-পুষ্পাঞ্জলী শিৱম শৰ্মা |
[ “কথা ভালকৈ কব জানিব লাগে কিয়?” ]
ভালকৈ কথা কোৱা মানে কি?
কথাবোৰ যেতিয়া আমি পাতো বা যেতিয়াই অইন এজনক উদ্দেশ্য কৰি বাক্য কিছুমান প্ৰয়োগ কৰো ,আমি আটায়ে অহৰহ যদি এইটো কথা মনত ৰাখো যে-
“এদিনটো মাটিৰ লগত নতুবা পঞ্চভূতৰ লগত আমি সকলোৱেই মিলি যাম আৰু জগতত যদি কিবা ৰৈ৷যাব সেয়া হৈছে আমাৰ “আনক নিক্ষেপি বা উদ্দেশ্যি কোৱা কথাবোৰহে”…. ৷
“জগ মে ৰহ যায়েগা প্যাৰে তেৰে বোল”(হিন্দী গীত এটাত পাইছিলো) যাৰবাবেই সময়ে সময়ে আমি বিখ্যাত লোকৰ উক্তি আৰু বানীবোৰক অনুসৰণ কৰো ৷জীৱনত সেইবোৰক মানি চলিবলৈ যত্ন কৰো ৷বিখ্যাত আৰু মহান লোকসকলৰ উক্তিক অনুসৰণ নকৰা লোক বোধহ’য় নোলাব ৷ নহয় জানো?
সচাকৈয়ে কৈ যোৱাজনে কিমান সুন্দৰকৈ কৈ গৈছে ৷ কিন্ত মুৰুখমতি মানৱে এইটো কাহানিও কল্পনা নকৰে যে জীৱনৰ জীয়াই থকা দিনকেইটাত আপুনি যিমানেই যুক্তিবাদী নহওক কিয় নতুবা যিমানেই বাকপটু নহওক কিয় ,নাইবা যিমানেই দম্ভালি মাৰি ,সেয়া দুদিনীয়া টকাপইচা , অৰ্থৰ অহংকাৰত পৰি যদি অন্য এজনৰ আগত কথাৰে আঘাট কৰিছে সেয়া কেতিয়াও মচ নাখায় ৷ শব্দই ব্ৰহ্ম আৰু ব্ৰহ্ম অমৰ৷
গতিকে দৈনন্দিন জীৱনত আপোনাৰ বা আমাৰ সামাজিক স্টেটাছ যিয়েই নহওক,আপুনি নিজকে যিমানেই ডাঙৰ অথবা প্ৰভাবশালী বুলি নাভাবে কিয় কথা কওতে সাৱধান হোৱাটো কিন্ত অতি প্ৰয়োজন ৷
সময় বহুত শক্তিশালী আৰু এই সময়ে কিন্ত সকলোৰে লগত উচিত ন্যায়েই কৰে ,পাৰ্থক্য মাথো কাৰোবাৰ দুদিন আগত আৰু কাৰোবাৰ দুদিন পাছত ৷ সময়ে শিক্ষা দিয়ে কিন্ত এইটো জনমতেই ৷
আজি আপুনি ধনী মানী ঐশ্বৰ্যশালী মই দুখীয়া দীন,কিন্ত ইতিহাস উদাহৰণ আছে দম্ভ আৰু অহংকাৰলিপ্ত কথাবোৰেই এদিন নিজৰ বাবেই কাল হৈ পৰে ৷যেনে মহাভাৰতৰ “দুৰ্যোধন” ৷ কিদৰে কথাৰ দম্ভালি আৰু অহংকাৰৰ বাবেই সকলো ঐশ্বৰ্য সম্পত্তি আৰু ৰাজপাট পায়ো নিঃশেষ হৈছিল এয়া কালজয়ী এক উদাহৰণ আজিও ৷
আমাৰ সমাজত এচাম ব্যক্তি এনেকুৱাও আছে যে নিজৰ ব্যক্তিত্ব বা অস্তিত্ব বুলিবলৈ বিশেষ একো নাথাকে তাৰ পিছতো সৌভাগ্যক্ৰমেই হওক তেওঁ কেতিয়াবা কিছুমান ভাল মানুহৰ জীৱনৰ সংগী হৈ পৰে ৷সমাজৰ প্ৰতিস্থিত ব্যক্তি কিছুমানৰ লগৰীয়া হ’য় । ভাল এটা সামাজিক প্ৰতিস্ঠা থকা সেই ব্যক্তিৰ সম্পৰ্কীয় হোৱাৰ অজুহাততে সেই সম্পৰ্কবোৰৰ নাম লৈয়ে অহংকাৰত ডুবি নিজকে নাও বুৰিলেও টিঙৰ পৰা ননমা অৱস্থান এটাত বিৰাজমান কৰি ৰাখে ৷ যেনে ধৰক কাৰোবাৰ গিৰিয়েক,খুৰাক, মাহী, পেহী হ’য়তোবা ইঞ্জিনিয়াৰ, ডক্টৰ ইত্যাদি সামাজিক প্ৰতিস্থিত সন্মানিত পদত থাকে আৰু তেওঁলোক কাৰোবাৰ পত্নী ভাই ভনী আদিৰ সম্পৰ্কবোৰৰ দোহাই দিয়েই নিজক কিছুমান দম্ভালি মৰা কথাৰে আৱৰি কথাই কথাই নিজৰ চৰিত্ৰহে উদঙাই দিয়াৰ অলেখ উদাহৰণ চৌদিশে সহজলভ্য ৷ নিজস্বতা বুলিবলৈ সেইসকল লোকৰ বিশেষ একো নাথাকিলেও কিন্ত অনুভৱ নকৰে ৷ এই সকল লোকৰ এনে মানসিকতালৈ সচাকৈয়ে পুতৌ জন্মে ৷ এই ধৰণৰ কথা কোৱা মানুহ বিৰক্তিদায়ক হৈ পৰে আনৰ বাবে ৷
মিঃ ব্ৰায়ানে কৈছিল ” বাক্পটুতা তাকেই কোৱা হ’য় যে বক্তাই যি কয়,তাক যেতিয়া জানিয়ে কয়৷ জ্ঞানেই ইয়াত শেষ কথা নহ’য় শেষ কথা নিৰ্ভৰ কৰে বক্তাই শ্ৰোতাক কিদৰে একাত্ম বা একাগ্ৰ কৰিব পাৰিছে তাৰ ওপৰতহে ৷”আপুনি আপোনাৰ সম্পৰ্কৰ মানুহৰ লগত কিভাৱে আৰু কিদৰে কি মানসিকতাৰে কথা কয়,সময়ত সিয়েই নিৰ্ধাৰণ কৰে আপোনাৰ আৰু তেওঁৰ সম্পৰ্কৰ গভীৰতা ৷
আন্তৰিক হোৱাটো প্ৰয়োজন যেতিয়া আমি কথা পাতো ৷ আপুনি যিবোৰ কথা অইনজনক নিক্ষেপ কৰি কব তাৎক্ষণিক ভাৱে নিজৰ মনকো সেই কথাটো সুধি যাব ,যদি আপুনি তেওঁক কোৱা কথাষাৰ আপোনাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’লহয় ৷ এক চেকেণ্ডৰ বাবে নিজকো আওতাত ৰাখি চাওক আৰু প্ৰশ্ন কৰক আপুনি নিক্ষেপ কৰা কথাষাৰ যদি আপোনাকে কোনোবাই ক’লেহেতেন?
কেতিয়াবা নিজকো সুধি চাওক আপুনি যাৰ লগত কথা পাতিছে কি ভাৱত কথা পাতিছে?নিশ্চয়কৈ সমুখৰ মানুহজনৰো বিবেক বুদ্ধি আছে আৰু আপুনি কোৱা ধৰনে তেও কথাখিনিত একমত নহবও পাৰে৷কি ঠিক তেওঁৰ হ’য়তো এক বিপৰীত দৃষ্টিভংগীও থাকিব পাৰে আৰু কিজানি তেওঁৰটো আপোনাতকৈ সঠিক বুলিহে পৰিগণিতও হ’ব পাৰে ৷গতিকে কথাবোৰ যেতিয়া আমি সমুখৰ মানুহজনক কও কেতিয়াও আপোনাৰ কথাত দম্ভালি বা আপোনাৰ টোৱেই চিৰন্তন আৰু টলাব নোৱাৰ ধৰনৰ মানসিকতা ৰাখি নকবলৈ চেস্টা কৰিব লাগে ৷যেতিয়া এনেকুৱা কিছুমান চিন্তা আপোনাৰ লগত থাকিব আপুনি সাৱলীল বক্তা এজন হ”ব পাৰিব ৷কথা কোৱটোও এক ক’লা ,কথা কওক কিন্ত শিস্টভাৱে ৷ই এক মনোজাগতিক কলা বুলিও কব পাৰি যিয়ে নেকি নিৰ্ধাৰিত কৰিব পাৰে কোনোবাএজনৰ বাবে আপুনি প্ৰিয় নে অপ্ৰিয় ৷
কথা কোৱাৰ আৰম্ভনি অইনৰ লগত “আপুনি” সৰ্বনাম ব্যৱহাৰেৰে কৰিলে একাত্মবোধৰ উদয় হ’য়,কথাবোৰ শিস্টভাৱে আগুৱাই নিয়াত সহায়ক হ’য় ৷
আপুনি যেতিয়া কথা পাতিব অনুগ্ৰহ কৰি মন কৰিব আপোনাৰ কথাবোৰত যাতে নিহিত থাকক যুক্তি,পৃথিৱীৰ প্ৰেম ,মানুহে মানুহৰ প্ৰতি সন্মান,সহানুভূতি ,স্ৱাধীনতা আৰু আত্মসন্মান ৷
কথা পাতক আৰু বহল পৃথিৱীৰ লগত একাত্ম হ’বলৈ অহৰহ প্ৰচেষ্টা কৰি যাওঁক ৷
পৃথিৱী খন সুন্দৰ আৰু ৰঙীন হ’ব ৷ আমিতো জানোৱেই…..
“কথাত কটা যায় আৰু কথাটেই বটা পায় ৷” অহংকাৰীৰ দম্ভালি মৰা কথা নিশ্চয়কৈ কোনেও মনত নাৰাখে না সেই ব্যক্তিবিশেষক না তাৰ কথাবোৰক ৷মাত্ৰ আওৰাব মানুহে মধুৰ নিৰ্মল সুন্দৰ আৰু সাৱলীল মিঠা কথাবোৰকহে আৰু সেই বক্তাসকলক ৷