(চুটি গল্প)
-পল্লৱী কৌশিক শৰ্মা |
খালে.. খালে অ’… । দামুৰীটোৱে সোপাকে গাখীৰ খালে । কোনে মোকোলাই দিলে অ’ পোৱালীটো …?
বাল্টিটো লৈ গাখীৰ খিৰাব যোৱা সাৱিত্ৰীয়ে ….গাইজনীৰ ওহাৰ খুন্দিয়াই খুন্দিয়াই গাখীৰ চুহি থকা পোৱালীটোক ঠেলাটো মাৰি চিঞৰি উঠিল .. ।
গোবৰ দি আগফালৰ চোতালখন লেপি থকা জীয়েক মনিয়ে .. বোকা হাতেৰেই মেখেলাখন ডাঙি পেটিকোটৰ ৰচী ডালতে খোচ এটা মাৰি গোহালিলৈ দৌৰি আহিল ..।
: কি হ’ল বৌটি .. গাখীৰ অলপ পালি নে নাই ? এৰাল ছিঙি আহিল চাগে । কোনে নো মোকোলাব পোৱালীটো ..!
: নাজানো ৰহ.. খিৰাই চাওঁ হে । কিমান পৰৰ পৰা চুহি আছে কি ঠিক .. ।
এইবুলি সাৱিত্ৰীয়ে বাল্টিটো পাতি ওহাৰত টান দিলে ।… তেনেই অলপ মান গাখীৰ হে ওলাল । পোৱালীটো মাকৰ ওচৰৰ পৰা আঁতৰাই নিয়াৰ খঙতেই নেকি … গাইজনীয়ে লাঠ মাৰি বাল্টি বগৰাই সেইখিনিও পেলালে । হায়ৈ-বিয়ৈ কৰি আহিল সাৱিত্ৰী ।
ইমান বছৰৰ মূৰত অকণমান আশাৰ মুখ দেখুৱাই জীয়েক মাণিক চাবলৈ যতীন আৰু লগৰ দুজন অহাৰ কথা .. । এতিয়া আলহীক নো ফিকা চাহ কাপ কেনেকৈ যাচে … !
মাকৰ বিননী দেখি মণিয়ে মাকক সান্তনা দিলে ..
: ৰ’চোন বৌটি .. কিবা এটা ব্যৱস্থা কৰিব লাগিব । মই আছো নহয় । চিন্তা নকৰিবিচোন তই … । গাখীৰৰ যোগাৰ নহ’লেই যেনিবা …ফিকা চাহকে খাব , কিনো ডাঙৰ কথাটো ..।
“মই আছো নহয়… ” এই বাক্যশাৰীয়েই সাবিত্ৰীৰ এটা ডাঙৰ সাহস… । কিদৰে ঘৰখনৰ সৰু ডাঙৰ সমস্যাবোৰ টিলিকতে সমাধান কৰি উলিয়াই মনিয়ে … মাকে ত’তকে নাপাই । কিন্তু এইহেন কামে কাজে পাকৈত …গুনৱতী জীয়েকক এতিয়ালৈকে এঘৰলৈ গতাব নোৱাৰা কথাটোয়েহে মাকক চিন্তাত পেলাই .. । দুজনীকে ভনীয়েকৰ ঘৰ সংসাৰ হোৱা বহু বছৰেই হ’ল । জী নাতিৰ মুখ ও দেখিলে তেওঁ… । কিন্তু মণি… !! তাইক যে বিয়া কৰিবলৈ কোনো আগবাঢ়ি নাহে । কাৰণ তাই ভনীয়েক দুজনীৰ দৰে দেখনিয়াৰ নহয় । তাইৰ গাৰ ৰংটো ল’ৰা এজনে পছন্দ কৰিব পৰাকৈ মুকলি নহয় .. । বহুতৰ ধাৰণা মতে তাই দেখাত বেয়া.. আপচু .. । যিটোৰ দুখে সাৱিত্ৰীক …ল’ৰা এজনে মণিক চাব আহি নাকচ কৰি যোৱাৰ পিছত… বহুদিনলৈকে কন্দুৱাই ।
এইবাৰ কিন্তু গাঁওৰ সিমূৰে থকা চেনী মিলটোত কৰ্মৰত মিলনে তাইক বিয়া পতাৰ একপ্ৰকাৰৰ ইচ্ছা প্ৰকাশ কৰিয়েই লগৰ দুজন বন্ধু লৈ সিহঁতৰ ঘৰলৈ অহাৰ কথা । প্ৰভুৱে কৃপা কৰিলেই হয় আৰু… !! নেদেখাজনক মনতে চিন্তিলে সাৱিত্ৰীয়ে ।
মনিয়ে খৰধৰকৈ চোতালখন মুচি .. সাউতকৈ গাটো তিয়াই আহিলে । তেলপিঠা কৰিবলৈ পিঠাগুৰি কেইটামান ৰাতিয়েই ভিজাই ৰাখিছিল… । সেইখিনি উলিয়াই আঙুলি মূৰেৰে মিঠা জোখৰ হ’ল নে নাই চাই … চৌকাত কেৰাহীটো পাতি দিলে । গৰম তেলত ডাঙৰ ডাঙৰকৈ পিঠা কেইটা ভাজি পেলালে তাই । পিঠা কেইটা দেখি মনটো ভাল লাগি গ’ল মণিৰ । বৰ সুন্দৰ কৈ ফুলি উঠিছে … । সদায়েই তাইক চাব অহা ল’ৰাবোৰৰ বাবে এইদৰেই অতি আগ্ৰহেৰে এইবোৰৰ আয়োজন কৰে মনিয়ে । নিজৰ বাবে নহ’লেও মাক দেউতাকৰ মনৰ শান্তিৰ বাবে তাইও মন কৰে… কইনা সাজি এখন ঘৰৰ বোৱাৰী হ’বলৈ । পিছে প্ৰতিবাৰেই এই আয়োজনবোৰ মূল্যহীন যেন হৈ পৰে .. । লুচী চাহ খাই… তাইক চাই ….ওলাই যোৱা ল’ৰাবোৰৰ পৰা দুনাই একো খবৰ নাহে । এইবাৰ পিছে তাইও আশাবাদী । মিলনে তাইক বিয়া পাতিবই ..।
পিঠাৰ খোলা খন সামৰি দেউতাকে দেওবৰীয়া বজাৰৰ পৰা আনি থোৱা নাৰিকল যোৰ ফালি .. ৰুকণিৰে ৰুকি ল’লে তাই।
গিলাচ এটাত ৰুকা নাৰিকল খিনি চেপি নাৰিকলৰ গাখীৰ খিনি আঁতৰাই থৈ লস্কৰা কেইটামান ও কৰি পেলালে ।
: বৌটি.. এইফালে আহ । গাখীৰ নাপাই দুখ কৰিছিলি নহয়… ল’ এইখিনি । আলহীক নাৰিকল গাখীৰতে চাহ কৰি খোৱাবি ।
মই জুহালৰ পৰা উঠিলো । তই ভাতত লাগ এতিয়া । আবেলিলৈ সৰু মইনাহঁতক পঢ়াব নোৱাৰিম নহয়, এতিয়াই পঢ়াই থৈ আহো । পৰীক্ষালৈ বেছি দিন নাই সিহঁতৰ … । আজি সৰুমইনাৰ মাকে টিউচন ফীজটোও দিয়াৰ কথা কৈছে । ভিতৰৰ বস্তু কিবা আনিব ল’গা আছে নেকি …?
চাদৰৰ আচলতে হাতখন মোহাৰি মাকক কথা কেইটা কৈ মণিয়ে মাকৰ মুখলৈ চালে ।
: নালাগে যা .. তই খালি দেৰি নকৰিবি । ভিতৰৰ সকলোবোৰ দেউতাৰে আনিয়েই থৈছে । সোনকালে আহি তই অলপ নিজকে সজাবি মাথোন । ছাঁই লাগি আঙুলিবোৰ তেনেই লেতেৰা দেখাইছে । আবেলিলৈ ল’ৰা এজন নাহিব জানো তোক চাবলৈকে …!
: হ’ব দে । সৰুতে চাগৈ খাটি সৰিয়হ তেল এগাল লেপি ৰ’দতে পেলাই থৈ জীয়েৰীক ক’লিমাই বনালি.. এতিয়া ল’ৰাই পছন্দ নকৰে বুলি চিন্তা কৰি মৰিছ’ কিয় ? তোৰ পেটৰ পৰা ওলোৱা ভন্টীহঁত যে ইমান বগা চিগা হ’ল মই নো কিয় নহ’লো … ? মোৰ আঙুলীবোৰ এনেকুৱাই । কি কৰিবি এতিয়া ।
মুখ খন ওন্দোলাই মণি ওলাই গ’ল । বুজে তাই মাকৰ মনৰ দুখবোৰ… । তাইৰ সুখৰ সংসাৰ এখনৰ সপোন যে মাকে সদায়েই দেখি আহিছে উপলব্ধি কৰে তাই । কিন্ত কি কৰিব…? সেই জীয়া সপোনটো যে তাইও জোলোঙাত ভৰাই সামৰি থ’বলগা হৈছে । তাইৰ দৰে আপচু জনী যে কাৰো পছন্দেই নহয় ।
সৰুমইনাৰ মাকে দিয়া টিউচন ফীজটোৰে পোনাৰ দোকানৰ পৰা ফেয়াৰ এণ্ড ল’ভলি এটা কিনি আনিলে তাই । ভনীয়েক দুজনীয়ে সেইবোৰ ঘঁহা দেখিছিল । কিজানি তাইকও অকণমান বগা দেখায়েই …! এপেকেট ক’লা টিপ ফোট ও ল’লে । পিছে বৰকৈ মন যায় তাইৰ …সেন্দুৰিয়া আলি এটাৰ তলতে ৰঙা ফোঁট এটা কপালত আঁকিবলৈ … ।
ঘৰলৈ আহি মাকে যতনাই দিয়া ভাত কেইটা খাই মনিয়ে বাৰীৰ পৰা তলত সৰি থকা কৰ্দৈ টেঙা দুটামান আনি কুৱা পাৰতে বহি ল’লে । মাকে কোৱামতে টেঙা দুটাৰে হাত ভৰি বোৰ ঘঁহি ঘঁহি ধুবলৈ ধৰিলে… । হয় ও মাকে এনেই কোৱা নাই … । এনেই ক’লি তাতে কি জানো চেক বোৰ লাগিল …? বৰ লেতেৰা হৈ আছে হাতদুখন ।
তাইক সেইদৰে দেখি কাষৰ ঘৰৰ ৰাজুয়ে জোকাব ধৰিলে…
: একেবাৰে ধকেধকাই গ’লি ঐ। আজি পিছে কোনোবা আহিব নেকি হা….। ইমান পালিচ মাৰিছ’ যে … । যিমানেই নামৰ’ .. এঙাৰ গাখীৰত ডুবালেও বগা নহয় বুজিছ’ । তই চে’ল নাযাৱ’ … । বাপেৰৰ বোজা হৈয়েই গেলিবি ঘৰতে ।
ক’ব মন গৈছিল মণিৰ … দস্তুৰমত বি.এ পাছ কৰি …. টিউচনৰে তাই নিজৰ খৰছ নিজেই উলিয়াই লৈছে .. । ভনীয়েক দুজনী আৰু মাক দেউতাকৰ অভাৱ অভিযোগবোৰৰ ও খবৰ ৰাখিছে । তাৰ দৰে বাপেকৰ টকাৰ ওপৰত বহি খোৱা নিকম্মা নহয় তাই… । কিন্তু নক’লে …। মুখেৰে একোৱেই নামাতিলে । কাৰণ সময় এতিয়া তাইৰ পক্ষে নাই ….. । আজিৰ তাৰিখত গৰ্ব কৰিব পৰাকৈ তাইৰ একোৱেই নাই । তাই যে আজি এজনী বয়সে ভাটি দিয়া আপচু ….অবিবাহিতা নাৰী ।
এনেকুৱা কথাবোৰে বিন্ধে মণিৰ বুকুখন । সৰুৰে পৰা বিন্ধি আহিছে … । লাহে লাহে গেলাই পেলাইছে বুকুখন… । দুখবোৰ নেদেখুৱাই তাই কাকো । নেদেখুৱাই… মাকজনীয়ে দুখ পাব বুলিয়েই ।
: ইয়ে ৰাম… এই কিয় এনেকুৱা হ’ল ? আপোনাৰ বাকী দুজনীৰ লগত আকাশ পাতাল পাৰ্থক্য দেই ….। এইক কোনে বিয়া পাতিব ? এইজনী দেখোন ঘৰ বুঢ়ী হৈ মৰিব’ ….. আদি বহুত কথা মাকে হজম কৰিব লগা হৈছে তাইৰ বাবে । গতিকে মনৰ দুখবোৰ মনিয়ে মনতে বান্ধি ৰাখিছে ।
আটা কেইটামান মাৰি , কেঁচা মটৰ .. আলুৰে ঘুগণি এখন বনাই সাৱিত্ৰীয়ে ঘনাই জপ’না মুখলৈ অহা যোৱা কৰি থাকিল । অপেক্ষাৰ সুগন্ধিময়তাই ভৰাই ৰাখিছে তেওঁৰ মনটো । মিলনে কথা দিয়া মতে মনিক বিয়া খন পাতিলেই গধুৰ বোজা এটাৰ পৰা মুক্ত হ’ব সাৱিত্ৰী । চকুৰ আগতে ছোৱালীজনীয়ে বয়সৰ দেওনা পাৰ কৰি গৈ আছে । মাক বাপেক হালে চাই থকাৰ বাদে একো কৰিব পৰা নাই ।
জন্ম , মৃত্যু , বিবাহ নেদেখাজনৰ হাততে আচলতে .. । কপালত যি লিখা থাকে, তাকে হয়.. । তথাপিও মাকৰ মনটোয়েহে বুজে … । ভনীয়েকহঁত…. ল’ৰা ছোৱালী কেইটা লৈ মাকৰ ঘৰলৈ আহিলে… মণিৰ যে বুকুখন উদং যেন অনুভৱ হয় সেইখিনি মাকৰ চকুত হে পৰে .. । তাৰোপৰি গোটেই কেইজনীৰ ভিতৰত মণিলৈ মাকৰ মৰম বেছি । মাকৰ মতে বাকী দুজনী ৰূপৰে হে ধুনীয়া , কিন্তু মণিৰ মনটো সিহঁত দুজনীতকৈ বেছি ধুনীয়া ….। মৰমৰ ছোৱালীজনীয়ে লুকুৱাই ৰাখিব বিচৰা দুখবোৰ সহিবলৈ টান হয় সাবিত্ৰীৰ .. ।
চিন্তাবোৰ গিৰীয়েকৰ আগত জনাওঁতে এদিন তেখেতে সাৱিত্ৰীক বুজাইছিল …
: বিয়াৰ যোগ নামিলে …. মণিৰ দৰা ঘৰতে ওলাব সাৱিত্ৰী…। ইমান ধৰফৰাই নাথাকিবাচোন । ভগৱানে স্ৰজিছে , তেওঁৱেই চকু মেলি চাব । দেখাই শুনাই চকুত লগা নহ’লেও আমাৰ মণিৰ দৰে গুনৱতী খুব কম ছোৱালী হে আছে দেই… জানি থ’বা । তাইক ও পছন্দ কৰিব এদিন কোনোবা এজনে । আৰু বিয়া নহ’লেই যেনিবা… আমি মাক বাপেক হাল আছো নহয় । তাই আমাৰ লগতেই থাকিব দেখোন ।
বাপেকৰ কথাত সাময়িক ভাৱে পতিয়ন গ’লেও দিন বাগৰাৰ লগে লগে সাবিত্ৰীৰ চিন্তাৰ ভাৰ খন ও বেছি গধুৰ হ’ব ধৰিছিল … । মণিৰ কপালত বিয়াৰ যোগ নো কেতিয়াকৈ নামিব …?
আৰু…. এদিন মিলৰ পৰা ঘৰলৈ উভটাৰ পথত হঠাৎ অহা দ’পদ’পিয়া বৰষুণ এজাকে মিলনক লৈ আহিছিল মণিৰ ঘৰলৈ….. । যেন ঈশ্বৰৰ ইচ্ছা… !!
বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈকে একো নাভাবি সোমাই দিছিল মিলন সিহঁতৰ ঘৰত । মণিৰ আতিথ্যই … মণিৰ সৰলতাই … মণিৰ ব্যৱহাৰে অচিনাকি মিলনক সেইদিনাই আকৰ্ষিত কৰিছিল ।
লাহে লাহে মিলন সঘনাই সিহঁতৰ ঘৰলৈ আহিব ধৰিলে । মণিক তাৰ ভাল লাগিব ধৰিছিল আচলতে.. । তাইৰ বুদ্ধিদীপ্ত দুচকু আৰু নিঃস্বাৰ্থ মৰমবোৰে টানি আনিছিল সেইখন ঘৰলৈ তাক ।
এদিন সি মুকলিকৈ মণিক বিয়া পতাৰ কথা অৱগত কৰিলে । মনি আচৰিত হ’ল । কি শুনিছে এইয়া তাই … । এজন পুৰুষ আগবাঢ়ি আহি তাইক বিয়া পতাৰ কথা কৈছে… ! তাই যেন নিজৰ কান দুখনকে বিশ্বাস কৰিব পৰা নাই … ।
: কি কৈছে এইয়া আপুনি ? মোৰ দৰে এজনীক বিয়া পতাৰ কথা ভাবিছে .. ?? আপুনি সঁচাই কৈছে নে …., নে আন দহজনৰ দৰে সপোন দেখুৱাই মোক পুনৰ আঘাত দিয়াৰ কিবা পৰিকল্পনা কৰিছে ।
: কিয় ভাবিছা সেইদৰে মণি । মই ঠিৰাং কৰি পেলাইছো তুমি মত দিলে মই তোমাক বিয়া পাতিম । তোমাৰ দৰে কাৰোবাক পত্নী হিচাৱে পালে মই নিজকে সৌভাগ্যবান বুলি ভাবিম । মোৰ ঘৰ খনক…., ৰুগীয়া মা জনীক…. তোমাৰ দৰে উপযুক্ত বোৱাৰী এজনীৰেই প্ৰয়োজন ।
মণি মৌন হৈ পৰিল ….। সুখত নে দুখত নুবুজিলে… মাত্ৰ দুগাল তিয়াই চকুপানীবোৰ বৈ আহিল তাইৰ.. ।
: মোৰ গাৰ বৰণক লৈ একো আপত্তি নাই আপোনাৰ… মিলন দা ..? মই যে আপচু বুলি হাঁহে সকলোৱে … । আপুনি মোক মনেৰে গ্ৰহণ কৰিছে নে সঁচাই …?? মোৰ বিশ্বাস হোৱা নাই ।
: কোনে ক’লে তুমি আপচু … তুমি বহুত ধুনীয়া মণি । তুমি মনেৰে ধুনীয়া … । তোমাৰ সৰলতাই তোমাক ধুনীয়া কৰি তোলে । তোমাৰ চকুৰ উজ্জলতাই তোমাক আৰু ধুনীয়া সজাই ……। মই ভাল পাই পেলাইছো তোমাক মণি ।
দুবাহুৰে আঁকোৱালি ধৰিলে মিলনে মণিক … ।
জীৱনত প্ৰথম বাৰ এজন পুৰুষৰ স্পৰ্শ …. মণি যেন সপোন জগত এখনত হে বিচৰণ কৰি আছে । হৃদয়ৰ গভীৰতাৰে অনুভৱ কৰি চালে তাই সেই স্পৰ্শক….. । সকলোৱে লেই-লেই চেই-চেই কৰা মণি আজি তাইৰ প্ৰেমত পৰা এজন সুঠাম সবল পুৰুষৰ বাহুবন্ধনত … । হঠাৎ অহা ইমানবোৰ সুখ সামৰি থবলৈকে যেন বুকুখনত এতিয়া ঠাইৰ অভাৱ ।
: মই মা দেউতাক ক’ম নে কথাবোৰ…?
মনিয়ে সুধিলে ।
: ক’বা । মই ও এতিয়াই কৈ যাম । আৰু অহা সোমবাৰেই মই দুজন বন্ধুৰ লগত আহি তোমাক আঙুঠি পিন্ধাম । মোৰ মা শয্যাশায়ী । আহিব নোৱাৰিব । আপত্তি নকৰিবা । মোৰো বয়স ৰৈ থকা নাই । মই আচলতে তোমাৰ দৰে ঘৰ ধৰা ছোৱালী এজনীৰ সন্ধানত আছিলো ইমান দিনে । তোমাক পালো । এতিয়া আৰু ৰৈ থকাৰ প্ৰশ্নই নুঠে । সোনকালেই তোমাক বিয়া পাতিম মই ।
মিলনে মণিৰ মাক দেউতাকক সকলোবোৰ জনালে । একমুহূৰ্ত্বৰ বাবে দুয়ো বিশ্বাস আৰু অবিশ্বাসৰ চাকনৈয়াত ওলমি ৰ’ল ।
সাৱিত্ৰীয়ে হুকহুকাই কান্দিয়েই দিলে … । তাইৰ মৰমৰ জীয়েক জনীৰ আপোন বুলি কোনোবা এজন থাকিব এতিয়াৰ পৰা .. তাইৰ ও নিজৰ এখন ঘৰ হ’ব … ভনীয়েক দুজনীৰ দৰে … । এইবাৰ সপোন নাভাঙিবা ঈশ্বৰ … । ভগৱানক কাকূতি কৰিলে তেওঁ ।
কথাবোৰ ভাবি থাকোতেই মিলন আহি সাবিত্ৰীৰ পদূলি মুখত । মানে এতিয়া তেওঁলোক নিশ্চিন্ত হ’ব পাৰে…. । মিলনে সচাঁকৈয়ে মণিক বিয়া পাতিব… !! মিলনক পদূলি মুখত দেখি হে ইমান পৰে সাৱিত্ৰীৰ মনত থকা প্ৰশ্নবোধক চিনবোৰ মোচ খাই গ’ল ।
বন্ধু দুজনৰ সৈতে মিলনক আদৰি সাদৰি সাৱিত্ৰীয়ে ভিতৰলৈ লৈ গ’ল । দেউতাক ওলাই আহি তিনিওৰে লগত কথা পতাত ব্যস্ত হ’ল ।
মনিয়ে আইনাৰ সন্মুখত ৰৈ… গোন্ধ তেল অলপ লগাই আটি আটি বেণু এডাল গাঁঠি ল’লে… । দীঘল বেণুডাল তাইৰ পিঠিখনত নাচি নাচি পৰি থাকিল । আজি তাইৰ মনটোৱে ও নাচি আছে দেখোন । সুখবোৰত কাৰো চকু নপৰিলেই হ’ল আৰু …. ।
আকাশী নীলা কপাহী কাপোৰযোৰ ভালদৰে মেৰিয়াই আকৌ এবাৰ আইনা খন চালে তাই .. । কেতিয়াও নিজকে ধুনীয়া নেদেখা মণিয়ে কিন্তু আজি নিজকে বৰ ধুনীয়া দেখিলে । পোনাৰ দোকানৰ পৰা অনা ফেয়াৰ এণ্ড লভলি ক্ৰিমটোলৈ মনত পৰাত তাৰো অলপ গাল খনত লগাই চালে । সন্তুষ্ট নহ’ল পিছে… । কিবা যেন ভাওনা কৰিব যোৱা ভাওৰীয়াটো হে…. । তাইৰ নিজৰ গাৰ ৰংটোৱেই ভাল আচলতে । মিলনেটো তেনেকৈয়ে তাইক পছন্দ কৰিছে… । মুখ খন ধুই আহিলগৈ মনিয়ে… ।আশা পূৰণৰ ব্যৰ্থ চেষ্টাত মানুহে নিজস্বতাবোৰ এৰি দিব নালাগে আচলতে । তাই যেনেকুৱা, তেনেকৈয়েই থাকিব । ভগৱানে যি দৰে স্ৰজি পঠালে … সেই ৰূপতেই মিলনক পাইছে তাই .. । ইয়াতকৈ আৰু কি লাগিছে…..!!!!
মাক জীয়েক দুয়ো চাহ জলপানেৰে আলহীক অপ্যায়ন কৰিলে । বন্ধু দুজনে সকলোখিনি মিলনৰ মুখেৰে গম পাইছিলেই । মণিক বন্ধু পত্নী হিচাবে মানি ল’বলৈ সেইবাবে তেওঁলোকৰ অসুবিধা নহ’ল । বন্ধুৰ পছন্দক তেওঁলোকে না পছন্দ কৰিব নোৱাৰে ।
সকলোৰে উপস্থিতিত… মিলনে মণিৰ অনামিকা আঙুলিত আঙুঠি এটা পিন্ধাই দিলে । বৈবাহিক জীৱনৰ বাটত প্ৰথমটো খোজ পেলাই দুয়ো আৱেগিক হৈ পৰিল ….। মাক বাপেকে …….দুয়োকে অন্তৰ উজাৰি আশীৰ্বাদ দিলে । বুকুৰ মাজত পুহি ৰখা … কিমান যে গধুৰ শিল এচতা আঁতৰাই পেলাবলৈ সক্ষম হ’ল আজি তেওঁলোক ।
তাৰ অলপ দিনৰ পিছতেই মণি আৰু মিলনৰ সামাজিক ভাৱে বিয়া হ’ল । বিয়াৰ দিনাও কইনাৰ ৰূপক লৈ বহুতে নানান কথা কব ধৰিলে ।
: কইনা যে মিলনৰ লগত অলপ ও নিমিলিল দেই… । ইমান ধুনীয়া ল’ৰাটোয়ে এইজনীক হে পালে নে ..? বগা পাটৰ সাজযোৰে যে ইমান বেয়া দেখাইছে কইনাক …, ল’ৰাই কিন্তু বৈদ্য ঠগ খালে দেই ……
হাজাৰটা কথা মণিৰ কাণত পৰিল । এইবাৰ কিন্তু কথাবোৰে তাইৰ বুকুৰ ঘাঁ দোখৰত আঘাট কৰিব নোৱাৰিলে…. । সৰুৰে পৰা শুনি শুনি ডাঙৰ হোৱা এই কথাবোৰ মিলনৰ হাতত হাত থৈ নতুন জীৱনলৈ আগুৱাই আহোতেই যেন অৰ্থহীন হৈ পৰিল । মিলনে শিৰত আঁকি দিয়া সেন্দুৰক’নে কথাবিলাক আওকাণ কৰিব সাহস দিলে তাইক । এতিয়া তাইক মানুহে আপচু বুলি নহয়…. মিলনৰ পত্নী বুলি চিনি পাব । এসোঁতা সুখ চকুৰ কোনেৰে বৈ আহিল মণিৰ … ।
প্ৰথম অৱস্থাত শাহুয়েকে ও আপোন কৰি ল’ব পৰা নাছিল মণিক । কিন্তু সময়ৰৰ লগে লগে সকলো সলনি হ’ল । মণিৰ সৰলতাই ….শাহুয়েকৰ ভাৱধাৰা সলাই পেলালে ।
কাৰোবাক অন্তৰেৰে ভালপালে… যেনেকুৱাই নহওঁক, ধুনীয়াই দেখা যায় আচলতে । বুজিলে মনিয়ে .. । আজি তাইও কাৰোবাৰ চকুত ধুনীয়া … ।
::::::::::::::::::::::::::::::::::::
দুবছৰৰ মূৰত মণি…. এজনী ছোৱালীৰ মাক হ’ল । কণমানি পৰিজনীলৈ প্ৰথম চকু যাওঁতেই আনন্দই নধৰা হ’ল তাইৰ । তাইৰ গাৰ ৰং মাকৰ দৰে নহয় দেখোন ..। গুলপীয়া পৰিজনীক বুকুত সাৱটি তাই কৈ উঠিল ….
:মোৰ গোসাঁনীজনী .. মায়ে সৰুৰে পৰা পাই অহা অৱজ্ঞা , তাচ্ছিল্য বোৰৰ পৰা মুক্ত তুমি । মনেৰেও ধুনীয়া হ’বা দেই …. ।
সমাপ্ত…