৯০ৰ দশকত আফগানিস্তানত স্কুললৈ যাবলৈ মই ল’ৰাৰ সাজ-পোছাক পিন্ধিব লগা হৈছিল!
জাহৰা জয়া
স্কুল, ৰাজপথ, বিশ্ববিদ্যালয় নিষিদ্ধ কৰা, আনকি এন জি অ’ৰ বাবেও কাম কৰা মহিলা আৰু ছোৱালীও এতিয়া মোৰ গৃহ দেশত নিজৰ ঘৰত গৃহবন্দী হোৱাৰ বাহিৰে আন একো নহয়!
যোৱা ১৫ মাহমানৰ ভিতৰত আফগানিস্তানৰ মহিলা আৰু ছোৱালীৰ জীৱনটো চিনাক্ত কৰিব নোৱাৰাকৈয়ে সলনি হৈছে।
মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক আৰু শিক্ষা কৰ্মীসকলৰ সৈতে কথা পাতক, আৰু আপুনি শুনিব যে তালিবানে বিদ্যালয়সমূহ বন্ধ কৰাৰ ফলত সমাজজীৱনত কিমান বিধ্বংসী প্ৰভাৱ পৰিছে।
এই কাৰ্য্যৰ ফলস্বৰূপে আন্ধাৰৰ যি গভীৰতা সৃষ্টি হৈছে সেয়া বুজিবলৈ টান।
সহপাঠী আৰু ছ’চিয়েল নেটৱৰ্কৰ পৰা বিচ্ছিন্ন হোৱাৰ মানসিক পৰিণতিৰ সৈতে মোকাবিলা কৰিছে ছোৱালীসকলে।
বহুতে তীব্ৰ হতাশাৰ সৈতে যুঁজি আছে। মাধ্যমিক বিদ্যালয় বন্ধ হোৱাৰ পিছৰে পৰা বাল্যবিবাহৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে।
তালিবান ক্ষমতালৈ ঘূৰি অহাৰ পিছত মহিলা আৰু ছোৱালীৰ মাজত আত্মহত্যাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কাবুলত তালিবানে বিশ্ববিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মহিলাসকলক ৰাজহুৱাকৈ প্ৰহাৰ আৰু চাবুকেৰে কোবোৱা হৈছে।
বেছিভাগ আফগান ছোৱালীৰ দৰে মোৰ জীৱনটোও প্ৰথম দিনাৰ পৰাই এক বুজাব নোৱাৰা সংগ্ৰাম। তালিবানৰ প্ৰথম শাসনৰ সময়ত, নব্বৈৰ দশকত, সৰুতে মোক স্কুললৈ যাব দিয়া হোৱা নাছিল। কেৱল ছোৱালী হিচাপে জন্ম হোৱাৰ বাবেই তালিবানে মোৰ শিক্ষাৰ মৌলিক অধিকাৰ কাঢ়ি লৈ গৈছিল।
কিন্তু নিষেধাজ্ঞা আওকাণ কৰি ল’ৰাৰ সাজ-পোছাক পিন্ধি তেওঁলোকক মই আভুৱা ভাৰি স্কুললৈ গৈছিলো।
২০০১ চনত আমেৰিকাৰ আক্ৰমণৰ পিছৰ বছৰবোৰত বহু সুযোগ পোৱা এটা ভাগ্যৱান প্ৰজন্মৰ মইও অংশ আছিলোঁ।২০১১ চনৰ বসন্ত কালৰ এটা ঠাণ্ডা, বৰষুণৰ দিনত মই বিশ্ববিদ্যালয়ত শিক্ষা আৰম্ভ কৰিবলৈ কাবুললৈ গৈছিলো – আমাৰ সৰু গাঁৱখনৰ প্ৰথমজনী ছোৱালী হিচাপে বামিয়ান প্ৰদেশৰ ৱাৰাছ জিলাত শিক্ষা গ্ৰহণ কৰিবলৈ।
বিশ্ববিদ্যালয়ত পঢ়াটো আফগান ছোৱালীৰ বাবে কেতিয়াও সহজ নহয়।
বিশ্ববিদ্যালয়ত পঢ়াটো আফগান ছোৱালীৰ বাবে কেতিয়াও সহজ হোৱা নাই। পিতৃতান্ত্রিক শাসনৰ অধীনত ছোৱালীয়ে অৰ্থনৈতিক দৰিদ্ৰতা, অস্বস্তিকৰ গৃহ নিৰ্মাণ, ৰাজপথত যৌন নিৰ্যাতন আৰু আন কেইবা ডজন সমস্যাৰ সন্মুখীন হয়। কিন্তু, ফলত আমাৰ শিক্ষণ আৰু শিক্ষাৰ প্ৰতি এনে এক উৎসাহ আছে যিয়ে কোনো সীমা নাজানে – ই অবৰ্ণনীয়। আত্মীয়ৰ বহু আপত্তি সত্ত্বেও বিশ্ববিদ্যালয়ত পঢ়িবলৈ পাই মই কিমান সুখী হৈছিলো সেই কথা বৰ্ণনা কৰিব নোৱাৰো !
মই আশাৰে ভৰা ভৱিষ্যত এটা দেখিবলৈ পালোঁ৷ কোনো বাধা নোহোৱাকৈ স্নাতক ডিগ্ৰী লাভ কৰি সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলো।
ইতিহাসে এতিয়া দুটা দশকৰ পাছত পুনৰাবৃত্তি কৰিছে। কোনো সাহসী ছোৱালীয়ে স্কুললৈ যাবলৈ ল’ৰাৰ কাপোৰ পিন্ধি আকৌ তালিবানক ঠগিব পাৰিবনে নাই নাজানো৷ কিন্তু আমি জানো যে গোপন বিদ্যালয় আৰু পুথিভঁৰালৰ সমান্তৰালভাৱে নব্বৈৰ দশকত কিছুমান ছোৱালীয়ে কৰা দৰে গোপন ক্লাছ চলি আছে। এই ছোৱালীবোৰৰ সাহস দেখি মই আচৰিত হৈ পৰিছো।
অৱশ্যে এয়া কোনো সমাধান নহয়। মোৰ বাবে বা আমাৰ দেশৰ ইতিহাসৰ এই অন্ধকাৰ সময়ৰ প্ৰভাৱ ভোগ নকৰা যিকোনো ব্যক্তিৰ বাবে আজিকালি আফগানিস্তানত মহিলা আৰু ছোৱালীয়ে যি দুঃস্বপ্নৰ এখন ভয়ংকৰ জগতত বাস কৰি আছে, সেই কথা বুজাব পৰাটো অসম্ভৱ।
‘আফগানিস্তানত শান্তি‘ বিষয়ক আমেৰিকাৰ প্ৰাক্তন বিশেষ প্ৰতিনিধি জালমাই খলিলজাদে এই উগ্ৰপন্থী গোটটোৱে আফগান মহিলাৰ জীৱনৰ ওপৰত তালিবানৰ নিষেধাজ্ঞাৰ তালিকাবোৰ সলনি কৰা বুলি দাবী কৰাৰ পিছতো এনে সলনি দিনক দিনে দীঘলীয়া হৈ আহিছে।
আমাৰ সমাজৰ শৰীৰত প্ৰথম চাবুকটো আছিল ছোৱালীৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণৰ নিষেধাজ্ঞা। তাৰপিছত ভ্ৰমণত নিষেধাজ্ঞা আহিল, মহিলাসকলক পুৰুষ সংগ নোহোৱাকৈ ৰাজপথত খোজ কাঢ়িবলৈ নিষেধাজ্ঞা আৰোপ কৰা হ’ল, মহিলাৰ বাবে উদ্যান আৰু ৰাজহুৱা স্নানাগাৰ বন্ধ কৰা হ’ল। কিছু সময়ৰ বাবে নিষেধাজ্ঞা বৃদ্ধি পোৱাৰ পিছত মহিলাৰ বাবে বিশ্ববিদ্যালয় বন্ধ কৰি দিয়া হ’ল আৰু আমাক এন জি অ’ৰ বাবে কাম কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হ’ল।
এতিয়া আফগান মহিলাক ঘৰতে বন্দী কৰি ৰখা হৈছে। এবছৰতকৈও অধিক সময় ধৰি আফগান মহিলাসকলে প্ৰতিদিনে পুৱা এই তিক্ত বাস্তৱতাৰ প্ৰতি সাৰ পাই উঠিবলগীয়া হৈছে যে তেওঁলোক আৰু মুক্ত নহয়; আমি লিংগ বৰ্ণবৈষম্য শাসনৰ অধীনত বাস কৰি আছো।
কাবুলৰ আইন আৰু ৰাজনীতি বিজ্ঞান অনুষদৰ এগৰাকী ছাত্ৰীয়ে মোক ক’লে যে তেওঁ প্ৰতিদিনে কামনা কৰে যে তালিবানৰ শাসনৰ অধীনত তেওঁৰ তিক্ত বাস্তৱতাৰ পৰা তেওঁ সাৰ পাব পৰা এক দুঃস্বপ্ন হওক। আফগানিস্তান এখন কাৰাগাৰত পৰিণত হৈছে য’ত সকলোৱে স্বাধীনতাৰ বাবে চিঞৰিছে।
সমাজত মহিলা আৰু ছোৱালীৰ উপস্থিতি সীমিত কৰাৰ সিদ্ধান্তই হতাশা আৰু আশাহীনতাৰ সৃষ্টি কৰাৰ উপৰিও অৰ্থনৈতিক ক্ষতিও কৰিছে। বহিঃৰাজ্যৰ এন জি অ’ৰ সৈতে মহিলাসকলক কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰাটোৱে পৰিয়ালৰ জীৱিকাৰ গৰাকী মহিলাসকলৰ মাজত শংকাৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাই স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, টকা উপাৰ্জনৰ বাবে ৰাজপথত ভিক্ষা খুজিবলৈ বাধ্য হৈছে।
আনকি এতিয়া এইটোও নিষিদ্ধ কৰা হৈছে, আৰু শেহতীয়াকৈ গোটটোৱে ঘোষণা কৰিছে যে তেওঁলোকে কাবুলৰ ৰাজপথৰ পৰা ২০০০ৰো অধিক ভিক্ষাৰী মহিলা সংগ্ৰহ কৰিছে।
আমি সন্মুখীন হোৱা জটিল পৰিস্থিতিয়ে প্ৰভাৱশালী আৰু নিৰ্ণায়ক প্ৰতিৰোধৰ পৰিসৰ বহু পৰিমাণে সীমিত কৰি তুলিছে। মানৱ অধিকাৰ ৰক্ষাকাৰী, বিশেষকৈ মহিলাসকলৰ যদি এই অত্যাচাৰসমূহৰ বিৰুদ্ধে যুঁজিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা পৰিকল্পনা নাথাকে, তেন্তে তাত থকা মহিলাসকলৰ বাবে এই ভয়ংকৰ নতুন পৃথিৱীখন স্বাভাৱিক হৈ পৰিব, আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ গতি হেৰুৱাব।
শ্লোগান চিঞৰ-বাখৰ কৰা, সন্মিলনত অংশ লোৱা আৰু ফটো তোলাই যথেষ্ট নহ’ব। আমি সফল হ’বলৈ হ’লে আমাৰ লক্ষ্য আৰু পদ্ধতিৰ পুনৰ মূল্যায়নৰ লগতে মহিলা আৰু মানৱ অধিকাৰ প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় অতি প্ৰয়োজনীয়।
তালিবানে যেনেকৈ খোজৰ পিছত খোজেপ্ৰতি নাৰীক ৰাজহুৱা ক্ষেত্ৰৰ পৰা আঁতৰাই পেলাইছে, তেনেকৈয়ে ইয়াৰ মহিলাসকলেও খোজৰ পিছত খোজেপ্ৰতি নিজৰ দাবী আগবঢ়াই নিব লাগিব।
[ মহাবাহুৰ বাবে এই লেখাৰ প্ৰেৰণ কৰা জাহৰা জয়া বৰ্তমান লন্ডনত বাস কৰা এগৰাকী আফগান সাংবাদিক। জাহৰা জয়া আফগানিস্তানৰ মহিলা আৰু ছোৱালীৰ জীৱনৰ ওপৰত বাতৰি পৰিৱেশন কৰা সংবাদ সংস্থা ৰুখছানা মিডিয়াৰ মুখ্য সম্পাদক আৰু প্ৰতিষ্ঠাপক]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)