আফগানিস্তানৰ বিদ্যালয়ত হত্যালীলা

বিগত তিনি বছৰত দুৰ্ভাগ্যজনকভাৱে হাজাৰাসকলৰ ওপৰত বিভিন্ন স্থানত, যেনে- উপাসনাস্থলী, চিকিৎসালয়, শিক্ষা কেন্দ্ৰ আদিত ১০টাতকৈও অধিক ৰক্তাক্ত আক্ৰমণ সংঘটিত হৈছে আৰু বহু বছৰ ধৰি পদ্ধতিগতভাৱে হাজাৰাক হত্যা কৰা কাৰ্য চলি আহিছে।
আফগানিস্তানত হাজাৰা সংখ্যালঘুৰ দুৰ্দশাৰ সন্দৰ্ভত ব্ৰিটিছ সংসদৰ নতুনকৈ হোৱা তদন্তত কোৱা হৈছে যে “যোৱা কেইমাহমানত আমি হাজাৰাৰ বিৰুদ্ধে #গণহত্যাৰ গুৰুতৰ আৰু ক্ৰমবৰ্ধমান ভাবুকি দেখিবলৈ পাইছো।
“হাজাৰা জনগোষ্ঠীৰ ওপৰত হোৱা এই আক্রমণে, ৰাইজৰ ক্ষোভৰ সৃষ্টি কৰিছে৷আফগানিস্থানৰ এগৰাকী প্ৰখ্যাত গায়ক ফাৰহাদ দৰিয়াই কয় যে হাজাৰাৰ বিৰুদ্ধে যি ঘটি আছে সেয়া গণহত্যাৰ ই এক সুনিৰ্দিষ্ট উদাহৰণ।
দৰিয়াই হাজাৰাৰ সৈতে ঐক্য আৰু সহানুভূতিৰ বাবে এসপ্তাহৰ বাবে “ৰাষ্ট্ৰীয় শোক“ৰ আহ্বান জনায় আৰু সকলোকে আগন্তুক সপ্তাহটোক “ব্লেক উইক”(ক’লা সপ্তাহ) ঘোষণা কৰিবলৈ কয়।
শুকুৰবাৰে পশ্চিম কাবুলৰ #দাষ্ট-ই-বৰচী অঞ্চলৰ #কাজ #শিক্ষা কেন্দ্ৰত সংঘটিত হোৱা আক্ৰমণৰ পিছতে কালি কাবুলৰ ৰাজপথলৈ আহিছিল মহিলা আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।
“হাজাৰা জনগোষ্ঠীৰ ওপৰত হোৱা এই আক্রমণে, ৰাইজৰ ক্ষোভৰ সৃষ্টি কৰিছে৷ আফগানিস্থানৰ এগৰাকী প্ৰখ্যাত গায়ক ফাৰহাদ দৰিয়াই কয় যে হাজাৰাৰ বিৰুদ্ধে যি ঘটি আছে সেয়া গণহত্যাৰ ই এক সুনিৰ্দিষ্ট উদাহৰণ।”

প্ৰতিবাদকাৰীসকলে “গণহত্যা অপৰাধ, মৌনতা দেশদ্ৰোহ” আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে যদিও তেওঁলোকেও তালিবানৰ পৰা তীব্ৰ হিংসাৰ সন্মুখীন হ’বলগীয়া হয়।
প্ৰতিবাদকাৰী এগৰাকী মহিলাই কালিৰ প্ৰতিবাদৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত তেওঁ #তালিবানে তেওঁৰ শৰীৰত প্ৰহাৰৰ চিন দেখুৱাইছে আৰু কয় যে তালিবানে হিংসাত্মক আক্ৰমণেৰে তেওঁলোকৰ সমাৱেশত ব্যাঘাত জন্মাইছিল।
ইউনামাৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে #কাজ #শৈক্ষিক কেন্দ্ৰত সংঘটিত আক্ৰমণত কমেও ৩৫জন ব্যক্তি নিহত হৈছে আৰু ৮২জন আহত হৈছে যাৰ অধিকাংশই হ’ল #ছোৱালী!
“প্ৰতিবাদকাৰী এগৰাকী মহিলাই কালিৰ প্ৰতিবাদৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত তেওঁ #তালিবানে তেওঁৰ শৰীৰত প্ৰহাৰৰ চিন দেখুৱাইছে আৰু কয় যে তালিবানে হিংসাত্মক আক্ৰমণেৰে তেওঁলোকৰ সমাৱেশত ব্যাঘাত জন্মাইছিল।”
#কাজ শিক্ষা কেন্দ্ৰৰ অন্যতম শিক্ষক আকিল কাছিমীয়ে কয়: “এতিয়ালৈকে বিস্ফোৰণৰ পিছত ৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশ হৈছে।

তেওঁ লগতে কয়, ৩৫ জন মৃতকৰ ভিতৰত ৩২ গৰাকী আছিল ১৮ বছৰৰ তলৰ #ছোৱালী। কোৱা হৈছে যে #কাজ #শৈক্ষিক কেন্দ্ৰত বিস্ফোৰণৰ সময়ত প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল, ইয়াৰে অধিকাংশই আছিল ১৪-২৫ বছৰৰ ভিতৰৰ ছোৱালী।
শুকুৰবাৰে কাবুলৰ পশ্চিম অংশত সংঘটিত হোৱা আক্ৰমণে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক ৰিচাৰ্ড বেনেটে এক টুইটযোগে কয়:”আজি ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণক মই গৰিহণা দিছো।”

তেওঁ আৰু কয় যে একেটা স্থানতে ২০১৮ চনৰ #ISKP আক্ৰমণৰ ই এক পুনৰাবৃত্তি। #হাজৰা আৰু #ছিয়াৰ বাবে শিক্ষাৰ ওপৰত আক্ৰমণ শেষ হ’ব লাগিব।
আফগানিস্তানৰ ভৱিষ্যতৰ ওপৰত আক্ৰমণ বন্ধ কৰক, আন্তৰ্জাতিক অপৰাধ বন্ধ কৰক। অনুশীলন পৰীক্ষা দিবলৈ অপেক্ষা কৰি থকা আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা, উজ্জ্বল ভৱিষ্যতৰ আশাৰে ভৰা। এটা সোঁৱৰণী যে আফগানিস্তানৰ ভৱিষ্যত আন্তঃৰাষ্ট্ৰীয় অপৰাধ বন্ধ কৰা, অপৰাধীক জবাবদিহি কৰা আৰু যুৱক-যুৱতীসকলক শিক্ষিত কৰাৰ ওপৰত নিৰ্ভৰশীল।

ইফালে, ইউনামাই কয়:”কাবুল কলেজৰ আক্ৰমণত নিহত আৰু আহত হোৱা ৬০ জনতকৈ অধিক লোকৰ ভিতৰত #আফগানিস্তানৰ #হাজাৰা #ছিয়া সম্প্ৰদায়ৰ যুৱতীসকলৰ সংখ্যাগৰিষ্ঠ বুলি কোৱা হৈছে। দায়ীসকলে ন্যায়ৰ সন্মুখীন হ’ব লাগিব। সকলো আফগানবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তালিবানে বাধ্যবাধকতাসমূহ পালন কৰিব লাগিব। শিক্ষা পক্ষপাতিত্ব আৰু হিংসামুক্ত হ’ব লাগিব!
লগতে, ২০২২ চনৰ ৩০ ছেপ্টেম্বৰ শুকুৰবাৰে আফগানৰ ৰাজধানী কাবুলৰ দষ্ট-ই-বাৰচী অঞ্চলৰ এটা শিক্ষণ কেন্দ্ৰ কঁপাই তোলা আত্মঘাতী বোমা বিস্ফোৰণক ইছলামিক সহযোগিতা সংস্থাৰ সাধাৰণ সচিবালয়ে আটাইতকৈ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

শুকুৰবাৰে কাবুলৰ পশ্চিমৰ কাজ শিক্ষা কেন্দ্ৰত সংঘটিত হোৱা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইৰাকৰ এজন প্ৰভাৱশালী ছিয়া ধৰ্মগুৰু মোকতাদি ছাদ্ৰে তালিবানক কয় যে, “এইখন কেনেধৰণৰ চৰকাৰ, যিয়ে নিজৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰে?”
তেওঁ আফগানিস্তানৰ ছিয়াসকলৰ বিৰুদ্ধে বৰ্তমান চলি থকা বিস্ফোৰণৰ বাবে তালিবানক সম্পূৰ্ণ দায়ী বুলি বিবেচনা কৰিছে।
কাবুলৰ পশ্চিম অংশত সংঘটিত হোৱা আক্ৰমণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে তালিবানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত প্ৰতিশ্ৰুতি দিয়ে যে দোষীক চিনাক্ত কৰি # ন্যায়ৰ ওচৰলৈ অনা হ’ব।

বিবৃতিটোত লগতে কোৱা হৈছে যে, “আমি সকলো বাহ্যিক পক্ষক পৰামৰ্শ দিছো যে তেওঁলোকে দুখ প্ৰকাশ নকৰাকৈ আফগানিস্তানৰ আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত দায়িত্বহীন বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে।”
কিন্তু যিটোৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে সেয়া হৈছে আফগানিস্তানৰ পলাতক প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ মৌনতা।
কাজ শৈক্ষিক কেন্দ্রত সংঘটিত হোৱা আক্রমণক বিশ্বজুৰি ব্যাপকভাৱে নিন্দা কৰাৰ পাছতো তেওঁ এতিয়ালৈকে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷
ঘানীৰ শেষৰটো টুইট হৈছে ০৭.০৮.২০২২ তাৰিখৰ এটা টুইট, য’ত তেওঁ শ্বিনজো আবেৰ হত্যাকাণ্ডৰ বাবে জাপানৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।
02-10-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)