• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Afghanistan

আফগানিস্তানৰ বিদ্যালয়ত হত্যালীলাঃ ‘গণহত্যাৰ ই এক সুনিৰ্দিষ্ট উদাহৰণ’!!

অৰুজ হাকিমি

by Anjan Sarma
October 2, 2022
in Afghanistan, Justice, Special Report, Women, World
Reading Time: 3 mins read
0
আফগানিস্তানৰ বিদ্যালয়ত হত্যালীলাঃ ‘গণহত্যাৰ ই এক সুনিৰ্দিষ্ট উদাহৰণ’!!
Share on FacebookShare on TwitterShare on LinkedIn

আফগানিস্তানৰ বিদ্যালয়ত হত্যালীলা

অৰুজ হাকিমি

Orooj3
অৰুজ হাকিমি

বিগত তিনি বছৰত দুৰ্ভাগ্যজনকভাৱে হাজাৰাসকলৰ ওপৰত বিভিন্ন স্থানত, যেনে- উপাসনাস্থলী, চিকিৎসালয়, শিক্ষা কেন্দ্ৰ আদিত ১০টাতকৈও অধিক ৰক্তাক্ত আক্ৰমণ সংঘটিত হৈছে আৰু বহু বছৰ ধৰি পদ্ধতিগতভাৱে হাজাৰাক হত্যা কৰা কাৰ্য চলি আহিছে।

আফগানিস্তানত হাজাৰা সংখ্যালঘুৰ দুৰ্দশাৰ সন্দৰ্ভত ব্ৰিটিছ সংসদৰ নতুনকৈ হোৱা তদন্তত কোৱা হৈছে যে “যোৱা কেইমাহমানত আমি হাজাৰাৰ বিৰুদ্ধে #গণহত্যাৰ গুৰুতৰ আৰু ক্ৰমবৰ্ধমান ভাবুকি দেখিবলৈ পাইছো।

“হাজাৰা জনগোষ্ঠীৰ ওপৰত হোৱা এই আক্রমণে, ৰাইজৰ ক্ষোভৰ সৃষ্টি কৰিছে৷আফগানিস্থানৰ এগৰাকী প্ৰখ্যাত গায়ক ফাৰহাদ দৰিয়াই কয় যে হাজাৰাৰ বিৰুদ্ধে যি ঘটি আছে সেয়া গণহত্যাৰ ই এক সুনিৰ্দিষ্ট উদাহৰণ।

দৰিয়াই হাজাৰাৰ সৈতে ঐক্য আৰু সহানুভূতিৰ বাবে এসপ্তাহৰ বাবে “ৰাষ্ট্ৰীয় শোক“ৰ আহ্বান জনায় আৰু সকলোকে আগন্তুক সপ্তাহটোক “ব্লেক উইক”(ক’লা সপ্তাহ) ঘোষণা কৰিবলৈ কয়।

শুকুৰবাৰে পশ্চিম কাবুলৰ #দাষ্ট-ই-বৰচী অঞ্চলৰ #কাজ #শিক্ষা কেন্দ্ৰত সংঘটিত হোৱা আক্ৰমণৰ পিছতে কালি কাবুলৰ ৰাজপথলৈ আহিছিল মহিলা আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।

“হাজাৰা জনগোষ্ঠীৰ ওপৰত হোৱা এই আক্রমণে, ৰাইজৰ ক্ষোভৰ সৃষ্টি কৰিছে৷ আফগানিস্থানৰ এগৰাকী প্ৰখ্যাত গায়ক ফাৰহাদ দৰিয়াই কয় যে হাজাৰাৰ বিৰুদ্ধে যি ঘটি আছে সেয়া গণহত্যাৰ ই এক সুনিৰ্দিষ্ট উদাহৰণ।”

IMG 20221002 WA0001
প্ৰখ্যাত গায়ক ফাৰহান দৰিয়া

প্ৰতিবাদকাৰীসকলে “গণহত্যা অপৰাধ, মৌনতা দেশদ্ৰোহ” আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে যদিও তেওঁলোকেও তালিবানৰ পৰা তীব্ৰ হিংসাৰ সন্মুখীন হ’বলগীয়া হয়।

প্ৰতিবাদকাৰী এগৰাকী মহিলাই কালিৰ প্ৰতিবাদৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত তেওঁ #তালিবানে তেওঁৰ শৰীৰত প্ৰহাৰৰ চিন দেখুৱাইছে আৰু কয় যে তালিবানে হিংসাত্মক আক্ৰমণেৰে তেওঁলোকৰ সমাৱেশত ব্যাঘাত জন্মাইছিল।

ইউনামাৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে #কাজ #শৈক্ষিক কেন্দ্ৰত সংঘটিত আক্ৰমণত কমেও ৩৫জন ব্যক্তি নিহত হৈছে আৰু ৮২জন আহত হৈছে যাৰ অধিকাংশই হ’ল #ছোৱালী!

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026
Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

March 9, 2026

“প্ৰতিবাদকাৰী এগৰাকী মহিলাই কালিৰ প্ৰতিবাদৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত তেওঁ #তালিবানে তেওঁৰ শৰীৰত প্ৰহাৰৰ চিন দেখুৱাইছে আৰু কয় যে তালিবানে হিংসাত্মক আক্ৰমণেৰে তেওঁলোকৰ সমাৱেশত ব্যাঘাত জন্মাইছিল।”

#কাজ শিক্ষা কেন্দ্ৰৰ অন্যতম শিক্ষক আকিল কাছিমীয়ে কয়: “এতিয়ালৈকে বিস্ফোৰণৰ পিছত ৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশ হৈছে।

IMG 20221002 WA0011

তেওঁ লগতে কয়, ৩৫ জন মৃতকৰ ভিতৰত ৩২ গৰাকী আছিল ১৮ বছৰৰ তলৰ #ছোৱালী। কোৱা হৈছে যে #কাজ #শৈক্ষিক কেন্দ্ৰত বিস্ফোৰণৰ সময়ত প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল, ইয়াৰে অধিকাংশই আছিল ১৪-২৫ বছৰৰ ভিতৰৰ ছোৱালী।

শুকুৰবাৰে কাবুলৰ পশ্চিম অংশত সংঘটিত হোৱা আক্ৰমণে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক ৰিচাৰ্ড বেনেটে এক টুইটযোগে কয়:”আজি ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা ভয়াৱহ আক্ৰমণক মই গৰিহণা দিছো।”

IMG 20221002 WA0014

তেওঁ আৰু কয় যে একেটা স্থানতে ২০১৮ চনৰ #ISKP আক্ৰমণৰ ই এক পুনৰাবৃত্তি। #হাজৰা আৰু #ছিয়াৰ বাবে শিক্ষাৰ ওপৰত আক্ৰমণ শেষ হ’ব লাগিব।

আফগানিস্তানৰ ভৱিষ্যতৰ ওপৰত আক্ৰমণ বন্ধ কৰক, আন্তৰ্জাতিক অপৰাধ বন্ধ কৰক। অনুশীলন পৰীক্ষা দিবলৈ অপেক্ষা কৰি থকা আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা, উজ্জ্বল ভৱিষ্যতৰ আশাৰে ভৰা। এটা সোঁৱৰণী যে আফগানিস্তানৰ ভৱিষ্যত আন্তঃৰাষ্ট্ৰীয় অপৰাধ বন্ধ কৰা, অপৰাধীক জবাবদিহি কৰা আৰু যুৱক-যুৱতীসকলক শিক্ষিত কৰাৰ ওপৰত নিৰ্ভৰশীল।

image fd881a59 2a2a 47a5 955e 05321725847020221002 122551
জাহৰা আহমদী, নিহত হোৱা সকলৰ মাজৰ এগৰাকী ছাত্ৰী

ইফালে, ইউনামাই কয়:”কাবুল কলেজৰ আক্ৰমণত নিহত আৰু আহত হোৱা ৬০ জনতকৈ অধিক লোকৰ ভিতৰত #আফগানিস্তানৰ #হাজাৰা #ছিয়া সম্প্ৰদায়ৰ যুৱতীসকলৰ সংখ্যাগৰিষ্ঠ বুলি কোৱা হৈছে। দায়ীসকলে ন্যায়ৰ সন্মুখীন হ’ব লাগিব। সকলো আফগানবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তালিবানে বাধ্যবাধকতাসমূহ পালন কৰিব লাগিব। শিক্ষা পক্ষপাতিত্ব আৰু হিংসামুক্ত হ’ব লাগিব!

লগতে, ২০২২ চনৰ ৩০ ছেপ্টেম্বৰ শুকুৰবাৰে আফগানৰ ৰাজধানী কাবুলৰ দষ্ট-ই-বাৰচী অঞ্চলৰ এটা শিক্ষণ কেন্দ্ৰ কঁপাই তোলা আত্মঘাতী বোমা বিস্ফোৰণক ইছলামিক সহযোগিতা সংস্থাৰ সাধাৰণ সচিবালয়ে আটাইতকৈ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

IMG 20221002 WA0002

শুকুৰবাৰে কাবুলৰ পশ্চিমৰ কাজ শিক্ষা কেন্দ্ৰত সংঘটিত হোৱা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইৰাকৰ এজন প্ৰভাৱশালী ছিয়া ধৰ্মগুৰু মোকতাদি ছাদ্ৰে তালিবানক কয় যে, “এইখন কেনেধৰণৰ চৰকাৰ, যিয়ে নিজৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰে?”

তেওঁ আফগানিস্তানৰ ছিয়াসকলৰ বিৰুদ্ধে বৰ্তমান চলি থকা বিস্ফোৰণৰ বাবে তালিবানক সম্পূৰ্ণ দায়ী বুলি বিবেচনা কৰিছে।

কাবুলৰ পশ্চিম অংশত সংঘটিত হোৱা আক্ৰমণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে তালিবানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত প্ৰতিশ্ৰুতি দিয়ে যে দোষীক চিনাক্ত কৰি # ন্যায়ৰ ওচৰলৈ অনা হ’ব।

IMG 20221002 WA0006

বিবৃতিটোত লগতে কোৱা হৈছে যে, “আমি সকলো বাহ্যিক পক্ষক পৰামৰ্শ দিছো যে তেওঁলোকে দুখ প্ৰকাশ নকৰাকৈ আফগানিস্তানৰ আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত দায়িত্বহীন বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে।”

কিন্তু যিটোৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে সেয়া হৈছে আফগানিস্তানৰ পলাতক প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীৰ মৌনতা।

কাজ শৈক্ষিক কেন্দ্রত সংঘটিত হোৱা আক্রমণক বিশ্বজুৰি ব্যাপকভাৱে নিন্দা কৰাৰ পাছতো তেওঁ এতিয়ালৈকে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

ঘানীৰ শেষৰটো টুইট হৈছে ০৭.০৮.২০২২ তাৰিখৰ এটা টুইট, য’ত তেওঁ শ্বিনজো আবেৰ হত্যাকাণ্ডৰ বাবে জাপানৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।

02-10-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026
Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

Can Aurora Borealis Trigger Dangerous Solar Storms on Earth?

March 9, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d