আন এজন হেম বৰুৱাক পাম নে!
যুগান্ত বায়ন
কবি দেৱকান্ত বৰুৱাই তাহানিতে কবিতাৰ চন্দেৰে “মন্ত্ৰীত্বই যাৰ শেষ কল্পনা….” বুলি ৰাইজক সচেতন কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ যেন আজি অৰণ্য ৰোদনত পৰিণত হৈছে।
দেশ আৰু স্বজাতিৰ হিতৰ বাবে চিন্তাচৰ্চা নকৰি কেৱল ক্ষমতাৰ ৰাগিত মতলীয়া হৈ স্থান,কাল,পাত্ৰ পাহৰি একাংশ নিৰ্বাচনী প্ৰাৰ্থীৰ অসংলগ্ন কথা-বতৰাই বিশ্বৰ সৰ্ববৃহৎ “গণতন্ত্ৰ” উৎসৱক প্ৰহসনত পৰিণত কৰিছে।
“লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!
দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ।
দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!
নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।
দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন,
জাতিৰ বুকুত জগাই তুলিলা, দুৰ্মদ যৌৱন।
পছোৱা বিনাই যায়,
তাৰ আঁৰে আঁৰে কৰুণ সুৰেৰে কোনে যেন কয় ‘হায়
এয়ে সি বিৰাট গড়,
যি ঠাই এদিন বলিশাল হ’ল অপৰাধী মাতুলৰ।’
শুনিছোঁ বন্ধু! ইব্ৰাহিমৰ কাহিনী বীৰত্বৰ,
দেৱতাৰ হকে পুত্ৰবুকুত হানিছিল খঞ্জৰ।
সিদিনা আহিল দেৱদূত নামি দূৰ সৰগৰ পৰা,
পুত্ৰহন্তাৰ নামতে আজিও গৌৰৱময়ী ধৰা।
হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক নবী!
তোমাৰ আৰতি কৰিলে সিদিনা অসম-ভাগ্য-ৰবি।
দেশৰ বাতৰি শুনিবানে বীৰ? নিদিওঁ তোমাক ফাঁকি,
তোমাৰ অসম নাই আৰু আজি জঁকাটোহে তাৰ বাকী।
লুইতৰ এই বিশাল পাৰত নাই আৰু অসমীয়া,
মৰি হাজি ঢুকাল সকলো চিনচাব নাইকিয়া।
‘অসমৰ এই কাম্যভূমি’ত চৰিছে গাধৰ পাল,
বোজা বই বই পৰিল কঁকাল পিঠিৰ ছিগিল ছাল।
তেওতো অকণো কাণসাৰ নাই, কত যে ৰঙেৰে চৰে,
এমুঠি দানৰ কাৰণে সকলো প্ৰভুৰ পিছত লৰে।
প্ৰভুৰ কাষত কামৰ মূল্য চৰ, ভুকু, কিল পায়,
তাতো যে সবেও পায় আনন্দ, নিৰুপায়! নিৰুপায়!
হায়! সময়ৰ সোঁত,
সিংহৰ হ’ল সন্তান গাধ, অদ্ভুত! অদ্ভুত!
আনফালে সউ আপোন অন্ধ নকলনবীছ দল,
মুক্তি ৰণৰ মক্ ফাইট কৰি ফাঁকিৰ আনিছে ঢল।
পিয়ানো বজাই পূজাৰ আৰতি, বেদীত মমৰ বাতি
জ্বলাই আনিব দেশৰ মুক্তি পুৱাব দুখৰ ৰাতি!
দেশ-জননীয়ে বিনায় শোকত শুনি এই আৱাহন
মুক্তি পলাল দেখিয়ে পূজাৰ অদ্ভুত আয়োজন।
স্বদেশ প্ৰেমৰ কোৱাল সোঁতত দেশ আজি টলমল,
স্বদেশৰ গছ, স্বদেশৰ শিল, স্বদেশৰ বাঁহতল,
সকলোতে আজি স্বদেশী-কবিৰ কবি-অন্তৰ জাগে,
দেশৰ মানুহ নেখাই মৰিছে সন্ধান কোনে ৰাখে?
বাহিৰত সউ ঘটে বিপ্লৱ; অশেষ যত্ন কৰি
আমি নিৰূপিলো কানিৰ মূল্য, কিমানত কেইভৰি!
শাস্ত্ৰৰ তলি উদি হৈ গ’ল, নেলাগিল মাথোঁ থিত
মৰ-আঁউসীত হাল বালে লাগে কেই ধেনু পৰাচিত।
ত্ৰিশ দিন আৰু এঘাৰ দিনৰ গছকত হায় পৰি,
দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত ভৰি।
বক্তৃতা দি আকাশ কঁপাই, চিঞৰত টেঁটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।
বছৰি বছৰি স্মৃতি-সভা পাতি বীৰপূজা কৰি বীৰ তোমাৰ
হাবাথুৰি খাওঁ বিচাৰি চাকৰি আবগাৰী দাৰোগাৰ।
এয়ে সি অসম দেশ,
দুখৰ কাহিনী কিমান শুনিবা? নপৰিব তাৰ শেষ।
দেশৰ মানুহ! তুমিতো বুজিছা স্বদেশৰ এই গ্লানি,
তুমিতো দেখিছা মৰণৰ ছাঁ অসম আকাশ ছানি।
স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেলব’ৰ্ড,
জ্ঞান সাগৰৰ দুইপাৰ যাৰ চিভিল-পিনাল-ক’ড,
মন্ত্ৰীত্ব যাৰ শেষ কল্পনা, এচেমব্লী যাৰ আশা,
সিনো কি বুজিব হে বীৰ! তোমাৰ ৰণ-দুৰ্মদ ভাষা?
দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া,
দেশৰ সেনানী! আকৌ মাথোন এবাৰ হুকুম দিয়া,
আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী
আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী।”
[‘লাচিত ফুকন’ কবিতা | দেৱকান্ত বৰুৱা]
যিখন অসম ৰাজ্যই তেজাল, বলিষ্ঠ কণ্ঠৰ অধিকাৰী সাংসদ হেম বৰুৱাক জন প্ৰতিনিধি হিচাপে লাভ কৰিছিল, সেইখন অসম ৰাজ্যত বৰ্তমানে সাংসদ হ’বলৈ দিন-ৰাতি একাকাৰ কৰা নেতাসকলৰ কেতবোৰ আচৰণ আৰু অপৈণত মন্তব্যই ৰাজ্যখনৰ পূৰ্বৰ সংসদীয় ঐতিহ্য আৰু গৰিমা কেনেদৰে ৰক্ষা হ’ব সেই কথা ভাবি আজিৰ ভোটাৰ ৰাইজ চিন্তিত আৰু শংকিত হৈ পৰিছে।
আনকি এনে একাংশ নেতা তথা প্ৰাৰ্থীয়ে সংবাদ মাধ্যমৰ লোককো বিৰোধী পক্ষৰ সমৰ্থক বুলি ৰাজহুৱাভাৱে তিৰস্কাৰ কৰিবলৈও এৰা নাই। এনে একাংশ নেতাই কেৱল মাথোঁ তুষ্টিকৰণতেই ব্যস্ত হৈ জনসাধাৰণৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ পথ উলিয়াবলৈ কোনোধৰণৰ ৰাজনৈতিক মতবাদ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই।
ৰাজ্যখনৰ অন্যায় হ’ব বুলি জানিও “কা” আইন সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ শঙ্কাবোধ কৰি ওলোটাই সংবাদ মাধ্যমৰ লোকক আপুনি কোন দলৰ সমৰ্থক বুলি তীব্ৰ ভেঙুচালি কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি সাংসদ নিৰ্বাচিত নহওতেই ভাবুকি কঢ়িয়াই আনিছে।
অতি তাৎপৰ্যৰ বিষয় যে, যোৱা ১৬ এপ্ৰিলত বজালী জিলাৰ সৰুপেটাত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হোৱা সময়ত শাসক মিত্ৰজোঁটৰ অংশীদাৰ অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে “কা” বিষয়ত তেওঁৰ স্থিতিৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সাংবাদিকক কৰা অমাৰ্জিত বাক্যবানৰ দ্বাৰা প্ৰাৰ্থীগৰাকী নিজেই নিজৰ বৌদ্ধিক দৈন্যতাৰ পৰিচয় দাঙি ধৰিছে।
শত-শত শ্বহীদ আৰু হেজাৰ-হেজাৰ লোকৰ ত্যাগৰ বিনিময়ত গঢ়ি উঠা অসম আন্দোলনৰ বোকোচাত উঠি জন্ম গ্ৰহণ কৰা অগপ দলটোৰ প্ৰাৰ্থীগৰাকীৰ সংবাদ মাধ্যমৰ প্ৰতি দেখুওৱা এনে আচৰণে নিৰ্বাচনৰ সময়ত দলটোৰ ভৱিষ্যৎ লৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। যি সংবাদ মাধ্যমে অসম আন্দোলনৰ সময়ত এইসকল নেতাক ৰাইজৰ মাজলৈ উলিয়াই আনিছিল, সেই সংবাদ মাধ্যমক ক্ষমতাৰ বলত বলিয়ান হৈ ভেঙুচালি কৰাটো শুভ লক্ষণ নহয়।
যিটো দলে এটা সময়ত দীনেশ গোস্বামীৰ দৰে অতি বাককটু নেতাক সংসদৰ মজিয়া লৈ পঠিয়াই দলটোই ৰাষ্ট্ৰীয় স্তৰত সুনাম কঢ়িয়াই আনিছিল আজি সেইটো দলৰ এনে দৈন্যতাই ৰাইজক হতাশ কৰি তুলিছে।
আনহাতে, তিনিবাৰ কৈ সাংসদ নিৰ্বাচিত হোৱা নিজকে সংখ্যালঘূৰ ত্ৰাণ কৰ্তা জাহিৰ কৰি ফুৰা অসমৰ বায়ু-পানী সেৱন কৰি অসম ৰাজ্যক ৰাজনৈতিক ক্ষেত্ৰ হিচাপে গ্ৰহণ কৰি অসমীয়াৰ স্বভিমান গামোচাক নিৰ্বাচনী সভাৰ মঞ্চৰ পৰা অতি দৃষ্টিকটুভাৱে দলিয়াই দি সমগ্ৰ অসমীয়া জাতিসত্ত্বাক চৰম অপমান কৰাৰ পিছতো আমি নীৰৱ ।
সেয়েহে ৰাইজ এইকাৰণে চিন্তিত যে, আমি কেতিয়াবা আকৌ আন এজন হেম বৰুৱা, দীনেশ গোস্বামীৰ দৰে সাংসদ পাবলৈ সক্ষম হ’ম নে, নে তুষ্টিকৰণ তোষামোদৰ মাজতেই জাতিটোৰ ভৱিষ্যৎ নিৰূপণ কৰিম।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)