–দিলীপ দৈমাৰী
নগাপাহাৰত ভাৰতীয় সৈন্যই নিৰীহ নগালোকক নিৰ্বিচাৰে হত্যা কৰাৰ পিছত হোৱা প্ৰৱল প্ৰতিবাদৰ পটভূমিত নগাপাহাৰত বলৱৎ হৈ থকা কুখ্যাত ‘আফ্স্পা’ বা ‘সেনাবাহিনীৰ বিশেষ ক্ষমতা’ৰ আইনখন প্ৰত্যাহাৰ কৰিবলৈ যো-জা চলিছে নেকি ? ভাৰত চৰকাৰৰ গুলিত ১৩ জনকৈ নিৰীহ লোকক নৃশংস ভাবে হত্যা কৰাৰ পিছতেই আইনখন প্ৰত্যাহাৰ কৰিবলৈ সজোৰে দাবী উত্থাপন হৈছিল আৰু এনে পৰিস্থিতিত নাগালেণ্ড চৰকাৰেও জনাই দিলে যে সমগ্ৰ বিষয়টো বিচাৰ কৰিবলৈ এখন ‘পেনেল’ গঠন কৰা হ’ব।
এই সিদ্ধান্ত লোৱা হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হোৱা এখন বৈঠকত। এই পেনেলে অহা ৪৫ দিনৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব লাগিব। অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিও ৰিঅ’, নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটন আদি উপস্থিত আছিল। সেই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে পেনেলখনৰ নেতৃত্বত থাকিব উত্তৰ পূব অঞ্চলৰ বাবে নিয়োজিত হৈ থকা অতিৰিক্ত গৃহসচিব; কমিটিৰ সদস্য হিচাপে থাকিব নগালেণ্ডৰ পুলিচৰ ডি-জি-পি আৰু মুখ্য সচিব। উল্লেখযোগ্য যে যোৱা সোমবাৰে, ২০/১২/২০২১ তাৰিখে নাগালেণ্ডৰ বিধান সভাৰ মজিয়াত কুখ্যাত ‘আফ্স্পা’ আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু তাৰেই ফলস্বৰূপে তথা কুখ্যাত ‘আফ্স্পা’ আইনখনক লৈ হোৱা প্ৰতিক্ৰিয়াৰ বাবে ভাৰত চৰকাৰে এনে এখন পেনেল গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰণিধানযোগ্য যে বহু দশক ধৰি অসম, নগালেণ্ড, মণিপুৰ আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত সেনাবাহিনীক প্ৰভুত তথা বিশেষ ক্ষমতা দিবলৈ এই কুখ্যাত ‘আফ্চপা’ আইনখন প্ৰয়োগ কৰা হৈছে। দেখা যাওক, সময়ে কি কয়!