, ‘লাভ’ আদিৰ অর্থ আপেক্ষিক)।

হিন্দী সন্ত-কবি তুলসীদাসে তেওঁৰ ৰামচৰিতমানসত হনুমানৰ চৰিত্রাঙ্কন যিদৰে কৰিছে সেয়া সঁচাই অতুলনীয়। তেওঁ হনুমানক সকলো সৎ গুণৰ আকৰ, পৰম ভক্ত, পৰম জ্ঞানী, পৰম বীৰ হিচাপে দেখুৱাইছে। হনুমানৰ চৰিত্রত ভক্তিৰ শ্রেষ্ঠ নিদর্শন দেখা যায়। হৃদয়ত অনবৰতে ৰাম-স্মৰণ কৰা হনুমানে বিভিন্ন কাম সমাধা কৰোঁতে কেনেকৈ স্মৰণ, ঈশ্বৰ-প্রণিধান এৰি নিদিয়ে সেয়া ৰামচৰিতমানসৰ সুন্দৰকাণ্ডত তুলসীদাসে বাৰে বাৰে দেখুৱাইছে।

উদাহৰণ স্বৰূপে সাগৰৰ সিপাৰলৈ জাপ দিবলৈ উদ্যত হনুমানে লগৰ বান্দৰ, ভালুক আদিক ধর্য্যৰে অপেক্ষা কৰিবলৈ কৈ, হৃদয়ত ৰামৰ চিন্তন কৰাৰ বর্ণনা আছে :জাম্বৱন্তৰ সুন্দৰ বচন শুনি হনুমানৰ হৃদয় আহ্লাদিত হল। (তেওঁ ক’লে যে) “ভাইহঁত, মই সীতাক দেখা কৰি অহালৈকে তোমালোকে দুখ-কষ্ট সহ্য কৰি, কন্দ, মূল, ফল আদি খাই ইয়াতে থাকিবা আৰু মোৰ বাবে অপেক্ষা কৰিবা। কামটো নিশ্চয় হ’ব কাৰণ মই বিশেষ হর্ষ অনুভৱ কৰিছোঁ”।

এনেকৈ কৈ আৰু সকলোকে মূৰ দোঁৱাই হনুমানে হর্ষিত হৈ হৃদয়ত ৰঘুনাথক ধাৰণ কৰি যাত্রা আৰম্ভ কৰিলে।

Hanuman

এটা মন কৰিবলগীয়া কথা হ’ল যে হনুমানে হৃদয়ত ৰামচন্দ্রক ধাৰণ কৰা, অর্থাৎ অনুস্মৰণ কৰাৰ লগতে হৃদয়ত হর্ষ অনুভৱ কৰাৰ কথা কৈছে। যিকোনো কাম আৰম্ভ কৰাৰ সময়ত সফলতাৰ বিষয়ে সন্দেহ থাকিলে ভাল ফল পোৱা কঠিন, কিন্তু ৰামচন্দ্রৰ সকলো কর্ম সমাধা কৰিবলৈ জন্ম লোৱা হনুমানে ৰামৰ কাম কৰিবলৈ পালেই আনন্দিত হয় আৰু এই আনন্দৰ পৰা বুজা যায় যে তেওঁ সফল হ’ব।

দ্বিতীয়তে, তেওঁ যে ৰাম-স্মৰণ কৰিছে, সেই স্মৰণৰো নিজা আনন্দ আছে। নিৰানন্দ স্মৰণ স্মৰণেই নহয়। হনুমানৰ দৰে অনুস্মৰণ কৰিব পাৰিলে ঈশ্বৰক নিজৰ অন্তৰতে অনবৰতে অনুভৱ কৰা যায়, আৰু সেই অনুভূতি আনন্দৰ অনুভূতি কাৰণ ঈশ্বৰ বা আত্মাৰ স্বৰূপেই আনন্দময় : সৎ-চিৎ-আনন্দ।

নাম-স্মৰণৰ আনন্দত বিভোৰ ভক্তৰ কিছুমান কাহিনী শুনা যায়। পৰম্পৰাগত ভাৱে প্রচলিত এনে কাহিনী প্রায়ে অতিৰঞ্জিত হলেও তাৰ মূল বার্ত্তা বুজি পোৱাত অসুবিধা নহয়।

মাৰাঠী সন্ত তুকাৰামৰ বিষয়ে কোৱা যায় যে তেওঁ দিনে ৰাতিয়ে অনবৰতে কেৱল বিষ্ণুৰ ৰূপ ৱিট্-ঠলৰ (বা ৱিঠোবা) অনুস্মৰণ-ধ্যানত তল্লীন হৈ থাকে। এবাৰ হেনো তুকাৰামে প্রাত:কৃত্য সমাপন কৰিবলৈ যোৱাৰ সময়তো ৱিট্-ঠলৰ নাম লৈ থকা দেখি এজন ব্রাহ্মণে তেওঁক ক’লে যে “তুকাৰাম, তুমি কি কৰিছা? এইদৰে শৌচাদি কর্ম সম্পূর্ণ নহওঁতেই, শৰীৰ অপবিত্র হৈ থাকোতেই ঈশ্বৰৰ নাম লব নাপায়। তোমাৰ নাম জপ বন্ধ কৰা”।

Tukaram
সন্ত তুকাৰাম

তুকাৰামে সেই ব্রাহ্মণৰ কথা শুনি কোনো তর্ক নকৰিলে। তেওঁ ভাবিলে যে বোধকৰোঁ তেওঁ সেইদৰে শৌচাদি কর্মৰ সময়ত নাম লৈ ভুলেই কৰিছে; গতিকে তেওঁ নাম লোৱা বন্ধ কৰিলে। কিন্তু তেওঁ মুখ বন্ধ কৰাৰ লগে লগে তেওঁৰ শৰীৰৰ চালৰ প্রতিটো ফুটাই হেনো ক’বলৈ ধৰিলে, “ৱিট্-ঠল, ৱিট্-ঠল, ৱিট্-ঠল..…”

মাৰাঠী সন্ত চ’খামেলাই এজন শ্রমিক হিচাপে জীৱন নির্ৱাহ কৰিছিল। এবাৰ তেওঁ মহাৰাষ্ট্রৰ পন্ধৰপুৰ চহৰৰ ওচৰত এখন বৃহৎ পকী বেৰ সজা কাম কৰি থাকোঁতে সেই বেৰখন ভাগি পৰিল, আৰু পাহাৰ সম আবর্জনাৰ তলত পৰি তেওঁৰ আৰু অন্য কেবাজনো শ্রমিকৰ মৃত্যু হ’ল। দলিত সম্প্রদায়ত জন্ম লাভ কৰা চ’খামেলাৰ গুৰু আছিল সন্ত নামদেৱ।

নিজৰ প্রিয় শিষ্যৰ মৃত্যুৰ খবৰ পাই নামদেৱে সেই আবর্জনাৰ মাজৰ পৰা চ’খামেলাৰ হাড়বোৰ বিচাৰি উলিয়াই ভালদৰে সমাধিৰ ব্যৱস্থা কৰিছিল। চ’খামেলাৰ হাড়বোৰ নামদেৱে কেনেকৈ চিনি পাইছিল? কোৱা যায় যে নামদেৱে হাড়বোৰ কাণত লৈ চাইছিল, আৰু তেওঁ হেনো চ’খামেলাৰ হাড়ৰ পৰা ওলোৱা এটা শব্দ শুনা পাইছিল : “ৱিট্-ঠল, ৱিট্-ঠল, ৱিট্-ঠল .…..”

অতিৰঞ্জিত যেন লগা এই কাহিনীবোৰে আচলতে এটা কথাই কয়—যে শ্রেষ্ঠ ভক্ত সকলে নাম অনুস্মৰণ-ধ্যান ইমানেই গভীৰ প্রেমৰ ভাৱত কৰে যে তেওঁলোকৰ শৰীৰ, মন, সমগ্র সত্তা নামময় হৈ পৰে। ভক্তি পৰম্পৰাত কোৱা যায় যে এনে এজন সন্ত আৰু ঈশ্বৰৰ মাজত একো পার্থক্য নাথাকে; তেওঁক দেখা মানে ঈশ্বৰক দেখা।

ভাৰতৰ আধ্যাত্মিক ক্ষেত্রৰ এক পৰম বিস্ময় ৰামকৃষ্ণ পৰমহংসই সাধনাকালত যিসকল গুৰুৰ পৰা বিভিন্ন উপদেশ বা দীক্ষা লাভ কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল অতি নিষ্ঠাবান অদ্বৈতী গুৰু তোতাপুৰী। অদ্বৈত সাধনাতো ৰামকৃষ্ণই চমকপ্রদ সফলতা লাভ কৰিলে। অদ্বৈত বেদান্তৰ অর্থতো ৰামকৃষ্ণ “জ্ঞানী” হ’ল, অর্থাৎ “জগত মিথ্যা, ব্রহ্ম সত্য”ৰ প্রত্যক্ষ উপলব্ধি হ’ল আৰু আত্মসাক্ষাতকাৰ হ’ল।

এইদৰে অদ্বৈত সাধনাত সিদ্ধজনে কোনো পূজা-অর্চনা কৰাৰ প্রয়োজন/অর্থ নাথাকে, গতিকে গুৰু তোতাপুৰীয়ে ভাবিলে যে অদ্বৈত আত্মবোধ হোৱা ৰামকৃষ্ণই এতিয়া কালীৰ নাম লোৱা, গীত গোৱা আদি অপ্রয়োজনীয় বুলি বুজি পাব। কিন্তু তেওঁ এদিন সন্ধিয়া ৰামকৃষ্ণই হাত চাপৰি বজাই, নিজৰ দেৱ-দুলর্ভ কণ্ঠত ভগৱানৰ নাম লৈ থকা দেখা পালে, আৰু লগে লগে তোতাপুৰীয়ে তাচ্ছিল্যৰ ভাৱত ক’লে, “ক্যা কৰ ৰহে হো? ৰোটী ঠোক ৰহে’ হো ক্যা?”

totapuri
তোতাপুৰী

উত্তৰ ভাৰতৰ মানুহে দুই হাতেৰে চপৰিয়াই চপৰিয়াই ৰুটি বনায়, গতিকে তোতাপুৰীৰ তাচ্ছিল্য : হাত চপৰিয়াই চপৰিয়াই ৰুটি বনাইছা নেকি?

তৎক্ষণাত ৰামকৃষ্ণৰ স্বভাৱসিদ্ধ উত্তৰ (তাকো নিজৰ গুৰুৰ প্রতি!) : “কাণা নাকি? দেখতে পাচ্ছ না ঈশ্বৰেৰ নাম কৰছি?”

ৰামকৃষ্ণৰ উদাহৰণৰ পৰা বুজা যায় যে পৰাভক্তি (ভক্তিৰ পৰাকাষ্ঠা) আৰু অদ্বৈত জ্ঞানৰ (জীৱ আৰু জগতৰ অলীকতা আৰু ব্রহ্মৰ সত্যতাৰ সম্পূর্ণ উপলব্ধি) মাজত বিৰোধ নাই। অদ্বৈত জ্ঞানৰ অধিকাৰী হৈয়ো নাম-স্মৰণ কৰা ভক্ত হৈ থাকিব পাৰি, আৰু  নিষ্ঠাৰে নাম-স্মৰণ কৰিয়ো অদ্বৈত জ্ঞানৰ অধিকাৰী হ’ব পাৰি (ভক্তিমার্গেৰেও শেষত অদ্বৈত জ্ঞান লাভ হয় বাবে ভক্তিক “জ্ঞানমাতা” বুলি কোৱা হয়)।

বোধকৰোঁ আদি শংকৰাচার্য আৰু ৰমণ মহর্ষিৰ দৰে শ্রেষ্ঠ অদ্বৈতীয়ে ৰচনা কৰা সুন্দৰ প্রার্থনাবোৰেও অদ্বৈত জ্ঞান আৰু ভক্তিৰ অভিন্নতাকে সূচায়। সাধনাৰ বাট যিয়েই নহওক—যোগ, ভক্তি মার্গ বা জ্ঞান মার্গ—ঈশ্বৰ অনুস্মৰণ আৰু জপৰ পৰা সাধকৰ কেৱল লাভেই হয়।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies
Spirituality

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

by ROHIL OBEROI
July 29, 2026
0

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies Dr. Rohil Oberoi The 15th and 16th centuries marked an...

Read moreDetails
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

July 2, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
Secularism : meaning and implication in the Indian context

Secularism : meaning and implication in the Indian context

May 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d