• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ ঐতিহ্য আৰু তাৎপৰ্য

ASSAMESE SECTION / ASSAM

by Gautam Sarmah
February 21, 2026
in News
Reading Time: 3 mins read
0
আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ ঐতিহ্য আৰু তাৎপৰ্য
Share on FacebookShare on TwitterShare on LinkedIn

আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ ঐতিহ্য আৰু তাৎপৰ্য

আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ ঐতিহ্য আৰু তাৎপৰ্য

গৌতম শৰ্মা

Gautam Sarma 1
গৌতম শৰ্মা

ভাষা কেৱল যোগাযোগৰ এটা উপায় নহয়; ই হৈছে এটা জাতিৰ আত্মা, স্মৃতি, পৰিচয় আৰু সভ্যতাৰ বাহক। প্ৰত্যেকটো ভাষাৰ গৰ্ভত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সঞ্চিত অভিজ্ঞতা, অনুভূতি, জ্ঞান আৰু বিশ্বদৰ্শন সংৰক্ষিত হৈ থাকে। যেতিয়া কোনো এটা ভাষা সমৃদ্ধ হয়, তেতিয়া সেই ভাষাৰ সৈতে জড়িত সংস্কৃতিও বিকশিত হয়। যেতিয়া কোনো এটা ভাষা নিঃশেষ হয়, তেতিয়া এটা সভ্যতাই তাৰ এক বৃহৎ এক মূল্যৱান অংশক হেৰুৱায়। সমগ্ৰ বিশ্বজুৰি, ২১ ফেব্ৰুৱাৰীত পালন কৰি অহা আন্তৰ্জাতিক মাতৃভাষা দিৱসটোৱে সমগ্ৰ বিশ্ব মানৱৰ ভাষিক বৈচিত্ৰ্য, সাংস্কৃতিক মৰ্যাদাৰ কথা কয়। লগতে ই প্ৰতিজন লোককে নিজৰ ভাষাত কথা কোৱা, শিকিবলৈ উৎসাহ যোগোৱা আৰু প্ৰতিজন লোককে নিজৰ মাতৃভাষাতেই সপোন দেখিবলৈও অনুপ্ৰেৰণা যোগায়। 

আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ ঐতিহ্য আৰু তাৎপৰ্য

এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ উৎপত্তি বাংলাদেশৰ ভাষা আন্দোলনৰ ইতিহাসৰ এক অতি সংবেদনশীল ভাষাগত অধিকাৰৰ সংগ্ৰামৰ সৈতে গভীৰভাৱে সংপৃক্ত। ১৯৫২ চনত পাকিস্তান চৰকাৰে যেতিয়া উৰ্দুক একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে আৰোপ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া পূৰ্ব পাকিস্তানৰ বঙালীভাষী জনগণে এই ভাষাগত আধিপত্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বঙালী ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দিবলৈ দাবী জনাই ৰাজপথলৈ ওলাই আহিছিল।

এই শান্তিপূৰ্ণ প্ৰতিবাদক গুলীৰে প্ৰত্যুত্তৰ দিয়া হয় আৰু বহু ছাত্ৰই প্ৰাণ বিসৰ্জন দিয়ে। তেওঁলোকৰ ত্যাগে সমগ্ৰ বিশ্বৰ বিবেক জাগ্ৰত কৰিছিল আৰু শেষত বঙালী ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়া হয়। এই ঘটনা প্ৰবাহে মাতৃভাষাৰ গুৰুত্বক দুগুণে বৃদ্ধি কৰি তুলিছিল। যাৰ পৰিণতিস্বৰূপে প্ৰায় চাৰিটা দশকৰ পিছত ১৯৯৯ চনত ইউনেস্কোৱে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে। যাৰ ফলত এটা স্থানীয় ভাষা আন্দোলনে বিশ্বজুৰি ভাষাগত ন্যায় আৰু মানৱ অধিকাৰক বিশ্বব্যাপী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।

আজি এই দিনটোৰ গুৰুত্ব কেৱল এটা ঐতিহাসিক ঘটনাৰ স্মৰণতেই সীমাবদ্ধ নহয়। ই হৈছে পৃথিৱীৰ ভাষাগত বৈচিত্ৰ্যৰ এক উদযাপন। ই এটা কথাই নিশ্চিত কৰে যে ডাঙৰ হওক বা সৰু হওক, প্ৰতিটো ভাষাই সন্মান, সংৰক্ষণ আৰু প্ৰচাৰৰ যোগ্য। ভাষাবিদসকলৰ মতে, সমগ্ৰ পৃথিৱীত হাজাৰ হাজাৰ ভাষা ব্যৱহৃত হৈ আছে, কিন্তু বহু ভাষা বিলুপ্তিৰ মুখত পৰিছে আৰু প্ৰতি বছৰে কেইবাটাও ভাষা সম্পূৰ্ণৰূপে হেৰাই গৈছে।

এক সমীক্ষা মতে, পৃথিৱীত প্ৰায় ১৪ দিনৰ মূৰে মূৰে এটা ভাষাৰ মৃত্যু হয়। কিন্তু উল্লেখনীয় কথাটো হ’ল যে যেতিয়া এটা ভাষা নিঃশেষ হয়, তেতিয়া তাৰ সৈতে এক সম্পূৰ্ণ জ্ঞান-পদ্ধতি, মৌখিক পৰম্পৰা, লোককথা আৰু সাংস্কৃতিক অভিব্যক্তিও একেলগে হেৰাই যায়। আন্তৰ্জাতিক মাতৃভাষা দিৱসে এই নীৰৱ সংকটৰ সংকেতটো চিনাক্ত কৰিবলৈ আৰু ভাষাগত ঐতিহ্য ৰক্ষাৰ বাবে সচেতন পদক্ষেপসমূহক ল’বলৈকে সমগ্ৰ মানৱজাতিক সদায় আহ্বান জনাই আহিছে।

মাতৃভাষাই মানুহৰ পৰিচয় গঢ়ি তোলাত এক মৌলিক ভূমিকা পালন কৰে। মাতৃভাষাৰ জৰিয়তেই এজন শিশুৱে প্ৰথমে পৃথিৱীক বুজে, নিজৰ অনুভূতি প্ৰকাশ কৰে আৰু মানসিক তথা সামাজিক দক্ষতা গঢ়ি তোলে। বিশ্বজুৰি কৰা গৱেষণাই স্পষ্টভাৱে দেখুৱাইছে যে শিক্ষাৰ আৰম্ভণি পৰ্যায়ত শিশুসমূহে মাতৃভাষাতেই আটাইতকৈ ভালদৰে শিকে। মাতৃভাষাভিত্তিক শিক্ষা ব্যৱস্থাই বুজাবুজি ক্ষমতা, সৃষ্টিশীলতা, আত্মবিশ্বাস আৰু সমালোচনামূলক চিন্তাশক্তি বৃদ্ধি কৰে।

ইয়াৰোপৰি ই শিক্ষাৰ্থীসকলক অতিৰিক্ত ভাষা সহজে আয়ত্ত কৰাতো সহায় কৰে। সেয়েহে, মাতৃভাষাত শিক্ষাৰ প্ৰচাৰ কেৱল সাংস্কৃতিক প্ৰয়োজনীয়তাই নহয়, ই এক শিক্ষাগত আৱশ্যকতা। মোৰ বাবে মোৰ মাতৃভাষা অসমীয়া ভাষাটো কেৱল এক ঘৰুৱা বা আঞ্চলিক যোগাযোগৰ মাধ্যম নহয়। বৰঞ্চ ই হৈছে এক জীৱন্ত বৌদ্ধিক আৰু সাংস্কৃতিক ব্যৱস্থা, যিয়ে মোৰ পৰিচয়, ইতিহাস আৰু সামূহিক চেতনাক প্ৰতিপল জাগ্ৰত কৰি ৰাখে।

শতাব্দীজুৰি সাহিত্যিক বিকাশ, সামাজিক আন্দোলন আৰু সাংস্কৃতিক সমন্বয়ৰ মাজেৰে গঢ় লৈ উঠা মোৰ প্রিয় ভাষাটোৱে দৰ্শন, লোককথা, সংগীত আৰু মানৱীয় মূল্যবোধৰ এক সমৃদ্ধ পৰম্পৰা বহন কৰি আহিছে। বৈষ্ণৱ সাহিত্য আৰু মৌখিক পৰম্পৰাৰ পৰা আৰম্ভ কৰি আধুনিক কবিতা, সাংবাদিকতা আৰু ডিজিটেল অভিব্যক্তিলৈকে এই ভাষাই নিজৰ মূল স্বৰূপ অক্ষুণ্ণ ৰাখি সময়ৰ সৈতে নিজকে খাপ খুৱাই আহিছে।

ভাষাগত বৈচিত্ৰ্যৰে সমৃদ্ধ সমাজত অসমীয়া ভাষাই এক ঐক্যবদ্ধ শক্তি হিচাপে কাম কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সামাজিক সংহতি আৰু সাংস্কৃতিক ধাৰাবাহিকতা বজাই ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ প্ৰেক্ষাপটত, অসমীয়া ভাষাৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে সুদৃঢ় প্ৰতিষ্ঠানিক সহায়, মাতৃভাষা-ভিত্তিক শিক্ষা ব্যৱস্থা, প্ৰযুক্তিগত সংহতি আৰু সমাজভিত্তিক ভাষাগত গৌৰৱৰ ওপৰত। সেয়েহে, অসমীয়া ভাষাক সংৰক্ষণ আৰু শক্তিশালী কৰাটো কোনো নষ্টালজিয়াৰ বিষয় নহয়, বৰঞ্চ বিশ্বায়নৰ যুগত এই ভাষাৰ মাজত নিহিত জ্ঞানব্যৱস্থা, সৃষ্টিশীল অভিব্যক্তি আৰু সামাজিক পৰিচয়ক প্ৰাসংগিক আৰু স্থিতিস্থাপক কৰি ৰখাৰ ই এক কৌশলগত সাংস্কৃতিক দায়িত্বহে।

আন্তৰ্জাতিক মাতৃভাষা দিৱসঃ ঐতিহ্য আৰু তাৎপৰ্য

Education thrives when languages are preserved, learning begins in the language of culture and home.;Photo:UN Photo/Milton Grant

শিক্ষাৰ বাহিৰেও ভাষা হৈছে সামাজিক ঐক্য আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ এক মূখ্য আধাৰ। পৰম্পৰা, আচাৰ-অনুষ্ঠান, গীত-মাত, প্ৰবাদ-প্ৰবচন আৰু ঐতিহাসিক কাহিনীসমূহ ভাষাৰ জৰিয়তেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হয়। মাতৃভাষাই এখন সমাজক একত্ৰিত কৰি ৰাখে সমষ্টিগত পৰিচয়ক দৃঢ় কৰে। দ্ৰুত বিশ্বায়নৰ যুগত, য’ত প্ৰভাৱশালী ভাষাসমূহে সৰু ভাষাসমূহক প্ৰায়েই গ্ৰাস কৰি পেলোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়, তেনে পৰিস্থিতিত মাতৃভাষাৰ সংৰক্ষণ সাংস্কৃতিক প্ৰতিৰোধ আৰু আত্মসম্মানৰ এক ৰূপ হৈ উঠে।

ই নিশ্চিত কৰে যে, একৰূপীকৰণৰ ঢৌত সমাজসমূহৰ নিজৰ স্বকীয়তা হেৰাই নাযায়। আন্তৰ্জাতিক মাতৃভাষা দিৱসে ভাষাৰ ৰাজনৈতিক আৰু সামাজিক দিশসমূহকো উজ্জ্বল কৰি তোলে। ইতিহাসৰ পৃষ্ঠাবোৰত ভাষা সদায় ক্ষমতা, শাসন ব্যৱস্থা আৰু পৰিচয় ৰাজনীতিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আহিছে। ভাষাগত প্ৰান্তীয়কৰণে প্ৰায়েই সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰান্তীয়কৰণৰ সৈতে সংগতি ৰাখে।

যেতিয়া কোনো সমাজৰ ভাষাক দমন কৰা হয়, তেতিয়া সেই সমাজৰ লোকসকলে নিজকে বঞ্চিত আৰু ক্ষমতাহীন অনুভৱ কৰে। বিপৰীতভাৱে, ভাষাগত অধিকাৰ স্বীকৃতি আৰু প্ৰচাৰ কৰিলে অন্তৰ্ভুক্তি, গণতন্ত্ৰ আৰু সামাজিক ন্যায় আদি বৃদ্ধি পায়। এই কাৰণেই আধুনিক বিশ্বৰ বহু দেশত বহু ভাষা আন্দোলনসমূহ সংঘটিত হৈছে। য’ত লোকসকলে স্বীকৃতি, স্বায়ত্তশাসন আৰু মৰ্যাদাৰ দাবী জনাই আহিছে। আয়াৰলেণ্ড, ৱেলছ, কেটালোনিয়া, কুৱেবেক, ইজৰাইল আৰু বিশ্বজুৰি আদিবাসী সমাজসমূহৰ ভাষা সংগ্ৰামসমূহে দেখুৱাইছে যে ভাষা আত্মনিয়ন্ত্ৰণ আৰু জাতীয় গৌৰৱৰ সৈতে গভীৰভাৱে সংযুক্ত।

ভাৰতীয় প্ৰেক্ষাপটত ভাষাগত বৈচিত্ৰ্য দেশখনৰ অন্যতম বৃহৎ শক্তি। ভাৰতত শতাধিক ভাষা আৰু উপভাষা আছে, যাৰ প্ৰতিটোৱেই এক পৃথক সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰে। স্বাধীনতাৰ পিছত ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহৰ পুনৰ্গঠনে এই কথা স্পষ্টভাৱে প্ৰতিফলিত কৰিছিল যে আঞ্চলিক পৰিচয় আৰু শাসন ব্যৱস্থা গঢ়ি তোলাত ভাষাৰ গুৰুত্ব বহুত বেছি।

তথাপিও, ইমান বহুভাষিক দেশ হোৱা সত্ত্বেও বহু আঞ্চলিক আৰু আদিবাসী ভাষাই নগৰায়ণ, প্ৰব্ৰজন, বিশ্বায়ন আৰু কিছুমান প্ৰধান ভাষাৰ আধিপত্যৰ ফলত অৱনমনৰ আশংকাৰ সন্মুখীন হৈছে। আন্তৰ্জাতিক মাতৃভাষা দিৱসেই ভাৰত তথা সমগ্ৰ বিশ্বক সোঁৱৰাই দিয়ে যে ভাষাগত বৈচিত্ৰ্য থাকিলেও প্ৰকৃত নীতি-নিৰ্দেশনা, শৈক্ষিক আদান-প্ৰদান, গণমাধ্যম আৰু সাংস্কৃতিক উদ্যোগৰ জৰিয়তে সক্ৰিয়ভাৱে ভাষা এটাক অনায়াসে সংৰক্ষণ কৰিব পাৰি।

সমসাময়িক ডিজিটেল যুগত মাতৃভাষাসমূহৰ ভূমিকা একেলগে প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাৰ মাজেৰে পৰিৱৰ্তিত হৈছে। এফালে, বিশ্বব্যাপী ভাষাসমূহে প্ৰযুক্তি, বিজ্ঞান আৰু আন্তৰ্জাতিক যোগাযোগত আধিপত্য বিস্তাৰ কৰি স্থানীয় ভাষাসমূহক প্ৰায়েই প্ৰান্তীয় কৰি পেলাইছে।

আনফালে, ডিজিটেল প্লেটফৰ্ম, ছ’চিয়েল মিডিয়া আৰু অনলাইন প্ৰকাশন ব্যৱস্থাই ভাষা পুনৰুজ্জীৱনৰ বাবে অভূতপূৰ্ব সুযোগসমূহকো প্ৰদান কৰিছে। এতিয়া বিশ্বৰ সমাজসমূহে নিজৰ মাতৃভাষাত বিষয়বস্তু, সাহিত্য, সংগীত আৰু শিক্ষামূলক সামগ্ৰী সৃষ্টি কৰি বিশ্বজুৰি পাঠক-শ্ৰোতাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে।

সেয়েহে আজিৰ দিনটোত সমগ্ৰ বিশ্বজুৰি এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পালনে বিপন্ন ভাষাসমূহৰ নথিভুক্ত, ইয়াৰ যোগেদি শিক্ষাদান আৰু এইসমূহক জনপ্ৰিয় কৰি তোলাৰ বাবে আধুনিক ডিজিটেল প্ৰযুক্তিসমূহক ব্যৱহাৰ কৰিবলৈও বহুসময়ত বহুজনকে উৎসাহিত কৰি আহিছে।

এই দিৱসৰ পালন কেৱল প্ৰতীকী নহয়; ই এক কাৰ্য্যকৰী আহ্বান। চৰকাৰ, শিক্ষানুষ্ঠান, গণমাধ্যম সংস্থা আৰু সাধাৰণ মানুহ, সকলোৱেই ইয়াত নিজৰ ভূমিকা পালন কৰিব লাগিব। নীতি-নিৰ্দেশনাসমূহে বহুভাষিক শিক্ষা, স্থানীয় ভাষাত ৰাজহুৱা প্ৰশাসন আৰু ভাষাগত গৱেষণাৰ প্ৰচাৰক সমৰ্থন কৰিব লাগিব। বিদ্যালয়সমূহে শিশুসমূহক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক ভাষাৰ লগতে নিজৰ মাতৃভাষা শিকিবলৈ আৰু সেই ভাষাত গৌৰৱ অনুভৱ কৰিবলৈ উৎসাহিত কৰিব লাগিব।

Assamese

উচ্চ শিক্ষানুষ্ঠানতসমূহতো শৈক্ষিক আদান-প্ৰদান, আলোচনা-বিলোচনা, গৱেষণা কাৰ্য আদিবোৰ মাতৃভাষাতেই সম্পন্ন হ’ব লাগিব। লেখক, শিল্পী আৰু সাংবাদিকসকলেও সৃষ্টিশীল অভিব্যক্তিৰ জৰিয়তে নিজৰ ভাষাসমূহক সমৃদ্ধ কৰি ৰাখিব লাগিব। অভিভাৱক আৰু সমাজসমূহেও এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব, য’ত শিশুসকলে নিজৰ মাতৃভাষা শুনি, ক’বলৈ শিকি আৰু তাক মূল্যায়নৰ এক পৰিৱেশ পাবলৈ সক্ষম হ’ব।

আন্তৰ্জাতিক মাতৃভাষা দিৱসটিৰ উদযাপনে মানৱ মৰ্যাদাৰ বিষয়েও আমাক কয়। কোনো ভয় বা লাজ নোহোৱাকৈ নিজৰ মাতৃভাষাত কথা ক’ব পৰাটো এক মৌলিক মানৱ অধিকাৰ। কিয়নো ভাষা হৈছে পৰিচয়ৰ কণ্ঠস্বৰ, এটা জাতিৰ স্মৃতি আৰু প্ৰজন্মসমূহৰ মাজৰ সংযোগৰ সেতু। যেতিয়া আমি নিজৰ মাতৃভাষাসমূহক সন্মান জনাম, তেতিয়া আমি মানৱজাতিৰ বৈচিত্ৰ্য আৰু সৃষ্টিশীলতাকো সন্মান জনোৱা হ’ব। 

ক্ৰমান্বয়ে আন্তঃসংযোগী অথচ সাংস্কৃতিক একৰূপীকৰণৰ প্ৰতি সংবেদনশীল পৃথিৱীত আন্তৰ্জাতিক মাতৃভাষা দিৱসে আজি আশাৰ এক কিৰণ হৈ থিয় দিছে। ই আমাক সোঁৱৰাই দিছে যে বিশ্বায়নে স্থানীয় পৰিচয় মচি পেলাবই লাগিব বুলি কোনো বাধ্যবাধকতা নাই, উন্নয়ন মানেই ভাষা ত্যাগ কৰাটো নুবুজায়।

মাতৃভাষাত অধ্যয়ন কৰিও আমি আমাৰ নিজৰ, সমাজৰ, দেশৰ উন্নতি সাধন কৰিব পাৰিম। জাপান, চীন, জাৰ্মানী, ফ্ৰান্স, দক্ষিণ কোৰিয়া আদি দেশসমূহে মাতৃভাষাত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিজ্ঞান, প্ৰযুক্তি, অৰ্থনীতি আৰু সংস্কৃতিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি সাধন কৰিছে। এই দেশসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে আজি নিজৰ ভাষাত জ্ঞান লাভ কৰি আত্মবিশ্বাসী, সৃষ্টিশীল আৰু উদ্ভাৱনী শক্তিৰে সমৃদ্ধ হৈ উঠিছে।

সেইদৰে আমিও যদি আমাৰ মাতৃভাষাত জ্ঞানচৰ্চা, গৱেষণা আৰু শিক্ষাদানক প্ৰাধান্য দিওঁ, তেন্তে আমাৰ সমাজত সচেতনতা বৃদ্ধি পাব, শিক্ষাৰ অভূতপূৰ্ব বিস্তাৰ হ’ব আৰু দেশৰ সামগ্ৰিক উন্নয়ন অধিক গতিশীল হ’ব। গতিকে, আমাৰ মাতৃভাষাসমূহৰ সংৰক্ষণ কৰাৰ জৰিয়তেহে আমি আমাৰ অতীতক সুৰক্ষা, বৰ্তমানক সমৃদ্ধ আৰু অধিক  সাংস্কৃতিকভাৱে সমৃদ্ধ ভৱিষ্যৎ এটি গঢ়ি তুলিব পাৰিম বুলি বিশ্বাস কৰিব পাৰোঁ।

লেখকৰ ফোন: ৯৯৫৪০-০০২০০ (ঠিকনা: সহঃ অধ্যাপক, ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম।)

Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

Adaptation Without Agency Is Not Resilience
News

Adaptation Without Agency Is Not Resilience

by CHANDRALIM PHUKAN
July 15, 2026
0

Adaptation Without Agency Is Not Resilience CHANDRALIM PHUKAN When a milk chilling centre in rural India no longer depends on...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
 All the military experience of the last century is simply irrelevant!

 All the military experience of the last century is simply irrelevant!

July 13, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d