–অৰবিন্দ ৰাভা |
আফগানিস্তানৰ নাগৰিক আব্দুল মালিক। বাদঘি প্ৰদেশৰ বাসিন্দা তেওঁ। পৰিয়ালৰ সদস্য ৮ জন। চূড়ান্ত অভাৱৰ সৈতে যুদ্ধ কৰি কৰি এসময়ত স্থৱিৰ হৈ পৰে আব্দুল মালিক। তেওঁ কোনোপধ্যেই একো কৰিব নোৱাৰি জুৰুলা হৈ পৰে। আফগানিস্তানৰ অধিকাংশ নাগৰিকৰ এতিয়া তালিবানৰ ৰাজত্বত এনে অৱস্থাই হৈছে। অৰ্থনৈতিক দুৰৱস্থা কল্পনাৰ অতীত হৈ পৰিছে। সাধাৰণ মানুহৰ অৱস্থা এতিয়া বিপন্ন, অসহায়, আব্দুল মালিক তাৰেই প্ৰতীক, বহু মুখৰ মাজৰ এখন মুখ।
আব্দুলৰ জীয়ৰী পৰোৱানা মালিক, বয়স ৯ বছৰ, ফুটফুটীয়া কণমানি। সেই ৯ বছৰীয়া জীয়েকক উপায়হীন আব্দুল মালিকে তুলি দিলে ৫০ বছৰীয়া কোৰবান মালিকৰ হাতত। কাৰণ প্ৰথম দৰ্শনতেই ৫০ বছৰীয়া কোৰবানৰ ভাল লাগিছিল ৯ বছৰীয়া পৰোৱানা মালিকক, পৰোৱানাৰ ৰূপ লাৱণ্যই কোৰবানত মুহি পেলাইছিল! গতিকে কোৰবানে বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। অৰ্থনৈতিক সংকটে উপায়হীন কৰি তোলা আব্দুল মালিকে নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈও ৯ বছৰীয়া কণমানি জীয়ৰীক অমানৱীয়ভাবে শকত ধনৰ বিনিময়ত অৰ্পণ কৰিছিল কোৰবানক! চৰম দাৰিদ্ৰ্যৰ পৰা উদ্ধাৰ পাবলৈ আব্দুলে এই সিদ্ধান্ত লৈছিল। কিন্তু আব্দুল মালিক এইক্ষেত্ৰত অকলশৰীয়া নহয়, আফগানিস্তানৰ বহু পিতৃৰ এতিয়া একেই অৱস্থা!