–দিলীপ দৈমাৰী |
ৰয়টাৰকে ধৰি বিভিন্ন সংবাদ মাধ্যমৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি যোৱা দেওবাৰে ( ০৮/০৮/২০২১) আফগানিস্তানৰ কাবুলৰ উত্তৰ-পূৱৰ দেহ চাবজ জিলাত ‘পাখতিয়া ঘাগ’ ৰেডিঅ’ ষ্টেচনৰ এডিটৰ-ইন-চিফ তুফানি ওমৰক তালিবান সন্ত্ৰাসবাদীয়ে হত্যা কৰে। প্ৰায় একে সময়তে হেলমন্ড প্ৰদেশত নিয়ামতোল্লাহ হেমাত নামৰ এজন সাংবাদিকক তালিবানে অপহৰণ কৰে। আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ হৈ থকাৰ সময়তে ভীমবিক্ৰমেৰে তালিবানে যুদ্ধ আৰম্ভ কৰিছে। আফগানিস্তানৰ আধাৰো বেছি দখল কৰিছে তালিবানে। দেওবাৰে কুন্দুজ ( Kunduz) দখল কৰাৰ কেইঘন্টামানৰ ভিতৰতে সমীপৰ সৰ-ই-পুলতো নিজৰ অধিকাৰ বিস্তাৰ কৰিলে তালিবানে। এই দুয়োখনেই প্ৰাদেশিক ৰাজধানী চহৰ। বিশেষকৈ কুন্দুজ প্ৰদেশ তালিবানৰ দখললৈ যোৱা ঘটনাক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি আন্তৰ্জাতিক মহলে বিবেচনা কৰিছে। যুদ্ধবিধ্বস্ত কাবুলিৱালাৰ দেশ আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ হ’বলৈ ধৰাৰ লগে লগেই পুনৰ আৰম্ভ হৈছে তালিবানৰ সন্ত্ৰাস। ধাপে ধাপে আফগান সেনাক পৰাস্ত কৰি পুনৰ তালিবানে নিজৰ সাম্ৰাজ্য স্থাপন কৰিবলৈ আগবাঢ়ি গৈছে আৰু মহিলা, সাংবাদিকৰ ওপৰত অবিৰত আক্ৰমণ আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা জুলাই মাহত ভাৰতৰ চিত্ৰ সাংবাদিক দানিশ চিদ্দিকিৰ পিছত জনপ্ৰিয় কৌতুক শিল্পী নজৰ মহম্মদ ওৰফে খাছা জোৱানক হত্যা কৰে তালিবানে। আফগানিস্তানৰ কান্দাহাৰৰ এনে পৈশাচিক ঘটনাক সকলোৱে নিন্দা কৰিছে। কৌতুক শিল্পী নজৰ মহম্মদক কান্দাহাৰৰ ঘৰৰ পৰা তালিবানে লৈ যায় আৰু প্ৰচন্ড মাৰধৰ কৰাৰ পিছত গছত বান্ধি গল ৰেপি ৰেপি কাটি হত্যা কৰে। কেৱল এয়াই নহয়, অন্ধকাৰ জগতৰ পৰা এতিয়াও বাহিৰ নোহোৱা মধ্যযুগীয় বৰ্বৰ তালিবানে বলখ (Balkh) প্ৰদেশৰ নাজনিন নামৰ এগৰাকী ২১ বছৰীয়া মহিলাই দেহত লিপিট খোৱা পোছাক পিন্ধি লগত পুৰুষসংগী নোহোৱাকৈ মাজাৰ-ই-শ্বৰিফলৈ বুলি ৰাজপথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত তালিবানে গুলীয়াই হত্যা কৰে। তালিবানৰ মতে লগত পুৰুষসংগী নোহোৱাকৈ অকলে ৰাস্তাৰে খোজ কাঢ়ি গৈ থকাটো ‘পাপ’, আৰু দেহত লিপিট খোৱা পোছাক পিন্ধাও অপৰাধ! গতিকেই নাজনিনক প্ৰাণদন্ড দিয়া হয়! মুঠতে পুনৰ পৈশাচিক বৰ্বৰতা আৰম্ভ হৈছে আফগানিস্তানৰ ভূমিত। আমেৰিকাৰ সৈন্য বাহিনী সম্পূৰ্ণ ভাৱে প্ৰত্যাহাৰ হোৱাৰ পিছত পৰিস্থিতি কি হয় – সময়েহে ক’ব।