আবেগ, হাঁহি আৰু কান্দোনৰ দোমোজাত জীৱন পৰিক্ৰমা
যুগান্ত বায়ন
অতি সম্প্ৰতি দেখা গৈছে – মানুহৰ চিৰ প্ৰবাহমান হৈ থকা আৱেগৰ অনুভৱ দ্ৰুতগতিত সলনি হৈছে।
যেতিয়াই আৱেগৰ কথা আমাৰ মনলৈ আহে তেতিয়াই আমি সাধাৰণতে ব্যক্তি এজনৰ অনুভূতি,আৱেগিক অনুভৱৰ শাৰীৰিক ভিত্তি,তেওঁৰ চিন্তা, সম্বোধন আৰু আচাৰ – ব্যৱহাৰৰ মাজেৰে প্ৰকাশ পোৱা মানসিকতাৰ কথা মনলৈ আহে।
আৱেগৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Emotion‘। এই ‘Emotion’শব্দটো লেটিন ভাষাৰ ‘ইমটাচ’ৰ পৰা উদ্ভৱ হৈছে।ইয়াৰ অৰ্থ হৈছে গতিকাৰক বা গতি দিয়া।মনোবিজ্ঞানত জীৱৰ উত্তেজিত অৱস্থা বুজাবলৈ আৱেগ শব্দ ব্যৱহাৰ কৰা হয়।প্ৰেম,ভালপোৱা,ৰোমাঞ্চ, সুখ – দুখ আটাইবোৰ উপাদানেৰে পৰিপূৰ্ণ আমাৰ আৱেগ সৰ্বস্ব জীৱন।
কিন্তু দেখা গৈছে আজি কিছুদিন ধৰি এই আৱেগৰ প্ৰাবল্য মানুহৰ মাজত ঋণাত্মক দিশেৰে গতি কৰিছে। আজি বিশ্বৰ এই অতিমাৰীৰ ভয়া ৱহতাৰ মাজত বিশ্বৰ জনগণ বিভ্ৰান্ত হৈছে। আৱেগবোৰ বেদনাদায়ক হৈ পৰিছে।এই ধৰণৰ আৱেগবোৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে প্ৰয়োজন হৈছে – মানসিক সন্তুলন বজাই ৰখা।
আজিৰ নতুন প্ৰজন্মই ভাৰ্চুৱেল জগত খনত সংযুক্ত হৈ অভিভাৱকৰ পৰা আঁতৰি গৈছে।কিন্তু আমি নিজৰ ঘৰখনত আৱদ্ধ হৈ থকা আৱেগক পাহৰিলে নহ’ব।ভাৰ্চুৱেল জগতত থাকিও নিজ পিতৃ-মাতৃ,ভাতৃ-ভগ্নী আদিৰ মাজত সৃষ্টি হোৱা আৱে গক মূলধন কৰি লৈ আমি জীৱন সংগ্ৰামত ব্ৰতী হ’ব লাগিব।
এই জীৱন সংগ্ৰামক গতি দিবলৈ হাঁহিয়ে মানুহৰ জীৱনৰ সৰ্বোৎকষ্ট মহৌষধ।বিজ্ঞানীসকলৰ মতে হাঁহিয়ে মানুহৰ মন আৰু শৰীৰ যিদৰে সুস্থ কৰি ৰাখে,ঠিক সেইদৰে কান্দোনেও মানুহৰ শৰীৰত মানসিক চাপৰ সৃষ্টি কৰি বিষাক্ত হৰম’নবোৰ নাশ কৰে।সেয়েহে আমাৰ জীৱনটো হাঁহি আৰু কান্দোনৰ মিশ্ৰনেৰে পৰিপূৰ্ণ।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই তাহানিতে হাঁহিৰ বিষয়ে বিৱৰণ দি কৈছে যে ভাৰতীয় মানুহে হাঁহিবলৈ পাহৰি হৈছে।কোনোবাই অকণমান হাঁহিলেও যেন মন খুলি হাঁহিব নোৱাৰে।বহুতো মানুহে বিভিন্ন অজুহাত দেখুৱাই হাঁহিৰ পৰা দূৰত থাকে।
বেজবৰুৱাই অনুভৱ কৰি লিখিছিল যে, “আমাৰ মানুহে ভাৱে হাঁহিলে মানুহ পাতল হয়,হাঁহিলে মানুহ চেলেপু হয়।গুৰু-গোঁসাই নমনা হয়।আমি হাঁহিব নাপায়, কাৰণ আমাৰ চৈধ্য পুৰুষে হাঁহি পোৱা নাছিল।গতিকে আমি হাঁহো কেনেকৈ।”
হাঁহি কান্দোন ৰ নিজা কোনো ভাষা নাই যদিও ইয়াৰ অৰ্থ সকলোৱে বুজিব পাৰে।মনৰ সুখত মানুহে হাঁহে আৰু মনৰ দুখত মানুহে কান্দে।হাঁহি-কান্দোন আমাৰ চিৰলগৰী।হাঁহিৰ বিভিন্ন ৰঙ আছে।শিশুৰ মুখৰ হাঁহি যেনেদৰে অমিয়া,এগৰাকী নাৰীৰ সন্তান লাভৰ সুখৰ হাঁহি তেনেদৰে স্বৰ্গীয়।মূৰৰ ঘাম মাটিত পেলাই খাটি খোৱাজনৰ হাঁহি আৰু সম্ভ্ৰান্তজনৰ হাঁহিত পাৰ্থক্য থাকে।সন্তানৰ সফলতাত পিতৃ-মাতৃৰ হাঁহিয়ে আনে অন্য এক আনন্দ।
কিন্তু আজিৰ এই জটিল জনজীৱনত আমি জানো হাঁহিক সমল কৰি লৈ জীৱনটো আগবঢ়াই নিব নোৱাৰোনে?জীৱনটো উপভোগ কৰোঁ হাঁহিৰে।এবাৰকৈ হ’লেও এৰি অহা সোণালী ক্ষণবোৰলৈ মনত পেলাই জীৱনটো হাঁহিৰে অধিক জীপাল কৰোঁ আহকচোন।
আবেগ, অনুভূতি, হাঁহি থকাৰ বাবে মানুহক জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয়।বহু জনমৰ প্ৰতীক্ষাৰ অন্তত মানৱ জীৱন লাভ কৰা বুলি জন বিশ্বাস আছে।মানুহে জন্মৰ লগে লগে মৃত্যুৰ সংকেতো যে লৈ আহে আমি মানুহে এই চিৰন্তন সত্যটো পাহৰি যাওঁ।সেয়েহে আমি জীৱনটো উদযাপন কৰাৰ চেষ্টা কৰিব লাগে বিভিন্ন কৰ্মৰ মাজেদি।
সফল মানুহে জীৱনটো নিৰ্মাণ কৰি লয় জীৱনটো উদযাপন কৰিবৰ বাবে। জীৱনটো সফল কৰাৰ বাবে নিজৰ কৰ্ম কুশলতাৰে , শৃংখলাৰে জীৱনটো গঢ় দিব লাগে আৰু ক্লান্তিৰ মাজেৰে জীৱনটো পৰ্য্যবেক্ষণ কৰিব লাগে।যাৰ জীৱনত পৰাজয় হোৱাৰ পিছতো বিজয়ী হোৱাৰ দুৰ্নিবাৰ হেঁপাহ থাকে বাবে তেনে মানুহে জীৱন যুদ্ধত সাহসেৰে জীয়াই থাকিব পাৰে।
বৰ্তমান সমাজ ব্যৱস্থাত বিভিন্ন আলয়-আহুকালৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ মনবোৰত কিছু ঋণাত্মক দৃষ্টি ভংগীৰ প্ৰভাৱত মনবোৰ বিভিন্ন সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈছে। কিন্তু এই ভাৰাক্ৰান্ত মনবোৰ, চিন্তাবোৰ ধনাত্মক দৃষ্টিভংগীৰে আগুৱাই নিব লাগিব।
জীৱনটো সুন্দৰ কৈ গঢ়িব লাগিলে বিপৰ্যয়সমূহৰ পৰা শক্তি, প্ৰতিটো পৰাজয়ৰ পৰা সাহস আৰু বাধা-বিঘিনি অতিক্ৰম কৰিব পৰা আগ্ৰহেৰে জীৱন বাট বুলিব পাৰিব লাগিব। কৰিব পৰা আগ্ৰহেৰে জীৱন।সেয়েহে জয়ন্ত হাজৰিকাৰ গীতৰ ভাষাৰে কওঁ -“আজি জীৱন বুটলিম হাঁহি হাঁহি কৈ…..।”
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)