অনুসৰণ নকৰিবা
অঞ্জন শৰ্মা
হে নতুন পুৰুষ
তোমালোকে আমাক অনুসৰণ নকৰিবা।
হে নতুন পুৰুষ!
আমাকো যিদৰে অগ্ৰজসকলে
দেখুৱাব পৰা নাছিল পথ
আমিও নোৱাৰিলো
আমিও তোমালোকক কোনো পথ দেখুৱাব নোৱাৰিলো
তোমালোকে আমাক অনুসৰণ নকৰিবা।
এক পৰম আশা বুকুত বান্ধি
অগ্ৰজসকলক সমালোচনা কৰি কৰি
চকুৰ সন্মুখৰ সমস্যাবোৰ দেখি দেখি
আমিও কৈশোৰৰ পৰাই সংগ্ৰাম কৰিছিলো
সমস্যাৰ সমাধান হ’বই বুলি।
কিন্তু সকলো হৈ পৰিল ফুটুকাৰ ফেন!
আমাৰ নিঃস্বাৰ্থ সংগ্ৰামৰ বিনিময়ত নহ’ল
সমস্যাৰ কোনো সমাধান!
সংগ্ৰামৰ বিনিময়ত
আমি ‘নেতা’ দেখা পালো
মন্ত্ৰী দেখা পালো
মন্ত্ৰী-বিধায়কৰ দালান-সম্পত্তি দেখা পালো
দালাল দেখা পালো
দলবাগৰা বগৰীগুটি দেখা পালো
আত্মসমৰ্পণকাৰী মুক্তিযোদ্ধা দেখা পালো
সোণাৰী দেখা পালো
পুৰস্কৃত নৱৰত্ন দেখা পালো
জাতি মাটি ভেটিৰ শ্ল’গান শুনা পালো
মীৰজুমলা আৰু ৰামসিংহৰ সৈতে মিত্ৰতা কৰা
‘মহাবীৰ’ দেখা পালো
উজীৰ-এ-আজম দেখা পালো
উজীৰ-এ-আজমৰ ভৰিত ধৰা ‘বীৰ’ দেখা পালো
মলিকা-ই-হিন্দ দেখা পালো
মলিকা-ই-আচাম দেখা পালো….!
কিমান যে দেখিলো!
কিমান যে নেদেখিলো!
কিন্তু তোমালোকক দেখুৱাব পৰাকৈ একোৱেই নেদেখিলো
দিল্লী-দিশপুৰৰ বাবে উত্ৰাৱল
আমাৰ ‘নেতা’ এজনৰ মুখতো নুশুনিলো
আমি যে সহস্ৰবছৰ ধৰি কাৰো গোলাম নাছিলো!
পাৰ হৈ গুচি গ’ল চাৰিটা দশক, আমাৰ
সমস্যা যদি তেতিয়া আছিল এক-গন্ডা
এতিয়া এশ-এটা
তেতিয়া যদি আছিলো বন্ধা-গোলাম
এতিয়া ভৰি চেলেকা মহা-গোলাম
ক’ত আমাৰ স্বদেশ
ভাস্কৰবৰ্মা-পৃথু-ৰুদ্ৰসিংহ-নৰনাৰায়ণ ক’ত
তেওঁলোক আছিল নেকি কাৰোবাৰ গোলাম?
আৰ্যৱৰ্তৰ? দাক্ষিণাত্যৰ? দিল্লীৰ? গুজৰাটৰ?
আমিও নোৱাৰিলো
আমিও তোমালোকক পথ দেখুৱাব নোৱাৰিলো•••
হে নতুন পুৰুষ
আমাৰ প্ৰজন্মৰ সকলোকেই একে বুলি তোমালোকে কিন্তু নাভাবিবা
চাৰি দশক আগতে অমুকাও আছিলো
নতুন পুৰুষ
সেই মন, সেই প্ৰত্যয়, সেই দৃঢ়তা
এতিয়াও আছে মনৰ কোঁহে কোঁহে
হৃদয়ৰ আঁহে আঁহে!
হয়,
শৰীৰ পুৰণি হৈছে, হ’বই, ই যে প্ৰকৃতিৰ অমোঘ নিয়ম
কিন্তু মই, শৰীৰক বাহন কৰি বৰ্তি থকা ‘মই’
মই পুৰণি হোৱা নাই
মোৰ দুবাহুত সোমাই আছে বিধ্বস্ত স্বদেশ
দেহৰ শিৰাই শিৰাই সোমাই আছে মোৰ
কামৰূপ-কমতা-প্ৰাগজ্যোতিষপুৰ-অসম
মই একো পাহৰা নাই! [ হে নতুন পুৰুষ!
তোমালোকে কাণ পাতি শুনা, মোৰ এষাৰ কথা!
তোমালোকে মোক হৃদয় উজাৰি খৰছ কৰা
মই অকলেই বোধহয় তোমালোকৰ বাবে
এইমুহুৰ্তত আৰম্ভণিৰ বাবে যথেষ্ট!]
কিন্তু নিজকে ধিক্কাৰ!
একোৱেই কৰিব নোৱাৰিলো
কাৰণ আমাক আমাৰেই প্ৰজন্মই কৰিলে
চূড়ান্ত বিশ্বাসঘাতকতা
আমি যিসকলক ভাবিছিলো ঢেকীয়াপতীয়া
সেইসকল হৈ পৰিল চাৰ্কাছৰ বান্দৰ, হনুমান!
আমাক যিদৰে অগ্ৰজসকলে পৰা নাছিল
আমিও নোৱাৰিলো
আমিও তোমালোকক পথ দেখুৱাব নোৱাৰিলো…
এতিয়া চকু মেলিলেই দেখা পাওঁ চৌদিশে
ইংৰাজৰ দিনৰ ৰায়বাহাদুৰ
ৰায়চাহাব
হৰনাথ ডাৰোগা
দালাল
চাৰ্কাছৰ বান্দৰ
গোলাম!
এতিয়া সৰ্বত্ৰ বৌদ্ধিক, মানসিক, কায়িক গোলামী
আত্ম-প্ৰতিস্থাৰ বাবে
এতিয়া যেন সেয়াই একমাত্ৰ সফল চাবি-কাঠি!
হে নতুন পুৰুষ, তোমালোকক কৰো
আজি এক বিশেষ অনুৰোধ…
তোমালোকে আমাক অনুসৰণ নকৰিবা।
তোমালোকৰ সন্মুখত আছে বহু দীৰ্ঘ পথ
স্বদেশৰ ইতিহাস অধ্যয়ন কৰি
তোমালোক নিজেই আগবাঢ়া
তোমালোকে আমাক অনুসৰণ নকৰিবা।
আমি গোলাম
অইন কথা বাদেই
আমাৰ প্ৰজন্মই তোমালোকক ‘ইয়ান্ডাবু’ বা
‘হাদিৰাচকী’ আদি শব্দও
উচ্চাৰণ কৰাই শুনাব নোৱাৰে!
কাৰণ আমাৰ পূৰ্বপুৰুষৰ তপিনাত
নেহৰু-পেটেলে যিদৰে ‘গোলাম’ৰ ছাব মাৰি দিছিল
আমাকো জন্মৰ লগে লগেই মাৰি দিছিল!
‘গোলাম’!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.