• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

আপুনি সুখীনে?

OPINION

by Pinak Pani Baruah
November 19, 2024
in Opinion, Special Report
Reading Time: 4 mins read
0
ল’ৰালিৰ ধেমালি!
Share on FacebookShare on TwitterShare on LinkedIn

আপুনি সুখীনে?

পিনাক পাণি বৰুৱা

Pinak Baruah
পিনাক পাণি বৰুৱা

নিজকে সুখী কৰি ৰাখিবলৈ আমি বহুত কিবাকিবি কৰোঁ। কিতাপ পঢ়ো, গান শুনোঁ, চিনেমা চাওঁ, ফুৰিবলৈ যাওঁ, ভাল পোৱা বস্তু খাওঁ, শৰীৰ অনিষ্ট কৰা বস্তুৰো সহায় লওঁ, তথাপি কিন্তু স্থায়ী ভাবে সুখক নিজৰ কৰি ৰখাত সফল নহওঁ।

ভাল কিতাপ এখন পঢ়িলে কেইদিন মানলৈ তাৰ প্ৰভাৱ আমাৰ ওপৰত থাকে সঁচা  কিন্তু সেই প্ৰভাৱ আঁতৰিলেই কিতাপ পঢ়াৰ অভ্যাস থকা মানুহক পুনৰ এখন ভাল কিতাপৰ প্ৰয়োজন হয়। সেই কিতাপখন আকৌ আগৰ কিতাপখনৰ সম পৰ্য্যায়ৰ বা তাতকৈও ভাল হ’ব লাগিব। আগৰ কিতাপখনে দিয়া আনন্দৰ সমান আনন্দ পিছৰ কিতাপখনে নিদিলেও মন সমানে উৎফুল্লিত নহ’ব।

সুখ
Hollywood action movies; Image: Powershift

চিনেমাৰ ক্ষেত্ৰতো একেই, হলিউডৰ ভাল ছবি চোৱাৰ অভ্যাস কৰি  ঘোচা মাৰিলে দহটা মানুহ উৰি যোৱা হিন্দী বা দক্ষিণৰ চিনেমা চাই অলপো ৰস পোৱা নাযায়, মাল্টিপ্লেক্সত চাবলৈ গ’লে টকা কেইটা পানীত পৰা যেন লাগি উল্টা মন বেয়াহে লাগিব। আকৌ এটা সময়ত হলিউডৰ ছবি চাইও আমনি লাগিব তেতিয়া আমি অন্য দেশৰ ভাল ছবি চাবলৈ বিচাৰিম বা বিচাৰোঁ।

এদিন সেইখিনিয়েও আমনি লগাব তেতিয়া অন্য কিবা ভাল চিনেমা/চিৰিজ বিচাৰিম। মুঠতে আগতে চোৱাতকৈ নতুনকৈ চোৱাবোৰ বেছি ভাল পাব লাগিব তেতিয়াহে আমি লাভ কৰা সুখৰ পৰিমানতো সমান হ’ব। চিনেমা আৰু কিতাপৰ মাজত এটা ডাঙৰ পাৰ্থক্য হৈছে যে ভাল কিতাপৰ সংখ্যা ভাল চিনেমাৰ সংখ্যাতকৈ বহুত বেছি।

ভাল চিনেমা বা ৱেবচিৰিজ চাই চাই এটা সময়ত আমি আমুৱাই যোৱাৰ পৰ্য্যায় পাবগৈ পাৰো কিন্তু কিতাপৰ ক্ষেত্ৰত তেনে এটা স্তৰ পোৱাতো কঠিন। চিনেমা বা ৱেব চিৰিজ  বহুত ওলাই যদিও ভাল বুলি জুখিবলৈ গ’লে সংখ্যা বহুত কম। অন্যহাতে ভাল কিতাপ বহুত আছে পৃথিৱীত।   

 একেধৰণৰ কথা প্ৰযোজ্য মদ ভাং ড্ৰাগচ ইত্যাদিৰ দৰে বেয়া নিচাৰ ক্ষেত্ৰতো, যাৰ প্ৰভাৱো সোনকালে পৰে আৰু নোহোৱাও হয় সোনকালেই আৰু সেয়ে সঘনাই প্ৰয়োজন হয় এইবোৰ বস্তু। প্ৰথমে এক পেগতে নিচা ধৰে কিন্তু অভ্যাস হৈ যোৱাৰ লগে লগে এক দুই পেগ পানীৰ দৰেই পাৰ হৈ যায়। অভ্যাস এৰোৱাব নোৱাৰা পৰ্য্যায় পালেগৈ এই কেইবিধ বেয়া নিচাই আমাৰ শৰীৰটোক খাবলৈ ধৰে আৰু অবশেষত সুখ বিচাৰি আমি পাওগৈ জীৱন শেষ কৰা কিছুমান অসুখ।

পিছে সকলো জানি শুনিও আমি দেখা পাওঁ যে কিতাপৰ নিচা কৰা মানুহতকৈ মদৰ নিচা কৰা মানুহৰ সংখ্যা সমাজত বহুত বেছি। কাৰণ এফালে যদি আছে সহজলভ্য তথা সোনকালে প্ৰভাৱিত কৰিব পৰা কিছুমান পদাৰ্থ আনফালে প্ৰয়োজন যথেষ্ঠ ধৈৰ্যৰ।

আৰু এটা কথা যে বেয়াই হওক বা ভালেই হওক,  প্ৰভাৱবোৰ তেতিয়াহে স্থায়ী হয় যেতিয়া বস্তুবোৰৰ ব্যৱহাৰ অভ্যাসলৈ পৰিণত হয়। কেতিয়াবা এক দুই পেগ খোৱাতোক বা কেতিয়াবা কোনোবা এখন কিতাপৰ কেই খিলামান পাত পঢ়াৰ দ্বাৰা বিশেষ একো পৰিবৰ্তন নাহে।

সুখ
Hollywood action movies; Image: Powershift

অৱশ্যে লেখাটোৰ মূল উদ্দেশ্য ভাল অভ্যাস আৰু বেয়া অভ্যাসৰ মাজত থকা পাৰ্থক্য বাচি উলিওৱা নহয়। সেইখিনি সকলোৱে জানে। এনে কি অভ্যাসে সকলো দিশৰ পৰা সহায় কৰি আমাক সচা অৰ্থত সুখ দিব পাৰে?  ওপৰত উল্লেখ কৰা ভাল অভ্যাসসমূহৰ অধিকাংশৰে ক্ষেত্ৰত সমস্যাতো হৈছে যে সেই অভ্যাস ধৰি ৰাখিবলৈ আমি বেলেগ বস্তুৰ ওপৰত নিৰ্ভৰশীল।

কিতাপ পঢ়ি ভাল পোৱা মানুহ নিজৰ প্ৰিয় লেখকসকল ওপৰত নিৰ্ভৰশীল, লিখিলেহে পঢ়িব পাৰিম। লগতে মূল্যৰো কথা আছে । তেনেদৰে ভ্ৰমণ কৰি ভাল পোৱা মানুহৰ  ক্ষেত্ৰতো প্ৰয়োজন যথেষ্ট টকা আৰু সময়ৰ, সেইখিনি ভালদৰে হাতত থাকিলেহে তেনে অভ্যাস ধৰি ৰাখিব পাৰি।

আকৌ আগতে উল্লেখ কৰাৰ দৰে এই ক্ষেত্ৰতো ফুৰিবলৈ যোৱা স্থানবোৰ সম পৰ্য্যায়ৰ হ’লেহে সুখী হ’ম। চুইজাৰলেণ্ড ফুৰি আহি পাছত কুল্লু মনালী ফুৰিবলৈ গ’লে ইমান ভাল নালাগিব কিন্তু তাৰ বিপৰীত ধৰণে হ’লে আমি অধিক সুখী হ’ম। সেয়ে টকা বা সময় আছে বুলিয়ে বহুত ভাল স্থান এডোখৰলৈ প্ৰথমতেই গুচি যাব নালাগে।

যেনেদৰে আমি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী হৈ গৈ গৈ কলেজ , ইউনিভাৰ্চিটি পাওগৈ ঠিক তেনেদৰেই  অভ্যাসবোৰো একাদিক্ৰমে হ’লে ভাল।  প্ৰথমতেই বহুত ভাল কিবা এটা স্তৰত যোৱাৰ পূৰ্বে আমি ভাবি চোৱা উচিত যে আমি সেই স্তৰত চিৰদিন থাকিব পাৰিম নাই।

are you happy with real happiness or you are mechanically smiling?
Happiness (Mechanically)

আজিকালি বহুত মাক দেউতাকে নিজৰ সন্তান সুখী হ’ব বুলি সৰুতেই দামী বাইক, আই ফোন ইত্যাদি দিয়া আমি দেখা পাওঁ। সৰুতেই ইমানখিনি পালে সেই সন্তান ডাঙৰ হৈ আৰু বহুত কিবা কিবি বিচাৰিব যি বোৰ দিয়াৰ সামৰ্থ মাক দেউতাকৰো নাথাকিব পাৰে বা নিজেও নোৱাৰিব পাৰে। ফলত হয় হতাশাত ভুগিব নহয় টকা ঘটিবলৈ বেয়া কামত হাত দিব। বৰ্তমান হাতত টকা আছে বুলিয়ে সেয়ে নভবা নিচিন্তাকৈ বহুত দীঘলীয়া জাপ মাৰি দিলে দিগদাৰ।

তেন্তে মনতো সুখী কৰি ৰাখিবলৈ আমি কি অভ্যাস লোৱা উচিত। এনে কি অভ্যাস গ্ৰহণ কৰিলে আমি আৰু সুখী হ’বলৈ বেলেগ কাৰকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে। এই কথা ভাবিলে প্ৰথমে মনলৈ আহে সৃষ্টিশীল কৰ্মৰ বিষয়ে। লিখা মেলা কৰা, সংগীত সৃষ্টি কৰা,  আৰ্ট কৰা বা অন্য কিবা নতুন বস্তু তৈয়াৰ কৰা। লিখা মেলা কৰি ভাল পোৱা মানুহক সুখী হ’বলৈ প্ৰয়োজন কেৱল কলম এটাৰ আৰু কাগজ এখনৰ, আজি কালি অৱশ্যে মবাইলতে হৈ যায়।

person using smartphone
Photo by Adrienn on Pexels.com

চিত্ৰশিল্প বা অন্য তেনে শিল্পীৰ ক্ষেত্ৰতো একেই কথা। তদুপৰি এই ক্ষেত্ৰত থকা আৰু এটা যোগাত্মক দিশ হৈছে যে নিজৰ কলাত এবাৰ পাৰ্গত হ’লে তাক ব্যৱহাৰ কৰি উপাৰ্জনৰো বাট উলিৱাব পাৰি। আৰু পৃথিৱীতে আটাইতকৈ সুখী মানুহ সেইখিনিয়ে যি নিজে ভাল পোৱা কামটোকে নিজৰ পেচা হিচাবে লয়।  প্ৰয়োজন মাত্ৰ অলপ সাহসৰ আৰু শুদ্ধ চিন্তাৰ। শুদ্ধ চিন্তাৰ প্ৰয়োজন ভাল পোৱা কামটো বাচি উলিয়াবলৈ, আনক দেখি নকল কৰিলে লাভ নহ’ব।

অৱশ্যে সৃষ্টিশীল কামৰ ক্ষেত্ৰত থকা সমস্যাটো হৈছে যে এই কামত পাৰ্গত হ’ব সকলোৱে নোৱাৰে। কিবা এক বিশেষ গুণ  লাগিব জন্মগত ভাবে যি সকলোৱে লাভ নকৰে। তদুপৰি বেছিভাগ সৃষ্টিশীল কামৰ ক্ষেত্ৰত থকা আন এটা অসুবিধা হৈছে যে এই অভ্যাসে আমাক শাৰিৰীক ভাবে সহায় নকৰে। সেয়ে যদি অফিচত বহি দিন কটোৱা কোনো মানুহে লিখা মেলা বা তেনেধৰণৰ অভ্যাস কৰে তেন্তে শৰীৰটো সুস্থ ৰাখিবলৈ তেনে মানুহক অন্য কিবা হবিৰো প্ৰয়োজন হ’ব। 

are you happy with real happiness ?

তেন্তে আমাৰ মন ভাল ৰাখিবলৈ আমি এনে কি হবি বা নিচা বাচিব পাৰো যি আমাক মানসিক, শাৰীৰিক সহায় কৰাৰ লগতে আৰ্থিকভাবেও সহায় কৰিব পাৰে। তাৰ উত্তৰ বিচাৰি মনলৈ অহা আটাইতকৈ ভাল হবি বা অভ্যাস হৈছে খেতি কৰাতো (সৰুকৈ হ’লেও), অলপ বহলাই ক’বলৈ গ’লে স্বাস্থ্য সন্মত জৈৱিক শস্যৰ সৃষ্টি কৰাতো।

বহুতো মানুহে আজি উপলব্ধি কৰা নাই কিন্তু সোনকালেই হয়তো কৰিব যে ভেজাল আৰু কৃত্ৰিম বস্তুৰে ভৰি পৰা ভবিষ্যতৰ পৃথিৱীত  প্ৰকৃত সুখী পৰিয়াল হ’ব এনে এটা পৰিয়াল যাৰ  প্ৰাকৃতিক পৰিবেশৰ মাজত এডোখন মাটি আছে য’ত তেওঁলোকে খেতি কৰি নিজেও খায় আৰু তাৰে অলপ বিক্ৰী কৰি উপাৰ্জনো কৰে, লগতে সৰুকৈ এটা পুখুৰী, কেইটামান হাঁহ, দুজনীমান গৰু আছে যিখিনিৰ পৰাও কেইটামান টকা ওলায় ।

অন্যধৰণে ক’বলৈ গ’লে এসময়ত আমাৰ গাঁওবোৰ যিধৰণৰ ঘৰ-বাৰীৰে ভৰি আছিল। আজিকালি তেনেকুৱা বাৰী কমি আহিছে, গাঁৱৰ ল’ৰা-ছোৱালী চহৰমুৱা হৈছে। লাগিলে কোনোবা দামী ৰেষ্টোৰেণ্টৰ দুৱাৰেই খোলা-মেলা কৰিব তথাপি গাঁৱৰ মাটিডোখৰত খেতি নকৰে।

village

অকল যুৱক-যুৱতী বুলিয়েই নহয়।অসমৰ অন্য জিলাৰ বহুতো চাকৰিয়াল মানুহৰো জীৱনৰ এটা ডাঙৰ সপোন হৈছে মহানগৰীত এটা ফ্লেট কিনাতো। অৱসৰৰ পাছত গুৱাহাটীত থাকিবগৈ। ফলত গুৱাহাটীত চুকে-কোণে এতিয়া সৃষ্টি হৈছে অট্টালিকাৰ। এসময়ত যি ঠাইত চহৰৰ পানীবোৰ জমা হৈছিলহি বা পানীবোৰ পাৰ হৈ গৈছিল সেই স্থানত এতিয়া একো একোটা অট্টালিকা। অৱশ্যে এইক্ষেত্ৰত গুৱাহাটী ভাৰতৰ একমাত্ৰ এনে চহৰ নহয়।

আধুনিকতাৰ নামত প্ৰকৃতিৰ কথা নাভাবি টকা/কমিচনৰ লোভত সৃষ্টি কৰা প্ৰতিখন চহৰেই এসময়ত বাস কৰাৰ অনুপযোগী হৈ পৰাতো স্বাভাৱিক।  দিল্লীৰ প্ৰদূষণ, বেংগালুৰুৰ পানীৰ সমস্যা, ডুবাইৰ বানপানী, গুৱাহাটীৰ বানপানী আৰম্ভণিহে। প্ৰকৃতি ধবংস কৰা মানেই উন্নয়ন হোৱা বুলি ভবাসকলে এইবোৰ সমস্যা কমাব পাৰিব বুলি মনে নামানে।

বহুতে এই কথা উপলব্ধি নকৰাৰ বিপৰীতে কিছুসংখ্যকে কৰাও দেখিছোঁ। চহৰতো বহুতো মানুহে আজিকালি চাদৰ ওপৰত খেতি কৰি নিজৰ খাদ্যত বজাৰৰ কীটনাশকযুক্ত বস্তুৰ পৰিমান কমাবৰ চেষ্টা কৰে। ভাল চাকৰি এটাৰ পৰা অৱসৰ লোৱাৰ পাছত অধিকাংশই গুৱাহাটীত ফ্লেট কিনিবলৈ দৌৰ মৰাৰ বিপৰীতে কিছুসংখ্যকে গাঁৱৰ মাটি কিনি খেতি বাতি কৰি আহল বহলকৈ থকাৰ পৰিকল্পনা কৰাও দেখা পোৱা গৈছে।

cleanest village

সেইসকলে হয়তো বুজিছে যে প্ৰকৃত সুখৰ বাট প্ৰকৃতিৰ দিশতহে। আধুনিক চহৰৰ সা সুবিধাই আৰাম নিশ্চয় দিব কিন্তু সেই আৰামে যিদিনা আমাক আমুৱাব বা তাৰ বেয়া দিশবোৰৰ প্ৰভাৱ আমাৰ জীৱনত পৰিব সেইদিনা বহুত পলম হৈ যাব, আমি বেমাৰী হৈ পৰিম শাৰীৰিক আৰু মানসিক দুয়ো দিশতে। কৃত্ৰিমতা আৰু প্ৰকৃত সুখৰ বাট একেটাই কেতিয়াও হ’ব নোৱাৰে।

গতিকে শেষ্ঠ হবি ৰূপে কৃষি এনে এটা অভ্যাস যি আপোনাক শাৰিৰীক ভাবেও সহায় কৰিব, অলপ মান কষ্ট কৰিলে আৰ্থিক ভাবেও সহায় কৰিব আকৌ জৈৱিক খেতিৰ লগত জড়িত ভিন্ন সমস্যাৰ লগত যুঁজিলে আপোনাৰ জ্ঞানো বাঢ়িব আৰু সেই জ্ঞান অথলে কেতিয়াও নাযায়। আমাৰ পৰৱৰ্তী প্ৰজন্মক বা আমাকো এই জ্ঞানৰ প্ৰয়োজন আটাইতকৈ বেছি। আৰু এই জ্ঞান স্থানভেদেও বেলেগ বেলেগ হ’ব।

আমেৰিকাৰ জ্ঞান আমাৰ ইয়াত নাখাটিব আৰু আমাৰ ইয়াৰ জ্ঞান তাত নাখাটিব। উদাহৰণস্বৰূপে আমেৰিকাত হয়তো বান্দৰে ইমান অশান্তি নকৰে। মুঠতে আপুনি জৈৱিক খেতিৰ লগত জড়িত হৈ সমস্যাবোৰৰ সৈতে যুঁজি যি জ্ঞান অৰ্জন কৰিব সেইখিনি বহুত প্ৰয়োজনীয় হ’ব আগন্তুক দিনবোৰত। 

children lying on sofa and using gadgets
Photo by Jessica Lewis Creative on Pexels.com

উল্লেখিত কথাবোৰ অলপমানো সঠিকযেন লাগিলে এবাৰ ভাবি চাবচোন, এবাৰ চেষ্টা কৰিবচোন আমাৰ পৰৱৰ্তী প্ৰজন্মক বুজাবলৈ। যে আজিৰ পৰা বিশ ত্ৰিশ বছৰ আগতে আমি গাঁওবোৰত থাকি যি সুখ পাইছিলো সেই সুখ মহানগৰ এখনে কেতিয়াও দিব নোৱাৰে। সমস্যা তেতিয়াও আছিল, সমস্যা থাকিবই। কিন্তু হাজাৰ সমস্যাৰ মাজতো আমি প্ৰকৃত অৰ্থত সুখী হ’ব পৰাকৈ বহুতো কাৰণ পাইছিলোঁ।

কে এফ চি, মেকডনাল্ডৰ অখাদ্যতকৈ  একেলগে ন-ভাত খোৱাৰ আনন্দ যে বেছি আছিল সেই কথা বৰ্তমানৰ প্ৰজন্মক বুজাবলৈ কঠিন। কিন্তু কথাৰে বুজোৱাতকৈ কামেৰে কৰি দেখুৱালে হয়তো সিহঁতে মোবাইলৰ পৰা মূৰতো দাঙি অলপ চাব, ভাবিব কিয় কৰিছে মা দেউতাই এইবোৰ।

গতিকে আহক, অলপমান খেতি কৰো। সৰুকৈ হ’লেও নিজৰ এখন বাৰী গঢ়ি তুলোঁ, দুজনীমান গৰু পুহো, এটা পুখুৰী আবেলি মূঢ়াত বহি বৰশী বাব পৰাকৈ। জমেত’ চুইগীয়ে হয়তো ঢুকি নাপাব কিন্তু নিজৰ বাৰীৰ পৰা চিঙি চিধা কেৰাহীত দি নিশ্চয় খাব পৰা যাব।

one child (boy) presented a fountain pen to a teacher in his Assam type home on the occasion of the teacher special day ( birthday, but not observing the birthday). The teacher is around forty years old, round face, no beard and moustache, wearing full sleeve shirt and trouser. Location is a village of Assam, India

পিনাক পাণি বৰুৱা, যোৰহাট, অসম; ৯৩৬৫৪০৪৫১৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Pinak Pani Baruah

Pinak Pani Baruah

Related Posts

silhouette of four person with flag of united states background
Politics

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

by Mohan Khound
September 10, 2026
0

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World US Regime Change Operations:...

Read moreDetails
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d