-ডা° সুকৃতি চৌধুৰী |
গৰম দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগেই আমৰো চিজন গ’ল৷ মোৰ নিচিনা অনাথ কাৰণেই কাৰোবাৰ দৃষ্টিত”ব্যৱহাৰ নজনা বেকৱাৰ্ড অভদ্ৰ ছোৱালী ” ৰ গছত উঠি কলি আম পাৰি নিমখ জলকীয়া সানি খোৱাটো আছিল বিৰাট চখ৷ অ হয়____এবাৰ কিয় হাজাৰবাৰ ক’ম মই____মই নলবেইৰা গাওঁলীয়া ছোৱালী____গৌৰৱ কৰো মোৰ প্ৰাণৰ ঠাই খন লৈ_____গৌৰৱ কৰো মোৰ মোৰ হিয়াৰ আপোন মানুহবোৰৰ সৰলতাক লৈ___আপুনি মোক হাজাৰ ঠাট্টা-মস্কৰা কৰক____মই এই পৰিচয় লৈয়েই আছিলো, আছো আৰু শেষ উশাহ পৰ্যন্ত থাকিম____
আমৰ বিষয়ে লিখা মোৰ পুৰণি লেখাটো যদি পঢ়ে মই বৰ কৃতাৰ্থ হ’ম৷
আম
====
আপুনি আম খাই ভাল পায় নে ? ল’ৰা-বুঢ়া, পুৰুষ-নাৰী, ধনী-দুখীয়া সকলোৰে অ’তিশয় প্ৰিয় ফল –আম ৷ ভাৰতবৰ্ষত উপলব্ধ 911 প্ৰকাৰৰ আম দেশৰ প্ৰতিটো কোণতেই অ’তিশয় আগ্ৰহেৰে খোৱা হয় ৷ সিন্ধ্ৰী আৰু কাশ্মীৰী সকলে আমক “অপ্প”, গোৰখা সকলে “আপ”, কুমায়ুণৰ পাহাৰীয়া অঞ্চলত “আম”, তামিলত “মাম-বড়হম” আৰু ” মাংগাই”, অন্ধ্ৰ প্ৰদেশত “মিমিডি”, কেৰেলাত ” মাংগা” আৰু পৰ্তুগীজ সকলে “মংগা” পাঠান সকলে “নফৰক” বুলি কয় ৷
আম এবিধ সুপ্ৰাচীন ফল ৷ ডিকেণ্ডেলীয়ে এটা অধ্যয়নত কয় যে মানুহে 4000 বছৰৰ আগৰে পৰা আমৰ খেতি কৰি আহিছে ৷ লিখিত আছে যে খৃষ্টপুৰ্ব 327 চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ অহাৰ সময়ত সিন্ধু উপত্যকাত আমৰ বাগিচা দেখি অ’তিশয় মোহিত হৈছিল ৷ খৃষ্টপুৰ্ব 110 ত নিৰ্মিত ভাৰহুটৰ বৌদ্ধস্তুপৰ দেৱালত আমৰ চিত্ৰ দেখা যায় ৷ বৌদ্ধ ইতিহাসকাৰ ফাহিয়েনে লিখি গৈছে যে ভগৱান বুদ্ধদেৱক আম্ৰঅধৰীকাই হেনো এখন আমৰ বাগিচা উপহাৰ দিছিল যাতে ইয়াৰ ছাঁত বহি শান্তিৰে ধৰ্মচৰ্চা কৰিব পাৰে ৷ কেতবোৰ সমকালীন গ্ৰন্থত এইবুলি উল্লেখ আছে যে হিউয়েনচাঙেহে হেনো আম সৰ্বপ্ৰথমে ভাৰতৰ পৰা আন দেশলৈ নিছিল ৷ অপ্ৰাসঙ্গিক যদিও কওঁ> বৌদ্ধ ধৰ্ম সংক্ৰান্তীয় কেতবোৰ কিতাপত “ধৰ্ম” শব্দটোৰ উল্লেখ “ধম্ম” বুলিহে পাইছো দেই ৷ এই বিষয়ে পিছত লিখিবলৈ মনত এটা ইচ্ছা ক্লিক্ হৈ গ’ল ৷ যি কি নহওঁক, আজি আমৰ কথাহে ক’ম ৷ মোগল সম্ৰাট বাবৰে তেওঁৰ অমৰ কীৰ্তি ” তুজুক-ই-বাবৰী” নামৰ গ্ৰন্থত আমক সৰ্বশ্ৰেষ্ঠ ফলৰ আখ্যা দি গৈছে ৷ চৈধ্য শতিকাত লিখিত আমীৰ খুচৰুৰ লিখনিবোৰৰ মাজত আমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফল আৰু “বাগ কী শ্বান” বুলি কোৱা হৈছে ৷ ফ্ৰান্সৰ পৰ্যটক বৰ্নিয়াৰ 12 বছৰ মোগল সম্ৰাট ঔৰংগজেৱৰ ব্যক্তিগত চিকিৎসক আছিল ৷ বৰ্নিয়াৰে 1663 খৃষ্টাব্দত এখন ভ্ৰমণ বৃতান্ত লিখে ৷ এই সোঁৱৰণত তেওঁ উল্লেখ কৰিছে যে ভাৰতত পোৱা আমৰ দৰে সোৱাদভৰা মিঠা একো বস্তুয়েই পৃথিৱীৰ ক’তো দেখা নাই ৷ ষোল্ল শতিকাত মোগল সম্ৰাট আকবৰে বিহাৰৰ দ্বাৰভাংগা নামে ঠাইত এক লাখ আমগছৰ এখন বাগিচা লগাইছিল বুলি জনা যায় ৷ “আইন-ই-আকবৰী” গ্ৰন্থত আমৰ বহুতো প্ৰসংগ উল্লেখ আছে ৷
ভাৰতৰ পৰা আমৰ আমদানি কৰা প্ৰথমখন বিদেশী দেশ মালয়েছিয়া আছিল বুলি ইতিহাসে কয় ৷ 15 শতিকাত ভাৰতৰ পৰা নিয়া আম ফিলিপাইন্সত সফলতাৰে ৰোপণ কৰা হয় ৷ পৰ্তুগীজ সকলে গোৱাৰ পৰা নিয়া আম পুব আফ্ৰিকাত সফল ৰোপণ কৰে ৷ 1885 খৃষ্টাব্দত ফ্লোৰিডালৈ ভাৰতৰ পৰা নিয়া আমৰ বীজ ৰোপণ কৰাৰ চেষ্টা কৰা হৈছিল যদিও এজোপাও আম নগজিল ৷ ইয়াৰ পিছত 1888 খৃষ্টাব্দত কোলকাতাৰ পৰা 35 ডাল আমৰ গছ শিপাৰে সৈতে ফ্লোৰিডালৈ নি ৰোপণ কৰে আৰু সফল হয় ৷ আজি ফ্লোৰিডাৰ আমৰ বাগিচা 2800 হেক্টৰ মাটিত বিস্তৃত আৰু বুজন পৰিমাণৰ আমৰ উৎপাদন হয় ৷ আনহাতে 1825 খৃষ্টাব্দত ভাৰতৰ পৰা ইজিপ্তলৈ আমৰ পুলি আৰু বীজ নি সফল ৰোপণ কৰা হয় ৷ এতিয়া ইজিপ্তত 3200 হেক্টৰ মাটিত আমৰ বাগিচা আছে আৰু বৃহৎ পৰিমাণৰ আমৰ উৎপাদন কৰা হয় ৷
কিন্ত আমৰ আদিভূমি কি ? অসম ৷ হয় ঠিকেই পঢ়িছে অসম ৷ শ্ৰী ইন্দ্ৰজিৎ লালৰ দ্বাৰা সম্পাদিত Indian Horticulture নামৰ আলোচনীখনৰ কোনো এটা সংখ্যাত মই এইবুলি পঢ়িবলৈ পাইছিলো যে অসম আৰু বাৰ্মাৰ অৰণ্যই হ’ল আমৰ আদিভূমি ৷ ইয়াৰে পৰাই হেনো প্ৰাচীন কালতেই আমৰ বীজ সংগ্ৰহ কৰি সংকৰ কৰা পদ্ধতিৰে উন্নতমানৰ আমৰ জাত তৈয়াৰ কৰি এইবিলাক সিন্ধু সভ্যতাৰ বিভিন্ন ঠাইত ৰোপণ কৰিছিল ৷ পিছলৈ উত্তৰ ভাৰত আৰু তাৰ পিছত দক্ষিণ ভাৰতলৈ বিয়পিছিল ৷ মই অকপটভাৱে স্বীকাৰ কৰো যে আমৰ আদিভূমিৰ বিষয়ে ইয়াতকৈ অধিক একো নাজানো ৷ সমগ্ৰ বিষয়টোৰ ওপৰত বিস্তাৰিত আৰু গহন অধ্যয়নৰ দৰকাৰ আছে ৷ আশাকৰো আগ্ৰহী সকলে মন দিব ৷
প্ৰাকৃতিক ভাৱে হোৱাৰ বাদেও বিভিন্ন ৰকমৰ সংকৰ পদ্ধতিৰে উৎপাদন কৰা আমৰ প্ৰকাৰ বৰ্তমান প্ৰায় 4 হেজাৰ ৷ ভাৰতত 911 প্ৰকাৰৰ আম পোৱা যায় বুলি প্ৰথমেই কৈছো ৷ কিন্ত সকলো প্ৰকাৰৰ আমেই সুস্বাদু নহয় ৷ সুস্বাদু আমৰ প্ৰকাৰৰ ভিতৰত —আলফান্সো, বম্বে গ্ৰীণ, লেঙেৰা, চফেদা, দশহৰী, চৌশা, সেন্দুৰী, মালিহাবাদী, মালদহী, হেমলেট, কালীপৰী, গোপালভোগ আদি প্ৰধান ৷ পাশ্চাত্যৰ দেশত কেৱল আলফন্সো আমেই অধিক পচন্দৰ আৰু অপ্ৰতিদ্বন্দ্ব্বী ৷
ভাৰতৰ 20 লাখ হেক্টৰ মাটিত প্ৰতিবছৰে গড়ে প্ৰায় 4,41,620 টন আম উৎপাদন হয় ৷ আমৰ অধিক উৎপাদন হোৱা ঠাইবোৰৰ ভিতৰত পুবৰ মালদা, দ্বাৰভাংগা, উত্তৰৰ ভাগলপুৰ, চাহাৰণপুৰ, মলিহাবাদ আৰু দক্ষিণৰ বিশাখাপট্টনম, চিত্তোৰ, ৰত্নাগিৰি, বহলগাম আদি ঠাইত ব্যাপকভাৱে আমৰ উৎপাদন কৰে ৷ ভাৰতত সকলো প্ৰকাৰৰ ফল উৎপাদনৰ বাগিচাভূমিৰ 60% ভূমি কেৱল আমৰেই বাগিচা ৷
এজোপা আমগছ 60 বছৰৰ পৰা এশ বছৰলৈকে জীয়াই থাকে ৷ কলম দি উৎপন্ন কৰা আমগছৰ পুলিত 4 বছৰৰ পৰা দহ বছৰৰ ভিতৰত আম লাগে ৷ প্ৰথমে 50 ৰ পৰা 75 টালৈকে আম লাগে আৰু দহ বছৰৰ পুলিত 300 ৰ পৰা 500 আম লাগে ৷ আলফান্সো জাতৰ আমগছত দহ বছৰৰ পিছত 1000 ৰ পৰা 1500 আম লাগে ৷ 20 বছৰ পিছত এনে আম গছত 2000 ৰ পৰা 4000 আম লাগে ৷ সাধাৰণভাৱে এজোপা বেমাৰ নলগা আৰু উপযুক্তভাৱে পালিত পুৰঠ আমগছত 3000 লৈকে আম লাগে ৷
আমত প্ৰচুৰ পৰিমাণে ভিটামিন A আৰু ভিটামিন C থাকে ৷ আমৰ গুটি প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম আৰু ফচফৰাচৰ ভৰাল ৷ বহুঠাইৰ মানুহে আমৰ গুটি শুকুৱাই পিচি খাদ্য আৰু ঔষধত প্ৰয়োগ কৰে ৷ আমৰ গুটিৰ পৰা তেলো বাহিৰ কৰে আৰু এই তেল বিভিন্ন ঔষধত লাগে ৷
কোনো কোনো ঠাইত আমৰ গুটি শুকুৱাই ইয়াৰ দুটুকুৰা কৰে ৷ তাৰ পিছত ফনীৰ দৰে দাঁত বনাই লয় ৷ ইয়াৰ দ্বাৰা মুৰ ফনিয়াই মুৰৰ শুকান ছাল উঠে আৰু উফি নোহোৱা হয় বুলি বিশ্বাস কৰে ৷
নেপাল আৰু ভূটানত আমৰ গুটিৰ ওপৰ পিনে ফুটা কৰি ইয়াত পাৰা ভৰাই ফুটাটো মমৰে বন্ধ কৰি তাৰ পিছত সৰবৰাহ কৰে ৷
আমৰ পাতৰ মালা মাংগলিক অনুষ্ঠানত লাগে ৷ আমডালি যজ্ঞ আদিৰ ধৰে ধৰ্মীয় অনুষ্ঠানত লগায় ৷
আমৰ পৰা তৈয়াৰী কৰা মুৰব্বা, চৰবত, টফী, পাপৰ, খাদ্যত দিয়া পাউডাৰ, চাটনি বনায় ৷
কেচা আম সিজাই পিতিকি মিঠা আৰু নিমখীয়া “পন্না” বনায় ৷
কেচা আম টুকুৰা টুকুৰা কৈ কাটি গুৰৰ সৈতে সিজাই সিজাই “গুৰুম্ভা” বনায় ৷
আনহাতে পন্নাৰ লগত নিমখ, জালুক আৰু ক’লা নিমখ মিহলাই শুকানকৈ পিহি পিহি “আমচুৰ ” বনায় ৷
ৰুটিৰ সৈতে পন্না বা গুৰুম্বা বা আমচুৰ খোৱাৰ কথা ভাবি ভোকেই লাগি গ’ল ৷
সৰুতে এজাক সমনীয়া ছোৱালীৰ সৈতে আমৰ কলি সৰুকৈ কাটি নিমখ জলকীয়া সানি খোৱাৰ কথাটো মনত পেলায়েই মুখৰ পানী পৰি গ’ল ৷ হয়তো জীৱনত আকৌ এবাৰ কেতিয়াও এনেকৈ খাবলৈ নেপাম ৷
আমৰ বিভিন্ন ধৰনৰ আচাৰৰ কথা নিলিখো ৷ মই জানো আপোনাৰ ঘৰতো দুবটলমান নিশ্চয় বনাই থৈছে ৷
আমক লৈ বহুতো সাধুকথা আৰু পৰম্পৰাও আছে ৷ আপুনি যদি ঘৰত বনোৱা আমৰ আচাৰ খুৱায় তেনেহ’লে ভৱিষ্যতে লিখিম ৷ আজিলৈ নমস্কাৰ